ডিজিটেল ডেক্সঃ ছ’চিয়েল মিডিয়া ইতিবাচক নে নেতিবাচক? এই প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে এটা আত্মহত্যাৰ বাতৰিয়ে ব্ৰিটেইন আৰু ভাৰতক জোকাৰি গৈছে।

ব্ৰিটেইনৰ ৰাজধানী লণ্ডনৰ উত্তৰত দিশে অৱস্থিত হেম্পষ্টীডৰ হেনৰিয়ট্টা বাৰ্নেট স্কুলৰ চৌহদত ১৪ বছৰীয়া এলেনা মণ্ডলৰ নিথৰ দেহ এজন শিক্ষকে প্ৰথমে প্ৰত্যক্ষ কৰে। 

কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰাথমিক তদন্তত প্ৰকাশ যে তাইৰ সহপাঠীসকলে খোলা এটা হোৱাটছএপ গ্ৰুপত তাইক অন্তৰ্ভুক্ত নকৰাৰ বাবে কিশোৰীগৰাকীয়ে নিজকে অগ্ৰহণযোগ্য বুলি অনুভৱ কৰে। 

বিদ্যালয়খনৰ মনোৰোগ বিশেষজ্ঞ এমিলী হলগাৰ্টেনে কিশোৰীগৰাকীৰ আত্মহত্যাৰ বাবে ছ’চিয়েল মিডিয়াক জগৰীয়া কৰে। মানসিকভাৱে কিছু দুৰ্বল কিশোৰীগৰাকীয়ে পূৰ্বে এবাৰ কান্দি কান্দি শ্ৰেণী কোঠাৰ পৰা ওলাই কেঁচিৰে নিজ বাহুত কাটি লৈছিল বুলি স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়ে।  

কিশোৰীগৰাকীৰ পিতৃ-মাতৃ শ্যামল আৰু মৌচুমীয়ে অভিযোগ কৰে যে বালিকা বিদ্যালয়খনত তেওঁলোকৰ কন্যাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰা হৈছিল।

ছাত্ৰীগৰাকীৰ দুপৰীয়াৰ আহাৰ এবাৰ হেৰোৱাত তাই বিষণ্ণতাৰ ভোগাৰ মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ কাউনছেলিঙৰ উপদেশ দিয়া হৈছিল যদিও সেই উপদেশ নামানিলে।