গুৱাহাটীঃ আৰম্ভ হ'ল ৰূপান্তৰৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাভলুটি মৰা প্ৰক্ৰিয়াৰ। জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ বাঘজৰী হাতত লোৱা পৰিবৰ্তনকামী চৰকাৰখনে হিন্দু বাংলাদেশী সংস্থাপিত কৰা, মাটিৰ খাজানা বৃদ্ধি কৰা আদি বিষয়ে ইতিমধ্যে চৰকাৰখনৰ স্বৰূপ প্ৰকাশ কৰিছে।

ৰাইজে বেজাৰ পোৱা কাম নকৰো বুলি অংগীকাৰ কৰা সৰ্বানন্দ সোণোৱাল এতিয়াৰ পৰাই থাকিব NSG ৰ ব্লেক কেট্ কমাণ্ডোৰ বেষ্টনীত। অসম আৰক্ষীৰ বিশেষ শাখাৰ তথ্যৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুখ্যমন্ত্ৰী সোণোৱালক প্ৰদান কৰিছে Z+ নিৰাপত্তা।

উল্লেখ্য যে মুখ্যমন্ত্ৰী সোণোৱালে পূৰ্বতে Z+ নিৰাপত্তা লোৱাৰ কথা অস্বীকাৰ কৰিছিল যদিও শেহতীয়াকৈ তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ তথ্যৰ ভিত্তিত প্ৰদান কৰা হৈছে  এন এছ জিৰ Z+ নিৰাপত্তা।