১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ বন্ধ কুঠৰীত আৱদ্ধ হৈ আছে তেওঁ। যোৱা ৮ বছৰে তেওঁ এবাৰো কাষৰ পৰা দেখা নাই স্বামী আৰু দুই সন্তানক, এবছৰতকৈও অধিক সময় ধৰি শুনা নাই তেওঁলোকৰ মাত। তথাপিও নিজৰ স্থিতিত অটল এইগৰাকী মহিলা। এখন গণতান্ত্ৰিক ইৰাণৰ দাবীৰে বিগত প্ৰায় তিনি দশক ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা এইগৰাকী কাৰাবন্দী মহিলা আজি সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈ পৰিছে। তেওঁৰ ত্যাগ, তেওঁ লাভ কৰা কষ্ট আৰু যাতনা, তেওঁৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই বিশ্বৰ বুকুত আজি এক নজিৰ গঢ়িবলৈ সক্ষম হৈছে।

ইৰাণৰ এইগৰাকী মহিলা সমাজকৰ্মীৰ নাম হৈছে নাৰ্গেছ মহম্মদী। ৫১ বছৰীয়া নাৰ্গেছ মহম্মদীয়ে ৯০ৰ দশকৰ পৰাই ইৰাণত মহিলাৰ অধিকাৰ, কাৰাবন্দীৰ অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ হকে যুঁজ দি আহিছে। এই যুঁজৰ বাবে দীঘলীয়া কাৰাবন্দীত্বৰ শাস্তি লাভ কৰা নাৰ্গেছ মহম্মদী এতিয়াও কাৰাগাৰতে আৱদ্ধ। ২০১৫ চনৰ পৰা তেওঁ বন্দী জীৱন কটাই আছে তেহৰানৰ কুখ্যাত ইভিন কাৰাগাৰত। বন্দীত্বৰ এই জীৱনৰ মাজতে নাৰ্গেছে লাভ কৰে এক ভাল খবৰ। সদ্যঘোষিত ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে ইৰাণৰ এইগৰাকী দৃঢ়মনা মানৱ অধিকাৰ কৰ্মীক।

যোৱা ৮ বছৰে এবাৰ দেখা পোৱা নাই ২ সন্তান, স্বামীক

১৯৭২ চনৰ ২১ এপ্ৰিলত ইৰাণৰ উত্তৰ-পশ্চিম জাঞ্জানত জন্মগ্ৰহণ কৰা নাৰ্গেছ মহম্মদীয়ে কাজভিনৰ ইমাম খোমেইনী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰি পিছত অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু ইৰাণত তেতিয়া বাৰে বাৰে হনন হোৱা মানৱ অধিকাৰ আৰু ক্ৰমান্বয়ে পতন ঘটা গণতান্ত্ৰিক ব্যৱস্থাই পৰিৱৰ্তনৰ দিশে ঠেলি লৈ যায় নাৰ্গেছৰ মন। যাৰ বাবে নব্বৈৰ দশকৰ আৰম্ভণিতে ছাত্ৰ আন্দোলনৰ সৈতে জড়িত হৈ এখন নতুন ইৰাণ গঢ়াৰ হকে মাত মাতিবলৈ আৰম্ভ কৰে।

একে সময়তে নাৰ্গেছ মহম্মদীয়ে ছাত্ৰ সংগঠন অফিচ ফৰ ষ্ট্ৰেংথেনিং ইউনিটি (OSU)ত যোগদান কৰি ইৰাণত মহিলাৰ অধিকাৰৰ বাবেও প্ৰতিবাদত নামে। পৰৱৰ্তী সময়ত ২০০৩ চনত শান্তিৰ  নোবেল বিজয়ী সুপৰিচিত সমাজকৰ্মী শ্বিৰিন এবাডীয়ে প্ৰতিষ্ঠা কৰা ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰত যোগদান কৰি সংস্থাটোৰ উপ-সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ২০০৯ চনৰ পৰা ২০১৫ চনলৈ সংস্থাটোৰ মুখপাত্ৰও আছিল নাৰ্গেছ মহম্মদী। ২০০৮ চনত প্ৰতিষ্ঠা হোৱা কেম্পেইন ফৰ ষ্টেপ বাই ষ্টেপ এবলিচন অৱ ডেথ পেনাল্টি (লেগাম)ৰো সহ-প্ৰতিষ্ঠাপক আছিল নাৰ্গেছ।

১৯৯৮ চনত ছাত্ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ অপৰাধত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হৈছিল নাৰ্গেছ। ইয়াৰ পিছত ২০০৯ চনত গণ বিক্ষোভৰ সূচনা কৰা বিতৰ্কিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰা হয় তেওঁক। সেই সময়ত আদালতে তেওঁক ১১ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে যদিও কাৰাগাৰৰ ভিতৰতে স্নায়ুজনিত সমস্যাত আক্ৰান্ত হোৱাত তিনি বছৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়।

কিন্তু ২০১৫ চনত নাৰ্গেছ মহম্মদীক পুনৰ গ্ৰেপ্তাৰ কৰি লেগাম প্ৰতিষ্ঠা, ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ সদস্যপদ, ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে সমাৱেশ আৰু গোপন বুজাবুজি, ইৰাণৰ সৰ্বোচ্ছ নেতা আলী খোমেইনিক অপমান কৰা, বিদেশী সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰাৰ অভিযোগত ১৬ বছৰৰ কাৰাদণ্ড বিহা হয়। পিছত ক্ষমা আইনৰ অধীনত নাৰ্গেছৰ শাস্তি ১০ বছৰলৈ হ্ৰাস কৰে আদালতে।

নাৰ্গেছ মহম্মদীৰ দৰে তেওঁৰ স্বামী তাঘী ৰহমানীও এগৰাকী সুপৰিচিত সমাজকৰ্মী। মানৱ অধিকাৰৰ সপক্ষে প্ৰতিবাদ কৰি ইৰাণত ১৪ বছৰ কাৰাবন্দী হৈ আছিল তেঁৱো। কিন্তু এতিয়া তেওঁ ইৰাণৰ পৰা নিৰ্বাসিত। দ্য গাৰ্ডিয়ানৰ বাতৰি অনুসৰি বৰ্তমান নাৰ্গেছ আৰু তেওঁৰ ১৬ বছৰীয়া দুই যমজ সন্তানৰ সৈতে ফ্ৰান্সত বাস কৰি আছে তাঘী ৰহমানীয়ে।  

২০১৫ চনত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সময়তে নাৰ্গেছ মহম্মদীয়ে শেষবাৰৰ বাবে দেখা পাইছিল তেওঁলোকৰ দুই সন্তান আলী আৰু কিয়ানৰ লগতে স্বামী তাঘী ৰহমানীক। আনকি যোৱা এবছৰ ধৰি স্বামী আৰু সন্তানৰ মাতষাৰো শুনিবলৈ পোৱা নাই নাৰ্গিছে। কাৰাগাৰৰ অন্ধকাৰ কোঠাত সপোনৰ পোহাৰ মেলি নাৰ্গিছ মহম্মদীয়ে পাৰ কৰিছে প্ৰতিটো দিন।

‘যন্ত্ৰণাই মোক লক্ষ্যৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰে’

ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে কৰা যুঁজৰ বাবে শুকুৰবাৰে শান্তিৰ নোবেল বঁটা লাভ কৰা নাৰ্গেছ মহম্মদী বিগত দুটা দশকৰ বেছিভাগ সময় বন্দী হৈ আছে। বৰ্তমান তেহৰাণৰ কুখ্যাত ইভিন কাৰাগাৰত “ৰাষ্ট্ৰ বিৰোধী অপপ্ৰচাৰ” চলোৱাৰ অপৰাধত কাৰাবন্দী হৈ থকা নাৰ্গেছ মহম্মদীৰ বিৰুদ্ধে প্ৰদান কৰা হৈছে ভ্ৰমণ আৰু অন্যান্য নিষেধাজ্ঞাৰ শাস্তিও।

কিন্তু কঠোৰ পৰিস্থিতি আৰু পৰিয়ালৰ পৰা বিচ্ছেদৰ যন্ত্ৰণাৰ মাজতো মহম্মদীয়ে নিজৰ কণ্ঠ বা ইৰাণত পৰিৱৰ্তনৰ আশা এৰি দিয়া নাই। কাৰাগাৰৰ ভিতৰৰ পৰা কেইবাটাও সাক্ষাৎকাৰ দি তেওঁ ইৰাণৰ পৰিস্থিতি, যোৱা বছৰ উদ্ভৱ হোৱা প্ৰতিবাদী আন্দোলন, গণতন্ত্ৰৰ সংগ্ৰামত মহিলাৰ ভূমিকা, ব্যক্তিগত প্ৰত্যাহ্বান আৰু আকাংক্ষাৰ বিষয়ে নিজৰ মতামত ব্যক্ত কৰিছে।

এপ্ৰিল মাহত চিএনএনৰ সৈতে হোৱা এক অকৰ্তৃত্বশীল টেলিফোন সাক্ষাৎকাৰত মহম্মদীয়ে কয় যে তেওঁ প্ৰতিদিনে খিৰিকিৰ সন্মুখত বহি বাহিৰৰ সেউজীয়াবোৰলৈ চাই চাই এখন মুক্ত ইৰাণৰ সপোন দেখে। তেওঁ কয়, "তেওঁলোকে মোক যিমানেই শাস্তি দিয়ে, যিমানেই মোৰ পৰা কাঢ়ি লৈ যায়, সিমানেই মই গণতন্ত্ৰ আৰু স্বাধীনতা লাভ নকৰালৈকে যুঁজিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ পৰো। যন্ত্ৰণাই মোক লক্ষ্যৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰে।" 

নোবেল বঁটা ঘোষণাৰ পূৰ্বে চিএনএনৰ সৈতে শ্বেয়াৰ কৰা ইভিনৰ ভিতৰৰ পৰা এটা অডিঅ' ৰেকৰ্ডিঙত মহম্মদীয়ে "নাৰী, জীৱন, স্বাধীনতা"ৰ শ্লোগান দিয়া শুনা যায়। চিএনএনৰ প্ৰতিবেদন অনুসৰি, হেডস্কাৰ্ভ ভালদৰে পৰিধান নকৰাৰ বাবেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২২ বছৰীয়া মাহছা ঝিনা আমিনীৰ আৰক্ষীৰ জিম্মাত ঘটা মৃত্যুৰ প্ৰতিবাদত এইদৰে কাৰাগাৰৰ ভিতৰতে শ্লোগান দিছিল নাৰ্গিছ মহম্মদীয়ে। কাৰাগাৰৰ অন্য মহিলা কাৰাবন্দী সকলেও ১৯ শতিকাৰ ইটালীৰ লোকগীত "বেলা চিয়াও" পৰিৱেশন কৰি আমিনীৰ মৃত্যুৰ প্ৰতিবাদ জনাইছিল।

আগষ্ট মাহত ’দ্য গাৰ্ডিয়ান’-এ প্ৰকাশ কৰা কাৰাগাৰৰ পৰা লিখা এখন পত্ৰত নাৰ্গেছ মহম্মদীয়ে ইৰাণত মহিলাৰ অধিকাৰৰ বাবে কৰা যুঁজখনৰ ৰূপৰেখা দাঙি ধৰিছিল আৰু ইৰাণৰ সমাজত মহিলাসকলে সন্মুখীন হোৱা যৌন হিংসা আৰু হাৰাশাস্তিৰ গৰিহণা জনাইছিল। ইৰাণৰ ন্যায়পালিকাৰ স্বাধীনতা আৰু জবাবদিহিতাৰ অভাৱৰ বাবেও তেওঁ সমালোচনা কৰে আৰু ফাঁচী আৰু নিৰ্যাতন বন্ধ কৰাৰ আহ্বান জনায়। ইৰাণৰ জনসাধাৰণৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ দাবীক সমৰ্থন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনায় মহম্মদীয়ে।


২০০১ চনত নিজ বাসগৃহত নাৰ্গেছ, ফটোঃ Behrouz Mehri/AFP

"মই এই চিঠিখন ইভিন কাৰাগাৰৰ ভিতৰৰ পৰা লিখিছো। ইৰাণৰ লাখ লাখ নিপীড়িত মহিলাৰ ভিতৰত ময়ো এগৰাকী, যাক আপোনালোকে বিভিন্ন আবেদন আৰু বিবৃতিত স্বাক্ষৰ কৰি সমৰ্থন জনাই আহিছে। মই ভালদৰেই জানো যে এই আটাইবোৰ বছৰত আপোনালোকে মোক, আমাক কেতিয়াও পাহৰা নাই।’’ কাৰাগাৰৰ কুঠৰীৰ পৰা এইদৰে লিখে নাৰ্গেছ মহম্মদীয়ে।

ছেপ্টেম্বৰ মাহত এ এফ পিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মহম্মদীয়ে কয় যে কাৰাগাৰৰ পৰা মুক্তিৰ কোনো সম্ভাৱনা নথকা আৰু পৰিয়ালৰ পৰা বিচ্ছেদৰ যন্ত্ৰণা সহ্য কৰাৰ পিছতো ইৰাণত পৰিৱৰ্তনৰ আশা তেওঁ পৰিত্যাগ কৰা নাই। এবছৰৰ পূৰ্বে ইৰাণত ইছলামিক গণৰাজ্যৰ বিৰুদ্ধে যি প্ৰতিবাদী আন্দোলন আৰম্ভ হৈছিল, সেয়া এতিয়াও জীয়াই আছে বুলি মন্তব্য কৰে মহিলা সমাজকৰ্মীগৰাকীয়ে।

তেওঁ কয়, “পৰিৱৰ্তন অপ্ৰত্যাৱৰ্তনীয়। ধৰ্মীয় কৰ্তৃত্ব দুৰ্বল হোৱাটো স্পষ্ট। জনসাধাৰণৰ দাবী স্পষ্ট। জনতাই গণতন্ত্ৰ, পুৰুষ-মহিলাৰ মাজত সমতা, ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত পৃথকীকৰণ বিচাৰে।" মহম্মদীয়ে ইৰাণৰ নেতাসকলক পশ্চিমীয়া দেশসমূহে সন্তুষ্ট কৰাটোকো সমালোচনা কৰি কয় যে নিষেধাজ্ঞাই শাসন ব্যৱস্থাতকৈ সাধাৰণ ইৰাণীসকলক অধিক আঘাত কৰিছে। শান্তি আৰু ন্যায় লাভৰ বাবে ইৰাণ আৰু বিদেশৰ নাগৰিক সমাজৰ মাজত আলোচনা আৰু সহযোগিতাৰ প্ৰয়োজন আছে।

বিশ্বৰ বুকুত নাৰ্গেছৰ সংগ্ৰাম

যদিও নাৰ্গেছ মহম্মদী ইৰাণৰ প্ৰতিবাদী কণ্ঠ, তথাপি তেওঁৰ প্ৰতিবাদে আজি প্ৰভাৱিত কৰিছে বিশ্বৰ অন্য কেবাখনো ৰাষ্ট্ৰকো। মহিলাৰ অধিকাৰৰ বাবে যুঁজ দি অহা মুক্ত কণ্ঠৰ অধিকাৰী নাৰ্গেছ আন বহু মহিলাৰ বাবে অনুপ্ৰেৰণা। প্ৰায় ৩ দশকীয় প্ৰতিবাদী যাত্ৰাত তেওঁ অধিকাংশ সময়েই পাৰ কৰিবলগীয়া হৈছে কাৰাগাৰৰ ভিতৰত, সহিবলগীয়া হৈছে নিৰ্মম অত্যাচাৰ। আনকি পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতো নিজৰ কণ্ঠ হেৰুওৱা নাই ৫১ বৰ্ষীয় সমাজকৰ্মীগৰাকীয়ে। সেয়ে আজিও কাৰাগাৰৰ খিৰিকীৰে বাহিৰৰ সেউজীয়ালৈ চাই চাই তেওঁ পৰিৱৰ্তনৰ সপোন দেখে।

মহম্মদীৰ এই মানৱ অধিকাৰৰ বাবে চলোৱা যুঁজক স্বীকৃতি প্ৰদান কৰিছে বহু ৰাষ্ট্ৰই। ২০১১ চনত আমেৰিকান ফিজিকেল ছ’চাইটিৰ পৰা আন্দ্ৰেই ছাখাৰভ বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল। একে বছৰতে ছুইডেন চৰকাৰেও পেৰ এংগাৰ বঁটাৰে সন্মানিত কৰে মহম্মদীক। ২০১৬ চনত চিটি অৱ পেৰিছ মেডেল, ২০১৭ চনত ইটালী চৰকাৰৰ আলেকজেণ্ডাৰ লেংগাৰ বঁটা প্ৰদান কৰা হয় নাৰ্গেছ মহম্মদীক।

শুকুৰবাৰে নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা ঘোষণা কৰাৰ পিছতে তেওঁৰ সাধনা আৰু পৰিশ্ৰমে নতুনকৈ স্বীকৃতি পাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰিছে বিভিন্নজনে। সমাজৰ হকে জীয়াব পৰা এগৰাকী নাৰীৰ বাবে এয়া এক যোগ্য সন্মান বুলি বহুজনে অভিহিত কৰিছে। 

ইৰাণত মহিলা নে পুতলা?

বিশ্বত এনে বহু দেশ আছে, য’ত মহিলাসকল সদায় উপেক্ষিতই হৈ আহিছে। ইৰানো তাৰ ব্যতিক্ৰম নহয়। ইৰাণৰ বহু মহিলা-যুৱতীয়ে আজি দেশৰ বাহিৰলৈ গৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যদিও দেশৰ ভিতৰত মহিলাসকলৰ ওপৰত জাপি দিয়া নীতি-নিয়ম আৰু তেওঁলোকৰ সৈতে হোৱা ব্যৱহাৰক লৈ প্ৰায়ে বিতৰ্কৰ সূচনা হৈ আহিছে। এনে কাৰণতে ইৰাণত মহিলাৰ অধিকাৰক লৈ বহু মানৱ অধিকাৰ কৰ্মীয়ে দশক দশক ধৰি সজোৰে মাত মাতি আহিছে। তেনে মানৱ অধিকাৰ কৰ্মীৰ ভিতৰত এগৰাকীয়েই হৈছে নাৰ্গেছ মহম্মদী।

ইৰাণত চৰকাৰে মহিলাসকলক প্ৰভাৱিক কৰিব পৰা একাধিক আইন প্ৰণয়ন কৰি মহিলাৰ সুৰক্ষা, অধিকাৰ বৃদ্ধিৰ দাবী কৰি আহিছে যদিও বাস্তৱক্ষেত্ৰত এনে আইনে ঋণাত্মক প্ৰভাৱ পেলোৱাৰহে অভিযোগ উত্থাপন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত গাৰ্ডিয়ান কাউন্সিলে অনুমোদন জনাইছিল জনসংখ্যা আইনত। এই আইনখনে শিশু থকা ইৰাণী পৰিয়ালসমূহক কিছু পৰিমাণে সুবিধা প্ৰদান কৰিছিল ঠিকেই, বিপৰীতে এই আইনৰ জৰিয়তে হনন কৰা হৈছিল মহিলাসকলৰ গৰ্ভনিৰোধ, বন্ধ্যাকৰণ, গৰ্ভপাতৰ অধিকাৰ। যাৰ বাবে এই আইন প্ৰণয়নৰ পিছতে সমগ্ৰ ইৰাণজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

ৰক্ষণশীল ইছলামিক আইনৰ ওপৰত ভিত্তি কৰি গঠিত আৰু বিবাহ, বিবাহ বিচ্ছেদ, জিম্মা, উত্তৰাধিকাৰ, ভ্ৰমণ আদি বিষয়ত মহিলাক পুৰুষতকৈ কম অধিকাৰ প্ৰদান কৰা নাগৰিক সংহিতাক লৈও অব্যাহত আছে বিতৰ্ক। এই সংহিতাই পত্নীৰ অনুমতি অবিহনেই এজন পুৰুষক চাৰি গৰাকীকৈ মহিলাক বিবাহ কৰাৰ অনুমতি প্ৰদান কৰে যদিও এগৰাকী মহিলাই পাছপৰ্ট লাভ বা বিদেশ ভ্ৰমণৰ বাবেও স্বামীৰ অনুমতি লবলগীয়া হয়। মহিলাৰ অধিকাৰ এনেদৰে এজন পুৰুষৰ হাতত গতাই দিয়াৰ বিৰুদ্ধে আজিও ইৰাণত প্ৰতিবাদ অব্যাহত ৰাখিছে মানৱ অধিকাৰ সংগঠনসমূহে।

ইয়াৰোপৰিও ইৰাণত মহিলা আৰু যুৱতীৰ বাবে হিজাব বাধ্যতামূলক কৰাক লৈও বছৰ বছৰ ধৰি ইৰাণত প্ৰতিবাদ অব্যাহত আছে। ২০১৮ চনত ৰাষ্ট্ৰখনত হিজাব বাধ্যতামূলক কৰা আইনৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মহিলাই সাব্যস্ত কৰা প্ৰতিবাদে আন্তঃৰাষ্ট্ৰীয় চৰ্চা লাভ কৰিছিল।

নাৰ্গেছলৈ শান্তিৰ নোবেল বঁটা, কাৰ কি প্ৰতিক্ৰিয়া?

ধৰ্মতকৈ অধিক মানুহে প্ৰাধান্য লাভ কৰিব পৰা এখন মুক্ত ইৰাণৰ সপোন দেখা মাানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মহম্মদীলৈ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা কৰাৰ পিছতে আনন্দ ব্যক্ত কৰিছে তেওঁৰ সতীৰ্থ মানৱ অধিকাৰ কৰ্মী আৰু বিশ্বৰ অন্য প্ৰান্তৰ মানৱ অধিকাৰ সংগঠনসমূহে। 

ইৰাণৰ পৰা নিৰ্বাসিত হৈ বৰ্তমান ফ্ৰান্সত সন্তানসহ বাস কৰা নাৰ্গেছ মহম্মদীৰ স্বামী তাঘী ৰহমানীয়ে কয়, "মই অতি সুখী আৰু নাৰ্গেছক লৈ অতি গৌৰৱান্বিত। তেওঁ এগৰাকী মহিলা যিয়ে ইৰাণৰ মানৱ অধিকাৰৰ বাবে, মহিলাৰ অধিকাৰৰ বাবে, গণতন্ত্ৰৰ বাবে যুঁজিছে। ইয়াৰ বাবে তেওঁ বহু কিছু ভুগীবলগীয়া হৈছে। তেওঁ ১০ বছৰ ধৰি কাৰাগাৰত আছে, সন্তানৰ পৰা, মোৰ পৰা, পৰিয়ালৰ পৰা, বন্ধুৰ পৰা বিচ্ছিন্ন হৈ যন্ত্ৰনাদায়ক জীৱন পাৰ কৰিবলগীয়া হৈছে। কিন্তু নাৰ্গেছে কেতিয়াও হাৰ মানিবলৈ নিশিকিলে। তেওঁ সদায় যুঁজি আহিছে। আৰু আজি তেওঁক বিশ্বৰ আটাইতকৈ বেছি পৰিচিত এই সন্মানেৰে সন্মানিত কৰা হৈছে।“

২০০৩ৰ শান্তিৰ নোবেল বিজয়ী তথা নাৰ্গেছ মহম্মদীৰ ঘনিষ্ঠ বন্ধু শ্বিৰিন এবাডীয়ে কয় "এই খবৰ পাই মই অতিশয় আনন্দিত হৈছো। প্ৰতিৰোধ আৰু সাহসৰ প্ৰতীক নাৰ্গিছ। ইৰাণৰ মানৱ অধিকাৰ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী মহিলা তেওঁ। নিৰ্যাতন, কাৰাদণ্ড, আৰু পৰিয়ালৰ সৈতে বিচ্ছিন্নতা সহ্য কৰা এগৰাকী মহিলা নাৰ্গেছ। তেওঁ তেওঁৰ শক্তি আৰু দৃঢ়তাৰে লাখ লাখ ইৰাণী আৰু বিশ্বৰ লোকক অনুপ্ৰাণিত কৰিছে।"


২০০৫ চনত ইৰাণত এক সংবাদমেলত নাৰ্গেছ

"ইৰাণত মানৱ অধিকাৰ আৰু শান্তিৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টাৰ এই সুপ্ৰাপ্য স্বীকৃতিৰ বাবে আমি নাৰ্গেছ মহম্মদীক অভিনন্দন জনাইছো। তেওঁ এগৰাকী সাহসী আৰু নীতিগত কৰ্মী যিয়ে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে নিজৰ জীৱনকো তুচ্ছ কৰি মাত মাতিছে।" – নাৰ্গেছক শান্তিৰ নোবেল বঁটা ঘোষণাৰ পিছতে এক বিবৃতিযোগে এইদৰে কয় বিশ্বব্যাপী মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেলে।

বিশ্বৰ ২৭খন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংঘ ইউৰোপীয় সংঘই কয় "ইৰাণৰ গণতন্ত্ৰ, মানৱ অধিকাৰ, আৰু লিংগ সমতাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে ইউৰোপীয় সংঘই নাৰ্গেছ মহম্মদীক শান্তিৰ নোবেল বঁটা প্ৰদান কৰাটোক আদৰণি জনাইছো। তেঁওৰ কাৰাবন্দীত্ব আৰু মৌলিক অধিকাৰ উলংঘাৰ বাবে আমি গভীৰভাৱে চিন্তিত।"

নোবেল কমিটিক সমালোচনা ইৰাণৰ

শান্তিৰ নোবেল লাভ কৰাৰ পিছতে সমগ্ৰ বিশ্বই নাৰ্গেছক অভিনন্দন জনোৱাৰ বিপৰীতে নিজ দেশ ইৰাণৰ চৰকাৰে ইয়াক মুঠেই সহজভাৱে ল’ব পৰা নাই। নোবেল কমিটিয়ে পক্ষপাতিত্বমূলকভাৱে আৰু ৰাজনৈতিক স্বাৰ্থত নাৰ্গেছক এই বঁটা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ইৰাণ চৰকাৰে।

''আমি আচৰিত হৈছো যে এগৰাকী মহিলা যিয়ে নেকি একাধিকবাৰ আইন উলংঘাৰ লগতে অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ অভিযুক্ত হৈ আছে তেনে এগৰাকী মহিলাক নোবেল কমিটিয়ে শান্তিৰ নোবেলৰ বাবে নিৰ্বাচিত কৰিছে। এনে কাৰ্যক আমি কঠোৰ ভাষাৰে নিন্দা জনাইছো।’’-নোবেল কমিটিৰ ঘোষণাৰ পিছতে এইদৰে কয় ইৰাণ চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ নাছেৰ কানানিয়ে।