ডিজিটেল ডেস্কঃ এতিয়ালৈকে আপুনি দেশৰ কোনো বিখ্যাত ব্যক্তি, জনপ্ৰিয় তাৰকা, নেতা অথৱা শ্বহীদৰ অন্তিম সংস্কাৰ সময়তহে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰয়োগৰ কথা শুনিছে নিশ্চয়৷ অন্তিম সংস্কাৰত ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰাক লৈ আইন কানুনো বান্ধি দিয়া হৈছে৷ কিন্তু দিল্লী আৰক্ষীয়ে এটা মৃত ময়ূৰ পক্ষীক ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই সমাধিস্থ কৰে৷ দিল্লী আৰক্ষীৰ এনে কাণ্ডই এতিয়া ৰাষ্ট্ৰীয় পতাকাৰ অপমান কৰা বুলি বিশেষ চৰ্চা লাভ কৰিছে৷

Times Of Indiaত প্ৰকাশিত এক বাতৰি মতে শুকুৰবাৰে দিল্লী আৰক্ষীয়ে এটা মৃত ময়ূৰ পক্ষীক ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়ায় আৰু এটা কাঠৰ বাকছত ভৰাই সমাধিস্থ কৰে৷ আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত এটা আঘাত প্ৰাপ্ত ময়ূৰ পক্ষী উদ্ধাৰ কৰিছিল৷ কিন্তু ময়ূৰটোৰ শৰীৰৰ আঘাত গুৰুতৰ হোৱাত ময়ুৰটোৰ মৃত্যু ঘটে৷ 

দিল্লী আৰক্ষীৰ তিলকমাৰ্গ থানাৰ এজন আৰক্ষী বিষয়াই কয় যে আমি ময়ূৰ পক্ষীটোক সম্পূৰ্ণ সন্মান সহকাৰে সমাধিস্থ কৰোঁ৷ কাৰণ ময়ূৰ আমাৰ ৰাষ্ট্ৰীয় পক্ষী৷ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া ধৰণে ভৱিষ্যতেও যদি এনে মৃত ময়ূৰ পক্ষী উদ্ধাৰ হয়, সেয়াও ৰাষ্ট্ৰীয় পতাকা সহিতে সন্মান সহকাৰে সমাধিস্থ কৰা হ’ব৷ 

আনফালে বন্যপ্ৰাণী সংৰক্ষণৰ কৰ্মকৰ্তাই কয় যে ময়ূৰ পক্ষীটোৰ অন্তিম সংস্কাৰৰ সময়ত বন্যপ্ৰাণী আইন উলংঘন কৰা হৈছে৷ কিয়নো ময়ুৰ হৈছে অনুসূচী-১ৰ অন্তৰ্গত পক্ষী৷ কৰ্মকৰ্তাই কয় যে ময়ূৰ যিহেতু অনুসূচী-১ৰ অন্তৰ্গত, গতিকে এই পক্ষীক সমাধিস্থ কৰাৰ আগতে মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ আৰু সমাধিস্থ কৰাৰ অধিকাৰ থাকে কেৱল ৰাজ্যৰ বন বিভাগৰ৷ 

ইফালে ফ্লেগ ক’ড অৱ ইণ্ডিয়াৰ ৫ নং অনুচ্ছেদৰ ৩.৩০ ধাৰা অনুসৰি কোনো বস্তু দিয়া, লোৱা, ধৰা অথৱা লৈ যোৱাৰ বাবে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰয়োগ কৰিব নোৱাৰি৷ আনাহাতে স্বাধীনতা দিৱস, গনতন্ত্ৰ দিৱস বা আন কোনো উৎসৱত ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ আগতে পতাকাৰ ওপৰত ফুল অৰ্পণ কৰাৰ নিয়মো বান্ধি দিয়া হৈছে৷ 

ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই অন্তিম সংস্কাৰ কৰাতো কেতবোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে৷ প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয়া বা ৰাজ্য চৰকাৰৰ প্ৰাক্তন বা বৰ্তমান মন্ত্ৰী, শ্বহীদ জোৱান অথৱা এনেধৰণৰ সন্মানিত ব্যক্তিৰ অন্তিম সংস্কাৰৰ সময়তেহে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰয়োগ কৰিব পৰা যায়৷ ইয়াৰ বাহিৰে ৰাজ্য চৰকাৰে যদি কোনো সন্মানিত ব্যক্তিৰ অন্তিম সংস্কাৰৰ সময়ত ত্ৰিৰংগা পতাকাৰ প্ৰয়োগৰ অনুমতি বা নিৰ্দেশ প্ৰদান কৰে, তেন্তে পতাকা প্ৰয়োগ কৰিব পৰি৷ 

এটা মৃত ময়ূৰ পক্ষীক ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই সমাধিস্থ কৰাত বিপদত পৰিব পাৰে দিল্লী আৰক্ষী৷