ডিজিটেল ডেস্কঃ কেৱল দেশতে নহয় কাঠুৱাৰ ৮ বছৰীয়া শিশু কন্যা আচিফাৰ ধৰ্ষণ-হত্যা কাণ্ডই সমগ্ৰ বিশ্বতে খলকনি লগাইছে৷ বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰাৰ লগতে বিদেশীৰ বিভিন্ন সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এইবাৰ ৰাষ্ট্ৰ সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাণ্ডক ভয়ংকৰ আখ্যা দিছে৷ ৰাষ্ট্ৰ সংঘৰ প্ৰধান সচিব অণ্টনিও গুটৰেসে ভাৰতৰ প্ৰশাসনক এই নাৰকীয় ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আবেদন জনাই৷

শুকুৰবাৰে এখন সংবাদমেলত ৰাষ্ট্ৰ সংঘৰ প্ৰধান সচিব অণ্টনিও গুটৰেসৰ প্ৰৱক্তা ষ্টেফান দুজৰিকে কয় যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত ধৰ্ষণ আৰু হত্যাৰ ঘটনা আমাৰ দৃষ্টি গোচৰ হৈছে৷ শিশু কন্যাৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ ঘটনা অত্যন্ত দুখজনক৷ আমি আশা কৰিছো ভাৰতৰ প্ৰশাসনে অপৰাধীক উচিত শাস্তি দিব৷ কেৱল ভাৰততে নহয় এই কাণ্ডই সমগ্ৰ বিশ্বতে খলকনি লগাইছে৷ এই কথাও প্ৰকাশ কৰে ষ্টেফান দুজৰিকে৷ 

উল্লেখ্য যে, বিগত জানুৱাৰী মাহৰ জম্মু কাশ্মীৰৰ কাঠুৱা ৰাচনা গাঁৱত এগৰাকী বাকাৰওৱাল সম্প্ৰদায়ৰ ৮ বছৰীয়া কন্যাক অপহৰণ কৰি নিচাজাতিয় দ্ৰব্য খুৱাই ৮ দিনে এটা মন্দিৰত ধৰ্ষণ কৰিছিল৷ পিছত মূৰত শিলেৰে মাৰি হত্যা কৰি পেলাই দিছিল শিশু কন্যা