গুৱাহাটীঃ ১৯৯৩ চনত অসমৰ সংগীতৰ জগতলৈ আহিছিল অনামিকা৷ অনামিকাই খলকনি লগাইছিল সংগীতৰ জগত খনত৷ অসমৰ চক-বজাৰত, গাড়ীৰ ভিতৰত বিয়া-সভাত কেৱল অনামিকাৰ দখল ৷ তেতিয়াৰ পৰাই যেন আৰম্ভ হ’ল সংগীতৰ এক নতুন ধাৰা৷
মনৰ নিজানত, গানে কি আনে এই দুয়োটা গানে সংগীতৰ জগতত খলকনি লগায়৷ বহু চৰ্চা হয় অনামিকাক লৈ৷ হয়, জুবিনৰ অনামিকাৰ কথাকে কৈছো৷ ১৯৯৩ চনত এন কে প্ৰডাকছনৰ বেনাৰত আজিৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ অসমীয়া আধুনিক গীতৰ প্ৰথম শ্ৰব্য এলবামে মুক্তি লাভ কৰে৷ মনৰ নিজানত, গানে কি আনে আদি গীত শুনি সেই সময়তে জুবিনৰ সুৰত নতুনত্ব বিছাৰি পাইছিল৷ অসমৰ যুৱ প্ৰজন্মই জুবিনৰ সুৰক আদৰি লবলৈ আৰম্ভ কৰে৷