51
নতুন দিল্লীঃ এইবাৰ দেশীয় চালকৰ হাতত শক্তি। অ’লা-উবেৰক প্ৰত্যাহ্বান জনাইছে দিল্লীৰ টেক্সীচালকসকলে। ‘সেৱা কেব’ নাম দিয়া এই নতুন এপটোৰ যোগেদি অহা ৭ এপ্ৰিলত আৰম্ভ কৰিব এক নতুন টেক্সী সেৱা।
নতুন নেটৱৰ্কটোত অন্তৰ্ভুক্ত হ’বলৈ টেক্সীচালকসকলে দিব লাগিব মাত্ৰ ৭০০ টকা। আৰম্ভণিতে ভাৰা নগদ লোৱা হ’ব যদিও পিছলৈ ডিজিটেল ৱালেটৰো কথা চিন্তা কৰিছে সেৱা কেবে।