সৌজন্যঃ ফেচবুক
সৌজন্যঃ ফেচবুক

ডিজিটেল ডেস্কঃ পুনৰ হত্যাৰ ভাবুকি জুবিন গাৰ্গক। ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত সংগীতানুষ্ঠান পৰিৱেশনৰ কেইঘণ্টামান পূৰ্বে কণ্ঠশিল্পীগৰাকীক এনেদৰে হত্যাৰ ভাবুকি দিয়া কাৰ্যই অনুৰাগীসকলক উদ্বিগ্ন কৰি তুলিছে।

♦ সন্ধান উলিওৱা হ'ব ভাবুকি দিয়া যুৱকজনৰ
♦ NNOক জনালে ডিব্ৰুগড়ৰ SP গৌতম বৰাই
♦ চিন্তাৰ কোনো কাৰণ নাইঃ গৰিমা গাৰ্গ

কাই খাপলাং নামৰ এটা ফেচবুক একাউণ্টৰ পৰা শিল্পীগৰাকীক প্ৰদান কৰা হৈছে হত্যাৰ ভাবুকি। নাইন এম এম পিষ্টলেৰে জুবিনক গুলীয়াই হত্যাৰ ভাবুকি প্ৰদান কৰিছে কাই খাপলাঙে। ফেচবুক একাউণ্টটোত কাই খাপলাঙৰ লগতে তুলতুল বাগলাৰী বুলি নাম এটাও বন্ধনীৰ ভিতৰত উল্লেখ কৰা আছে।

প্ৰাপ্ত বাতৰি মতে,  মুকুল আহোম শিৱসাগৰীয়া নামৰ এজন লোকে জুবিনক লৈ দিয়া এটা পোষ্টৰ কমেণ্টত উক্ত ফেচবুক একাউণ্টটোৰ গৰাকীজনে ১০ মিটাৰ দূৰত্বৰ পৰা জুবিনলৈ গুলী চলাব বুলি কোৱাৰ পিছতে ক্ষুব্ধ জুবিন অনুৰাগীসকলে তাৰ স্ক্ৰীণশ্বট লৈ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে। লগে লগে চৌদিশে ৰাষ্ট্ৰ হৈ পৰে বিষয়টো।

একাউণ্টটোৰ এবাউটত থকা অনুযায়ী কাই খাপলাং ওৰফে তুলতুল বাগলাৰী ডিব্ৰুগড় ডনবস্ক'ৰ ছাত্ৰ। বৰ্তমান তেওঁ গুৱাহাটীত থাকে বুলিও একাউণ্টটোত উল্লেখ কৰিছে। মাৰ্চিয়েল আৰ্ট ভাল পোৱাৰ কথাও উল্লেখ আছে এবাউটত।

কাই খাপলাং নামৰ এই একাউণ্টৰ অন্যান্য আপডেটসমূহতো দেখা গৈছে একাধিক বিতৰ্কিত পোষ্ট। নুনমাটি বিহু সন্মিলনীত শিল্পীগৰাকীয়ে হিন্দী গীত পৰিৱেশন কৰা কাৰ্যৰো কেবাটাও আপডেটযোগে তীব্ৰ বিৰোধিতা জনাইছে জনৈক কাই খাপলাঙে।

নিজৰ টাইমলাইনৰ এটা আপডেটত কাই খাপলাঙে উল্লেখ কৰিছে এনেদৰে- "আলু খাইছো, পিয়াজ খাইছো, চাউল খাইছো বেলেগৰ, কিন্তু মগনীয়া হৈ খোৱা নাই। তাৰ বিনিময়ত আমি কপালৰ ঘাম মাটিত পেলাই হাজিৰা কৰা টকাঁ দিছো। শিল্পী, শিল্পী হৈ থাক। আমি কি খাও, কাৰ পৰা খাও সেইটো আমাৰ কথা ঘেন্টা..।" 

আন এটা পোষ্টত তেওঁ জনৈক ৰাজীৱ শইকীয়াৰ দৰে দেশপ্ৰেমী শিল্পীৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰিছে।

ডিব্ৰুগড়ত অনুষ্ঠান থকাৰ মাজতে এনেদৰে ফেচবুকযোগে হত্যাৰ ভাবুকি দিয়াৰ পিছতে জিলা প্ৰশাসনে উক্ত স্থানৰ লগতে জুবিনৰো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। উল্লেখ্য যে নুনমাটি বিহু সন্মিলনীত গৰু বিহুৰ দিনাই জুবিনে হিন্দী গীত গোৱাক লৈ দুটা ফৈদত বিভক্ত হৈ পৰিছিল ৰাজ্যখনৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ অধিকাংশ।

বিষয়টোক লৈ ফেচবুকত দেখা গৈছিল তীব্ৰ বিতৰ্কৰ। এটা পক্ষই জুবিনৰ হিন্দী গান গোৱা কাৰ্যক সমৰ্থন জনোৱাৰ লগতে আন এটা পক্ষই আকৌ তেনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি যুক্তি প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ মাজতে আজি কাই খাপলাং নামৰ ফেচবুক একাউণ্টটোৰ পৰা এনেদৰে মুকলিকৈ ভাবুকি অহাত পুনৰ সৃষ্টি হৈছে চাঞ্চল্যৰ।

বহুতে এয়া কোনো ধৰণৰ গুৰুত্বসহকাৰে ল'বলগীয়া কথা নহয় বুলিও মন্তব্য় কৰিছে। বিপৰীতে আন একাংশই উক্ত পোষ্টটো কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাযায় বুলি উল্লেখ কৰি আৰক্ষী-প্ৰশাসনক অনুসন্ধানৰ জৰিয়তে একাউণ্টটোৰ গৰাকীজনক বিচাৰি উলিয়াই বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে।

এই সন্দৰ্ভত চৌকিডিংগীস্থিত বিহু সন্মিলনীৰ আয়োজকসকলে newsnextone.comৰে হোৱা কথা-বতৰাত  উক্ত ভাবুকিক হাস্যকৰ আখ্যা দিয়ে। সন্মিলনীত জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ ৰৈ থকা দৰ্শকসকলৰ বহুতেই ভাবুকি দিয়া যুৱকজনক মানসিকভাৱে বিকাৰগ্ৰস্তও আখ্যা দিয়ে। একেদৰে ফেচবুকতো অধিকাংশই যুৱকজনৰ মানসিক সুস্থতাক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে।

ইফালে জুবিনক ফেচবুকযোগে ভাবুকি দিয়া যুৱকজনক বিচাৰি উলিয়াব বুলি অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই। অনুষ্ঠানটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনায় আৰক্ষী বিষয়াজনে।ঘটনাটোক লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণা বৰুৱায়ো কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

►►পঢ়িব পাৰে এই বাতৰিটো ►►জুবিনক হত্যাৰ ভাবুকি দিয়া কাই খাপলাঙক গ্ৰেপ্তাৰ►►

►► পঢ়িব পাৰে এই ব্লগটোঃ অসমক কোনে চলাইছে, হিন্দীয়ে...জুবিনক কোনে চলাইছে?►►

উল্লেখ্য যে উক্ত ভাবুকিক কোনো গুৰুত্ব নিদি জুবিনে অসমী অাই ৰূপহী শীৰ্ষক গীতটোৰে শুকুৰবাৰৰ উক্ত সংগীতানুষ্ঠান আৰম্ভ কৰি এটাৰ পিছত এটাকৈ গীত পৰিৱেশনেৰে শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। ইয়াৰ মাজতে পত্নী গৰিমা গাৰ্গে এয়া কোনো চিন্তা কৰিবলগীয়া কথা নহয় বুলি অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱাৰ সময়ত মন্তব্য কৰে। সেয়া হ'লেও বিষয়টোক লৈ বৰ্তমানো জুবিন অনুৰাগীসকলৰ মাজত অব্যাহত আছে ব্যাপক চৰ্চা।

• এনে ধৰণৰ অধিক বা-বাতৰিৰ বাবে Like কৰক ফেচবুক পেজ News Next One