ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে যিসকল লোকে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু যিসকলে বন্দুকৰ ভাষা বুজি পায় তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব বুলি কয়৷
বৃহস্পতিবাৰে সুৰক্ষাৰ কথা উল্লেখ কৰি যোগীয়ে প্ৰত্যেকগৰাকী লোকৰ সুৰক্ষা নিশ্চিত হোৱাৰ লগতে যিসকলে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু বন্দুকৰ ভাষা বুজে তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব কয়৷ ‘মই প্ৰশাসনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই’- যোগীৰ এই মন্তব্য।