বিগত কিছুদিনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ পৰা নিযুক্তি কেলেংকাৰীলৈকে কেইবাটাও কেলেংকাৰীয়ে লাভ কৰিছে চৰ্চা। তাৰ মাজতে এইবাৰ অসম চৰকাৰৰ অভিলাষী কৃষি প্ৰকল্প গৰুখুটি প্ৰকল্পৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। দৰং জিলাৰ ছিপাঝাৰত শ শ পৰিয়ালক উচ্ছেদ কৰি, গুজৰাটৰ পৰা গিৰ গাই আনি কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা গৰুখুঁটি প্ৰকল্পৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগে ৰাজ্যৰ সচেতন মহলৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

ঢেকীয়াজুলিৰ আৰটিআই কৰ্মী দিলীপ নাথে আৰটিআইযোগে লাভ কৰা তথ্যৰ ভিত্তিত গৰুখুঁটি প্ৰকল্পত অনিয়ম সংঘটিত হৈছে বুলি অভিযোগ কৰাৰ পিছতে শনিবাৰে প্ৰকল্প চৌহদতে এক সংবাদমেলৰ আয়োজন কৰে বিধায়ক পদ্ম হাজৰিকাই। প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত থকা হাজৰিকাই আৰটিআই কৰ্মীগৰাকীয়ে তথ্য বিকৃত কৰি সম্পূৰ্ণৰূপে ভিত্তিহীন অভিযোগ কৰিছে বুলি দাবী কৰে।

গৰুখুঁটি প্ৰকল্প আৰু উচ্ছেদ

জুন, ২০২১। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰায় এমাহ পিছতে দৰং জিলা ভ্ৰমণৰ সময়ত ধলপুৰ শিৱ মন্দিৰৰ বাকৰিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এক কৃষিভিত্তিক অভিলাসী প্ৰকল্পৰ। স্থানীয় নিবনুৱাৰ বাবে সংস্থাপনৰ বাট মোকলাই দিয়াৰ লগতে কৃষিৰ জৰিয়তে এক আন্দোলন গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা কৰা সেই প্ৰকল্পটোৰ নামেই আছিল গৰুখুঁটি প্ৰকল্প।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে দৰং জিলাৰ ছিপাঝাৰত গৰুখুঁটিৰ সপোনৰ প্ৰকল্পটো বাস্তৱায়িত কৰিবলৈ গঠন কৰা হৈছিল এখন ১১ জনীয়া কমিটী। চতিয়া সমষ্টিৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠিত এই কমিটীয়ে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ কামত নামি পৰিছিল। কমিটী গঠন হোৱাৰ কিছুদিন পিছতে অৰ্থাৎ ছেপ্টেম্বৰৰ ২০ তাৰিখে গৰুখুঁটিত অবৈধভাৱে ভূমি দখল কৰি বছৰ বছৰ ধৰি বাস কৰি অহা পৰিয়ালসমূহক উচ্ছেদৰ কাম আৰম্ভ হৈছিল। 

বিশাল আৰক্ষী বাহিনী, বুলডজাৰ লৈ প্ৰশাসনে গৰুখুঁটিত উচ্ছেদ অভিযান চলাই উচ্ছেদ কৰে প্ৰায় ৮০০টা সংখ্যালঘু পৰিয়ালক। এই উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিত আৰু আৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হয় দুজন লোকে। চৰকাৰে গৰুখুঁটিৰ পৰা উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিও সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈয়ে আছে। 

সেই উচ্ছেদৰ পিছতে গৰুখুঁটিত আৰম্ভ হয় অসমক খাদ্য উৎপাদন আৰু দুগ্ধ ব্যৱসায়ত স্বাৱলম্বী কৰাৰ লগতে স্থানীয় নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ বাবে চৰকাৰৰ ব্যয়বহুল কৃষি প্ৰকল্পৰ কাম। ইয়াৰ বাবে গুজৰাটৰ পৰা পৰ্যায়ক্ৰমে ২০০০ গিৰ গাই গৰুখুঁটিলৈ অনাৰ ঘোষণা কৰে অসম চৰকাৰে। সমান্তৰালভাৱে বিজ্ঞানসন্মতভাৱে অন্য খেতি আৰু মীন পালনৰ বাবেও প্ৰকল্পত ব্যৱস্থা কৰাৰ কথা অৱগত কৰে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই।

গুজৰাটৰ পৰা গিৰ গাই ক্ৰয় কৰাৰ পূৰ্বে গৰুখুঁটি প্ৰকল্প সমিতিয়ে গুজৰাটৰ কৃষি আৰু পশু চিকিৎসা মন্ত্ৰী ৰাঘৱজী পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলকো সাক্ষাৎ কৰে। ইয়াৰ পিছতে সমিতিয়ে এই প্ৰকল্পত বৈজ্ঞানিক পশুপালন পদ্ধতি সঠিকভাৱে ৰূপায়ণৰ বাবে ১৫ জন যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰে। সমান্তৰালভাৱে অঞ্চলটোত ব্যাপক বনানীকৰণ কাৰ্যকলাপৰ বাবে ইক’লজিকেল টাস্ক ফ’ৰ্চো গঠন কৰা হয়।

আৰটিআই কৰ্মী দিলীপ নাথৰ বিস্ফোৰক অভিযোগ

গৰুখুঁটি প্ৰকল্পৰ বাবে অসম চৰকাৰে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ২০০০টা গিৰ গাই অনাৰ কথা ঘোষণা কৰিছিল যদিও আৰটিআই কৰ্মী দিলীপ নাথে দাবী কৰা মতে বৰ্তমান গৰুখুঁটিত থকা গিৰ গাইৰ সংখ্যা হৈছে মাত্ৰ ৩০০টা। ইয়াৰে ১০৮টা গিৰ গাই প্ৰথম পৰ্যায়ত ৰে’লেৰে ২০২১ চনৰ নৱেম্বৰৰ ২৫ তাৰিখে ৰঙিয়ালৈ অনা হৈছিল। বাকী কেইটা পৰ্যায়ক্ৰমে পৰৱৰ্তী সময়ত অনা হয়। গৰুখুঁটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা উচ্চ নিৰিখত ক্ৰয় কৰা গিৰ গাইৰ দামক লৈও দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তেতিয়াই উত্থাপন হৈছিল।

অসম চৰকাৰৰ অভিলাষী কৃষি প্ৰকল্প গৰুখুঁটি প্ৰকল্পৰ নামত চৰকাৰে দিয়া আৱণ্টন, ব্যয় আৰু উপাৰ্জনৰ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত আবেদন জনাইছিল আৰটিআই কৰ্মী দিলীপ নাথে। এই আৰটিআইৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া গৰুখুঁটি প্ৰকল্পৰ নামত সংঘটিত কেলেংকাৰীক লৈ অনেকৰ মনত সন্দেহ বৃদ্ধি পাইছে। সমান্তৰালভাৱে এই প্ৰকল্প কোনো ৰাজনৈতিক নেতাৰ ধন উপাৰ্জনৰ মাধ্যম হৈ পৰিছে নেকি তাক লৈও সৃষ্টি হৈছে প্ৰশ্নৰ। গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ ভূমিকাক লৈয়ো অভিযোগৰ আঙুলি উঠিছে।

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ দ্বিতীয় বৰ্ষপুতিৰ সময়ত অধ্যক্ষ পদ্ম হাজৰিকাই প্ৰকাশ কৰিছিল যে এই প্ৰকল্পৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত অসম চৰকাৰে ৯ কোটি ৫২ লাখ টকা অনুমোদন জনাইছিল। ইয়াৰে ৫ কোটি ৩৩ লাখ ৬৯ হাজাৰ ১০৫ টকা কৃষি বিভাগৰ জৰিয়তে জিলা উপায়ুক্তৰ কাৰ্যালয়ে খৰছ কৰা বুলি জনাইছিল পদ্ম হাজৰিকাই। অৱশ্যে এই ব্যয়ত বিসংগতি ৰৈ যোৱাৰ কথা তেতিয়াই স্বীকাৰ কৰি পদ্ম হাজৰিকাই কৈছিল যে জিলা উপায়ুক্তই এই বিসংগতিৰ তদন্ত কৰি ইতিমধ্যেই দাখিল কৰিছে প্ৰতিবেদন। প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই তেতিয়াই অৱগত কৰা মতে, এই কৃষি প্ৰকল্পৰ পৰা প্ৰথম বৰ্ষত উপাৰ্জন হৈছিল সৰ্বমুঠ ১ কোটি ১১ লাখ ৫০ হাজাৰ ৬৮ টকা।

অন্যহাতে গৰুখুঁটি কৃষি প্ৰকল্প সমবায়লৈ ৰূপান্তৰিত হোৱাৰ পিছতে পুনৰ ৰাজ্য চৰকাৰৰ পৰা এই প্ৰকল্পৰ বাবে প্ৰদান কৰা হয় ৫ কোটি টকা। পদ্ম হাজৰিকাই জনোৱা মতে, ইয়াৰে ৪ কোটি ৫৭ লাখ ৯১ হাজাৰ ২৬৯ টকা ব্যয় কৰাৰ পিছত প্ৰথম বৰ্ষৰ জমাধনসহ মুঠ ৬ কোটি টকা এতিয়াও বেংকত জমা হৈ আছে।


ফটোঃ দিলীপ নাথে আৰটিআইযোগে লাভ কৰা তথ্য

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰিও এই কথা স্পষ্ট হৈ আছে। তথ্য অনুসৰি গৰুখুঁটি প্ৰকল্পৰ বাবে চলিত বৰ্ষৰ ৬ মাৰ্চলৈকে এইচ ডি এফ চি, মঙলদৈ শাখাৰ বেংক একাউন্ট নম্বৰ ৫০১০০৪৮৭৮৩৪৮৪৪ ৰ জৰিয়তে মোকলাই দিয়া হৈছে মুঠ ১৪ কোটি ৫২ লাখ ৯৩ হাজাৰ ৩৪৮ টকা। ৰাজ্য চৰকাৰে মোকলাই দিয়া এই ধনৰ পৰিৱৰ্তে ৬ মাৰ্চলৈকে এই প্ৰকল্পৰ নামত ব্যয় কৰা হৈছে ৮ কোটি ৩৯ লাখ ৯৬ হাজাৰ ২৫৬ টকা। বৰ্তমান এই প্ৰকল্পৰ নামত জমা আছে ৬ কোটি ১২ লাখৰো অধিক টকা।

অন্যহাতে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যত গুজৰাটৰ পৰা ক্ৰয় কৰা গিৰ গাইৰ বীমাৰ মূল্যও ৰহস্যজনক হৈ পৰিছে বুলি দাবী কৰিছে আৰটিআই কৰ্মী দিলীপ নাথে । উল্লেখ্য যে, গৰুখুঁটি প্ৰকল্পই গুজৰাটৰ পৰা ক্ৰয় কৰা প্ৰতিজনী গিৰ গাইৰ মূল্য আছিল ৮৯৬৬০ টকা। কিন্তু ইয়াৰ বিপৰীতে প্ৰতিজনী গাইৰ ৫৯ হাজাৰ টকাকৈহে বীমা কৰোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। সমান্তৰালভাৱে গিৰ গাইৰ পৰা দুগ্ধ উৎপাদনৰ হিচাপতো ওলাই পৰিছে বিসংগতি। 


সংবাদ মাধ্যমৰ সমুখত আৰটিআই কৰ্মী দিলীপ নাথ

আৰটিআই কৰ্মী দিলীপ নাথে কয় যে তথ্য অনুসৰি প্ৰথম বৰ্ষত প্ৰকল্প সমিতিয়ে ৩০০ গিৰ গাইৰ পৰা ৫৮,৪৩৩ লিটাৰ গাখীৰ উৎপাদনৰ হিচাপ দিছিল। সেই হিচাবত সমবায়খনৰ দৈনিক দুগ্ধ উৎপাদন হৈছে ১৪২ লিটাৰ। অৰ্থাৎ প্ৰায় ৯০ হাজাৰ টকাৰে ক্ৰয় কৰা একোজনী গিৰ গাইৰ পৰা প্ৰতিদিনে লাভ হৈছে মাত্ৰ ৫৪ মিলিলিটাৰ গাখীৰ। কথা হ’ল- এজনী সাধাৰণ দেশী গাই গৰুৱেও দিনটোত ২-৩ লিটাৰ গাখীৰ দিয়াৰ সময়ত গিৰ গাইৰ দৰে ব্যয়বহুল আৰু একমাত্ৰ দুগ্ধ ব্যৱসায়ৰ বাবে পৰিচিত গাই গৰুৰ পৰা মাত্ৰ ৫৪ মিলিলিটাৰ গাখীৰ উৎপাদন হোৱাৰ হিচাব সহজতে মানি ল’ব পৰা নাই কোনেও। এনে পৰিপ্ৰেক্ষিতত গৰুখুঁটি সমবায়ত দুগ্ধ উৎপাদনৰ নামতো বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ উচিত তদন্ত দাবী কৰিছে আৰটিআই কৰ্মী দিলীপ নাথে।

'যেতিয়া গুজৰাটৰ পৰা গিৰগাই ৰে’লযোগে আনিছিল, ৰঙিয়াত নমাইছিল, তেতিয়া কৃষি বিষয়াসকলে কৈছিল যে এজনী গিৰগাইয়ে ১৫-১৬ লিটাৰকৈ গাখীৰ দিব। অৰ্থাৎ ৩০০ জনী গাইয়ে ১৫-১৬ লিটাৰকৈ গাখীৰ প্ৰতিদিনে দিয়ে। কিন্তু এতিয়া সেয়া দেখিবলৈ পোৱা হোৱা নাই। এতিয়া এজনী গাইগৰুৱে মাত্ৰ ৫০ মিলিলিটাৰ গাখীৰহে দি আছে। এই গিৰ গাই কিনিছে এজনীৰ বিপৰীতে ৮৯,০৬৬ টকাত। কিন্তু আমাৰ ঘৰত থকা ১০ হাজাৰ টকাৰ সাধাৰণ গাইগৰু এজনীয়ে পথাৰৰ শুকান খেৰ খাইয়েই দৈনিক ২ লিটাৰকৈ গাখীৰ দিয়ে।’-বেদখলকাৰীক উচ্ছেদ চলোৱা কাৰ্যক ধন্যবাদ জনাই আৰটিআই কৰ্মী নাথে কয় যে কৃষি প্ৰকল্পৰ পৰা আঁচলতে কি লাভ হৈছে সেয়া অসমৰ ৰাইজে এতিয়া গম পাব।

স্থানীয় নিবনুৱাই পাইছেনে সংস্থাপন?

গৰুখুঁটি প্ৰকল্প ঘোষণা কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল এই কৃষি প্ৰকল্পই নিবনুৱা যুৱক-যুৱতীৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিব। প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিছত সমবায়খনত ৬০০ যুৱক-যুৱতীয়ে সংস্থাপন লাভো কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰকল্পত কাম কৰা যুৱক-যুৱতীৰ সংখ্যা হ্ৰাস কৰা হয়। তথ্য অনুসৰি, বৰ্তমান গৰুখুঁটি প্ৰকল্পত ৩৪৪ জনে কাম কৰি আছে। ন’ ৱৰ্ক, ন পে’ অৰ্থাৎ কোনো কাৰণত এদিন কাম কৰিব নোৱাৰিলে কৰ্মচাৰীৰ সেই দিনটোৰ হাজিৰা কৰ্তন কৰাৰ চুক্তিৰ ভিত্তিত এই কৰ্মচাৰীসকলক মাহিলী দৰমহা প্ৰদান কৰা হৈ আহিছে।

তথ্য অনুসৰি, গৰুখুঁটি প্ৰকল্পত কৰ্মৰত কৰ্মচাৰীৰ দৰমহাৰ বাবে ২০২২ৰ জুলাইত ১০,১৭,৬২৯ টকা, আগষ্টত ৬,৬০,১২৮ টকা, ছেপ্টেম্বৰত ১৪,৮০,৩৮৪ টকা, অক্টোবৰত ১৬,৭০,০৩৯ টকা, নৱেম্বৰত ২১,৭১,৫৮৭ টকা, ডিচেম্বৰত ২০,৮৯,১৩২ টকা আৰু ২০২৩ৰ জানুৱাৰী মাহত ১৮,৯৪,৬২৪ টকা মোকলাই দিয়া হৈছে। 

গৰুখুঁটি প্ৰকল্পৰ উপাৰ্জন কিমান?

কোটি কোটি টকা ব্যয় কৰি গঢ়ি তোলা গৰুখুঁটি প্ৰকল্পত এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা সম্পদসমূহৰ ভিতৰত আছে ৫ টা জৰ্নেল কেম্প, ১০ খন ট্ৰেক্টৰ, ১টা কম্পাইন হাৰভেষ্ট মেচিন, এটা শ্ল্যেজ মেছিন, ১০০টা ছ’লাৰ ইৰিগেশ্যন পাম্প, ৩টা স্থায়ী অত্যাধুনিক গৰুৰ গোহালি, এটা অস্থায়ী গৰু গোহালি, এটা স্থায়ী বিজ্ঞানসন্মতভাৱে সজা গাহৰিৰ গড়াল, এটা ট্ৰেইনিং চেন্টাৰ, এটা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়, ৩টা আৰক্ষী শিবিৰ, ২টা পুখুৰী, ১০টা অমৃত সৰোবৰ, ২টা ডিজিটেল জেনেৰেটৰ, ৫টা ৱাটাৰ পাম্প, ২টা ইলেক্ট্ৰনিক ৱাচাৰ পাম্প, ১৩১ খন বিচনা আৰু তুলী, ২৫টা স্প্ৰে মেছিন, ৬টা বাথৰুম আৰু শৌচাগাৰ।

গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিজেপি বিধায়ক পদ্ম হাজৰিকাই যোৱা ২১ জুলাইত প্ৰকল্পটোৰ দ্বিতীয় বৰ্ষপুতিত উপস্থিত থাকি প্ৰকাশ কৰা মতে, এই বছৰত গৰুখুঁটি প্ৰকল্পৰ মুঠ উপাৰ্জন হৈছে ২ কোটি ৫২ লাখ টকা। অন্যহাতে গৰুখুঁটি প্ৰকল্পৰ দুগ্ধজাত সামগ্ৰীৰ পৰা হোৱা উপাৰ্জনৰ বিপৰীতে কৃষি শস্য উৎপাদনৰ পৰা হোৱা উপাৰ্জন হৈছে মুঠ ৭৩ লাখ ৩৫ হাজাৰ ৪৩৫ টকা। 

তথ্য অনুসৰি, এই ধনৰাশি এইচ ডি এফ চি, মঙলদৈ শাখাত থকা একাউন্ট নম্বৰ ৫০১০০৬০৭৯৮৫৩১৭ ত জমা ৰখা হৈছে। চৰকাৰী তথ্য অনুসৰি, গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ উৎপাদিত মাহজাতীয় সামগ্ৰী বিক্ৰী কৰি ৫,২৪,৯২৮ টকা, গাখীৰ আৰু দৈ বিক্ৰী কৰি ২০,০১,২৬৬ টকা, সৰিয়হ বিক্ৰী কৰি ২২,৭০,১৪২ টকা, গাহৰি বিক্ৰী কৰি ৫০,০০০ টকা, ৰঙালাও বিক্ৰী কৰি ১২,৩৭,৫৯২ টকা, তিল বিক্ৰী কৰি ২,১১,৬৪৯ টকা, শাক-পাচলি বিক্ৰী কৰি ৫,১৩,৬৫৮ টকা উপাৰ্জন কৰা হৈছে।


বানপানীৰ সময়ত গৰুখুঁটি প্ৰকল্পৰ এটি দৃশ্য, ভিডিঅ'ৰ পৰা লোৱা স্ক্ৰীণশ্বট

চৰকাৰৰ দাবী আছিল- গৰুখুঁটি প্ৰকল্প কেৱল এক প্ৰকল্পই নহয়, এয়া অসমীয়া যুৱক-যুৱতীক কৃষিমুখী কৰি স্বাৱলম্বীৰূপে গঢ়ি তোলাৰ বাবে এক প্ৰচেষ্টাও। বিগত দুটা বছৰত চৰকাৰৰ এই কৃষি প্ৰচেষ্টাই উদ্বুব্ধ কৰিছে অনেক যুৱক-যুৱতীক। একে সময়তে এই প্ৰকল্পই অসমত এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। কিন্তু কৃষিমুখী অসমৰ এই আনন্দৰ মাজতে চৰকাৰী তথ্যত পোহৰলৈ অহা গৰুখুঁটি প্ৰকল্পৰ বিসংগতিয়ে প্ৰকল্পটোৰ স্বচ্ছতাক লৈ অনেক প্ৰশ্নৰ অৱতাৰণা কৰা বুলি বিভিন্নজনে দাবী কৰিছে।

ইফালে গৰুখুঁটিৰ প্ৰকল্পৰ দুৰ্নীতি সম্পর্কে বাতৰি প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বিধায়ক শিকদাৰে কয়, 'পদ্ম হাজৰিকা ছিণ্ডিকেটৰ ছৰ্দাৰ। কন্যাকা পদ্ম হাজৰিকাৰ নিজৰ সম্পত্তি। গৰুখুঁটি প্ৰকল্পত লোকচান হোৱা দেখুৱাই প্ৰকল্পটো নিজৰ নামত কৰিব, নিজৰ সন্তানৰ নামত কৰিব। গৰুখুঁটিক লৈ পদ্ম হাজৰিকাই ডাঙৰ ছিণ্ডিকেট কৰাৰ বাদে আন একো নহ’ব।’

সংবাদমেলত পদ্ম হাজৰিকাৰ  প্ৰশ্ন, 'মতা গৰুৱেও গাখীৰ দিব নেকি?'

আৰটিআইযোগে লাভ কৰা তথ্যৰ ভিত্তিত আৰটিআই কৰ্মী দিলীপ নাথে গৰুখুঁটি প্ৰকল্পত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে বিধায়ক পদ্ম হাজৰিকাই। গৰুখুঁটি কৃষি প্ৰকল্প চৌহদত আনুষ্ঠিত সংবাদমেলত উত্থাপিত অভিযোগসমূহ ভিত্তিহীন বুলি দাবী কৰি প্ৰকল্পটোৰ অধ্যক্ষ হাজৰিকাই লুকুৱাবলৈ একো নাই বুলি মন্তব্য কৰে। 

'আৰটিআইৰ উত্তৰ যিদিনা দিয়া হৈছিল সেইদিনা ১৬ জনী গাইৰ গাখীৰ খিৰোৱা হৈছিল। আমাৰ গৰুৰ সংখ্যা হৈছে সৰ্বমুঠ ৩১৮। ৩১৮ৰ ভিতৰত এতিয়া খিৰতী গাই আছে ৩৫ জনী। গাভিনী গাই আছে ৮৩ জনী। পোৱালি আছে ১৯৪ টা। মতা গৰু আছে দুটা। নতুনকৈ জগিছে ৬জনী। আজিৰ দিনটোত আমাৰ গাখীৰ ওলাইছে ১২২ লিটাৰ। ৩৫ জনী গাইৰ পৰা আজিৰ দিনটোত আমি ১২২ লিটাৰ গাখীৰ খিৰাইছো। আগৰ ১৬ জনী খিৰাওতে এজনীৰ পৰা ৪ লিটাৰ গাখীৰ ওলাইছিল। গতিকে এজনী গিৰ গাইয়ে মাত্ৰ ৫০ মিলিলিটাৰ গাখীৰ দিয়ে বুলি আৰটিআই কৰ্মীজনে কৰা দাবী মুঠেই সত্য নহয়।’-সংবাদমেলত এইদৰে কয় প্ৰকল্পটোৰ অধ্যক্ষৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাই।

কন্যাকাত গিৰ গাইৰ পৰা ১৪ লিটাৰলৈকে গাখীৰ ওলাইছে বুলি দাবী কৰি হাজৰিকাই কয় যে অসমৰ জলবায়ুৰ লগত মিলোতে কিছু সময়ৰ প্ৰয়োজন হয়। 'কন্যাকাত আমি আগতেই অৰ্থাৎ ২১ চনৰ আৰম্ভণিতেই গিৰ গাই আনিছিলো, সেয়ে অসমৰ জলবায়ুৰ লগত এডজাষ্ট হৈছে। গড় হিচাপত আমি ৮ লিটাৰ গাখীৰ পাই আছো। কোনোবাজনীয়া ১৪ লিটাৰো দিছে। ইয়াতো এডজাষ্ট হ’লে তেনে ৰিজাল্টেই পাম। এতিয়া এডজাষ্ট হ’বলৈ আৰু অলপ সময় লাগিব। লগতে আমি কেয়াৰ লওতেি বিজ্ঞানসন্মতভাৱে আৰু অলপ কৰিবলগীয়া আছে।’-বিধায়কগৰাকীয়ে কয়।

তেওঁ আৰু কয়, 'আমাক তথ্যভিত্তিক সমালোচনা কৰক। তাত আমাৰ বেয়াপাবলগীয়া নাই। আমি আদৰমি জনাম। কিন্তু ৫০ মিলিলিটাৰ গাখীৰ দিয়ে বুলি যি ভিত্তিহীন অভিযোগ আনি আমাক আৰু প্ৰকল্পটোক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে, তেনে কাৰ্যক আমি গৰুখুঁটি প্ৰকল্পৰ ফালৰ পৰা গৰিহণা দিছো।’ হাজৰিকাই আৰটিআই কৰ্মীগৰাকীক প্ৰকল্পলৈ গৈ প্ৰকৃত ছবিখন চাবলৈকো আহ্বান জনায় হাজৰিকাই। 

আৰটিআই কৰ্মীগৰাকীয়ে গোটেই প্ৰকল্পটোক বদনামী কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ কৰি সংবাদমেলত হাজৰিকাই কয়, 'আমাৰ ইয়াত ৩১৮ গৰু আছে। ইয়াৰে ১৯৪ টা হৈছে পোৱালি। এই পোৱালি গৰুবোৰে কি গাখীৰ দিব নেকি? আমাৰ ইয়াত ২টা মতাগৰু আছে। এই মতাগৰুৱে গাখীৰ দিব নেকি? ৮১ জনী গাভিনী গাইক খিৰাবলৈ মাতিলে তেওঁ খিৰাব পাৰিব নেকি? আমাৰ ইয়াত কোনো লুক-ঢাক নাই। সকলো জিলাখনৰ সাংবাদিকসকলক মাতি আনি জনাইছো। ঢেকীয়াজুলিৰ আৰটিআই কৰ্মীগৰাকীয়ে ইয়ালৈ নহাকৈ আৰটিআই মাৰি যি-তি কলেই নহ’ব।’


গৰুখুঁটি প্ৰকল্প চৌহদত পদ্ম হাজৰিকাৰ সংবাদমেল

আৰটিআইৰ উত্তৰত ১৬ জনী গিৰ গাইয়ে গাখীৰ দিয়াৰ কথা স্পষ্টকৈ লিখা আছে বুলিও সংবাদমেলত দাবী কৰে হাজৰিকাই। তেওঁ কয় যে ১৬ জনী গাই গৰুৱে দিয়া গাখীৰৰ হিচাপক আৰটিআই কৰ্মীগৰাকীয়ে ৩০০ গাইৰ গাখীৰ বুলি কি ভুল হিচাপ দি সকলোকে ইচ্ছাকৃতভাৱে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে। 

আনহাতে গৰু ক্ৰয়ৰ নামত ৯ লাখৰ কেলেংকাৰি কৰা বুলি উত্থাপন কৰা অভিযোগকো নস্যাৎ কৰে হাজৰিকাই। তেওঁ কয় যে গৰু ক্ৰয়ৰ বাবে সংশ্লিষ্ট বিভাগসমূহে যি ব্যৱস্থা কৰি দিছিল সেই গৰু নিম্নমানৰ হোৱা বাবে গৰুখুঁটি প্ৰকল্পই নাৰাখিলেই। নৰখা গৰুৰ নামত কোনোবাই ইঞ্চুৰেন্সৰ নামত, কোনোবাই ট্ৰেন্সপৰটেশ্যনৰ নামত কি বিল দিছে তাৰ সৈতে তেওঁ জড়িত হোৱাৰ কথাই নাই বুলিও মন্তব্য কৰে। 

'আৰটিআই কৰ্মীজনে অংক কৰিবও নাজানে। তেওঁ কৈছে আমি ৩০ হাজাৰকৈ আত্মসাৎ কৰিছে। ৩০ হাজাৰকৈ কৰিলে ৩০০ জনীত হ’ব ৯০ লাখ টকা। তেঁও কৈছে ৯ লাখ বুলি। ইনডাইৰেক্টলি তেওঁ মোকেই কৈছে। ৯ লাখ টকা খাবলগীয়া মোৰ হোৱা নাই। তেনেকুৱা মানসিকতাৰো মই নহয়। মই ঘৰ-দুৱাৰ এৰি ইয়াত থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গৰুখুঁটি প্ৰকল্পটো আমি নিবনুৱাৰ স্বাৰ্থত অসমৰ কাৰণে, গাখীৰ উৎপাদনৰ কাৰণে এই কাম কৰি গৈছো।’-ভিত্তিহীন সমালোচনা কৰা বাবে মন ভাঙি গৈছে বুলি উল্লেখ কৰি হাজৰিকাই কয়।

সঁচা তথ্যৰে সমালোচনা কৰিলে আদৰণি জনাব আৰু গৰুখুঁটি প্ৰকল্পৰ নামত ধন আত্মস্যাৎ কৰাৰ তথ্য দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে বিধায়ক হাজৰিকাই। গৰুখুঁটি প্ৰকল্পক এখন খোলা কিতাপ আখ্যা দি অনাগত দিনত গৰুখুঁটি প্ৰকল্পক সমালোচনা কৰিবলৈ যোৱাৰ আগতে সঠিক তথ্যৰে কৰিবলৈকো সংবাদমেলত আহ্বান জনাই বিধায়কগৰাকীয়ে।

গৰুখুঁটি প্ৰকল্পক লৈ বিধায়ক পদ্মই পূৰ্বে কৰা দাবী বাস্তৱ হৈছেনে?

আজিৰ সংবাদমেলত বিধায়ক পদ্ম হাজৰিকাই ৩১৮টা গিৰ গাইৰ কেইজনী গৰুৱে গাখীৰ দিয়ে, কেইজনীয়ে নিদিয়ে আৰু মতা গৰু কেইটা আছে সেই হিচাপে দাখিল কৰাৰ সময়তে ভিন্নজনে পূৰ্বতে তেওঁ কৰা দাবীক লৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত হাজৰিকাই গৰুখুঁটি প্ৰকল্পৰ আৰম্ভণিৰ সময়ত কৰা দাবীসমূহো ভাইৰেল হৈ পৰা দেখা গৈছে।

উল্লেখ্য যে ২০২১ চনৰ ২৫ নৱেম্বৰত গুজৰাটৰ পৰা অসমলৈ আহি পাইছিল ১০৮টাকৈ গিৰ গাই। গুজৰাটৰ পৰা পোনে পোনে ৰঙিয়া ষ্টেশ্যন পোৱাৰ পিছত গৰুখুঁটিলৈ নিয়া হৈছিল গৰুকেইটা। তেতিয়া সংবাদ মাধ্যমৰ সমুখত হাজৰিকাই কৈছিল যে প্ৰথম পৰ্যায়ত ৫০০ গিৰ গাই অসমলৈ অনা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ত চুক্তি অনুযায়ী ২০০০ গৰুৰ বাকী গৰুসমূহ অনা হ’ব।

কন্যাকা কৃষি পামৰ অভিজ্ঞতাৰ ভিত্তিত গৰুখুঁটি প্ৰকল্পৰ দায়িত্ব লাভ কৰা হাজৰিকাই আৰু কৈছিল যে অসম চৰকাৰে এদিনত ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ গৰুখুঁটিৰ পৰাই ৩লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও সেই সময়ত দাবী কৰিছিল পদ্ম হাজৰিকাই। 

কিন্তু আজিৰ সংবাদমেলত গৰুখুঁটি প্ৰকল্পলৈ অনা গুজৰাটী গৰুবোৰৰ বহু গৰু নিম্নমানৰ হোৱা বাবে ঘূৰাই পঠিওৱাৰ কথাও সদৰী কৰে। লগতে পূৰ্বতে নিৰ্ধাৰণ কৰা লক্ষ্য যে এই দুবছৰত পূৰণ কৰিব পৰা হোৱা নাই সেয়াও সংবাদমেলত একপ্ৰকাৰ স্পষ্ট হৈ পৰে। অৱশ্যে দুগ্ধ উৎপাদনক লৈ মুখ্যমন্ত্ৰীয়ে দেখা সপোন পূৰণ কৰিবলৈ তেওঁ দিনে-নিশাই কাম কৰি গৈছে বুলিও আজিৰ সংবাদমেলত দাবী কৰা পৰিলক্ষিত হয়।


দৰং জিলাৰ স্বেচ্ছাসেৱক প্ৰতিনিধিৰ সহযোগত