ডিজিটেল ডেস্কঃ বলিউডৰ বৰ্তমান সময়ৰ সবাতোকৈ জনপ্ৰিয় চুপাৰষ্টাৰ কোন বুলি কলে সকলোৱে কব ছলমান খানৰ কথা৷ দেশ-বিদেশত ছলমানৰ কোটি কোটি ফেন আছে৷ ভাৰতৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ছলমানক ভালপোৱা পোৱা মানুহ আছে৷ 

কিন্তু বিভেদ আৰু বৈষম্যৰ মন্তব্য দিয়াত বিখ্যাত পাকিস্তানে ছলমান খানৰ ৫ বছৰ শাস্তি ঘোষণা কৰাৰ লগে লগে বৈষম্যমূলক মন্তব্য আগবঢ়াই বিতৰ্কৰ সৃষ্টি কৰে৷

৫ মাৰ্চত জোধপুৰ আদালতে ছলমান খানৰ শাস্তি ঘোষণা কৰাৰ লগে লগে ভাৰতৰ সংবাদ মাধ্যমৰ দৰেই পাকিস্তানৰ সংবাদ মাধ্যমেও এই খবৰক কভাৰেজ দিছিল৷ তাৰ মাজতে পাকিস্তানৰ বিদেশ মন্ত্ৰী খাজা আছিফে শাস্তিক অইন ৰং দিয়াৰ চেষ্টা কৰে৷ 

বিদেশ মন্ত্ৰী আছিফে কয় ‘‘ছলমান খান সংখ্যালঘু লোক হোৱাৰ বাবে ৫ বছৰৰ জেল হৈছে৷’’ ইমানে নহয় তেওঁ আৰু কয় যে ছলমান খানৰ সৈতে ভাৰতত এনে এই বাবে হৈছে কিয়নো তেওঁ সংখ্যালঘু৷

ভাৰতৰ সংখ্যালঘুক ভেদভাব কৰাৰ লগতে ২০ বছৰ পুৰণি গোচৰত এনেধৰণৰ শাস্তি দিয়া বুলি কয়৷ ভাৰতীয় সংখ্যালঘুৰ ক্ষেত্ৰত এয়া হৈয়ে থাকে৷ যদি ছলমান খানে ভাৰতত চৰকাৰ চলাই থকা সম্প্ৰদায়ৰ লোক হ’ল হেতেন তেন্তে ভৰতীয় আদালতে নৰম ব্যৱহাৰ কৰিলে হেতেন বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায় পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে৷

উল্লেখ্য যে, বৃহস্পতিবাৰে জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷