ডিজিটেল ডেস্কঃ মডেল হোৱাৰ মন? জিৰ' ফিগাৰ? ডায়েটিং? সাৱধান! ডায়েটিঙেৰে জিৰ' ফিগাৰ কৰিবলৈ গ'লে মডেল হোৱাৰ পৰিৱৰ্তে যাবলগীয়া হ'ব পাৰে জেললৈ। সেয়ে ডায়েটিং, জিৰ' ফিগাৰ সকলো বাদ। বিন্দাছ খাওক। শকত হওঁক আৰু মডেলিঙৰ ক্ষেত্ৰখনত দোপতদোপে আগুৱাই যাওক।

কিয়নো মডেলিঙৰ ক্ষেত্ৰখনত এতিয়াৰে পৰা প্ৰাধান্য লাভ কৰিব পেট ওলোৱা শকত-আৱত সুন্দৰীসকলে। বিশ্বৰ অন্য প্ৰান্তত শকত-আৱত মহিলাসকলৰ ভাল দিন কেতিয়া আহে সেয়া ক’ব পৰা নগ’লেও এখন বিশেষ দেশত পিছে এনে ভাল দিন আহিলেই।

এই বিশেষ দেশখন হৈছে ফ্ৰান্স। দেশখনত শেহতীয়াকৈ বলৱৎ কৰিবলৈ লোৱা এখন আইনে সৌভাগ্য কঢ়িয়াই আনিছে শকত-আৱত সুন্দৰী মহিলাসকললৈ। 

নতুন আইন অনুযায়ী ফ্ৰান্সত ক্ষীণ চেহেৰাৰ মডেলৰ ওপৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা। অৰ্থাৎ এতিয়াৰে পৰা কোনো ক্ষীণ চেহেৰাৰ যুৱতী-মহিলাই দেশখনত অনুষ্ঠিত কোনোধৰণৰ ফেশ্যন শ্ব’ত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ইয়াৰ পৰিৱৰ্তে মডেলিং কৰিব বিচৰা প্ৰতিগৰাকী সুন্দৰীয়ে জমা দিব লাগিব সুস্বাস্থ্যৰ প্ৰমাণ-পত্ৰ। বিশেষজ্ঞ চিকিৎসকৰ স্বাক্ষৰ সম্বলিত এই প্ৰমাণ পত্ৰত উল্লেখ থাকিব লাগিব ওজনৰ পৰা আৰম্ভ কৰি মডেলগৰাকীৰ স্বাস্থ্য বিষয়ক সকলো তথ্য।

সৌন্দৰ্য্যৰ মোহত পৰি স্বাস্থ্যক অৱহেলা কৰা সুন্দৰী যুৱতী-মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফ্ৰান্সৰ স্বাস্থ্য বিভাগে। নতুন আইনখনত স্পষ্টকৈ কোৱা হৈছে যে ক্ষীণ চেহেৰাৰ সুন্দৰী মহিলা-যুৱতীক মডেল হিচাপে চুক্তিৱদ্ধ কৰা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

'সৌন্দৰ্য্যৰ মোহে বহু যুৱতী-মহিলাক স্বাস্থ্যগতভাৱে তেনেই দুৰ্বল কৰি তুলিছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে যুৱতী-মহিলাসকলে সৌন্দৰ্যকহে অধিক গুৰুত্ব দিয়ে। ফলত বয়স হোৱাৰ পিছত তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা ক্ৰমাৎ বৃদ্ধি পায়। সেয়ে এনেধৰণৰ আইন প্ৰণয়ন কৰিবলীয়া হৈছে।’-এইদৰে কয় দেশখনৰ স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই।

বিষয়াগৰাকীয়ে আৰু কয় যে এই আইন অমান্য কৰাসকলে ৬ মাহৰ কাৰাবাসৰ লগতে ৮২ হাজাৰ মাৰ্কিন ডলাৰৰ জৰিমনাৰ সন্মুখীন হ’ব লাগিব। উল্লেখ্য যে এনে ধৰণৰ আইন প্ৰণয়ন কৰা ফ্ৰান্সেই প্ৰথমখন দেশ নহয়। ক্ষীণকায় মডেলিঙক লৈ ফ্ৰান্সতকৈ বহু বছৰ পূৰ্বেই ইটালী, স্পেইন আৰু ইজৰাইলে এনেধৰণৰ আইন প্ৰণয়ন কৰিছিল।