ফখৰুল ইছলাম,দৰংঃ বানৰ কবলত ৰাজ্যবাসী। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ গাঁৱত থকা অস্থায়ী শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই।

ব্ৰহ্মপুত্ৰৰ বাড়নী পানীয়ে গৃহহাৰা কৰা বহু পৰিয়ালে আজি প্ৰায় এসপ্তাহ ধৰি শিবিৰত আশ্ৰয় লৈ আছে। শিবিৰত বহু সংখ্যক লোকে নানা বেমাৰত ভুগিছে। শিশুৰপৰা বৃদ্ধ সকলোৱে পেটৰ তাড়নাত হাহাকাৰ কৰিছে।

বৰষুণত তিতি, ৰ’দত শুকাই দিন ৰাতি পাৰ কৰিছে। 

কিন্তু খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ। 

যোৱাকালি খাদ্যৰ টোপোলা লৈ বানাক্ৰান্তৰ মাজত উপস্থিত হ’ল বিগেন ইণ্ডিয়া ফিজিয়থেৰাপিষ্টৰ স্বত্বাধিকাৰী মৃত্যুঞ্জয় পাল। হাঁহি মুখে গ্ৰহণ কৰিলে খাদ্যৰ টোপোলা বানাক্ৰান্তই।

ব্যক্তিগত ধনেৰে বানাক্ৰান্তক চিৰা, বিশুদ্ধ খোৱা পানীৰ বটল, বিস্কুট আদি খাদ্য যোগান ধৰা কাৰ্যক প্রশংসা কৰে স্থানীয় লোকৰ লগতে বিভিন্ন সংগঠনে। শ্যামপুৰৰ তিনিটা শিবিৰত সাহাৰ্য্য বিতৰণত সহযোগিতা কৰে দুলিচান্দ লোনাৱত আৰু স্থানীয় লোকে।