আকৌ এবাৰ বিতৰ্কত অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। এইবাৰ বিতৰ্কই পালেগৈ আদালতৰো মজিয়া। সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য নিলম্বিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আছুক লৈ শেহতীয়াকৈ সূত্ৰপাত ঘটা কেইবাটাও ঋণাত্মক চৰ্চাৰ মাজতে খোদ এগৰাকী নিলম্বিত ছাত্ৰ নেতাই ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে গৰজি উঠাত সদৌ অসম ছাত্ৰ সন্থাক লৈ উত্থাপিত হৈছে কেইবাটাও প্ৰশ্নৰ। 

আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ পদৰ পৰা নেতৃত্বই অব্যাহতি প্ৰদান কৰাৰ পিছতে ছাত্ৰনেতা দিব্যজ্যোতি মেধিয়ে সংবাদমেল সম্বোধন কৰি আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ বয়স আৰু শিক্ষাক লৈ প্ৰশ্নৰ উত্থাপন কৰে। একাংশ বিষয়ববীয়াই আছুৰ সংবিধান অগ্ৰাহ্য কৰি বছৰ বছৰ ধৰি ছাত্ৰ সংগঠনটোৰ নেতৃত্ব লৈ আহিছে বুলি অভিযোগ তুলি আদালতৰো কাষ চাপিছে দিব্যজ্যোতি মেধি। আদালতে ইতিমধ্যে ২০২২ চনত গঠন হোৱা আছুৰ কেন্দ্ৰীয় সমিতিৰ ৫৫ জন বিষয়ববীয়াৰ বৰ্তমানৰ শিক্ষা আৰু বয়সৰ প্ৰমাণসহ আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে দিব্যজ্যোতি মেধিয়ে।

আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সোচ্ছাৰ দিব্যজ্যোতি মেধি কোন?

আছুৰ আন্তঃ ডিমৰীয়া সমিতিৰ নেতৃত্ব বহন কৰি ২০২২ চনত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰূপে নিৰ্বাচিত হৈছিল দিব্যজ্যোতি মেধি। কিন্তু শেহতীয়াকৈ ডিমৰীয়া ছাত্ৰ সন্থাৰ বিহু সন্মিলনলৈ অসমৰ ৰাজ্যপালক আমন্ত্ৰণ জনোৱাৰ পিছতে কেন্দ্ৰীয় সমিতিয়ে ডিমৰীয়া ছাত্ৰ সন্থাৰ সমিতিখন ভংগ কৰাৰ লগতে এবছৰৰ বাবে ডিমৰীয়া ছাত্ৰ সন্থা সমিতিৰ আহ্বায়ক পদতো থকা দিব্যজ্যোতি মেধিকো অব্যাহতি প্ৰদান কৰে। 

আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ এই ডিমৰীয়া সমিতি ভংগ আৰু তেওঁক অব্যাহতি প্ৰদানৰ সিদ্ধান্তৰ পিছতে ৰাজহুৱাকৈ আছুৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে দিব্যজ্যোতি মেধি। ৬০-৭০ বছৰ বয়সতো একাংশ লোকে এতিয়াও আছু কৰি আছে বুলি অভিযোগ কৰি কেন্দ্ৰীয় সমিতিৰ ৫৫ গৰাকী বিষয়ববীয়াৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ তৰে মেধিয়ে। লগতে তেওঁ কেন্দ্ৰীয় সমিতিখনৰ ৫৫ গৰাকী বিষয়ববীয়াই বৰ্তমান ক’ত শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ জন্মৰ প্ৰমাণ পত্ৰ আদি লৈ আদালতত হাজিৰ হ’বলৈ আহ্বান জনায়।

দিছপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলত দিব্যজ্যোতি মেধিয়ে কয়, ''যি সময়ত ভাগৱত পাঠ কৰিব লাগে, সেই সময়তো একাংশ বিষয়ববীয়াই আছু কৰি আছে। বছৰ বছৰ ধৰি আমি আছুত একে কেইখন মুখকে দেখি আহিছো। আছুৰ সংবিধান অনুসৰি যিসকলে এতিয়াও অধ্যয়ন কৰি আছে, যাৰ বয়স সৰ্বাধিক ৪০ বছৰ তেওঁলোকেহে ছাত্ৰ সংগঠনটোৰ লগত জড়িত হ’ব পাৰে। কিন্তু কেন্দ্ৰীয় সমিতিৰ বেছিভাগ বিষয়ববীয়াই আনুষ্ঠানিক শিক্ষা কাহানিবাই এৰিলে। তেওঁলোকৰ বয়সেও সৰ্বাধিক বয়সৰ সীমা অতিক্ৰম কৰিছে। সেয়ে আমি তেনে ৫৫ গৰাকী বিষয়ববীয়াৰ এখন তালিকা প্ৰস্তুত কৰি আদালতৰ কাষ চাপিছো। তেওঁলোকে তেওঁলোকৰ বৰ্তমানৰ অধ্যয়নৰ প্ৰমাণ আৰু বয়সৰ প্ৰমাণ লৈ আদালতলৈ আহক।’’

বৰ্তমান গৱেষক ছাত্ৰ হৈ থকাৰ বাবেই তেওঁ ছাত্ৰ সংগঠনটোৰ সৈতে জড়িত হৈ থকা বুলি দাবী কৰি দিব্যজ্যোতি মেধিয়ে লগতে কয়, ''মই যিদিনাই মোৰ আনুষ্ঠানিক শিক্ষা শেষ কৰিম, সেইদিনাই মই আছুৰ পৰা আঁতৰি যাম।’’ ২০২০ চনত গঠিত আছুৰ কেন্দ্ৰীয় সমিতিখন অবৈধ বুলিও দাবী কৰে নিলম্বিত আছুৰ নেতাগৰাকীয়ে। তেওঁ ছাত্ৰ সন্থাৰ ডিমৰীয়া আঞ্চলিক সমিতিখন ভংগ কৰা সিদ্ধান্ত, তেওঁক অব্যাহতি প্ৰদানৰ সিদ্ধান্ত আৰু মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সমিতিৰ অধিৱশনখনত স্থগিতাদেশ জাৰি কৰিবলৈ আদালতৰ কাষ চপা বুলি জানিবলৈ দিয়ে মেধিয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ চমু ইতিহাস

দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই গঠন হোৱা অসম ছাত্ৰ সন্মিলন (Assam Students' Association) ১৯৪০ চনত দুভাগত বিভক্ত হৈ দুটা সংগঠনৰ জন্ম হৈছিল। ইয়াৰে এটা ফৈদ আছিল অল আছাম ষ্টুডেণ্ট ফেডাৰেশ্যন আৰু আনটো আছিল অল আছাম ষ্টুডেণ্টছ কংগ্ৰেছ। প্ৰায় দুটা দশক পিছত ১৯৬৭ চনৰ জানুৱাৰী মাহত দুয়োটা সংগঠন 'অল আছাম ষ্টুডেণ্টছ ইউনিয়ন’ নাম লৈ পুনৰ একত্ৰিত হয় । উক্ত বৰ্ষৰে ৮ আগষ্টত সংগঠনটোৱে আনুষ্ঠানিক ছাত্ৰ সংগঠন হিচাপে আত্মপ্ৰকাশ কৰে আৰু নিজা সংবিধান গৃহীত কৰে।  

সত্তৰৰ দশকৰ শেষৰ ফালে আৰু আশীৰ দশকৰ আৰম্ভণিতে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৬ বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব দি সমগ্ৰ ৰাজ্যৰ একপ্ৰকাৰ নয়নৰ মণি হৈ পৰিছিল সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত আছুৰ ভূমিকা আছিল সৰ্বাধিক। এই আন্দোলনৰ পিছতে আছুৰ নেতৃত্বতে গঠন কৰা হয় অসম গণ পৰিষদৰ। ৮৫ত অন্ত পৰা ৬ বছৰীয়া সংগ্ৰামৰ পিছত অসমীয়াৰ হৃদয়ত স্থান লাভ কৰা আছুৰ বাবে আছিল সেয়া সুৱৰ্ণ সময়। আছুৰ দ্বাৰা গঠিত অসম গণ পৰিষদে দুবাৰকৈ ক্ষমতালৈ আহি ছাত্ৰ সংগঠনটোৰ গৰিমা অধিক বৃদ্ধি কৰিছিল।

বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা, সাংবিধানিক সুৰক্ষাৰ দাবী, মানৱ অধিকাৰ উলংঘাৰ প্ৰতিবাদ, ৰাজ্যৰ সাংস্কৃতিক আৰু ভাষিক ঐতিহ্য সংৰক্ষণ আদি অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ আৰু পৰিচয় সম্পৰ্কীয় বিভিন্ন বিষয়ত আছুৱে সময়ে সময়ে মাত মাতিছে, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধেও ২০১৯ত আছুৱে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। মহানগৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হোৱা কা বিৰোধী প্ৰতিবাদৰ নেতৃত্ব বহন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সদৌ অসম ছাত্ৰ সন্থা। এই আন্দোলনৰ পিছতে আছুৰ সহযোগত পুনৰ গঠন কৰা হৈছিল আন এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। 

কিন্তু অসমৰ ৰাজনীতি আৰু সমাজিক ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৰ ইতিবাচক ভূমিকাৰ সমান্তৰালভাৱে সময়ে সময়ে অলেখ বিতৰ্ক আৰু সমালোচনাৰো সূচনা হৈ আহিছে। আছু গঠনৰ পিছৰে পৰাই সংগঠনটো বাংলাভাষী অসমীয়া বিৰোধী বুলি অভিযোগ উত্থাপন হৈ আহিছে। বাঙালী সংগঠনৰ বহু নেতাই ইয়াকে লৈ সমালোচনা কৰি আহিছে আছুক। অৱশ্যে আছুৱে এই অভিযোগ অস্বীকাৰ কৰি ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে সকলো অবৈধ বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি বাৰে বাৰে দাবী কৰি আহিছে।

আন্দোলন আৰু ধৰ্মঘটৰ সময়ত অসমত হিংসাত্মক পৰিস্থিতি আৰু অশান্তিৰ সৃষ্টি কৰাৰ বাবে বহুবাৰ জগৰীয়া কৰা হৈছে আছুক। ১৯৮৩ চনৰ নেলীৰ সেই নৃশংস হত্যাকাণ্ড আছু কৰ্মীৰ নেতৃত্বতে সংঘটিত হোৱা বুলি অভিযোগ কৰিছিল বিভিন্নজনে। আনহাতে আছুৰ বিৰুদ্ধে উত্থাপিত আন এটা অভিযোগ হৈছে সংগঠনটোৰ নেতৃত্ব আৰু সিদ্ধান্ত গ্ৰহণ কৰা প্ৰক্ৰিয়া। সময়ে সময়ে এই দাবী উত্থাপন কৰি আহিছে বিভিন্নজনে। আছুক অভিজাত আৰু অগণতান্ত্ৰিক বুলি সমালোচনা কৰা হৈছে। নিয়মীয়াকৈ নিৰ্বাচন বা অধিৱেশন নথকাকৈ দীৰ্ঘদিন ক্ষমতাত থকা দুই এজন প্ৰভাৱশালী নেতাৰ আধিপত্য আছুত বিৰাজমান বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

কি আছে আছুৰ সংবিধানত?

ছাত্ৰ সংগঠনৰ লক্ষ্য, উদ্দেশ্য, নীতি, গাঁথনি, কাৰ্য্য, নিয়মৰ সংজ্ঞা নিৰূপণ কৰা নথিখনেই হৈছে আছুৰ সংবিধান। ১৯৬৭ চনৰ আগষ্ট মাহত পূৰ্বৰ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰাধিকাৰী হিচাপে আছুক আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। তাৰ পিছৰে পৰা সংবিধানখন কেইবাবাৰো সংশোধন কৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ পৰিবৰ্তন সন্নিবিষ্ট কৰা হৈছে।

আছুৰ সংবিধান অনুসৰি আছু হৈছে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা অৰাজনৈতিক, অসাম্প্ৰদায়িক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, প্ৰগতিশীল ছাত্ৰ সংগঠন। অসমৰ খিলঞ্জীয়াৰ অধিকাৰ, স্বাৰ্থ, পৰিচয়, সংস্কৃতি, ভাষা, ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ বাবে আছু দায়বদ্ধ বুলিও সংবিধানত উল্লেখ আছে। সংবিধান অনুসৰি, আছু হৈছে সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন, শৈক্ষিক উন্নতি, পৰিৱেশ সুৰক্ষা, জাতীয় সংহতি, আঞ্চলিক সহযোগিতা আৰু বিশ্ব শান্তি লাভৰ বাবে চেষ্টা কৰা এটা সংগঠন।

সংবিধানত উল্লেখ থকা মতে, আছু তিনিটা স্তৰৰ সংগঠনেৰে গঠিত- কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আৰু আঞ্চলিক সমিতি। প্ৰতিটো স্তৰতে নিজৰ নিজৰ বিষয়ববীয়া থাকে যিবোৰ সদস্যসকলে নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। আছুৱে প্ৰতি তিনি বছৰৰ মূৰে মূৰে সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰি নিজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচন কৰে আৰু নিজৰ নীতি আৰু কাৰ্যসূচী আলোচনা কৰে। এই অধিৱেশনত সকলো জিলা আৰু স্থানীয় সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সংবিধানত উল্লেখ থকা মতে, আছুৰ এজন মুখ্য উপদেষ্টা আছে, যাক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে সংস্থাটোক বিভিন্ন বিষয়ত পথ প্ৰদৰ্শন আৰু পৰামৰ্শ দিবলৈ নিযুক্তি দিয়ে। মুখ্য উপদেষ্টাৰ কোনো কাৰ্যবাহী বা ভোটদান ক্ষমতা নাথাকে। আনহাতে আছুৰ সংবিধানত স্পষ্টভাৱে উল্লেখ থকা মতে, সংগঠনৰ যিকোনো স্তৰৰ সদস্য বা নেতা হোৱাৰ বাবে আছুৰ বয়সৰ সীমা ৪০ বছৰ। ৪০ বছৰ অতিক্ৰম কৰিলে দুবছৰৰ ভিতৰত সংগঠনৰ পৰা অৱসৰ ল’ব লাগিব। ইয়াৰোপৰিও কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য বা নেতা হোৱাৰ বাবে আছুৰ নূন্যতম অৰ্হতা হৈছে স্নাতক ডিগ্ৰী। স্নাতক ডিগ্ৰী নথকা কোনো ব্যক্তিয়ে কেন্দ্ৰীয় সমিতিৰ কোনো পদত প্ৰতিদ্বন্দ্বিতা বা দখল কৰিব নোৱাৰিব। 

অন্যহাতে আছুৰ নেতা বা সদস্য হ’বলৈ হ’লে অধ্যয়ন কৰি থকাটো বাঞ্চনীয়। নিলম্বিত আছু নেতা দিব্যজ্যোতি মেধিয়েও সংগঠনটোৰ সংবিধানত উল্লেখিত এই কথাকেই দোহাৰি দাবী কৰে যে কেন্দ্ৰীয় সমিতিৰ অধিকাংশ নেতাই এতিয়া বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰত নহয়।

কিমান বয়স সমুজ্জ্বল ভট্টাচাৰ্য, দিপাংক নাথৰ?

দিব্যজ্যোতি মেধিয়ে অভিযোগ কৰা মতে, ২০২০ চনৰ নৱেম্বৰ মাহত ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত হোৱা ১৭ সংখ্যক সাধাৰণ অধিৱেশনত যিখন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছিল, তাত থকা অধিকাংশৰে বয়সে তেতিয়া সংগঠনৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া ৪০ বছৰৰ দেওনা অতিক্ৰম কৰিছিল। আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত দিপাংক কুমাৰ নাথৰ বয়সো তেতিয়া ৪০ পাৰ হৈছিল বুলি দাবী কৰে দিব্যজ্যোতি মেধিয়ে। আনহাতে নাম উল্লেখ নকৰাকৈয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বয়সৰ কথা সুঁৱৰিও মেধিয়ে কয়, ''যি সময়ত ভাগৱত পাঠ কৰিব লাগে, সেই সময়ত আছু কৰি আছে।’’

আছুৰ কেন্দ্ৰীয় সমিতিখনৰ বিষয়ববীয়াৰ প্ৰকৃত বয়স সম্পৰ্কে নাজানিলেও ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি তেওঁলোকৰ বয়স কিছু পৰিমাণে অনুমান কৰিব পাৰি। ইন্টাৰনেটত উপলব্ধ তথ্য অনুসৰি, দিনদিয়েক পূৰ্বে ব্যক্তিগত অসুবিধাৰ দোহাই দি পদত্যাগ কৰা আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ বয়স হৈছে ৩৮ বছৰ। সেইদৰে উপ-সভাপতি প্ৰদীপ দত্ত আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ বয়স হৈছে ক্ৰমে ৩৭ বছৰ আৰু ২৮ বছৰ।

ইয়াৰ বিপৰীতে তথ্য অনুসৰি ৫৫ বছৰ অতিক্ৰম কৰিছে ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই। একেদৰে সংগঠনটোৰ আন দুগৰাকী উপদেষ্টা উদ্দীপ্ত জ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাস, দুয়োৰে বয়সে চল্লিশৰ দেওনা পাৰ কৰিছে।

দিব্যজ্যোতি মেধিয়ে অভিযোগ কৰা মতে, আছুৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া সৰ্বাধিক বয়সৰ পৰা বাদ নপৰে উপদেষ্টাও। এনে পৰিপ্ৰেক্ষিতত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজিও সংগঠনটোৰ এটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে সেয়াও সন্দেহজনক বিষয় বুলি দাবী কৰে নিলম্বিত আছু নেতাগৰাকীয়ে। উল্লেখ্য যে, আছুৰ কেন্দ্ৰীয় সমিতিৰ দুলীয়াজান অধিৱেশনৰ সময়তে ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কিন্তু পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি আজিও তেওঁ একেই পদত ছাত্ৰ সংগঠনটোৰ সৈতে জড়িত হৈ আছে।

দিব্যজ্যোতি মেধিৰ অভিযোগঃ মৌন বিষয়ববীয়া

২০২০ চনত নিৰ্বাচিত হোৱা আছুৰ কেন্দ্ৰীয় সমিতিখন অবৈধ বুলি দাবী কৰি সেই সমিতিয়ে গ্ৰহণ কৰা মৰিগাঁও অধিৱেশনৰ সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ বিচাৰিছে সংগঠনটোৰ পৰা এবছৰৰ বাবে নিলম্বিত হোৱা ছাত্ৰ নেতা দিব্যজ্যোতি মেধিয়ে। তেওঁ প্ৰকাশ কৰা মতে, মে’ মাহৰ পৰাই আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনৰ বৈধতা আৰু বিষয়ববীয়াৰ বয়স তথা তেওঁলোকৰ বৰ্তমানৰ অধ্যয়নক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল। কিন্তু বিষয়টো সংগঠনৰ ভিতৰতে সমাধান হোৱাৰ আশাৰে ৰাজহুৱাকৈ মাত মতা নাছিল। কিন্তু ৰাতিটোৰ ভিতৰতে কেন্দ্ৰীয় সমিতিয়ে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সমিতিখন ভংগ কৰি তেওঁক অব্যাহতি প্ৰদান কৰাৰ পিছতে বিষয়টো ৰাজহুৱা কৰাৰ লগতে আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছে। 

আনহাতে দিব্যজ্যোতি মেধিৰ সংবাদমেলৰ পিছতে শিৱসাগৰ সদৰ থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। দিব্যজ্যোতি মেধিৰ অভিযোগ ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰি শিৱসাগৰ জিলা ছাত্ৰ সন্থাই কয়, 'যোৱা ৬ মাহ আগতেই তেওঁক অব্যাহতি দিয়া হৈছিল কেন্দ্ৰীয় সমিতিৰ দায়িত্বৰ পৰা। কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে তেওঁ সেই পদত অধিষ্ঠিত হৈয়ে থাকিল।’’ 

ইফালে দিব্যজোতি মেধিয়ে দাবী কৰা মতে, তেওঁক অব্যাহতি দিয়াৰ বিষয়ে তেওঁ জানিব পাৰিছে যদিও নেতৃত্বৰ পৰা কোনো অব্যাহতিৰ পত্ৰ লাভ কৰা নাই। লগতে তিনিটাকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি থকা মেধিক কোনটো পদৰ পৰা অব্যাহতি দিয়া হৈছে সেয়াও স্পষ্ট কৰা নাই নেতৃ্ত্বই। উল্লেখ্য যে, দিব্যজ্যোতি মেধি কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকাৰ উপৰিও ডিমৰীয়া আঞ্চলিক সমিতি আৰু সোণাপুৰ আঞ্চলিক সমিতিৰ উপদেষ্টা হিচাপেও দায়িত্বত আছিল।

ইফালে ছাত্ৰ সংগঠনৰ ভিতৰচ’ৰাতে দেখা দিয়া এই বিসম্বাদ আৰু বিতৰ্কক লৈ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আছুৰ কেন্দ্ৰীয় নেতৃত্বই। সংগঠনটোৰ নেতৃত্বৰ মৌনতাক লৈয়ো এতিয়া অলেখ প্ৰশ্নৰ অৱতাৰণা ঘটিছে। কিন্তু আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ''আছুৰ ওপৰত মানুহৰ আস্থা সদায় আছে আৰু থাকিব। আছুৱে সদায় অসম আৰু অসমীয়াৰ উন্নয়নৰ বাবে কাম কৰি আছে। আছুৰ প্ৰয়োজনীয়তা অসমত সদায় থাকিব। মই যিহেতু এতিয়া আছুত নাই, গতিকে তেওঁলোকৰ ভিতৰচ’ৰাৰ বিষয়ে মই একো কোৱা উচিত নহয়।’’

বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে কয়, ''বৰ্তমান অধ্যয়ন কৰি নথকা নেতা আছুত আছে বুলি জানোৱেই। আছুৰ প্ৰতি এতিয়া আৰু মানুহৰ ভৰষা নাই।’’ উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ পক্ষত থাকি কাম কৰি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে।

আছুক লৈ অভিযোগৰ অন্ত নাই। কেতিয়াবা যদি মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে, আন কেতিয়াবা আকৌ আন নেতাৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠিছে। ১৯৮৫ চনতে স্বাক্ষৰিত হোৱা অসম চুক্তি আজিও কাৰ্যকৰী নোহোৱাৰ কাৰণে আছুকে জগৰীয়া কৰিব খোজে বহুতে। 

নিবনুৱা, মূল্যবৃদ্ধি, ভূমিপুত্ৰৰ উচ্ছেদ আদিৰ দৰে বিষয়সমূহৰ পৰা অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কোৱা ছাত্ৰ সংগঠনটোৱে গা এৰা দি চলাৰো অভিযোগ উত্থাপন হৈ আহিছে। এনে নানান বিবাদ আৰু বিতৰ্কৰে পৰিপূৰ্ণ হৈ থকা অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৰ ওপৰত এইবাৰ নিজৰেই ছাত্ৰ নেতাই লগোৱা দাগে আছুৰ বৃহৎ ক্ষতি কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশ্লেষকসকলে।