ডিজিটেল ডেস্কঃ পুনৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল চহৰ৷ দুটাকৈ বিস্ফোৰণে কাঢ়ি নিলে ২৯গৰাকী লোকৰ প্ৰাণ৷ cnn.comৰ খবৰ মতে, সোমবাৰে পুৱাই দুগৰাকী আত্মঘাটী বোমাৰুৱে সংঘটিত কৰা বোমা বিস্ফোৰণত ৯গৰাকী সাংবাদিক সহ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে৷ ফ্ৰান্স প্ৰেছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য ফটোগ্ৰাফাৰ শ্বাহ মাৰায়ো এই বিস্ফোৰণত নিহত হৈছে৷ 

ইতিমধ্যে সংবাদ প্ৰতিষ্ঠানটোৱে এই কথা থিৰাং কৰে৷ বিস্ফোৰণত প্ৰায় ৫০ গৰাকী লোক আহত হৈছে৷ সোমবাৰে পুৱাই নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সমীপতে সংঘটিত হৈছে এই কাণ্ড৷ কাৰ্যালয়লৈ বিষয়া-কৰ্মচাৰী আহিব ধৰাৰ সময়তে আৰু সাংবাদিকক লক্ষ্য কৰি এই কাণ্ড সংঘটিত কৰা হৈছে বুলি সন্দেহ কৰা হৈছে৷ সন্মুখত আফগানিস্তানৰ সাধাৰণ নিৰ্বাচন৷ নিৰ্বাচনৰ বিৰোধিতা কৰি সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰি গৈছে দেশ খনত৷ 

মাথো কেইটামান ঘণ্টাৰ পূৰ্বে আফগানিস্তানৰ দক্ষিণ প্ৰান্তৰ হেলমান্দ সেনা শিবিৰত সন্ত্ৰসবাদী তালিবানে ভয়াবহ আক্ৰমণ চলোৱাৰ ফলত ৬ জনকৈ লোকৰ মৃত্যু হয়৷ জানিব পৰা মতে, হেলমান্দৰ নাদ আলি সেনাৰ শিবিৰৰ সমীপত কাৰ বোমা বিস্ফোৰণ কৰে তালিবানে৷ ফলত সেনা জোৱান সহ ৬গৰাকী লোকৰ মৃত্যু হয়৷

আনহাতে দেশৰ খনৰ কুন্দুজ প্ৰদেশৰ কালা-ই জল জিলাৰ সদৰত তালিবানে আক্ৰমণ চলাই নিজৰ দখললৈ নিয়াৰ খবৰ প্ৰকাশ পাইছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে, কুন্দুজ প্ৰদেশৰ কালা-ই জল জিলাৰ আৰক্ষীৰ সদৰ দখল কৰিছিল বিদ্ৰোহীয়ে৷ 

যোৱা ২২ এপ্ৰিলত আত্মঘাটী বোমাৰুৰ বিস্ফোৰণে কঁপাইছিল আফগানিস্তানৰ ৰাজধানী কাবুল চহৰ৷ এটি ভোট পঞ্জীয়ণ কেন্দ্ৰত অতৰ্কিতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ ফলত এতিয়ালৈ ৬০গৰাকী লোকৰ মৃত্যু হৈছিল৷ দিনৰ ভাগত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ আইআছআইএছে দায়িত্ব স্বীকাৰ কৰিছিল৷