বিশ্ব অভিলেখৰ পিছত দৌৰিছে অসম চৰকাৰ। ৰাজ্যৰ বিকাশ, উন্নয়নক একাষৰীয়াকৈ থৈ গিনীজ বুকত নাম সন্নিৱিষ্ট কৰিবলৈ উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। শেহতীয়াকৈ এনেদৰেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ লোক।

অসমৰ বাপতিসাহোন বিহুক গিনীজ বুকত অন্তৰ্ভূক্ত কৰাৰ পিছত অসম চৰকাৰে পণ লৈছিল বৃক্ষ ৰোপণেৰে আন এক বিশ্ব অভিলেখ গঢ়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত অৰ্থাৎ ১৭ ছেপ্টেম্বৰত অসম চৰকাৰে মাত্ৰ তিনিঘণ্টাৰ ভিতৰতে এশ কোটি বৃক্ষৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস চলাইছিল। সমগ্ৰ ৰাজ্যজুৰি চলোৱা বৃক্ষ ৰোপণৰ এই অভিযানৰ নাম দিয়া হৈছিল ‘অমৃত বৃক্ষ আন্দোলন’।

কিন্তু একাংশ পৰিৱেশবিদ আৰু বিশেষজ্ঞই এই অভিযানৰ সম্ভাৱনীয়তা আৰু বহনক্ষমতাক লৈ প্ৰশ্ন উত্থাপন কৰি অসম চৰকাৰৰ এই অভিযান ভুৱা আৰু কেৱল প্ৰচাৰমুখী বুলি অভিহিত কৰিছে।

বৃক্ষ ৰোপণেৰে বিশ্ব অভিলেখৰ প্ৰচেষ্টা

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আৰু ১৭ ছেপ্টেম্বৰত শিখৰত উপনীত হোৱা ‘অমৃত বৃক্ষ আন্দোলন’ৰ সময়ত অসম চৰকাৰে ৯টা বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰা বুলি দাবী কৰে৷ এশ কোটি গছপুলি ৰোপণৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰমাণ পত্ৰৰ জৰিয়তে এই বিশ্বাভিলেখ নিৰ্ণয় কৰাৰ প্ৰয়াস চলায় চৰকাৰে। ইয়াৰ বাবে অসমত উপস্থিত হয় গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ পৰ্যবেক্ষকসকল।

চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামেৰে মুকলি কৰা এপ আৰু ৱেবছাইটযোগে গছপুলি ৰোপণৰ বাব আবেদন আৰু ফটো আপলোড কৰিবলৈ আহ্বান জনাইছিল। আত্মসহায়ক গোট, আশা কৰ্মী আৰু অন্যসকলে এপ আৰু ৱেবছাইটযোগে বৃক্ষ ৰোপণৰ ছবি সফলভাৱে আপলোড কৰিলে এশ টকা আৰু পিছৰ পৰ্যায়ত সেই গছপুলি লালন-পালনৰ বাবদ ২০০ টকা অৰ্থাৎ এজোপা গছপুলিৰ নামত সৰ্বমুঠ ৩০০ টকা প্ৰদানৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজহুৱা সভাৰ ভাষণো যথেষ্ট চৰ্চিত হৈছিল। য’ত তেওঁ ২ অক্টোবৰত বৃক্ষৰোপণ অভিযান চলাই গছপুলি ৰোপণৰ নামত ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু অক্টোবৰৰ পৰিৱৰ্তে ছেপ্টেম্বৰ মাহতে গছপুলি ৰোপণেৰে বিশ্বাভিলেখ গঢ়িবলৈ প্ৰয়াস কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ১০ হাজাৰ টকা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ কোনো সম্পৰ্ক দেখা পোৱা নগ’ল।

বৃক্ষ ৰোপণৰ অভিলেখ 

তথ্য অনুসৰি, বৰ্তমানৰ সৰ্বাধিক গছপুলি ৰোপণৰ বিশ্ব অভিলেখ আছে ভাৰতৰ নামত। ২০১৬ চনৰ ১১ জুলাইত উত্তৰ প্ৰদেশৰ ৯,৮১৪ জন স্বেচ্ছাসেৱকে ২২,৯৪,৬২৯ টা গছপুলি ৰোপণ কৰি গিনীজ বুকত নাম খোদিত কৰিছিল। 

অন্যহাতে এঘণ্টা সময়ৰ ভিতৰত ৪৮,৬৭২টা গছপুলি ৰোপণ কৰি আন এক অভিলেখৰ গৰাকী হয় ভূটান। ভূটানে ২০১৫ চনত গঢ়িছিল এই অভিলেখ। একেদৰে ২০১৯ চনৰ ২৯ জুলাইত ইথিঅ’পিয়াই ১২ ঘণ্টাৰ ভিতৰত আফ্ৰিকাৰ মানচিত্ৰৰ আকৃতিত ৩,৫৩,৬৩৩ টা গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়ে। 

২৪ ঘণ্টাত এজন ব্যক্তিয়ে সৰ্বাধিক গছ ৰোপণৰ অভিলেখ গঢ়িছিল কানাডাৰ এণ্টোৱান মোজেছে,  যিয়ে ২০২১ চনৰ ১৭ জুলাইত ২৩,০৬০ টা গছপুলি ৰোপণ কৰিছিল। অসম চৰকাৰে এক কোটি গছপুলি ৰোপণ কৰি পূৰ্বৰ ৯টা অভিলেখ ভংগ কৰাৰ দাবী কৰিছে।

এগৰাকী প্ৰকৃতিবিদে কয়, “বিশ্ব অভিলেখৰ বাবে গছপুলি ৰোপণ কৰাটো সঠিক নহয়। অৱশ্যে প্ৰকৃতি ৰক্ষাৰ বাবে স্বইচ্ছাই বৃক্ষ ৰোপণ কৰাৰ পিছত সিয়ে যদি নিজে অভিলেখ গঢ়ে তেন্তে সেয়া ভাল কথা।“

কেতিয়া ৰোপণ কৰা উচিত গছপুলি?

বিশেষজ্ঞসকলৰ মতে বসন্ত আৰু শৰতৰ মাজৰ সময়ছোৱা বৃক্ষ ৰোপণৰ বাবে উত্তম সময় যেতিয়া মাটিৰ উষ্ণতা মধ্যমীয়া হয়, সেই সময়হে গছপুলি ৰোপণৰ বাবে সঠিক সময়। এনে সময়ত গছে ভালদৰে শিপাবলৈ সক্ষম হয়। যদি সময়তকৈ বহু দেৰিকৈ গছপুলি ৰোপণ কৰা হয় আৰু মাটি সোনকালে জমা হয়,  তেন্তে গছজোপাই শিপাই মাটি খামুচিবলৈ সুযোগ লাভ নকৰে। বসন্ত কালত বেছি আগতীয়াকৈ পুলি ৰোপণ কৰিলে আৰু পানী অধিক জমা হ’লে গছজোপাৰ শিপা পচি যোৱা বা ভেঁকুৰৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

ইয়াৰ বিপৰীতে ছেপ্টেম্বৰ মাহ গছপুলি ৰোপণৰ বাবে কোনোপধ্যেই সঠিক নহয় বুলি মন্তব্য কৰি আহিছে বিশেষজ্ঞসকলে। প্ৰকৃতিবিদসকলে মত প্ৰকাশ কৰা মতে, এই সময়ত ভাৰতত তাপমান বৃদ্ধি পায়। ইয়াৰ লগতে বৰষুণৰ পৰিমাণ কম হোৱাৰ লগে লগে মাটিৰ আৰ্দ্ৰতা হ্ৰাস পায়, যাৰ ফলত গছপুলি ৰোপণ কৰিলে তেনে গছপুলি সুস্থ সৱল হোৱাৰ সম্ভাৱনা কম হয়।

ছেপ্টেম্বৰ মাহত গছ ৰোপণ কৰিলে কি হ’ব?

ভাৰতৰ এগৰাকী সুপৰিচিত পৰিৱেশবিদ বন্দনা শিৱাই কয় যে ছেপ্টেম্বৰ মাহত গছ ৰোপণ কৰিলে পৰিৱেশ আৰু অৰ্থনীতি উভয়ৰে বাবে কেইবাটাও নেতিবাচক পৰিণতি হ’ব পাৰে। তেওঁ কয় যে  ছেপ্টেম্বৰ মাহত গছ ৰোপণ কৰিলে ইয়াৰ জীয়াই থকাৰ হাৰ আৰু বৃদ্ধিৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। অন্যহাতে টেৰি বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি বাৰিষাত ৰোপণ কৰা গছপুলিৰ মাত্ৰ ৪০ শতাংশহে দিল্লীত এবছৰৰ পিছত জীয়াই থাকিবলৈ সক্ষম হয়। জলবায়ু আৰু মাটিৰ অৱস্থা অধিক প্ৰত্যাহ্বানজনক হোৱাৰ বাবে অসমত তেনে গছপুলি জীয়াই থকাৰ হাৰ আৰু কম হ’ব পাৰে।

ইয়াৰোপৰিও ছেপ্টেম্বৰ মাহত গছ ৰোপণ কৰিলে পানীৰ চাপ আৰু মাটিৰ খহনীয়া বৃদ্ধি পাব পাৰে বুলিও বহু পৰিৱেশবিদে দাবী কৰিছে। গছ ৰোপণৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন হয়, যিটো শুকান মাহত নাপাবও পাৰে। ইয়াৰ ফলত পানীৰ অভাৱ আৰু ভূগৰ্ভস্থ জলসম্পদ ক্ষয় হ’ব পাৰে। তদুপৰি গছ ৰোপণ কৰিলে মাটিৰ গঠনত ব্যাঘাত জন্মিব পাৰে আৰু বতাহ আৰু পানীৰ খহনীয়াৰ সন্মুখীন হ’ব পাৰে। ইয়াৰ ফলত মাটিৰ উৰ্বৰতা আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস পাব পাৰে।

ছেপ্টেম্বৰ মাহত গছ ৰোপণ কৰিলে শস্য উৎপাদন আৰু খাদ্য সুৰক্ষাত প্ৰভাৱ পৰিব পাৰে। গছ ৰোপণ কৰিলে মাটি, পানী আৰু পুষ্টিকৰ উপাদানৰ বাবে শস্যৰ লগত প্ৰতিযোগিতা হ’ব পাৰে। ইয়াৰ ফলত শস্যৰ উৎপাদন আৰু গুণগত মান হ্ৰাস পাব পাৰে। তদুপৰি এই সময়ত গছ ৰোপণ কৰিলে কীট-পতংগ আৰু ৰোগ হ’ব পাৰে যিয়ে শস্য আৰু গছ উভয়কে ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত খাদ্যৰ নাটনি হোৱাৰো আশংকা থাকে।

ছেপ্টেম্বৰত হঠাৎ কিয় বৃক্ষৰোপণৰ অভিযান?

বিশেষজ্ঞসকলে কৈ আহিছে যে ছেপ্টেম্বৰ বৃক্ষ ৰোপণৰ বাবে সঠিক সময় নহয়। কিন্তু তাৰ পিছতো অসম চৰকাৰে এই মাহতে বিশাল অমৃত বৃক্ষ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যক লৈও উত্থাপন হৈছে অলেখ প্ৰশ্নৰ। একাংশই অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৈলমৰ্দনৰ স্বাৰ্থতেই ১৭ ছেপ্টেম্বৰৰ তেওঁৰ জন্মদিটোত এই বৃক্ষ ৰোপণৰ অভিযান চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অন্যহাতে বৰ্তমান নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি একাধিক সমস্যাৰে ভাৰাক্ৰান্ত অসম। ইয়াৰ মাজতে চৰ্চিত হৈ আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, নিযুক্তি কেলেংকাৰী আদি বিষয়। এনে পৰিপ্ৰেক্ষিত অসমৰ ৰাইজক মূল সমস্যা আৰু চৰ্চাৰ পৰা আঁতৰাই ৰাখিবলৈ অসম চৰকাৰে গছপুলি ৰোপণৰ অভিযান চলাইছে বুলিও অভিযোগ কৰিছে বহুতে।

কিন্তু একাংশ সমৰ্থকে এই অভিযানক অসম চৰকাৰে ৰাজ্যখনৰ পৰিবেশ আৰু অৰ্থনীতি উন্নত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকৃত প্ৰচেষ্টা বুলি অভিহিত কৰিছে। তেওঁলোকে যুক্তি দিছে যে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ বহু আগতেই এই প্ৰচাৰৰ পৰিকল্পনা কৰা হৈছিল আৰু কোনো ৰাজনৈতিক এজেণ্ডাৰে প্ৰভাৱিত হোৱা নাছিল। স্বচ্ছ ভাৰত অভিযান,  আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট,  আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট আদি সেউজ পদক্ষেপক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী আৰু নেতৃত্বৰ অংশস্বৰূপে এই বৃক্ষৰোপণ অভিযান অসমত চলোৱা হৈছে বুলি দাবী কৰে একাংশই।

ছ’চিয়েল মিডিয়া ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অমৃত বৃক্ষ আন্দোলন’ক লৈ দিয়া এটি পোষ্টত উল্লেখ কৰা মতে এই আন্দোলনৰ অংশ হিচাপে ৰাজ্যজুৰি ১ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বৃক্ষৰোপণ আন্দোলনৰ বাবে নিৰ্মাণ কৰা এপত ১ কোটি ১ হাজাৰ ৯শ ১৯ খন ফটো আপলোড হৈছে। পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ''সেউজ আৱৰণ বৃদ্ধি আৰু ৰাজ্যত বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰৰ হাতত লোৱা এক উল্লেখযোগ্য পদক্ষেপ হৈছে 'অমৃত বৃক্ষ আন্দোলন'। বৰ্তমানলৈ এই কাৰ্যসূচীৰ অধীনত ৰাজ্যজুৰি ১ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। অসমবাসীৰ সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কচু উঠিছে’

অসম চৰকাৰৰ এক কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা ৰাজহুৱা হোৱাৰ পিছতে বিভিন্নজনে বিভিন্নধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। বিশেষকৈ বিৰোধীয়ে এয়া এক ৰাজনৈতিক প্ৰচাৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়, “ছেপ্টেম্বৰ মাহত কোনে গছপুলি ৰোপণ কৰে? গাঁৱলীয়া ভাষাত কোৱা হয় নহয় কচু উঠা বুলি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো গছপুলি ৰোপণ কৰিবলৈ কচু উঠিছে। যেনেকৈয়ে নহওক মাথো অভিলেখ গঢ়িব লাগে। প্ৰধানমন্ত্ৰীক অভিলেখেৰে জন্মদিনৰ উপহাৰ দিব লাগে। কিন্তু চাই থাকক চৰকাৰে ৰোপণ কৰা এক কোটি গছপুলিৰ ৯০ লাখেই মৰি যাব। গছপুলি ৰোপণৰহে ফটো আছে, কিন্তু সেই গছপুলি ডাঙৰ দীঘল হোৱাৰ ফটো নাথাকিব।’’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “গছপুলি ৰোপণৰ অভিলেখ গঢ়ি চৰকাৰে কি প্ৰমাণ কৰিব বিচাৰিছে?  অপৰাধত অসমে অভিলেখ গঢ়িছে, নাৰী নিৰ্যাতনত অসমে অভিলেখ গঢ়িছে, নিবনুৱা সমস্যা আৰু দুৰ্ভিক্ষতো এতিয়া অভিলেখ গঢ়িবলৈ গৈ আছে। ইয়াৰ মাজত গছপুলি ৰোপণৰ আন এক অভিলেখেৰে কি পৰিৱৰ্তন হ’ব? বিহুৰ বিশ্ব অভিলেখ গঢ়ি সৌ সিদিনা দিল্লীত বিহুক কেনেদৰে অপমানিত কৰা হ’ল সেয়া আমি সকলোৱে দেখিছো।’’

অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়, “চৰকাৰে গছপুলি ৰোপণেৰে সেউজকৰণৰ পদক্ষেপ লৈছে, ভাল কথা। কিন্তু ছেপ্টেম্বৰ মাহত কিয় ল’বলগীয়া হ’ল। তাকো খিলঞ্জীয়াৰ মাটি অধিগ্ৰহণ কৰি চৰকাৰে বৃক্ষ ৰোপণ অভিলেখ গঢ়িব বিচাৰিছে। এয়াই চৰকাৰৰ ফেচীবাদী মানসিকতাৰ প্ৰমাণ। চৰকাৰে চহা জনতাৰ মাটি দখল কৰি গছপুলি ৰোপণ কৰিছে, পিছত সেই মাটিৰ গছপুলিবোৰ মৰি যোৱাৰ পিছত পুঁজিপতিক গতাই দিয়াৰ ব্যৱস্থা কৰিব।’’

বৃক্ষ ৰোপণৰ নামতো সংঘটিত হ’ল নেকি কেলেংকাৰী?

১৭ ছেপ্টেম্বৰৰ বিশাল বৃক্ষৰোপণ কাৰ্যসূচীৰ আগদিনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। য’ত গছপুলিৰ নামত মাটিত ভৰাই গছৰ সৰু সৰু ডাল বিতৰণ কৰা দেখা পোৱা গৈছিল। ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে বহুতৰে মনত- কেলেংকাৰী সংঘটিত হল নেকি বিশ্ব অভিলেখ গঢ়াৰ এই প্ৰয়াসত?

অভিযোগ অনুসৰি গছপুলি বিতৰণৰ নামত বহু ঠাইত বিতৰণ কৰা হৈছে গছৰ ঠাল-ঠেঙুলি। বহু ঠাইত শুকান, লেৰেলা, মৰা গছপুলি বিতৰণ কৰাৰ অভিযোগ উঠিছে। সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে তেনে বহু ফটো আৰু ভিডিঅ’। যিয়ে বৃক্ষ ৰোপণৰ এই অভিযানত অনিয়ম সংঘটিত হোৱাৰ সন্দেহ বৃদ্ধি কৰিছে। 

অৱশ্যে একাংশ সমৰ্থকে অমৃত বৃক্ষ আন্দোলনৰ নামত কোনো কেলেংকাৰি হোৱা নাই বুলি আশ্বাস দিছে। তেওঁলোকে উল্লেখ কৰিছে যে এই গছপুলিবোৰ প্ৰমাণিত নাৰ্চাৰীৰ পৰা ক্ৰয় কৰা হৈছিল আৰু উচ্চমানৰ আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। লগতে বিভিন্ন অংশীদাৰ যেনে আত্মসহায়ক গোট,  আশাকৰ্মী,  শিক্ষানুষ্ঠান,  আৰক্ষী, অংগনবাড়ী কৰ্মী আদিৰ সৈতে জড়িত হৈ বিতৰণ আৰু নিৰীক্ষণ ব্যৱস্থাটো কাৰ্যক্ষম আৰু ফলপ্ৰসূ আছিল বুলিও উল্লেখ কৰিছে। সঠিক নিষ্পাদন কৰা,  সঠিক বাজেট আৰু ধন আবণ্টনৰ জৰিয়তে এই সমগ্ৰ অভিযানত স্বচ্ছতা ৰখা হৈছে বুলিও চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে। অনলাইন পঞ্জীয়ন,  জিঅ’-টেগিং, মোবাইল এপ্লিকেচন আৰু ছ’চিয়েল মিডিয়াৰ দ্বাৰা অভিযানৰ স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা বুলিও তেওঁলোকে উল্লেখ কৰিছে।

কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ একাধিক স্থানত প্ৰশাসনে বৃক্ষ ৰোপণৰ নামত খিলঞ্জীয়া লোকৰ ম্যাদী মাটি অধিগ্ৰহণ কৰাৰো অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ সন্মতি আৰু ক্ষতিপূৰণ অবিহনে স্থানীয় ৰাইজৰ মাটি,  বিশেষকৈ জনজাতীয় অঞ্চলৰ মাটি কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। 


অমৃত বৃক্ষ আন্দোলনত আপলোড হোৱা ফটোৰ তথ্য, Source: মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট

নাহৰকটীয়াত প্ৰশাসনে পুৰণি বনাঞ্চল তহিলং কৰি নতুনকৈ গছপুলি ৰোপণৰ বাবে ঠাই মোকলাই লোৱাৰ অভিযোগ উঠিছে। একে সময়তে অঞ্চলটোৰ বহু লোকৰ ম্যাদী মাটি বিশ্ব অভিলেখৰ স্বীকৃতি লাভ নকৰা পৰ্যন্ত জোৰ জবৰদস্তি অধিগ্ৰহণ কৰাৰো অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমতো প্ৰশাসনে জেচিবি, বুলডজাৰ লগাই বনাঞ্চল নিঃশেষ কৰি বৃক্ষ ৰোপণৰ বাবে নতুন ঠাইৰ সৃষ্টি কৰাৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। 

আনহাতে বহু ঠাইত দেখা গ’ল বৃক্ষ ৰোপণৰ পিছৰ এক অকল্পনীয় ছবি। গছ ৰোপণ কৰি অসমক সেউজীয়া কৰাৰ সপোন দেখা চৰকাৰে বৃক্ষ ৰোপণৰ পিছত অব্যৱহৃত গছৰ পুলিসমূহ য’তে ত’তে পেলাই দিয়াৰ ফটো আৰু ভিডিঅ’ই সামাজিক মাধ্যমত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বহু ঠাইত ৰোপণ কৰা হৈছে মৰা, ডাল-পাত নাইকীয়া গছপুলি। আন বহু ঠাইত আকৌ ৰোপণৰ পিছতে উভালি পৰিছে বহু গছপুলি। উজনি অসমৰ কেবাখনো ঠাইত বৃক্ষ ৰোপণৰ পিছতে সেয়া গৰু-ছাগলীয়ে খাই তহিলং কৰাৰ ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে।

চৰকাৰেই এফালৰ পৰা কাটিছে গছ!

এফালে চৰকাৰৰ বৃক্ষ ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস, আনফালে চৰকাৰৰ নেতৃত্বতে চলিছে বন ধ্বংসযজ্ঞ। তথ্য অনুসৰি বিগত ২০ বছৰত ৰাজ্যৰ ১৪.১ শতাংশ বনাঞ্চল হ্ৰাস পাইছে। ২০০০ চনত ২৪.২ মিলিয়ন হেক্টৰ বনাঞ্চলে আৱৰি ৰখা অসমৰ বনাঞ্চল ২০২০ চনত ২০.৮ মিলিয়ন হেক্টৰলৈ হ্ৰাস পায়। এই সময়ছোৱাত আটাইতকৈ বেছি বন ধ্বংসযজ্ঞ চলা জিলাখন হৈছে কাৰ্বি আংলং। য’ত ৬.৮ শতাংশ বনাঞ্চল আজি নিঃশেষ হৈ গৈছে। 

অসমত বিগত দুটা দশকত বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস আৰু বনজ সম্পদ ধ্বংস হোৱাৰ ফলত বনাঞ্চলৰ আৱৰণ দ্ৰুতগতিত ক্ষয় হোৱা দেখা গৈছে। মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্লেষণ কৰা উপগ্ৰহৰ তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত বনাঞ্চল ধ্বংসৰ ফলত অসমত ১৪.১ শতাংশ সেউজ আৱৰণ হ্ৰাস পায়। গ্ল’বেল ফৰেষ্ট ৱাচ্ছৰ তথ্য অনুসৰি কেৱল ২০২২ চনত অসমে ১৮.২ শতাংশ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছে, যিটো CO2 নিৰ্গমনৰ ৮.৭৪ মিলিয়ন টনৰ সমতুল্য।

অসমৰ বনাঞ্চল ধ্বংসৰ অন্যতম প্ৰধান কাৰণ হৈছে পথ,  মথাউৰি,  খনি,  উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ ইত্যাদি উন্নয়নমূলক প্ৰকল্প যিবোৰৰ বাবে ভূমি নিষ্কাশন আৰু গছ কটাৰ প্ৰয়োজন হয়। চৰকাৰে প্ৰায়ে পৰিৱেশ সংৰক্ষণ আৰু সমাজ কল্যাণতকৈ এই প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দি আহিছে। এই প্ৰকল্পসমূহৰ বাবে পৰিৱেশ প্ৰভাৱৰ সঠিক মূল্যায়ন আৰু প্ৰশমনৰ ব্যৱস্থাও ৰূপায়ণ কৰাত ব্যৰ্থ হৈছে চৰকাৰ। এই প্ৰকল্পসমূহৰ বাবে পৰিৱেশ নিষ্কাশন আৰু ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে দুৰ্নীতি আৰু কৰ্পৰেট স্বাৰ্থৰ সৈতে গোপন বুজাবুজিৰ অভিযোগৰ সন্মুখীন হৈছে৷

একাংশ তথ্য অনুসৰি, বিগত দুবছৰ অসমত উন্নয়নৰ নামত ৫০ হাজাৰৰো অধিক গছ চৰকাৰৰ দ্বাৰা কাটি পেলোৱা হৈছে। সংবাদ সংস্থা ‘দ্য গ্লোব ইষ্ট’ৰ এক প্ৰতিবেদন অনুসৰি, খানাপাৰাৰ পৰা জালুবাৰীলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ ১০ কিলোমিটাৰ সম্প্ৰসাৰণৰ নামতেই চৰকাৰে পথৰ দাঁতিৰ ১৮ হাজাৰ গছ কাটি পেলাইছিল। ইয়াৰোপৰি জালুকবাৰীৰ পৰা গোৱালপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে কাটি পেলোৱা হৈছিল এক লাখৰো অধিক গছ। 

একেদৰে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ সম্প্ৰসাৰণৰ বাবে পথৰ কাষত ২৫ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কামত লখিমপুৰ জিলাৰ ১০ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিল দলং নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলাৰ ৮ হাজাৰৰো অধিক গছ কাটিবলগীয়া হৈছিল। অন্যহাতে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প নিৰ্মাণৰ বাবে গোলাঘাট জিলাৰ ৫ হাজাৰৰো অধিক গছ আৰু তিনিচুকীয়া জিলাৰ দিহিং পাটকাই কয়লা খনন প্ৰকল্পৰ বাবে ২ হাজাৰৰো অধিক গছ কাটি পেলাইছিল চৰকাৰে।

এই প্ৰকল্পসমূহে কেৱল ব্যাপক বনাঞ্চল ধ্বংস কৰাই নহয়, অসমৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ বিজ্ঞানতো প্ৰভাৱ পেলাইছে। হাতী, বাঘ, গঁড়, হৰ্ণবিল আদি বহুতো বিলুপ্তপ্ৰায় প্ৰজাতিৰ লগতে কাৰ্বি, ডিমাছা, বড়ো, মিছিং আদি খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব আৰু অধিকাৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই বন ধ্বংসযজ্ঞই।