গুৱাহাটীঃ অসম চৰকাৰৰ একাধিক বিভাগৰ শীৰ্ষ আমোলা-বিষয়াক ‘মেনেজ’ কৰি ভালেমান বণিক গোষ্ঠীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত লুন্ঠন অব্যাহত ৰখাৰ অভিযোগ কোনো নতুন কথা নহয়। এনে এক অভিযোগ উত্থাপিত হৈছে মহানগৰীৰ আগশাৰীৰ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান ‘পোদ্দাৰ কাৰ ৱৰ্ল্ড’ৰ বিৰুদ্ধে।
দুবছৰ পূৰ্বে সংঘটিত এক দুস্কাৰ্য্যক বিগত দিন সমূহত গাপ দি ৰাখিছিল অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ কাৰ্য্যালয় আৰু কামৰূপ মেট্ৰো জিলাৰ পৰিবহণ বিষয়া(পজ্ঞীয়ন আৰু অনুজ্ঞাপত্ৰ)ৰ কাৰ্য্যালয়ে। newsnextone.comৰ হাতত পৰা তথ্য অনুসৰি ২০১৪ চনৰ ১১ আগষ্টত ৰাজ্যখনৰ দুটাকৈ সংগঠনে কামৰূপ মেট্ৰো জিলাৰ তদানীন্তন DTO(R&L) গৌতম দাসক এক স্মাৰক পত্ৰযোগে অভিযোগ কৰে যে, মেচাৰ্চ পোদ্দাৰ কাৰ ৱৰ্ল্ডে গাড়ী পজ্ঞীয়নৰ নামত অবৈধ ভাৱে গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ মাচুল আদায় কৰি আহিছে আৰু এই অবৈধ পজ্ঞীয়ন মাচুল সংগ্ৰহৰ তথ্যও সংগঠন দুটাই উক্ত স্মাৰক পত্ৰৰ লগত DTO গৌতম দাসক প্ৰদান কৰে।