সাম্প্ৰতিক সময়ত মূল সুঁতিৰ সংবাদ সংস্থাসমূহে চৰকাৰৰ ওচৰত একপ্ৰকাৰ শিৰনত কৰি আওপকীয়াকৈ চৰকাৰৰ বহতীয়া সদৃশ হৈ পৰিছে। দেশৰ লগতে অসমৰ বহু জ্যেষ্ঠ সাংবাদিকে দেখদেখকৈ শাসকীয় দলৰ অঘোষিত মুখপাত্ৰৰ দৰে আচৰণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে দুই-এগৰাকী মুষ্টিমেয় সাংবাদিকে আজিও সাংবাদিকতাৰ ধৰ্ম অক্ষুন্ন ৰাখি কলম চলাই গৈছে। তেনে এগৰাকী জ্যেষ্ঠ সাংবাদিক হৈছে ললিত গগৈ। নিজে কৰ্তব্যৰত কাকতখনত চৰকাৰৰ ভুল নীতিক লৈ বা-বাতৰি কৰি অহাৰ লগতে ছ’চিয়েল মিডিয়াযোগেও অহৰহ ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। News Next Oneৰ পঢুৱৈসকলৰ বাবে আজি দেওবৰীয়া বিশেষত আগবঢ়োৱা হ’ল ছ’চিয়েল মিডিয়াত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এই পষেকটোত আপলোড কৰা ৭টা গুৰুত্বপূৰ্ণ পোষ্ট।

৩ নৱেম্বৰ, ২০২৩

ভুৱা এনকাউণ্টাৰ। কোনোবা শিল্পীয়ে মাতিছিলনে? বৰ্বৰ উচ্ছেদ অভিযান। কোনোবা শিল্পীয়ে মাতিছিলনে? অসমীয়া ভাষাটােক লৈ হঠকাৰী নীতি। কোনোবা শিল্পীয়ে মাতিছিলনে? চমক সৃষ্টিৰ নামত চৰকাৰী ধনৰ অপচয়। কোনোবা শিল্পীয়ে মাতিছেনে? হিতাধিকাৰী ৰাজনীতিৰে জাতিটোৰ ককাঁল ভাঙিছে। কোনোবা শিল্পীয়ে মাতিছেনে? ঋণৰ বোজাই ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিছে। কোনোবা শিল্পীয়ে মাতিছেনে? মূল্যবৃদ্ধিৰ বোজাই দহিছে। কোনোবা শিল্পীৰ মাত ফুটিছেনে? কাৰ আনুগত্য হেৰুৱাৰ ভয়ত মুখ বন্ধ? তোমালোকেই হেনো জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই লুকাই থাকা। জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছিল শুনা-জাতিৰ সংকটকালত সপোন দেখি ফুল-তৰা-গানৰ ছবি অঁকা শিল্পীৰ দ্বাৰা আমাৰ কাম নহয়। আজি নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাৰ কাম্য।

২ নৱেম্বৰ, ২০২৩

ছত্তীশগড়ত নিৰ্বাচনী ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি গালি পাৰিছে যে ভূপেশ বাঘেলে ৰাজ্যখনত মদৰ ব্যৱসায় বন্ধ কৰাৰ কথা কৈ আজিলৈকে বন্ধ কৰা নাই বৰং ঘৰে ঘৰে মদ যোগান ধৰাৰ আচঁনি লৈছে। জিভাখন আছে বাবেই সমালোচনাৰ নামত এইবোৰ অযুক্তিকৰ সমালোচনা। নিজৰ ৰাজ্যখনতে মদৰ ৰমৰমীয়া ব্যৱসায় আনকি গাৱেঁ-ভূঞে নতুনকৈ মদৰ বিপণী দিয়াৰ ব্যৱস্থা কৰি; মদ বিক্ৰীৰ জৰিয়তে অভিলেখ পৰিমাণৰ ৰাজহ আহৰণৰ ফিতাহি মাৰি বেলেগ ৰাজ্যত গৈ মদ বন্ধ নকৰাৰ বাবে সমালোচনা কৰাতো দেখদেখকৈ বহুৱালি। লোকক উপদেশ দিয়াতকৈ আৰ্হি দেখুওৱা ভাল।

২৮ অক্টোবৰ, ২০২৩

ভূপেন হাজৰিকাই লিখিছিল- সৃজনী প্ৰতিভাৰে যশস্যাৱান হ’বলৈ বৰ সাধনা; বৰ কষ্ট কৰিব লাগে। কিন্ত তাতোকৈ বেছি কষ্ট কৰিব লাগে যশস্যা অটুত ৰাখিবলৈ। সেই কামত বহু বিনিদ্ৰ ৰজনী অতিবাহিত কৰিব লাগে। ৰাইজে বিচাৰে নিত্য-নতুন সৃষ্টি। ৰাইজক দিব পাৰিলে ৰাইজে দুবাহু মেলি আৰ্শীবাদ দিব খোজে; ৰাইজে মৰমেৰে আলিংগন কৰি কপালত চুমা খাব খোজে; ৰাইজে নিজৰ চুলি ছিঙি শিল্পীৰ দীৰ্ঘজীৱন কামনা কৰে। সেয়াহে পবিত্ৰ স্বীকৃতি। ৰজাঘৰৰ উপাধি আচল স্বীকৃতি নহয়। ৰাইজে স্বীকৃতি দিয়াৰ পিচত যদি ৰজাঘৰে লোকক দেখুৱাই শিল্পীক স্বীকৃতি দিয়ে; সেয়াও ৰাইজক ভয় কৰি ৰাইজক ভালৰি বোলাবলৈ দিয়ে। তেনে ৰজাঘৰীয়া স্বীকৃতি সচা শিল্পীয়ে এটা ব্যংগ মিচিকিয়া হাঁহিৰেহে গ্ৰহণ কৰিব লাগে। আজিৰ একাংশ শিল্পীয়ে এই সত্যটোকে পাহৰি ৰজাঘৰৰ আদৰ-সাদৰ বা ৰজাঘৰীয়াৰ কোলাত আশ্ৰয় ল’ব পাৰিলেহে জীৱন ধন্য হোৱা বুলি ভাবিবলৈ লৈছে।

২৮ অক্টোবৰ, ২০২৩

চৰকাৰৰ আগতীয়া অনুমোদন অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰিব নোৱাৰিব আৰু সেয়া শাস্তিযোগ্য। ১৯৬৫ চনৰ অসম অসামৰিক সেৱা আচৰণ বিধিতে তাৰ উল্লেখ আছে। তাকে উনুকিয়াই দি চৰকাৰে নতুনকৈ নিৰ্দেশনা জাৰি আনকি কাকতত বিজ্ঞাপন দিয়াৰ কি প্ৰয়োজন। বাল্য বিবাহৰ ক্ষেত্ৰত কোনো সজাগতা অভিযান বা নতুন নিৰ্দেশনা আদি জাৰি নকৰাকৈ ২০০৬ চনৰ পুৰণি আইনখনৰ আধাৰত হঠাতে যদি ৰাজ্যজুৰি আৰক্ষীৰ অভিযান আৰু ধৰ-পাকৰ চলাব পাৰে তেন্তে ১৯৬৫ চনৰ আচৰণ বিধিৰ অধীনত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় বিবাহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা ল’ব পাৰে। ইয়াৰ বেলিকা সজাগতামূলক নতুন নিৰ্দেশনা কিয়! মনত ৰখা ভাল যে দেশত বাল্য বিবাহ নিষেধাজ্ঞামূলক আইনখন ১৯২৯ চনতে প্ৰথম প্ৰৱৰ্তন হৈছিল। ২০০৬ চনৰ আইনখন তাৰ সংশোধিত ৰূপহে আছিল। বাল্য বিবাহৰ বিৰুদ্ধে সৰু সৰু মানুহৰ মাজত পোনতে সজাগতা বৃদ্ধিৰ ব্যৱস্থা নলৈ চিধাই গ্ৰেপ্তাৰ অভিযানৰে চমক সৃষ্টি আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দ্বিতীয় বিবাহৰ ক্ষেত্ৰত নতুনকৈ সকীয়নিমূলক জাননী। কিয় চৰকাৰৰ খেনোক দেখি ৰন্ধা-বঢ়া; খেনোক দেখি দুৱাৰ মৰা নীতি!!

২২ অক্টোবৰ, ২০২৩

চলন্ত বাহনৰ ওপৰত উঠি কেইজনীমান যুৱতীয়ে মহানগৰীৰ নতুন অভাৰব্ৰীজৰে হাত জোকাৰি জোকাৰি পাৰ হৈ যোৱাক লৈ আচৰিত হবলগীয়া নাই। স্বয়ং মুখ্যমন্ত্ৰীজনেই দেখোন কৈ থাকে অহৰহআন্দোলন-বিক্ষোভ এৰি এই আঢ়ৈটা বছৰত সকলো মানুহ ফূৰ্তিত আছে। এতেকে এয়া ফূৰ্তিৰে চিন। নেদেখিলেনে অভাৰব্ৰীজখন উদ্বোধনৰ দিনা মুখ্যমন্ত্ৰীৰ হাতখন স্পৰ্শ কৰিবলৈ পাইয়ে এগৰাকী যুৱতীৰ বুম-কেমেৰাৰ আগত কিমান ফূৰ্তি। মুখ্যমন্ত্ৰী অত-তত ভ্ৰমনত যাওঁতে যুৱক-যুৱতী-মহিলাবোৰৰ ছেলফি উঠিবলৈ কিমান হেতা-ওপৰা। এয়াও ফূৰ্তিৰে লক্ষণ। চৰকাৰী সভা-সমিতিবোৰত মুখ্যমন্ত্ৰীৰ নিজৰে কিমান ফূৰ্তি-তামাচা। ছাত্ৰীক সাবতি ধৰে আৰু ছাত্ৰীয়েও গালত চিকুটে। এয়া কি ফূৰ্তি নহয়। গতিকে দোষ দিব কাক। বিহু নৃত্য; অমৃত বৃক্ষ; অমৃত কলহকে ধৰি সকলো উৎসৱকালীন পৰিবেশত মতলীয়া। ঋণত পোত গৈ থকা সমস্যাবহুল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনেই যদি গহীন-গম্ভীৰ আচৰণ কৰিবলৈ এৰি উৰুলিকৃত হৈ ফুৰে তাৰ প্ৰভাৱ সমাজত পৰিবই। জাতিটো দিনকদিনে তৰাং-উতনুৱা আৰু উৰুলিপুঙা হৈ পৰিছে। অথচ এদিন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কথাই প্ৰতি হহাঁক লৈ চেলেপু বুলি নিন্দা-সমালোচনা কৰা হৈছিল।

২১ অক্টোবৰ, ২০২৩

এপেক্স বেংক ৱকাৰ্চ ইউনিয়নো সঞ্চালনা মণ্ডলীত আছে। ২০ কোটিটকীয়া কেলেংকাৰীক লৈ ইউনিয়ন নিমাত যে। তাৰ মানে বেংক ধবংস হৈ কৰ্মচাৰীবোৰৰ জীৱিকা হেৰালেও খেদ নাই! নিজেই নিজৰ কবৰ খান্দিছে।

১৯ অক্টোবৰ, ২০২৩

মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়া আচঁনিও চৰকাৰী ধন অপচয় ৰোধৰ বাবে নাকচ কৰিবলৈ সাহস দেখুওৱা আই-এ-এছ বিষয়াও এদিন এইখন অসমত আছিল। নাম তেওঁৰ সত্যেন বৰকটকী। ১৯৬৪ চন। তেতিয়া তেওঁ পাৰ্বত্য জিলাসমূহৰ আয়ুক্ত। নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত কাকো ভয়-ভিত আৰু খাতিৰ-বাতিৰ নকৰা বিষয়া। সাহস-সততা আৰু আত্মবিশ্বাসত অটল। দায়িত্বশীল বিষয়া হিচাপে তেওঁহে কামাণ্ড কৰিব; কোনো মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ অন্যায় নিৰ্দেশ আৰু কামাণ্ড লবলৈ তেওঁ প্ৰস্তুত নহয়। প্ৰয়োজনত তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হলেও খেদ নাই। ফলত সকলোৱে তেওঁক সমীহ কৰি চলিবলৈ বাধ্য হৈছিল। গাৰো পাহাৰত তেতিয়া লক্ষ লক্ষ শৰণাৰ্থী আৰু ভগনীয়াৰ প্ৰৱেশ ঘটিছে। তেওঁলোকৰ বিলাই-বিপত্তি দেখি মানবীয়তাৰ খাতিৰতে মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই গড়কাপ্তানি বিভাগক অস্থায়ী শিবিৰ নিৰ্মাণৰ নিৰ্দেশ দিয়াই নহয়; কেবাকোটিটকীয়া এখন আচঁনিও অনুমোদন কৰিলে। ইমান বৃহৎ পৰিমাণৰ চৰকাৰী ধন অপচয় হব পৰা আচঁনিখন দেখি আয়ুক্ত বৰকটকী খঙত অগ্নিশৰ্মা হৈ পৰিল। মুখ্যমন্ত্ৰীৰ সন্মুখতে তেওঁ গড়কাপ্তানি বিভাগৰ বিষয়া-অভিযন্তাসকলক তৰ্জন-গৰ্জন কৰিলে। এয়া চৰকাৰী ধন হজম কৰাৰ মতলব নহয় জানো! গড়কাপ্তানি বিভাগৰ আচঁনিখন তেওঁ ততালিকে নাকচ কৰি এইবাৰ আৰক্ষী বিষয়াবৰ্গক গাওঁৰক্ষী বাহিনীৰ জৰিয়তে অস্থায়ী শিবিৰ নিৰ্মাণৰ দায়িত্ব গতাই দিলে। স্থানীয় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মোদী মাৰাকক ইয়াত জৰিত কৰি সংৰক্ষিত বনাঞ্চলৰ পৰা বাহঁ-কাঠ অনাৰ ব্যৱস্থা কৰা হ’ল। সেইমৰ্মে গাওঁৰক্ষী বাহিনীৰ ৫০০ সদস্যৰ সহায়ত তিনি-চাৰিদিনিৰ ভিতৰতে অস্থায়ী শিবিৰসমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল। খৰছ হ'ল মাত্ৰ ৭০ হেজাৰ টকা। অথচ গড়কাপ্তানি বিভাগৰ আচঁনিখন আছিল কেবাকোটিটকীয়া। চৰকাৰী ধনৰ অলাগতিয়াল ব্যয় ৰোধ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ অনুমোদিত আচঁনিকো দলিয়াই দিবলৈ সাহস কৰা এনে আই-এ-এছ বিষয়া দৰৱত দিবলৈকো আজি ৰাজ্য প্ৰশাসনত আছেনে কোনোবা!! ঋণৰ ওপৰত নিৰ্ভৰশীল চৰকাৰখনৰ অধীনত এতিয়া হোৰাহোৰে ৰাজকোষৰ ধন অপচয় হৈ থকা দেখিও কােনো আই-এ-এছ বিষয়াই মাতিছেনে মাত!!