newsnextone.com | লিডুঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ আহ্বায়ক পাৰ্থ হালৈৰ ২৪ জুনত মৃত্যুক আকোৱালি লয়। নলবাৰী জিলাৰ টেৰেছিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত হালৈৰ পুত্ৰ পাৰ্থ হালৈয়ে দেওবাৰে বানেকুছিত বন্ধুৰ ঘৰত পাৰ্টি কৰিবলৈ গৈ পুখুৰীত পৰি মৃত্যুক আকোৱালী লোৱাত গভীৰ শোক প্ৰকাশ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিয়ে৷

ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শান্তনু দত্ত আৰু সাধাৰণ সম্পাদক ৰূপম দেওধাই বৰুৱা, পঞ্চৰত্ন বৰুৱাই এক বিবৃতি যোগে কেমিকেল ইঞ্জিনিয়াৰিং চূড়ান্ত বৰ্ষৰ ছাত্ৰ তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মকৰ্তা তথা পাৰ্থ হালৈৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰিছে। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাইও প্ৰতিভাৱান যুৱ নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷