নোকোৱাকৈয়ে কোৱা যায় বহু কথা! কথা নোকোৱাকৈয়ে কথা ক’ব জনা মানুহ সকলো যুগতে পোৱা নাযায়। কেতিয়াবা গান আৰু ছবিও কথাৰ সাগৰ হৈ পৰে। কেতিয়াবা আকৌ শুকান কাঁহ বা গলখেকাৰিও কথা হৈ পৰে। কোনো কোনো মুহূৰ্তত মৌনতায়ো কৈ দিয়ে কাহানিও নোকোৱা অলেখ কথা। কিছুমান কথা সকলোৱে ক’ব নোৱাৰে। এনে বহু মানুহ আছে যিয়ে অহৰহ কেৱল কথাকেই কৈ থাকে। মুখলৈ যি আহে সেয়াই অনৰ্গল কৈ যায় তেনে মানুহে। কিন্তু সেই সময়ত যি কথা কোৱাৰ প্ৰয়োজন আছিল তেনে কথা ক’বলৈ ল’লেই মুখ বন্ধ হৈ পৰে। কাৰণ মঞ্চৰ সমুখত এনে মানুহ বহি থাকে যাৰ ওচৰত দহজনে ক’ব নোৱৰা কথা ক’বলৈ প্ৰয়োজন হয় কিছু সুকীয়া ব্যক্তিত্ব আৰু সাহসৰ।

কথাৰ আৰম্ভণিতেই ইমান কথা ক’লে ফোনৰ কেই ইঞ্চিমান পৰ্দাত আপোনাৰ আঙুলিকেইটাই কথাখিনি ঠেলি ওপৰলৈ ছিটিকাই নেদেখা কৰি দিবলৈ বেছিপৰ নালাগে। গতিকে আহিছো ক’ব খোজা কথালৈ। কথাটো ১৯৯৩ চনৰ কথা। এবাৰ স্থান কলকাতা। এবাৰ স্থান নাজিৰা। সদ্যহতে আমাৰ দৃষ্টি থাকিব নাজিৰাত। অসমৰে এজন মানুহে কথাখিনি মঞ্চত কৈ গৈছে। ইলু ইলুৰ কথা। মানে প্ৰেমৰ কথা। বিয়াৰ কথা। অসমৰ নহয়, পশ্চিমবংগৰ বীৰভূম জিলাৰ চাওতাল ডেকা-গাভৰু এহালৰ কথা। চাওতাল জনগোষ্ঠীৰ খেতিয়কৰ ছোৱালী এজনীৰ ল’ৰা এজনৰ লগত বন্ধুত্ব আছিল। ল’ৰাজনো খেতিয়ক ল’ৰা।

এই কথাখিনি অসমৰ মানুহজনে ৰাজহুৱাকৈ কৈছে তেতিয়াৰ দুজনকৈ শক্তিশালী মানুহৰ আগত। তেওঁৰ ভাষাৰেই ক’বলৈ হ’লে কথাষাৰ এনে হ’ব, 'সেই খেতিয়কৰ ল’ৰাটোৱে কয় কি, ইলু ইলু নে কিবা গান গায়। আই লাভ ইউ। সি পঢ়িব-চঢ়িব নাজানে। কিন্তু কিবা বাইস্কোপৰ গান গায়। তোমাকে আমি খুব ভালোবাসি! তোমাক খুব ভালপাও। একেবাৰে ইলু ইলু। আই লাভ ইউ, টাভ ইউ এইবিলাক গায়। এদিন ছোৱালীজনীয়ে ক’লে। আমাই বিয়া কৰবি নাই? তেতিয়া সি কয়, বলছি তো আমাৰ সময় নাই। এনেই প্ৰেম কৰাত ঠিক আছে। কিন্তু বিয়াৰ সময়ত নাই। সময় নাই তাৰ। তেতিয়া তাই কান্দি দিয়ে। কান্দিলে সি গায়...’’

তাৰপিছত গীতেৰে আগবাঢ়িবলৈ লয় কথাবোৰ। চাওতালী ভাষাৰ লোকগীত যেন সুৰৰ গীত মানুহজনৰ কণ্ঠত প্ৰাণ পাই উঠে। মানুহজনে নিজৰ সত্তা পাহৰি কিছুসময়ৰ বাবে সেই বীৰভূম জিলাৰ ছোৱালী এজনীৰ প্ৰেমত পৰা অথচ বিয়া পাতিবলৈ মন নকৰা ইলু ইলু গোৱা পঢ়িব-চঢ়িব নজনা অশিক্ষিত যুৱকজন হৈ পৰে। এনেকৈ তেওঁ গাবলৈ লয়, 'আমায় ভুল বুঝিস নাই/অ’মায়া ভুল বুঝিস নাই...’

গানৰ মাজে মাজে তেওঁ গান যেন লগা কথাবোৰো কৈ গৈ থাকে। মাজে মাজে চাওতালী ভাষাৰ কথাখিনি ভাঙনিও কৰি দিয়ে। 'তেতিয়া ল’ৰাটোৱে কয়, ৰচোন কিয় কান্দিছ? এই বহাগ মাহত, আমাৰ ইয়াত বহাগ মাহত কি কি হয়তো জানেই। কোন ল’ৰাই কাক ফাকি দিয়ে? তাতো হয় এইটো। সি কৈছে, বহাগ মাহত বিয়া কৰিম! হ’ব নোৱাৰে। কিয়?’

আকৌ আৰম্ভ গীত। 'বৈশাখ মাসে দারুন গরম/খরায় পুড়ে ছাই/বৈশাখ মাসে দারুন গরম/খরায় পুড়ে ছাই/জৈষ্ঠ মাসে জ্যেষ্ঠ ছেলের/বিহা করতে নাই/আমায় ভুল বুঝিস নাই/আমায় ভুল বুঝিস নাই/মাইয়া ভুল বুঝিস নাই...’ অৰ্থাৎ বহাগ মাহত বৰ গৰম, পথাৰ জুই যেন হৈ পৰে। জেঠ মাহত আকৌ ঘৰৰ ডাঙৰ সন্তানে বিয়া পতাতো নিষিদ্ধ। গতিকে যুৱকজনে ছোৱালীজনীক বাৰে বাৰে ভুল নুবুজিবলৈ আহ্বান জনাইছে।

'বাৰু বুজিলো তই এটা ব্লাফ মাষ্টৰ জেনেৰেল। তই ব্লাফ দি থাক। লাভাৰ। লাভাৰ আকৌ, প্ৰেমিক! ইলু ইলু গাৱ? কিয় বাৰু? বহাগ মাহত বাৰু গৰম। তই বিয়া কৰিব নোৱাৰ। জেঠ মাহত বোলে আকৌ ডাঙৰ ল’ৰাটোৱে বিয়া কৰিব নাপায়। আষাঢ়-শাওণে কি দোষ কৰিলে? আষাঢ়ত বিয়া কৰিব নোৱাৰ মোক? কেন আষাঢ়-শ্ৰাবণে আমাকে বিয়া কৰতে পাৰো না? লাভাৰ, ননচেন্স, ইলু, ইলু...।’-এইবাৰ প্ৰেম প্ৰতাৰিত ছোৱালীজনীৰ হৈ এইদৰে মঞ্চত কৈ উঠে মানুহজনে।

ছোৱালীজনীৰ এই প্ৰশ্নৰ পিছত সি অৰ্থাৎ ল’ৰাজনে কৈ উঠে, 'আষাঢ় শ্রাবণ চাষের কাজে ব্যাস্ত আমি রই/হো হো হো আষাঢ় শ্রাবণ/চাষের কাজে ব্যাস্ত আমি রই/ভাদ্র মাসে শাস্ত্র মতে বিহা করতে নাই/ভাদ্র মাসে শাস্ত্র মতে বিহা করতে নাই/আশ্বিনেতে দূর্গা পূজা/আশ্বিনেতে দুর্গা পূজা কার্তিকেতে নাই/অগ্রানেতে ধান কাঁটা তাই সময় কোথা পাই/আমায় ভুল বুঝিস নাই/মাইয়া ভুল বুঝিস নাই!’ এইবাৰো সেই একেই অজুহাত। আহাৰ-শাওণ মাহত সি খেতিৰ কামত ব্যস্ত থাকিব। ভাদ মাহত আকৌ শাস্ত্ৰমতে বিয়া পাতিব নাপায়। আহিনত দুৰ্গা পূজা আৰু কাতি মাহত বিয়াৰ দিন নাই। সেয়ে সি ছোৱালীজনীক ছলনা গোপনে ৰাখি মৰমেৰে কৈ উঠে, 'মোক ভুল নুবুজিবি অ’ মাইচানা, মোক ভুল নুবুজিবি!’

এনেকৈ অজুহাতেৰে বছৰটোৰ আঠটা মাহ পাৰেই হ’ল। থাকিল মাত্ৰ চাৰিটা মাহ। তাতেই আকৌ বিয়াৰ যোগ থকা মাঘ-ফাগুনৰ দৰে মাহ দুটা আছেই। ইমান ছলনাৰ পিছতো আশা এৰি দিয়া নাই গাঁৱলীয়া খেতিয়কৰ ছোৱালীজনীয়ে। এই কথাখিনি মানুহজনে বুজাইছে এনেকৈ, 'তেতিয়া ছোৱালীজনীয়ে কৈছে, বাৰু পুহ মাহত বা মাঘত তই কিয় বিয়া নকৰাৱ? তেতিয়া সি বেচেৰাই ব্লাফ দিছে মাঘত কিয় বিয়া কৰাব নোৱাৰিব, শীতত কিয় বিয়া কৰাব নোৱাৰিব? ফাগুনত কিয় নোৱাৰিব! পিছত চ’ত মাহৰ কথা যেতিয়া কয় তেতিয়া ধৰা পৰি যায় বেচেৰা। কিয় সি বিয়া কৰিব পাৰিব নে নোৱাৰে? কে’নে পৌষ-মাঘে আমাকে বিয়া কৰতে পাৰি নাই? পুহত বিয়া কৰিব নোৱাৰ মোক? তেতিয়া সি গায়...’

'হাড় কাঁপানি শিতের কামর পৌষ মাঘে রয়/হো হো হো হাড় কাঁপানি/ শিতের কামর পৌষ মাঘে রয়/ মাঘের শীতে বাঘ পালায় বিহার কথা নয়/ মাঘের শীতে বাঘ পালায় বিহার কথা নয়/ ফাগুন মাসে দৌলযাত্রা, হু----র.../ ফাগুন মাসে দৌলযাত্রা/ বাজে ঢোলক বাজনা/চৈত্র মাসে মালিককে যে দিতে হবে খাজনা/অ’মায়া ভুল বুঝিস না/মাইয়া ভুল বুঝিস না/মাইয়া ভুল বুঝিস না/আমায় ভুল বুঝিস না/আমায় ভুল বুঝিস না/ অ’মায়া ভুল বুঝিস না...’-মানুহজনে প্ৰাণঢালি গাই গৈছে। মানুহজনৰ কণ্ঠৰে যেন জীৱন্ত হৈ উঠিছে প্ৰেয়সীক নিজৰ কৰি ল’বলৈ অসহায় হৈ পৰা সেই যুৱকজন। আগৰকেইবাৰৰ দৰে এইবাৰো সি বাহানা বিচাৰিছে যদিও শেষত সি কৈ দিবলগীয়া হৈছে আচল কথাটো।

পুহ আৰু মাঘত হাড় কঁপোৱা শীত। ইমান ঠাণ্ডাত সি বিয়ানো পাতে কেনেকৈ? থাকিল এতিয়া মাত্ৰ দুটা মাহ, ফাগুন আৰু চ’ত। ফাগুন উৎসৱৰ বতৰ, দৌলযাত্ৰা। এনে এটি উৎসৱৰ মাহত সি বিয়া পাতিবলৈ সময়েই বা উলিয়াই কেনেকৈ? বাকী ৰ’ল এতিয়া চ’ত। এই চ’ততেই লুকাই আছে যুৱকজনৰ মৰ্মবেদনা! কাৰণ সি প্ৰেয়সীক নিজৰ কৰি লও বুলিয়েই ল’ব পৰাকৈ সমৰ্থৱান নহয়। তাৰ বুকুত অফুৰন্ত মৰম লুকাই আছে যদিও সি প্ৰেয়সীক বিয়া পাতো বুলিয়েই পাতি কষ্ট দিবলৈকো ইচ্ছা কৰা নাই। বছৰৰ ১১টা মাহৰ বিভিন্ন কথা সি কৈছে যদিও চ’তত ব্লাফ দিবলৈ একো অজুহাত নাছিল। সেয়ে চ’তত যে মালিকক খাজনা দিবলগীয়া হয় সেই কথাটো সি শেষত কৈয়েই পেলালে। মালিকক খাজনা দিবলৈকে পইছা জমা কৰিবলৈ বাকীকেইটা মাহত কিমান পৰিশ্ৰম কৰিবলগীয়া হয় সেই কথাটো প্ৰেয়সীৰ আগত কোন সতেৰেই বা কয়!

এইখিনিৰ পিছতে আমাৰ আজিৰ এই বাস্তৱ কাহিনীৰ বিশেষ মানুহজনৰ আচল কথাটোও কোৱাৰ সময় আহি পৰিল। মঞ্চত উপবিষ্ট বিশেষ দুগৰাকী ব্যক্তি আৰু হাজাৰ হাজাৰ জনতাৰ সমুখত তেওঁ অ’মায়া ভুল বুঝিস না বুলি কৈ উঠিল চাওতাল যুৱকজনৰ নিৰ্মম সত্য, 'এইটো ট্ৰেজেডি। এইটো এটা দুখৰ কথা। সি বিয়া কৰিব নোৱাৰে। এই গানটো মই কিছুদিন আগতে বামফ্ৰণ্ট চৰকাৰে কলকাতাত মোক এটা ৰিচিপশ্যন দিছিল। তাত কৈছিলে মই হেনো ব্ৰহ্মপুত্ৰ, গংগা আৰু পদ্মাক একাকাৰ কৰিছো। সেই গতিকে উত্তৰ দিব লাগিল নহয়! মোক কিবাকিবি দিছে। শ্বল দিছে, ১৫ সেৰ ৰসগোল্লা দিছে। ৰসগোল্লাখিনি আকৌ মই অসমীয়া ৰাইজক খুৱাইছো। যি নহওক তাতে এটি উত্তৰ দিব লাগে নহয়... মই লেকচাৰ-টেকছাৰ দিয়া নাই। মই এই গানটো গাই দিলো...’

এই মানুহজন আন কোনো নহয়। কিয়নো ব্ৰহ্মপুত্ৰ, গংগা আৰু পদ্মাক একাকাৰ কৰা ভাৰতত এজনেই মানুহ আছে। সেইগৰাকীয়েই হৈছে ড০ ভূপেন হাজৰিকা। ১৯৯৩ চনত নাজিৰাত বহাগৰ এটি নিশা উক্ত বিশেষ গীতটো গাই উঠি সুধাকণ্ঠই কৈ গৈছিল, 'গাই দি পেলাই, সমুখত বহি আছিলে, আজি যেনেকৈ হিতেশ্বৰ শইকীয়াদেৱ বহি আছে, কিবা ছেত্ৰী বহি আছে, ঠিক তেনেকৈ জ্যোতি বসু আৰু আমাৰ অসীম দাশগুপ্ত, ফাইনেন্স মিনিষ্টাৰ বহি আছিল। তেতিয়া যেতিয়া হাত-চাপৰি মাৰি কিবা এটা কওক বুলিলে, মই এই গানটো গাই দিলো। গাই দি পেলাই কৈছো, বীৰভূমৰ এই ল’ৰাটোৱে এই ছোৱালীজনীক কেতিয়াও বিয়া কৰাব নোৱাৰে, যদিহে ফাইনেন্স মিনিষ্টাৰ অসীম দাশগুপ্তাই 'এগ্ৰিকালচাৰেল লোন' এটা ইহঁতক নিদিয়ে।’

এয়াই আছিল কথাৰ কথা। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গীতেৰে কথা ক’বলৈ ভয় কৰা নাছিল। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক তেওঁ গীতেৰেই এনেদৰে সমাজৰ হৈ কাম কৰিবলৈ আহ্বান জনাইছিল, দাবী জনাইছিল। অসমৰ তেতিয়াৰ শক্তিশালী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু তেওঁৰ মন্ত্ৰীসভাৰ সমাজকল্যাণ বিভাগৰ মন্ত্ৰী কুলবাহাদুৰ ছেত্ৰীৰ সমুখতো এই গীতটো গোৱাৰ লগতে গীতৰ মাজে মাজে কৈ যোৱা কথাত পশ্চিমবংগৰ বিত্তমন্ত্ৰীক কিদৰে এহাল আদিবাসী ডেকা-গাভৰুৰ দুখৰ কথা কৈ শুনাইছিল সেয়াও বুজাই দিছিল।

চাওতে চাওতে লুইতৰ বুকুৰে বহু পানী বাগৰি গ’ল। সুধাকণ্ঠ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰো এটা দশক পাৰ হ’ল। পিছে এনেদৰে কথা নোকোৱাকৈয়ে শাসকপক্ষৰ চকুত চকু থৈ কথা কোৱা শিল্পী আৰু পাবলৈ নাইকিয়া হ’ল। এতিয়া কেৱল কথাৰ নামত চৌদিশে বহুৱালি আৰু বাৰেবিংকৰা কথাৰহে পয়োভৰ! গানবোৰৰ কথা নতুনকৈ নকলোৱেইবা! তাৰমাজতো আমি আশাবাদী, এদিন সকলোৱে নিৰ্ভয়ে কথাবোৰ ক’বলৈ আগবাঢ়ি আহিব। অথবা মৌনতাৰ ভাষাৰে হ’লেও সকলোৱে কৈ পেলাব ক’বলগীয়া বহু কথা...


সুধাকণ্ঠৰ জন্মদিন উপলক্ষে এই বিশেষ লেখাটি লিখিছে ডি জে ধনন্তৰিয়ে