প্ৰতীক ফটো

হাৰাৰেঃ হুলেৰেহে হুল কাঢ়িব পাৰি। এই পদ্ধতিৰে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে অভিযান ৩ যুৱতীৰ। ঘটনাতো জিম্বাবৱেৰ। কিছুদিন পূৰ্বে দেশখনৰ বুলাওয়াইয়ো চহৰৰ এজন যুৱকক প্ৰথমে অপহৰণ কৰে যুৱতীৰ দলটোৱে। এখন দক্ষিণ আফ্ৰিকাৰ নম্বৰ প্লেটযুক্ত গাড়ীৰে অজ্ঞাত স্থানলৈ লৈ যোৱা হয় পেছাত শিক্ষক যুৱকজনক। তাৰ পিছতে আৰম্ভ হয় আচল খেল।

পুৰুষে যিদৰে অসহায় যুৱতী-মহিলাক নিৰ্যাতন চলায় তাতকৈও ভয়ানকভাৱে যুৱকজনৰ ওপৰত চলোৱা হয় অত্যাচাৰ। প্ৰথমে হাত-ভৰি বান্ধি লয় অপহৰণকাৰী যুৱতীৰ দলটোৱে। ইয়াৰ পিছতে চকুত কাপোৰ বান্ধি বলপূৰ্বক খুৱাই দিয়া হয় কেবা বটলকৈ নিচাযুক্ত পানীয়।

নিচাত দিক-বিদিক হেৰুৱাই পেলোৱা অসহায় যুৱকজনক ধৰ্ষণ কৰে ৩ যুৱতীয়ে। কেবাঘণ্টা ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অন্তত যুৱকজনক  অচেতন অৱস্থাত পথৰ দাঁতিৰ এটা দ খাৱৈত পেলায় থৈ পলায়ন কৰে যুৱতীৰ দলটোৱে।

সংজ্ঞা ঘূৰাই পাই কোনোমতে আৰক্ষী থানাত উপস্থিত হয় যুৱকজন। লাজে-অপমানে ঘটনাৰ সবিশেষ বিৱৰণ দি ৩ অজ্ঞাত যুৱতীৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণকাৰী যুৱতীৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষী সূত্ৰই স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে মহিলাৰ দলৱদ্ধ ধৰ্ষণৰ বলি হোৱা যুৱকজনে অণ্ডকোষত যথেষ্ট পৰিমাণে আঘাত প্ৰাপ্ত হৈছিল, যাৰ বাবে লগে লগে তেওঁক ছেইণ্ট লিউক হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০১১ চনত দেশখনৰ গোৱেৰু-হাৰাৰে ৰাষ্ট্ৰীয় ঘাইপথত মহিলাৰ দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল এজন চালক। উক্ত ঘটনা সন্দৰ্ভত অভিযান চলাই জিম্বাবৱে আৰক্ষীয়ে ৩ মহিলাক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছিল। ২০১৬ চনতো  বুলাওয়াইয়ো চহৰৰে আন এজন যুৱকক অপহৰণ কৰি যৌন নিৰ্যাতন চলাইছিল ৮-১০ জনীয়া যুৱতীৰ এটা দলে।