মঙলদৈঃ ‘মিছন চাইনা’ৰ কৰ্ণেল গোস্বামীয়ে শনিবাৰে ফেচবুকত এটি পোষ্ট দি আৰু গান নাগাও বুলি আপডেট দিয়াৰ পিছতে হতাশ হৈ পৰিছিল ৰাজ্যৰ জুবিন অনুৰাগীসকল। ইয়াৰ মাজতে দৰং জিলাৰ এগৰাকী জুবিন অনুৰাগীয়ে নিজৰ হাত কাটি ফেচবুকত ভিডিঅ’ আপলোড কৰি জুবিন গাৰ্গক পুনৰ গান গাবলৈ আহ্বান জনায়৷
পুনৰ সংগীত জগতলৈ উভতি অহাৰ আহ্বান জনাই যুৱকজনে নিজৰ হাত কাটি ভিডিঅ’ আপলোড কৰে ফেচবুকত৷ তাৰ পিছতে ফেচবুকত ভাইৰেল হৈ পৰে যুৱকজনৰ ভিডিঅ’টো৷ সংগীত জগতৰ পৰা আতৰিব খোজা জুবিনক পুনৰ সংগীত জগতলৈ ঘূৰি অহাৰ বাবে একপ্ৰকাৰ দাবী জনাই হাত কটা যুৱকজন দৰং জিলাৰ বুলি জানিব পৰা গৈছে। দৰং জিলাৰ মঙলদৈৰ দীপজ্যেতি ৰাজবংশী নামৰ যুৱকজনে ভিডিঅ’টো আপলোড কৰে ফেচবুকত।