হাজাৰ বিতৰ্ক আৰু সমালোচনাৰ মাজতে বৰ্তমান অসমৰ সৰ্বশক্তিমান ৰাজনৈতিক নেতা হিচাপে পৰিগণিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সাধাৰণ ভোটাৰৰ মাজত তেওঁ অতি জনপ্ৰিয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপন হৈ থকা বিভিন্ন অভিযোগেও হ্ৰাস কৰিব পৰা নাই তেওঁৰ ৰাজনৈতিক প্ৰভাৱ অথবা জনপ্ৰিয়তা। 

অসমৰ ৰাজনীতিত ব্যতিক্ৰমী চিন্তাধাৰাৰে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হোৱা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি ঘটিছিল প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আঙুলিত ধৰি। পৰৱৰ্তী সময়ত তিনিটাকৈ কাৰ্যকালৰ বাবে দিছপুৰ দখল কৰা কংগ্ৰেছৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰত বিভিন্ন বিভাগৰ দায়িত্ব বহন কৰি গগৈৰ সোঁহাতস্বৰূপ হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা।

কিন্তু ২০১৪ চনত সমগ্ৰ দেশত আৰম্ভ হোৱা মোদী লহৰত উটি গৈ হিমন্ত বিশ্ব শৰ্মায়ো পৰিধান কৰে গেৰুৱা বসন। পিছৰ পৰ্যায়ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত প্ৰথমবাৰৰ বাবে গঠন হোৱা বিজেপি চৰকাৰত স্বাস্থ্য আৰু বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি অৱশেষত ২০২১ৰ নিৰ্বাচনৰ পিছত দখল কৰে মুখ্যমন্ত্ৰীৰ গাদী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণিৰে পৰাই উত্থাপন হৈ আহিছে নানান অভিযোগ। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত হোৱাৰ পৰা লুইজ বাৰ্জাৰ, সাৰদা কেলেংকাৰীলৈকে কেইবাটাও অভিযোগত নাম সাঙোৰ খাই পৰা হিমন্ত বিশ্ব শৰ্মাই পিছে থমকি ৰোৱা নাই কাহানিও। তেওঁৰ বিৰুদ্ধে উত্থাপন হৈ অহা অভিযোগৰ প্ৰত্যাহ্বান নেওচি আৰু ৰাজ্যৰ ভিতৰতে আটাইতকৈ প্ৰভাৱশালী ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে তেওঁ। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ৰাজনীতিতো এতিয়া তেওঁ হৈ পৰিছে এটা চৰ্চিত নাম।

২০২১ চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখলৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী পদৰ দাবীদাৰৰূপে থিয় দিছিল হিমন্ত বিশ্ব শৰ্মা। দুয়োগৰাকী নেতায়েই অসমত নিজৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে মুখ্যমন্ত্ৰী বাছনিক লৈ একপ্ৰকাৰ বিমোৰত পৰিছিল শীৰ্ষ নেতৃত্ব। 

অৱশেষত বিজেপিৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাক। বিপৰীতে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰি দিল্লীলৈ মাতি পঠিয়াই নেতৃত্বই। ইয়াৰ লগে লগে অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে ৫০০ দিন সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। এই সময়ছোৱাত কেইবাখনো আঁচনি ৰূপায়ণ কৰি জনতাক প্ৰলোভিত কৰিবলৈ সক্ষম হৈছে চৰকাৰে। এই ডেৰ বছৰতে অসমত অনুষ্ঠিত হৈছে বিহুৰ বিশ্ব ৰেকৰ্ড, অমৃত বৃক্ষ, অমৃত কলহ যাত্ৰাৰ দৰে অনুষ্ঠানৰ। উন্নয়নৰ ঢাক-ঢোল বজাবলৈ যাওতে এই দুবছৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমীয়াৰ ওপৰত বৃদ্ধি কৰিছে পুনৰ কেইবা হাজাৰ কোটি টকাৰ ঋণৰ বোজা।

এই সকলোবোৰৰ মাজত নতুনকৈ আন কেইবাটাও অভিযোগতো পুনৰ নাম সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম। ক’ভিড মহামাৰীৰ কালত পিপিই কিট কেলেংকাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীলৈকে কেইবাটাও কেলেংকাৰীৰ অভিযোগে বিগত ডেৰটা বছৰত দখল কৰিছে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম। এনে অভিযোগ আৰু কেলেংকাৰীক লৈ সৰৱ হৈছে বিৰোধীও।

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ১০ কোটি টকাৰ ৰাজসাহায্য লাভৰ অভিযোগ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছে নীতি বৰ্হিভূতভাৱে বৃহৎ পৰিমাণৰ ভূমি ক্ৰয় কৰাৰ অভিযোগ। সমান্তৰালভাৱে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন ঘটাই সেই ভূমিৰ বিপৰীতে কেন্দ্ৰ চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰণালয়ৰ তৰফৰ পৰা ভূঞা শৰ্মাৰ কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ কথাও পোহৰলৈ আহিছে। 

আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ এই ভূমি কেলেংকাৰীৰ বাতৰি সম্প্ৰচাৰ কৰিছিল অসমৰ এটি ডিজিটেল সংবাদ মাধ্যম দ্য ক্ৰছ কাৰেণ্টে। এই বাতৰিৰ পিছতে অসমৰ লগতে সমগ্ৰ দেশত সৃষ্টি হৈছিল এক প্ৰতিক্ৰিয়াৰ। কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতাই সংবাদমেল সম্বোধন কৰি সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰীৰ অভিযোগক লৈ।   

সংবাদ প্ৰতিষ্ঠান দ্য ক্ৰছ কাৰেণ্টৰ প্ৰকাশিত বাতৰি অনুযায়ী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাঁও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱত একেদিনাই ক্ৰয় কৰে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি৷ তাৰ পাছত এই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তাত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য বিচাৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰে৷ আবেদন দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মোদী চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিবলৈ সমৰ্থ হয়।

ফটোঃ বিধানসভা ভৱন চৌহদত বিধায়ক অখিল গগৈ

মুখ্যমন্ত্ৰীৰ পত্নীৰ এই অনিয়মৰ কথা প্ৰকাশ পোৱাৰ পিছতে বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বই সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত চৰম অৰাজকতা চলা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। লগতে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰে বিৰোধী দলকেইটাই। একেদৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সময়তো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক বিষয়ক এখন প্লে-কাৰ্ড লৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁৰ হাতৰ প্লেকাৰ্ড খনত লিখা আছিল টলষ্টয়ৰ সেই বিখ্যাত গল্পৰ শিৰোনাম- এজন মানুহক কিমান মাটি লাগে? – ৬ ফুট।

কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও সংবাদমেল সম্বোধন কৰি এই অভিযোগ সন্দৰ্ভত বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ। পৰৱৰ্তী সময়ত দুয়োৰে মাজত চলিছিল টুইট যুদ্ধও। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছিল। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাইও টুইট কৰি জনাইছিল গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰাৰ কথা। 

১৮ একৰ মাটি দখল মুখ্যমন্ত্ৰী পত্নীৰ মালিকানাধীন কোম্পানীৰ

২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন এটা কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছিল অবৈধভাৱে ভূমি বেদখলৰ অভিযোগ। কামৰূপ জিলাৰ মিৰ্জাত ১৮ একৰ ভূমি ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন আৰ বি এছ ৰিয়েলটৰ্ছ নামৰ কোম্পানীটোৱে দখল কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সংবাদ সংস্থা 'দ্য ক্ৰছ কাৰেণ্ট’-এ প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছিল যে ৰিণিকি ভূঞা শৰ্মাৰ সহ-প্ৰতিষ্ঠাপক কোম্পানী আৰ বি এছ ৰিয়েলটৰ্ছে ভূমিহীন লোক আৰু প্ৰতিষ্ঠানৰ বাবে নিৰ্ধাৰিত প্ৰায় ১৮ একৰ চৰকাৰী মাটি দখল কৰিছে। কোম্পানীটোৱে ২০০৬-২০০৭ চনত আৰু তাৰ পিছত ২০০৯ চনত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শক্তিশালী মন্ত্ৰী হৈ থকাৰ সময়তে দুটা পৰ্যায়ত এই মাটি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰোপৰি বর্তমান বি জে পিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত-বাওঁহাত হিচাপে জনাজাত ৰঞ্জিত ভট্টাচাৰ্যৰো অংশীদাৰিত্ব থকা আৰ বি এছ ৰিয়েল্টৰ্ছয়ে মাটিৰ দখল, বিক্ৰী আৰু ব্যৱহাৰৰ চৰকাৰী নিয়ম উলংঘা কৰাৰো অভিযোগ উত্থাপন হৈছিল।

মুখ্যমন্ত্ৰী পত্নীৰ এই ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কংগ্ৰেছকে ধৰি বিৰোধীয়ে ইয়াৰ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি তদন্তৰ দাবী জনাইছিল। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে এই কেলেংকাৰীৰ অভিযোগ পোনছাটেই নসাত্ কৰি কৈছিল যে যদি ভূমি অধিগ্ৰহণৰ কোনো প্ৰমাণ আছে, তেন্তে যিকোনো তদন্ত বা শাস্তিৰ সন্মুখীন হবলৈ তেওঁলোক সাজু। 

মুখ্যমন্ত্ৰীৰ মিঞা বিতৰ্কই পাইছিলগৈ উচ্চতম ন্যায়ালয়

কংগ্ৰেছত থকা সময়ত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কথা কোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ পিছতে সলনি হৈছিল কথাৰ সুৰ। ৰাজ্যৰ মুছলমান সকলক উপেক্ষা কৰি হিন্দু ভোটৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। অসমৰ মিঞা মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যই আনকি ৰাষ্ট্ৰীয় স্তৰতো চৰ্চা লাভ কৰি আহিছে।

অসমৰ বাংলাভাষী মিঞা মুছলমানৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিৰোধী। চলিত বৰ্ষৰে জুলাই মাহত গুৱাহাটী মহানগৰীত শাক-পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, "গাঁৱে গাঁৱে শাক-পাচলিৰ ইমান বেছি দাম নহয়। ইয়াত মিঞা বিক্ৰেতাই আমাৰ পৰা অধিক ধন লয়। যদি শাক-পাচলি বিক্ৰী কৰাসকল অসমীয়া বিক্ৰেতা হ'লহেঁতেন তেন্তে ইমান দাম নহলহেঁতেন।" লগতে তেওঁ কয়, "মই গুৱাহাটীৰ সকলো পদপথ মুকলি কৰিম আৰু আমাৰ অসমীয়া ৰাইজক আগবাঢ়ি আহি ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনাইছো।"

মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক বিভাজন আৰু উত্তেজনা সৃষ্টিৰ প্ৰয়াস বুলি অভিহিত কৰে বিভিন্ন ৰাজনৈতিক দল আৰু নাগৰিক সমাজে। ভাৰতীয় দণ্ডবিধিৰ বিধান আৰু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰৰ বাবে দিয়া নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি চি পি আই (এম) আৰু ৰাজ্যসভাৰ স্বতন্ত্ৰ সাংসদ অজিত কুমাৰ ভূঞাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল।

অন্যহাতে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুণ বৰাই সেই সময়ত দেশত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ লিখা এখন পত্ৰত মিঞা সম্প্ৰদায়ক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ঘৃণামূলক ভাষণৰ সৈতে জড়িত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে নিজাববীয়াকৈ অৱমাননাৰ গোচৰ ৰুজু কৰাৰ বাবেও টিএমচিয়ে অনুৰোধ জনায় মুখ্য ন্যায়াধীশক। 

কাৰ্বি আংলঙতো মুখ্যমন্ত্ৰী পত্নীৰ এহেজাৰ বিঘা ভূমি!

নগাঁৱত মুখ্যমন্ত্ৰীৰ পত্নীয়ে চিলিং আইন ভংগ কৰি ৫০ বিঘাৰো অধিক ভূমি ক্ৰয় কৰি কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্য লাভ কৰাৰ অভিযোগ মাৰ নৌযাওতেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছিল আন এক ভূমি কেন্দ্ৰিক অভিযোগ। এই অভিযোগ উত্থাপন হৈছিল কাৰ্বি আংলঙৰ পৰা। পাহাৰীয়া জিলাখনৰ ৰুথে আংলঙৰ এহেজাৰ বিঘা ভূমি ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাবে আৱণ্টন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সৰৱ হৈ পৰে বিৰোধী।

ৰুথে আংলঙৰ বিস্তৃত এলেকাত দেৱাল নিৰ্মাণৰ ফটো আৰু দুগৰাকী ব্যক্তিক ফৌনিক বাৰ্তালাপৰ এটা অডিঅ’ সামাজিক মাধ্যমত কিছুদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল। কোৱা হৈছে যে এই অ়ডিঅ’ ক্লিপটোত মুখ্যমন্ত্ৰী পত্নীৰ নামত কাৰ্বি আংলঙৰ জনজাতীয় ভূমি হস্তান্তৰ কৰাৰ কথা প্ৰকট কৰা ব্যক্তিজন হৈছে তাৰ স্থানীয় মণ্ডল। 

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ আইটি চেলৰ অধ্যক্ষ ৰাতুল কলিতা মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলত ৰাতুল কলিতাই কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বহু অভিযোগৰ উপৰি শেহতীয়াকৈ ১০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি এম ভিজিলেন্স লগাব পৰা নাই। ইয়াৰ কাৰণ হৈছে তুলিৰাম ৰংহাঙৰ ঘৰলৈ চি এম ভিজিলেন্স পঠিয়ালে তুলিৰাম ৰংহাঙেও মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ ক্ষেত্ৰত চি এম ভিজিলেন্সৰ দাবী কৰিব।

তেওঁ লগতে কয় যে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ লগত মিলি এতিয়া ভৈয়ামৰ পৰা গৈ পাহাৰৰ জনজাতীয় লোকসকলক প্ৰৱঞ্চনা কৰি তেওঁলোকৰ মাটি হস্তগত কৰাৰ ষড়যন্ত্ৰ কৰিছে। “মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে পত্নীৰ সাম্ৰাজ্য বিস্তাৰ কৰা। যাৰ বাবে পাহাৰৰ জনজাতীয় লোকৰ মাটিত চকু দিছে। মাটিৰ দালাল ধৰাৰ নামত মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা অৱলম্বন কৰিছিল সেয়া ৰসহ্যজনকভাৱে বন্ধ কৰা হ'ল। যেতিয়াই সৰুপথাৰৰ এজন ভূ-মাফিয়া তথা দালালে এখন চাহ বাগিচা মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত বিক্ৰী কৰা বুলি কোৱাৰ পাছতে সেই দালাল ধৰাৰ অভিযান বন্ধ হ'ল।“ এইদৰে কয় ৰাতুল কলিতাই৷

কাৰ্বি আংলঙৰ ৰুথে আংলঙৰ এহাজাৰ বিঘা মাটি অবৈধভাৱে দখল কৰাৰ প্ৰসংগত তেওঁ কয় যে জনজাতীয় ভূমি অজনজাতীয় লোকে ক্ৰয় কৰিব নোৱাৰে যদিও ৰুথে আংলঙত এজাহাৰ বিঘা ভূমি অজনজাতীয় লোকে হস্তগত কৰিছে আৰু দেৱাল নিৰ্মাণ কৰি থকা হৈছে। তেওঁ প্ৰশ্ন কৰি কয় যে কিয় মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকৰ মাটি কাঢ়ি নিজৰ পত্নীৰ নামত হস্তগত কৰিছে। যদি হস্তগত কৰা নাই তেন্তে এই সন্দৰ্ভত ভাইৰেল হোৱা অডিঅ'ৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও তেওঁ প্ৰশ্ন কৰে। অডিঅ'টোত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নীৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে বুলি তেওঁ কয়। কিন্তু এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে সৌৰশক্তি প্ৰকল্পৰ নামত জনজাতীয় লোকৰ বসতি থকা আন এহেজাৰ বিঘা মাটি দখলৰ ষড়যন্ত্ৰ কৰা হৈছে। ইয়াৰ বাবে জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলিও ৰাতুল কলিতাই সংবাদমেলত আন এক অভিযোগ উত্থাপন কৰে।

অসমীয়া শিপিনী আৰু ৰেচম উদ্যোগক প্ৰতাৰণা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ

বিৰোধীয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰা আন এটা অভিযোগ হ’ল গোল্ডেন থ্ৰেড কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে অসমীয়া শিপিনী আৰু অসমৰ ৰেচম আৰু মুগা উদ্যোগক প্ৰতাৰণা কৰাৰ অভিযোগ। গোল্ডেন থ্ৰেড কোম্পানীয়ে অসমীয়া শিপিনীসকলৰ পৰা অতি কম মূল্যত ৰেচম আৰু মুগা ক্ৰয় কৰি বজাৰত অতি উচ্চ দামত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

অসম প্ৰদেশ কংগ্ৰেছৰ অভিযোগ অনুসৰি অসমীয়া শিপিনী আৰু ৰেচম উদ্যোগক প্ৰতাৰণা কৰা গোল্ডেন থ্ৰেড কোম্পানীটোৰ গৰাকী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা। কংগ্ৰেছ তথা অন্য বিৰোধী দলে অসমীয়া শিপিনীসকলক শোষণ কৰি জীৱিকাৰ পৰা বঞ্চিত কৰা এই কোম্পানীটোৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰো দাবী জনায়। অৱশ্যে  এই অভিযোগৰ সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰত্যুত্তৰ দিয়া নাই শৰ্মাই।

বীজ, ট্ৰেক্টৰ, চাকৰিতো কেলেংকাৰীৰ অভিযোগ!

উল্লিখিত অভিযোগৰ উপৰিও আন বহু অভিযোগ বিগত সময়ত উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। অভিযোগ উঠিছে তেওঁৰ মন্ত্ৰীসভাৰ একাধিক মন্ত্ৰীৰ বিৰুদ্ধে। অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বীজ আৰু ট্ৰেক্টৰ সৈতে জড়িত দুটা বৃহত্ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। 

বিভিন্ন আঁচনিৰ অধীনত কৃষকক বীজ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে বিতৰণ কৰা বীজ নিম্নমানৰ, ম্যাদ উকলি যোৱা আৰু নকল হোৱাৰ অভিযোগ উঠিছিল। বিৰোধীয়ে এই অনিয়মৰ অভিযোগ উত্থাপন কৰি অতুল বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল। অন্যহাতে মন্ত্ৰী বৰাৰ বিৰুদ্ধে কৃষকক ট্ৰেক্টৰ যোগান ধৰাৰ বাবে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আৱণ্টিত ধনৰ অপব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে যে বিভাগটোৱে আঁচনিৰ নিৰ্দেশনা উলংঘা কৰি উপযুক্ত নিবিদা প্ৰক্ৰিয়া অবিহনে নিৰ্বাচিত ডিলাৰৰ পৰা উচ্চ মূল্যত ট্ৰেক্টৰ ক্ৰয় কৰিছিল। বিৰোধী দলসমূহে বহু হিতাধিকাৰী প্ৰকৃত কৃষক নোহোৱাৰ লগতে শাসকীয় দলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন কৰিছে।

অৱশ্যে কৃষিমন্ত্ৰী অতুল বৰাই কোনো অনিয়ম সংঘটিত হোৱাৰ কথা অস্বীকাৰ কৰি দুয়োটা কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি দাবী কৰিছে। যিকোনো সংস্থাৰ যিকোনো তদন্তৰ সন্মুখীন হ’বলৈ তেওঁ সাজু বুলিও উল্লেখ কৰিছে। এই অনিয়মৰ বাবে একাংশ বিষয়া আৰু মধ্যভোগীক দোষাৰোপ কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে অতুল বৰাই।

ৰাজ্য চৰকাৰৰ এক লাখ চাকৰিৰ অংশ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কাৰাবাস খাটিবলগীয়া হৈছিল ভিক্টৰ দাস নামৰ এগৰাকী শিক্ষকে। সেই সময়ত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ অন্য নেতা-মন্ত্ৰীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত কোনো অনিয়ম সংঘটিত হোৱা নাই বুলি দাবী কৰিছিল। 

কিন্তু শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ তদন্তই পোহৰলৈ আনিছে নিযুক্তিৰ নামত ৰাজ্যত হৈ থকা ব্যাপক অনিয়মৰ কথা। এই অনিয়মত নাম সাঙোৰ খাইছে বিজেপিৰ কেইবাগৰাকীও নেতাৰ নামো। ইয়াৰোপৰি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে ‘এজনেও যদি অনিয়মেৰে চাকৰি পাইছে, দেখুৱাই দিয়ক’ বুলি বিৰোধীক প্ৰত্যাহ্বান জনোৱাৰ পিছতে অসম জাতীয় পৰিষদে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীতে অনিয়মৰে নিযুক্তি লাভ কৰা ৫ জন প্ৰাৰ্থীৰ এখন তালিকা। এই তালিকাখনত আছিল ৫৫ বছৰ বয়সতো চৰকাৰী নিযুক্তি লাভ কৰা, আৰু বিজেপি নেতাৰ ঘনিষ্ঠ স্বামীৰ বাবে নিযুক্তিৰ পিছতে গৃহ জিলালৈ বদলি হৈ আহিবলৈ সক্ষম হোৱা ‘বৰ্ষীয়ান’ প্ৰাৰ্থীৰ নাম।

পৰৱৰ্তী সময়ত ৫৫ বছৰ বয়সতো চৰকাৰী নিযুক্তি লাভ কৰা প্ৰসংগত ৰাজ্যৰ এটা আগশাৰীৰ ছেটেলাইট নিউজ চেনেলত সম্প্ৰচাৰিত এক অনুষ্ঠানত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বিষয়টো অন্যফালে নিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়। বয়স যিমানেই নহওক কিয়, এজন অসমীয়াই চাকৰি পোৱাটোৱেই যথেষ্ট বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টোক টুলুঙা ৰূপ দিবলৈ চেষ্টা চলায়। এই লৈ ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়।

হিমন্ত বিশ্বৰ দিনতে বেংক কেলেংকাৰী

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে বেংক কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। অসমৰ ডিজিটেল সাংবাদিকতাৰ ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান কৰা সংবাদ প্ৰতিষ্ঠান 'ক্ৰছ কাৰেণ্ট’-এ এই বেংক কেলেংকাৰীক অসমৰ বেংকিং ইতিহাসৰ সৰ্ববৃহৎ বেংক জালিয়াতি আখ্যা দিছে। অভিযোগ অনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম উলংঘা কৰি এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ ব্যৱসায়ী ৰাজেশ বাজাজে বেংকটোৰ পৰা লাভ কৰিছে ২০ কোটি ৩০ লাখ টকাৰ ঋণ। নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ হৈ বাজাজে বেংকটোৰ পৰা এই ঋণ লাভ কৰিছে।

উল্লেখ্য যে, ২০১৫ চনৰ ১ জুলাইত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশনা জাৰি কৰি ‘ডিমাণ্ড বিল পাৰ্ছেছ’ বা চেক ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ পূৰ্বে ডিমাণ্ড বিল পাৰ্ছেছ বা চেক ক্ৰয়ৰ পদ্ধতিত বেংকৰ গ্ৰাহকৰ বিশেষ প্ৰয়োজনত চেকৰ বিনিময়ত ধন আদায় দিয়াৰ ব্যৱস্থা আছিল৷ অৰ্থাৎ যদিহে গ্ৰাহকগৰাকীৰ হাতত ধন পাবলগীয়া আন চেক থাকে আৰু তেওঁক ধনৰ তৎকালীন প্ৰয়োজন হয়, তেন্তে গ্ৰাহকৰ লেনদেনৰ ওপৰত ভিত্তি কৰি বেংকটোৱে সেই চেকখন ক্ৰয় কৰি লয় আৰু গ্ৰাহকক ধন প্ৰদান কৰে৷ কিন্তু নেট বেংকিঙ ব্যৱস্থা সুচল হৈ পৰাৰ পাছতেই চেক ক্ৰয় কৰাৰ এই প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে। কিন্তু এতিয়া ৰিজাৰ্ভ বেংকে নিষেধাজ্ঞা আৰোপ কৰা পদ্ধতিৰেই এপেক্স বেংকে ব্যৱসায়ী ৰাজেশ বাজাজক বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰা বিষয়টো পোহৰলৈ অহাৰ পিছতে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শাসনকালত সংঘটিত আন এক বৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত হৈ পৰিছে।

ৰাজেশ বাজাজলৈ ২০ কোটি, ফটোঃ দ্য ক্ৰছকাৰেন্ট

চৰকাৰ সলনি হ’লে কি হ’ব মুখ্যমন্ত্ৰীৰ?

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ প্ৰতাপী কংগ্ৰেছী নেতা হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিছিল। বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱা হ’ব বুলিও ঘোষণা কৰিছিল তদানীন্তন বিজেপিৰ অসমৰ পৰ্যবেক্ষক এছ এছ আহলুৱালিয়াই। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হোৱাৰ পিছতে বিজেপিয়ে কংগ্ৰেছী নেতা হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাৰ পৰিৱৰ্তে নিজ দললৈ আদৰি নিয়ে।

১০ বছৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক লৈ বিজেপিয়ে যিধৰণৰ মন্তব্য কৰিছিল এতিয়া সেই একেই মন্তব্য কৰা দেখা গৈছে কংগ্ৰেছক। যোৱা ১১ অক্টোবৰত ৰাজীৱ ভৱনত অনুষ্ঠিত এক যোগদান সমাৰোহত নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ২০২৪ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেললৈ যাবলগীয়া হ’ব বুলি মন্তব্য কৰে। বৰ্তমান দেশৰ ভিতৰতে দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা শীৰ্ষ স্থানত আছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে। 

ইফালে, একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা সত্বেও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ শাসনলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো অভিযোগকে অস্বীকাৰ কৰি যোৱা পৰিলক্ষিত হৈছে। কোনো কোনো অভিযোগৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে চূড়ান্ত মৌনতাও অৱলম্বন কৰিছে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পিছৰে পৰা প্ৰায় ৭ মাহ পৰ্যন্ত ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাধাৰণ নেতিজেনসকলে কোনোধৰণৰ সমালোচনাত্মক পোষ্ট কৰা দেখা নগৈছিল। 

কিন্তু ভূমি কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছৰে পৰা এতিয়া ছ’চিয়েল মিডিয়াত সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰাটো স্পষ্ট হৈ পৰিছে। আনকি এটা সময়ত সাংবাদিক মানুহে ছ’চিয়েল মিডিয়াত কেনেকৈ গালি পাৰে সেয়া সংশ্লিষ্ট চেনেলৰ ফেচবুক পেজলৈ গৈ চাবলৈকো আহ্বান জনাই একপ্ৰকাৰ সাংবাদিকক কটাক্ষ কৰিছিল মুখ্যমন্ত্ৰীয়ে। সেইগৰাকী মুখ্যমন্ত্ৰীৰ অফিচিয়েল ফেচবুক পেজতেই ৰাইজে এতিয়া মুকলিকৈ তেওঁক সমালোচনা কৰা দেখা গৈছে।