ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰ সংঘই প্ৰকাশ কৰা সন্ত্ৰাসবাদীৰ তালিকাত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ নাম গিজগিজাই থকা বুলি প্ৰকাশ হৈছে৷ ৰাষ্ট্ৰ সংঘই প্ৰকাশ কৰা সন্ত্ৰাসবাদীৰ তালিকাত পাকিস্তানৰ ১৩৯ জন সন্ত্ৰাসবাদীৰ নাম অন্তৰ্ভুক্ত হৈছে৷ বেছিখিনিয়েই লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদ বুলি জানিব পৰা গৈছে৷ 

লস্কৰ-ই-তৈবাই পাকিস্তান-আফগানিস্তান সীমান্তত একাধিক সন্ত্ৰাস বিয়পাই বুলি কয়। আনহাতে লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ সৈতে আল মনসুৰিয়ান, পাচৱান-ই-কাশ্মীৰ, জামাত উদ দাৱা, ফলা-ই-ইনছানিয়াত ফাউণ্ডেছন সন্ত্ৰাসবাদীৰ তালিকাত ৰখাৰ লগতে ৰাজনৈতিক দল মুছলিম লীগকো এই তালিকাত ৰাখে। 

১৩৯ গৰাকী সন্ত্ৰাসবাদীৰ ভিতৰত একাংশ পাকিস্তানতে আজিও বাস কৰি আছে যদিও আন একাংশ দেশৰ বাহিৰত তথা আৰাবত বাস কৰি আহিছে। কিন্তু পাকিস্তানৰ ভূমিৰ পৰা সন্ত্ৰাস চলাই গৈছে। তালিকাত ডাউদ ইব্ৰাহিম, হাফিজ ছঈদ, আব্দুল ছালাম, জাফৰ ইকবাল, হাজী মহমম্দ য়াহিয়া মোজাহিদ, ৰামজী মহম্মদ বিন চেইবাকৰ সহ ১৩৯ গৰাকী সন্ত্ৰাসবাদীৰ নাম অন্তৰ্ভুক্ত হৈ আছে। ৰাষ্ট্ৰ সংঘৰ মতে, ডাউদ ইব্ৰাহিম পাকিস্তানৰ নুৰাদাবাদৰ প্ৰসাদোতম আট্টালিকাত বাস কৰি আছে।