প্ৰত্যেকখন সমাজ ব্যৱস্থাতে শিক্ষকৰ ভূমিকা অপৰিসীম। সমাজখনত জ্ঞানৰ পোহৰ বিলাই সঠিক বাট দেখুৱাই দিয়াটোৱেই শিক্ষকৰ পৰম ধৰ্ম। কিন্তু আজিৰ সময়ত বহু ক্ষেত্ৰত কলংকিত হৈ পৰিছে শিক্ষক। যৌন নিৰ্যাতনৰ পৰা অন্য কেলেংকাৰীলৈকে বহু বিষয়ত শিক্ষকৰ নাম সাঙোৰ খাই পৰাৰ পিছত বৰ্তমান সময়ত শিক্ষকক লৈ ধাৰণা সলনি হৈছে সাধাৰণ জনতাৰ। কিন্তু তাৰ মাজতে এনে বহু শিক্ষকো আছে, যিয়ে জীৱনৰ সৰ্বস্ব উজাৰি শিক্ষকতা কৰিছে। বহু ভেন্সাৰ স্কুলৰ শিক্ষকে বিনা বেতনেৰেই ইহ সংহাৰৰ পৰা বিদায় লৈছে, বহু শিক্ষকে পৰিয়ালৰ পোহপাল দিয়াৰ বাবদ দিন হাজিৰা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে।

তাৰ মাজতে বৰ্তমান সময়ত শিক্ষকৰ ওপৰত জাপি দিয়া অধিক কৰ্মবোজাই মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে বহু শিক্ষকক। এফালে অনিয়মীয়া বেতন আৰু আনফালে অধিক কামৰ বোজাই বহু শিক্ষকৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ।

৮৫.৯ শতাংশ সাক্ষৰতাৰ হাৰ থকা অসমতো আজিৰ সময়ত শিক্ষকৰ অৱস্থা তথৈবচ বুলি দাবী কৰিব খোজে বহুতে। গ্ৰামাঞ্চলৰ বহু বিদ্যালয়ত পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ বাবে এগৰাকী শিক্ষকেই ৪-৫টা শ্ৰেণীৰ একেলগে পাঠদান কৰিবলগীয়া হৈছে। ৰাজ্যৰ বহু বিদ্যালয়ত এতিয়াও পৰিস্ফুট আন্তঃগাঁথনিৰ অভাৱ। এনে বহু প্ৰত্যাহ্বানৰ মাজতে শেহতীয়াকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষকক অশৈক্ষিক চৰকাৰী আঁচনিৰ কামত ব্যস্ত ৰখাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

গুণগত শিক্ষাৰ অভাৱ!

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই)ৰ শেহতীয়া তথ্য অনুসৰি ২০২০-২১ চনলৈকে অসমত ৪৮,৯১৭খন চৰকাৰী বিদ্যালয়ত ১,০২,২৯৯ গৰাকী শিক্ষক আছে। কিন্তু এই সংখ্যাই এই বিদ্যালয়সমূহত নামভৰ্তি কৰা ৬৫ লাখ ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত হোৱাৰ পৰা বহু দূৰত। অসমত ছাত্ৰ-শিক্ষকৰ অনুপাত (পিটিআৰ) ৩২:১, যিটো ৰাষ্ট্ৰীয় নিয়ম ৩০:১২তকৈ বেছি বুলি ইউডিএছইৰ তথ্যতে পোহৰলৈ আহিছে। তদুপৰি বহু বিদ্যালয়ত বিভিন্ন বিষয় বিশেষকৈ বিজ্ঞান আৰু গণিতৰ বাবে পৰ্যাপ্ত শিক্ষক নোহোৱাৰ বাবে এনে বিষয়সমূহত শিক্ষাৰ্থী গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে।

অসমৰ শিক্ষাৰ মানদণ্ডও চিন্তাৰ বিষয়। ২০১৭ চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে চলোৱা ৰাষ্ট্ৰীয় কৃতিত্ব সমীক্ষা অনুসৰি তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ ফলাফলৰ ক্ষেত্ৰত অসমে তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। এই সমীক্ষাত মূল্যায়ন কৰা হৈছিল মাতৃভাষা (এমআইএল), গণিত, পৰিৱেশ অধ্যয়ন আৰু সমাজ বিজ্ঞানত ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন। ফলাফলত দেখা যায় যে অসমৰ ছাত্ৰ-ছাত্ৰীসকল সকলো বিষয় আৰু স্তৰতে ৰাষ্ট্ৰীয় গড়ৰ তুলনাত পিছ পৰি আছে।

অসমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু সা-সুবিধাও অপৰ্যাপ্ত আৰু নিৰাশাজনক। ইউডিআইএছইৰ তথ্য অনুসৰি মাত্ৰ ৬৫.৬ শতাংশ বিদ্যালয়ত বিদ্যুৎ, ৭৭.৪ শতাংশ বিদ্যালয়ত খোৱাপানী, ৫৮.৯ শতাংশ বিদ্যালয়ত শৌচাগাৰ, আৰু ২৮.৮ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ ব্যৱস্থা আছে। বহু বিদ্যালয়ত উপযুক্ত আৱাস, শ্ৰেণীকোঠা, আচবাব, পৰীক্ষাগাৰ, পুথিভঁৰাল বা খেলপথাৰ নাই। মৌলিক সুবিধাৰ অভাৱে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, ছাত্ৰ-ছাত্ৰীক ধৰি ৰখা আৰু শিক্ষণৰ ফলাফলত প্ৰভাৱ পেলাই আহিছে।

অসমৰ শিক্ষা ব্যৱস্থাৰ জবাবদিহিতা আৰু স্বচ্ছতাও দুৰ্বল আৰু অকাৰ্যকৰী। শিক্ষকৰ নিযুক্তি, বদলি আৰু পদোন্নতিৰ ক্ষেত্ৰত দুৰ্নীতি, নেপ’টিজিম, অনিয়ম আৰু কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। ছাত্ৰ-ছাত্ৰীৰ তথ্যত হেতালি খেলা, প্ৰশ্নকাকত ফাদিল হোৱা, পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগো উত্থাপন হৈ আহিছে। নিৰীক্ষণ আৰু মূল্যায়ন ব্যৱস্থাও দুৰ্বল আৰু শিথিল।

জীৱনৰ ওচৰত শিক্ষকৰ পৰাজয়

অসমৰ শিক্ষক সংকটৰ অন্যতম মৰ্মান্তিক পৰিণতি হৈছে নিয়মীয়া দৰমহা লাভ নকৰাৰ বাবে শিক্ষকৰ মৃত্যু। সংবাদ সস্থা ‘দ্য ৱায়াৰ’ৰ এক প্ৰতিবেদন অনুসৰি ২০১৮ চনত অসমত কমেও ১৭ গৰাকী শিক্ষকে বিনা বেতনৰ সৈতে জড়িত বিভিন্ন কাৰণত মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল। ইয়াৰ ভিতৰত আছে আত্মহত্যা, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হোৱা মৃত্যু আদি। এই শিক্ষকসকল বিভিন্ন শ্ৰেণীৰ অন্তৰ্গত আছিল যেনে ঠিকাভিত্তিক শিক্ষক, প্ৰাদেশিক শিক্ষক, টেট-যোগ্য শিক্ষক, আৰু এছ এছ এ শিক্ষক। প্ৰতিবেদন অনুসৰি বহু শিক্ষকে বছৰ বছৰ ধৰি দৰমহা লাভ নকৰাৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হৈ মৃত্যুক সাবতি লয়।

বৰপেটা জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষক প্ৰণৱজ্যোতি দাসে ২০২০ চনৰ ১৫ আগষ্টত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে। কেইবাবাহ ধৰি দৰমহা লাভ নকৰাৰ বাবেই চিকিত্সাৰ বাবে ধন সংগ্ৰহ কৰিব নোৱাৰাৰ বাবেই শিক্ষকগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছিল পৰিয়ালে। নগাঁও জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ টেট অৰ্হতাসম্পন্ন শিক্ষয়িত্ৰী দিপালী বৰাই ২০২০ চনৰ ছেপ্টেম্বৰত  আঠ মাহৰ দৰমহা লাভ নকৰি অৱশেষত মানসিক হতাশাৰ বলি হৈ চৰম পথ বাছি লৈছিল। নগাঁৱৰে নিৰঞ্জন হাজৰিকা নামৰ শিক্ষকগৰাকীয়ে আকৌ ৰোগাক্ৰান্ত কন্যাৰ চিকিত্সাৰ বাবে সুদলৈ টকা লৈছিল। পিছত সেই ধন পৰিশোধ কৰিব নোৱাৰি চৰম পথ বাছি লয়। 

২০২২ চনৰ ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশে ধুমধামেৰে শিক্ষক দিৱস পলন কৰি থকাৰ সময়তে ধেমাজি জিলাৰ গোগামুখৰ বৰদলনিৰ স্বগৃহৰ সমীপতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৰাজেন বণিয়া নামৰ শিক্ষকগৰাকীৰ মৃতদেহ। বৰদলনিৰ ৫০৩নং আউনীআটি কৈৱৰ্ত নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত বেতনবিহীন ভাৱেই সহকাৰী শিক্ষকৰূপে কেইবা বছৰ ধৰি শিক্ষকতা কৰি আহিছিল ৰাজেন বণিয়াই। পৰিয়াল পোহপাল দিবলৈ পাচলিৰ বেপাৰ পৰ্যন্ত কৰিবলগীয়া হৈছিল তেওঁ। কিন্তু আৰ্থিক সমস্যাই চৰম পৰ্যায় পোৱাৰ পিছতে অসহায় হৈ পৰা শিক্ষকগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। 

চলিত বৰ্ষৰ ১১ আগষ্টত ৰাজধানী দিছপুৰৰ নিচেই সমীপত খানাপাৰাত উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ। এই মৃতদেহটো আছিল প্ৰণৱ মিলি নামৰ এগৰাকী শিক্ষকৰ। ধুবুৰীত শিক্ষক হিচাপে কৰ্মৰত প্ৰণৱ মিলিৰ ঘৰ মাজুলীত। ২০১৬ চনত টেট শিক্ষক হিচাপে নিযুক্তি পাইছিল মিলিয়ে। শিক্ষক মিলিৰ জেপৰ পৰা উদ্ধাৰ হৈছিল এটি ছুইচাইড নোট। ছুইচাইড নোটত ইমান দূৰত চাকৰি কৰোতে সন্মুখীন হোৱা সমস্যাৰ লগতে বেংকৰ ঋণৰ কথাও উল্লেখ আছিল।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। এনে বহু শিক্ষক-শিক্ষয়িত্ৰী আছে, যিয়ে নিজে মমবাতিৰ দৰে জ্বলি জ্বলি হ’লেও আনৰ মাজত জ্ঞানৰ পোহৰ বিলাইছে। কিন্তু এই সকল শিক্ষকক লৈ চৰকাৰ সদায় উদাসীন হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।

অসমত শিক্ষক পদ খালী

অসমৰ শিক্ষাখণ্ডক প্ৰভাৱিত কৰা আন এটা ডাঙৰ বিষয় হ’ল চৰকাৰী বিদ্যালয়ত এতিয়াও পূৰ নোহোৱা শিক্ষকৰ খালী পদ। ইউডিআইএছইৰ তথ্য অনুসৰি ২০২০-২১ চনলৈকে নিম্ন প্ৰাথমিক (এলপি) আৰু উচ্চ প্ৰাথমিক (ইউপি) বিদ্যালয়ত ১০,২৯৯টা শিক্ষকৰ পদ খালী হৈ আছে। ইয়াৰে ৩৮৮৭টা এল পি শিক্ষকৰ আৰু ৬৪১২টা ইউ পি শিক্ষকৰ। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু বিদ্যালয়ত শিক্ষাৰ্থী অনুসৰি শিক্ষকৰ অভাৱৰ ফলত এজন-দুজন শিক্ষকৰ ওপৰতে বিদ্যালয়ৰ পাঠদানৰ দায়িত্ব নিৰ্ভৰ কৰে। যাৰ ফলত শিক্ষকসকলৰ ওপৰত অতিৰিক্ত বোজা আৰু বহু কামৰ সৃষ্টি হৈছে। পৰিণাম স্বৰূপে ইয়াৰ পৰিছে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা গুণগত মানসম্পন্ন শিক্ষা আৰু বৈচিত্ৰ্যত। বিশ্লেষকসকলৰ মতে ইয়ে পাঠ্যক্ৰম আৰু শিক্ষাবিজ্ঞানৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা থকা নতুন শিক্ষা নীতি (এন ই পি) ৰূপায়ণতো বাধাৰ সৃষ্টি কৰিছে।

অসমত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে কেতবোৰ ব্যৱস্থা চৰকাৰে ঘোষণা কৰিছে। ২০২৩ চনত অনুষ্ঠিত হোৱা বিশেষ টেট-সম-নিযুক্তি পৰীক্ষাৰ জৰিয়তে ১০,২৯৯ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। তদুপৰি শিক্ষক পদৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ যোগ্যতাৰ মাপকাঠী আৰু ভাষাৰ বাধা শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। শিক্ষক-ছাত্ৰৰ অনুপাত যুক্তিসংগত কৰিবলৈ কম নামভৰ্তি বা শূন্য ফলাফল থকা কিছুমান বিদ্যালয় একত্ৰিকৰণৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

অৱশ্যে এই ব্যৱস্থাসমূহে প্ৰত্যাহ্বান আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। একাংশ প্ৰাৰ্থীয়ে নতুন টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি বছৰ বছৰ ধৰি চাকৰিৰ বাবে অপেক্ষা কৰি থকা টেট অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বৰ্তমানৰ পুলৰ পৰা শিক্ষক নিযুক্তি দিবলৈ দাবী জনাইছে। একাংশ শিক্ষকে আকৌ বিদ্যালয় একত্ৰীকৰণ বা বন্ধ কৰাৰ বিৰোধিতা কৰি চৰকাৰক ইয়াৰ পৰিৱৰ্তে এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু সা-সুবিধা উন্নত কৰিবলৈ দাবী জনাইছে।

চৰকাৰী শিক্ষাৰ প্ৰতি অভিভাৱকৰ অনাস্থা

২০২০-২১ চনৰ এক তথ্য অনুসৰি ৰাজ্যত মুঠ ৪৮,৯১৭ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় থকাৰ বিপৰীতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ সংখ্যা হৈছে ১২,০০০ৰো অধিক। ৰাজ্যত প্ৰতিদিনেই নতুন নতুন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান খোলা হৈছে আৰু তেনে শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চৰকাৰী বিদ্যালয়ত মানসম্পন্ন শিক্ষাৰ অভাৱৰ বাবে বহু অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক ধন খৰছ কৰি হলেও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবলৈ অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ হৈছে চৰকাৰী বিদ্যালয়ৰ তুলনাত প্ৰত্যেক বছৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে দেখুৱাই অহা উন্নত প্ৰদৰ্শন। কিন্তু লক্ষণীয়ভাৱে ব্যক্তিগত খণ্ডৰ শিক্ষকসকলে মাত্ৰ কেইটামান টকাৰ বিনিময়তে প্ৰদান কৰি আহিছে এনে মানসম্পন্ন শিক্ষা।

নৃপেন ডেকা নামৰ পেছাত এগৰাকী সাধাৰণ গাড়ী চালকে কয়, “চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই যদি আমাৰ ল’ৰা-ছোৱালীৰ ভাল ভৱিষ্যত গঢ়িলহেঁতেন তেন্তে কোনো কথাই নাছিল। কিন্তু চৰকাৰী বিদ্যালয়ৰ ফলাফলে আমাক সেইদৰে আশ্বস্ত কৰিব পৰা নাই। গড়ী চলাই পোৱা টকা কেইটাৰে পৰিয়াল পোহপাল দিবলৈয়ে দিগদাৰ হয়। তথাপি মোৰ ছোৱালীজনীৰ এটা ভাল ভৱিষ্যতৰ সপোন দেখো। সেয়ে কষ্টেৰে হলেও তাইক প্ৰাইভেটতে পঢ়ুৱাইছো। এইবাৰ তাই ক্লাছ এইট পাইছে।’’

বহু বিদ্যালয়ে পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে শিক্ষা বিভাগৰো ৰোষত পৰিছে। খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সকিয়নী দিছে। কিন্তু তাৰ পিছতো অধিকাংশ চৰকাৰী বিদ্যালয়ৰ ফলাফল আজি পৰ্যন্ত শিক্ষাৰ্থী আৰু অভিভাৱকক আশ্বস্ত কৰিব পৰাকৈ উন্নত হৈ উঠা নাই।
এনে সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক আকৰ্ষিত কৰিবলৈ বিভিন্ন আঁচনি প্ৰণয়ন কৰিছে চৰকাৰে। চৰকাৰী বিদ্যালয়ত বিনামূলীয়া নামভৰ্তি আঁচনিৰ পৰা মধ্যাহ্ন ভোজন আৰু বৃত্তি প্ৰদানলৈকে সকলো প্ৰকাৰে প্ৰচেষ্টা চৰকাৰৰ তৰফৰ পৰা চলোৱা হৈছে যদিও প্ৰতিবছৰে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হাৰ হ্ৰাস পোৱাহে পৰিলক্ষিত হৈছে।
 
ফলাফলক লৈ শিক্ষকৰ ওপৰত হেঁচা

ব’ৰ্ড পৰীক্ষাত ভাল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীৰ বাবেও চৰকাৰে প্ৰৱৰ্তন কৰিছে আঁচনি। মেট্ৰিকত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লেপটপ, নগদ ধন প্ৰদান কৰাৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতি অৰ্জন কৰা ছাত্ৰীক স্কুটী বিতৰণলৈকে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষাক উদ্বুব্ধ কৰাৰ প্ৰয়াস কৰিছে চৰকাৰে। সমান্তৰালভাৱে চৰকাৰে গুণোৎসৱ আঁচনি আৰম্ভ কৰি বিদ্যালয়সমূহৰ শৈক্ষিক প্ৰদৰ্শন, আন্তঃগাঁথনি, সহ-পাঠ্যক্ৰম আৰু সামূহিক অংশগ্ৰহণৰ মান উন্নত কৰাৰ চেষ্টা চলাইছে।

আনহাতে, ব’ৰ্ড পৰীক্ষাত ব্যৰ্থ হোৱা বা বেয়া ফলাফল পোৱা বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো চৰকাৰে কঠোৰ ব্যৱস্থা আৰু শাস্তি প্ৰদান কৰিছে। উদাহৰণস্বৰূপে, ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী অনুত্তীৰ্ণ নোহোৱা ৰাজ্যৰ ৩৪খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল শিক্ষা বিভাগে। একেদৰে এই বছৰো ১০ শতাংশতকৈয়ো কম ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১০২খন বিদ্যালয়লৈও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি আটাইকেইখন বিদ্যালয়ৰ বিষয়ে বিস্তৃত বিৱৰণসহ শিক্ষা সেতু পৰ্টেলত প্ৰফাইল আপলোড নকৰা শিক্ষকৰ দৰমহা বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীয়ে।

শিক্ষকক বাৰে বাৰে অপমান কিয়?

শিক্ষকৰ অপমান বৰ্তমান নেতা-মন্ত্ৰীৰ বাবেও সাধাৰণ বিষয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত শিক্ষামন্ত্ৰী হৈ থকাৰ সময়তে ছেবাৰ কাৰ্যালয়লৈ শিক্ষকক মাতি আনি অন কেমেৰা দাম্ভিক আচৰণ কৰি অপমানিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। কংগ্ৰেছ শাসনৰ সময়তো শিক্ষামন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই নিজে শিক্ষা বিভাগটো সংশোধন কৰিব নোৱাৰি শিক্ষকৰ ওপৰতে দোষ জাপি দিব বিচৰা বুলিও সেই সময়ত চলিছিল তীব্ৰ চৰ্চা। কিন্তু শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কৰা অপমান সেয়াই একমাত্ৰ নাছিল।

চলিত বৰ্ষৰ জুন মাহত বকোৰ এক শৈক্ষিক অনুষ্ঠানত উপস্থিত থকা বৰ্তমানৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে মঞ্চৰ পৰাই কৈছিল- “শিক্ষকৰ মূৰত মাল নাই।’’ ৰাজ্যৰ শিক্ষকক লৈ কৰা এনে চৰম অপমানজনক মন্তব্যই শিক্ষক সমাজত সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সেই সময়ত ৰণোজ পেগুৱে কৈছিল, ‘জ্ঞান এটা এনেকুৱা বস্তু, তাক যদি কোনোবাই লাভ কৰে, সি আনক বিলাবই৷ নিবিলোৱাকৈ সি শান্তিত থাকিব নোৱাৰে৷ পানী যেতিয়া সুযোগ-সুবিধা পাব সি ওপৰৰ পৰা তললৈ বৈ আহিবই৷ খুব দেৰি কৰিব নোৱাৰি, কাৰণ আমাৰ ওপৰত ফুটাৰ দৰে ফুটি যাব৷ জাইকাৰ পাইপৰ নিচিনাকৈ ফুটি যাব৷ এতিয়া আমাৰ বহু শিক্ষকে ক্লাছ নলয়৷ ক্লাছ কৰিবলৈ টান পায়৷ ফাঁকি দিয়ে৷ কিয় টান পায় জানেনে? টান পোৱাৰ মূল কাৰণটোৱে হ’ল যে মাল শেষ হৈ গৈছে৷ কি বুজাব? চাকৰি পোৱাৰ দিনাৰ পৰা পঢ়া-শুনা কৰিবলৈ বাদ দিয়ে। যিখিনি পঢ়িছিলে সেইখিনিও পাহৰি গ’ল৷ মাল শেষ, গতিকে ক্লাছলৈ নাযায়৷ কিন্তু যি সকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে, কাক শিকাও, কাক কও তেওঁৰ তেনেকুৱা লাগি থাকে৷ স্বাভাৱিক কথা৷’ 

চলিত বৰ্ষত নীলাচলৰ কামাখ্যা মন্দিৰত আয়োজিত অম্বুবাচী মেলাৰ সময়ত ভাইৰেল হৈ পৰিছিল শিক্ষা বিভাগৰ এক নিৰ্দেশনা। অভিযোগ উঠিছিল, সেই সময়ত অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰোৱাই ৩১খন বিদ্যালয়ৰ শিক্ষকক চৰকাৰে নিয়োজিত কৰিছিল অম্বুবাচী মেলাৰ কামত। সমগ্ৰ ৰাজ্যৰ শৈক্ষিক মহলৰ মাজত শিক্ষা বিভাগৰ এই নিৰ্দেশনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক স্পষ্টীকৰণ জাৰি কৰি জনাইছিল যে এই বাতৰি সম্পূৰ্ণ ভুৱা।

ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ সময় নাই আজিৰ শিক্ষকৰ!

এতিয়া সমগ্ৰ দেশত দিৱস আৰু চৰকাৰী অভিযান উদযাপনৰ যুগ চলিছে। কেতিয়াবা যদি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ অভিযান চলিছে আন কেতিয়াবা আকৌ অমৃত বৃক্ষ আন্দোলনেৰে সেউজ অসম গঢ়াৰ সপোন দেখুৱাইছে চৰকাৰে। এতিয়া আকৌ চলি আছে ‘মোৰ মাটি, মোৰ দেশ’ অভিযানৰ অধীনত অমৃত কলহ যাত্ৰা। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা ৪০ দিনত শিক্ষা বিভাগে শিক্ষকসকললৈ অনাশৈক্ষিক কামত নিয়োজিত হ’বৰ বাবে অতিকমেও ২১খন নিৰ্দেশনা প্ৰেৰণ কৰিছে। 

চৰকাৰী এই দিৱস আৰু অভিযানৰ কামত নিয়োজিত কৰা হৈছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলকো। তদুপৰি শিক্ষকসকলৰ ওপৰত বিভিন্ন জৰীপ, তথ্য সংগ্ৰহ, পৰীক্ষণ, নামভৰ্তি, লোকপিয়লৰ কৰ্তব্য, আধাৰ লিংক আদি দায়িত্বতো আছেই। এনে বিভিন্ন অশিক্ষণীয় কামত ব্যস্ত হৈ থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদানৰ বাবে সময় নাইকীয়া হৈছে শিক্ষকৰ। পৰিণতিত ইয়াৰ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ ওপৰত। সেয়ে এতিয়া ছ’চিয়েল মিডিয়াতো শিক্ষক সমাজে 'আমাক পঢ়াবলৈ দিয়ক’ শ্লগানেৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে।

গভৰ্নেন্স একাউণ্টেবিলিটি (চিবিজিএ) আৰু চাইল্ড ৰাইটছ এণ্ড ইউ (চি আৰ ৱাই)ৰ ২০১৯ চনৰ এক অধ্যয়ন অনুসৰি দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত অসমত সৰ্বাধিক শতকৰা ৪২.৬ শতাংশ শিক্ষকে প্ৰতি সপ্তাহত ১০ ঘণ্টাৰো অধিক সময় অশৈক্ষিক কামত ব্যয় কৰিবলগীয়া হয়। ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ওপৰত।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শিক্ষকসকলৰ ওপৰত জাপি দিয়া অশৈক্ষিক কামৰ এখন তালিকা। যোৱা এমাহ ১০ দিনৰ কৰ্মসূচীৰে দাবী কৰা এই তালিকাত শিক্ষকসকলক কিদৰে অন্য কামত ব্যস্ত ৰখা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, বীৰ গাথা কাৰ্যকলাপ, কলা উত্সৱ, অমৃত বৃক্ষ আন্দোলন, আধাৰ লিংকৰ কাম, এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযান, পোষণ মাহ উদযাপন, স্বচ্ছতাই সেৱা, ধূম্ৰাপনমুক্ত সংকল্প দিৱস পালন, এক তাৰিখ এক ঘণ্টা পালন, অহিংসা দিৱস পালন, মানসিক স্বাস্থ্য সপ্তাহ আদি অলেখ চৰকাৰী অভিযান আৰু দিৱস পালনৰ দায়িত্ব অৰ্পণ কৰা হৈছে শিক্ষকসকলক। সমান্তৰালভাৱে এই দিৱস আৰু অভিযানত নিয়োজিত কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলকো। 

এনে বেবেৰিবাং চৰকাৰী অভিযান আৰু দিৱস পালনতে সমস্ত মানসিক আৰু শাৰীৰিক শক্তি ব্যয় কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা প্ৰদান কৰাৰ সামৰ্থ হেৰুৱাই পেলায় শিক্ষকে। যাৰ পৰিণতিস্বৰূপে বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল আশানুৰূপ নহয়। তেতিয়া এনে অভিযান-দিৱসৰ দায়িত্ব জাপি দিয়া চৰকাৰেই আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰা বিদ্যালয়ৰ শিক্ষকক মাতি নি কটু সমালোচনা কৰে বুলিও অভিযোগ উত্থাপন হৈছে।

কি কয় শিক্ষক সমাজে?

শিক্ষকৰ ওপৰত জাপি দিয়া এনে অশৈক্ষিক কৰ্মবোজা সন্দৰ্ভত শিক্ষকৰ প্ৰতিক্ৰিয়া বিচাৰি NNOৰ তৰফৰ পৰা কেইবাগৰাকীও শিক্ষকক যোগাযোগ কৰা হৈছিল। কিন্তু অধিকাংশই চৰকাৰৰ ৰোষত পৰি চাকৰি হেৰুওৱাৰ ভয়ত প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ শংকা ব্যক্ত কৰে। কিন্তু তাৰ মাজতে কেইগৰাকীমান শিক্ষকে নাম আৰু বিদ্যালয়ৰ ঠিকনা প্ৰকাশ নকৰাৰ চৰ্তত প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ সন্মত হয়।

গোৱালপাৰা জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কয়, “আৰ্থিক অৱস্থা ভাল হোৱা হ’লে শিক্ষকৰ চাকৰিটো বাদ দিলোহেঁতেন। যি মন লৈ শিক্ষকৰ চাকৰিত যোগদান কৰিছিলো, সেয়া পূৰ্ণ নহ’ল। চৰকাৰী দায়িত্ব পালন কৰোতে কৰোতে ছাত্ৰ-ছাত্ৰীক উচিত শিক্ষা দিবলৈকে সময় নাপাও। সিঁহত আমাৰ ভৱিষ্যত। কিন্তু সিঁহতে যদি এদিন ভৱিষ্যত গঢ়িব নোৱাৰে তেন্তে তাৰ বাবে জগৰীয়া আমিয়েই হম।’’

নলবাৰী জিলাৰ এগৰাকী বিষয় শিক্ষকে আক্ষেপ ব্যক্ত কৰি কয়, “কিছুমান কাম ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কৰোৱা উচিত নহয়। অশৈক্ষিক কাম শিক্ষকৰ হতুৱাই কৰিবও নালাগে। চন্দ্ৰযান-৩ৰ উত্ক্ষেপণ লাইভ দেখুৱাবলৈ আমাক নিৰ্দেশ দিয়া হৈছিল। সন্ধিয়ালৈকে লঘোনে-ভোকে ৰৈ থাকি আমি আমি দেখুওৱালোও। কিন্তু কি লাভ হ’ল? স্কুলৰ হুলস্থূলীয়া পৰিৱেশত সিঁহতে একো শিকিব নোৱাৰিলে। এনেবোৰ কাম চৰকাৰৰ পৰিকল্পনাবিহীন চিন্তাৰ পৰিণতি। এনেবোৰ কামে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিবা প্ৰভাৱ পেলাব বুলি মই আশা নকৰো।’’

নগাঁও জিলাৰ এগৰাকী শিক্ষকে কয়, “প্ৰথমে অমৃত বৃক্ষ, তাৰ পিছত এতিয়া আমাক অমৃত কলহ যাত্ৰাত ব্যস্ত কৰি ৰখা হৈছে। স্কুলত ভালকৈ পঢ়ুৱাবলৈও এতিয়া আমাৰ সময় নাই। সেয়াতো বাদেই, ল’ৰা-ছোৱালী সকলকো শ্ৰেণীকোঠা এৰি এইবোৰ কামত জড়িত কৰোৱা হৈছে। সিঁহতৰ ভৱিষ্যতৰ বাবে এয়া কোনোপধ্যেই উচিত পদক্ষেপ নহয়। আমি দুখ পাও। শিক্ষকতাৰ সৈতে জড়িত হৈ ডাটা এন্ট্ৰিৰ দৰে কাম কৰিবলৈ আমাৰ কষ্ট হয়। কিন্তু উপায় নাই। মাহৰ শেষৰ দৰমহা কেইটাৰ আশাত আমি সকলো মানি চলিবলৈ বাধ্য।’’

এগৰাকী প্ৰাক্তন শিক্ষাবিদে কয়, “আমাৰ দিনৰ শিক্ষা আৰু আজিৰ শিক্ষাৰ মাজত পাৰ্থক্য আহি পৰিছে। আমাৰ দিনত বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নাছিল, আজিৰ দৰে অত্যাধুনিক সা-সুবিধা নাছিল। মাটিত বস্তা পাৰি বহা ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আমি পঢ়ুৱাইছিলো। মই যিখন বিদ্যালয়ত প্ৰধান শিক্ষক আছিলো, তালৈ নদী পাৰ হৈ, কেইবা কিলোমিটাৰ খোজ কাঢ়ি ল’ৰা-ছোৱালী পঢ়িবলৈ আহিছিল আৰু আমি আমাৰ সৰ্বস্ব উজাৰি তেওঁলোকক পঢ়ুৱাইছিলো। শিক্ষাৰ প্ৰতি সিঁহতৰ আগ্ৰহ আৰু আমাৰ পৰিশ্ৰমৰ বলত আজি মই পঢ়ুওৱা বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিভাগৰ উচ্চ পদবীত বহিবলৈ সক্ষম কৰিছে। কিন্তু এতিয়াৰ শিক্ষকে পঢ়ুওৱা কিমান চৰকাৰী বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে সফলতা লাভ কৰিব সেয়া ক’বলৈ টান। ইয়াৰ কাৰণ আজিৰ সময়ত চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষাৰ অভাৱ। এনে নহয় যে আজিৰ শিক্ষকসকলৰ জ্ঞান কম, কিন্তু ইয়াৰ কাৰণ হৈছে সুপৰিকল্পনাৰ অভাৱ।’’

চৰকাৰী বিদ্যালয়ত নিজৰ দুয়োটা ল’ৰা-ছোৱালীক পঢ়ুৱাই থকা নলবাৰীৰ এগৰাকী অভিভাৱকে কয়, “কেতিয়াবা এনে লাগে যেন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান আগৰ তুলনাত উন্নত হৈছে। কিন্তু কেতিয়াবা আকৌ ভাৱ হয় যে আমাৰ দিনতহে বেছি ভাল আছিল। লৰা-ছোৱালীক পঢ়ুৱাবলৈ এৰি যদি শিক্ষক অন্য কামতে ব্যস্ত হবলগা হয়, তেন্তে শিক্ষাৰ মান উন্নত হোৱা বুলি কেনেকৈ ভাবিম? ল’ৰা-ছোৱালী দুটাই কৈ থাকে- দেউতা আজি ছাৰে অমুক কৰিব দিছে, কালি তমুক কৰিব দিছে... সদায় নতুন নতুন কাম। কিন্তু এইবোৰ কামে সিঁহতৰ দক্ষতা বিকাশ কৰিব পৰা নাই, বৰং ভেকোঁভাওনাহে হৈছে। ধন নাই বাবে চৰকাৰী বিদ্যালয়তে সিঁহতক পঢ়ুৱাইছো। নহ’লে মোৰো সিঁহতক প্ৰাইভেটত পঢ়ুৱাই ‘ভাল মানুহ’ কৰিবৰ মন।’’