শক্তিশালী সামৰিক বাহিনী, পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ আৰু বিশ্বৰ ভিতৰতে সুপ্ৰসিদ্ধ অত্যাধুনিক চোৰাংচোৱা সংস্থাৰে মধ্যপ্ৰাচ্যৰ অন্যতম শক্তিশালী দেশ হোৱাৰ পিছতো এতিয়া ইজৰাইলত বিৰাজ কৰিছে আতংকই। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আকস্মিক আক্ৰমণত একপ্ৰকাৰ বিভীষিকা নামে ইজৰাইলত। মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰখনত সংঘটিত এই আকস্মিক আক্ৰমণে এতিয়া আতংকিত কৰি তুলিছে বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহকো। 

শনিবাৰে পুৱতি নিশা যি সময়ত সীমান্তৰ সমীপৰ গাঁও আৰু চহৰত লাখ লাখ ইজৰাইলীয়ে সুখনিন্দ্ৰাত বিভোৰ আছিল, সেই সময়তে গোপনে ইজৰাইলৰ বুকুত সন্ত্ৰাস নমাই অনাৰ পৰিকল্প্নাত ব্যস্ত আছিল পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছ। পুৱতি নিশা প্ৰায় ২ বজাত হঠাত্ আকাশত কোৰ্হাল তুলিছিল হাজাৰ হাজাৰ ৰকেট আৰু ড্ৰোণৰ শব্দই। গোলা-বাৰুদ আৰু সীমান্তৰ বেৰৰ তলৰ সুৰংগেৰে ইজৰাইলত প্ৰৱেশ কৰা শ শ হামাছ সন্ত্ৰাসবাদীৰ পদধ্বনিয়ে নিদ্ৰা হৰণ কৰিছিল ইজৰাইলী নাগৰিক আৰু সেনাৰ। 

কিন্তু পৰিস্থিতি অনুধাৱন কৰাৰ পূৰ্বেই বিভীষিকা নামিছিল ইজৰাইলৰ সীমান্তৱৰ্তী অঞ্চল ছডেৰ’ট, নেটিভট, অফাকিম, আচকলন, ইচকোল আদিত। ৰকেট আৰু ড্ৰোণ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লৰাঢপৰা লাগে লাখ লাখ ইজৰাইলীৰ মাজত। শ শ ঘৰ এই আক্ৰমণত ছাই হৈ পৰে। বিদ্যুৎ কেন্দ্ৰ, সামৰিক ঘাটি, বিমানবন্দৰ, চৰকাৰী ভৱন আদিতো সংঘটিত আক্ৰমণে একপ্ৰকাৰ ধ্বংসাৱশেষত পৰিণত কৰে ইজৰাইলক।

আন্তঃৰাষ্ট্ৰীয় সংস্থা বিবিচিৰ বাতৰি অনুসৰি নিশা প্ৰায় ৫ হাজাৰ ৰকেট আৰু ড্ৰোণেৰে দক্ষিণ আৰু মধ্য ইজৰাইলত এই আক্ৰমণ চলায় হামাছে। ইয়াৰোপৰিও এছাল্ট ৰাইফল, গ্ৰেনেড, বিস্ফোৰক, এণ্টি টেংক মিছাইল আদিৰে সজ্জিত কেইবা শ সন্ত্ৰাসবাদীয়ে সীমান্তৰ বেঁৰৰ তলৰ সুৰংগৰে ইজৰাইলত অনুপ্ৰৱেশ কৰি সাধাৰণ নাগৰিক আৰু সেনাৰ ওপৰত আক্ৰমণ চলায়। পণবন্দী কৰি বোমাৰে উৰুৱাই দিয়া হয় কেইবাখনো দলং আৰু কেইবাটাও পথ।

বাতৰি অনুসৰি প্ৰায় ৬ ঘণ্টা ধৰি চলা এই আক্ৰমণত ২০০ৰো অধিক ইজৰাইলী নাগৰিক আৰু সেনা নিহত হোৱাৰ লগতে ১৫০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। নিহত আৰু আহত সকলৰ ভিতৰত আছে সাংবাদিক, ৰাজনীতিবিদ, গৰ্ভৱতী মহিলা, শিশু আদিও। পুৱতি নিশাৰ এই ভয়ংকৰ বিভীষিকাত নিহতৰ সংখ্যা অধিক হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে কেইবাটাও স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই।

ইফালে হামাছৰ এই আকস্মিক আক্ৰমণক প্ৰতিহত কৰিবলৈ পৰৱৰ্তী সময়ত উঠিপৰি লাগে ইজৰাইলী সেনাও। ইজৰাইল চৰকাৰৰ এক বিবৃতি অনুসৰি গাজাত ইজৰাইলী সেনাই সংঘটিত কৰা বিমান আক্ৰমণত হামাছৰ নেতা, সেনাপ্ৰধান আৰু সন্ত্ৰাসবাদী সদস্যসহ ২৩২ জন পেলেষ্টাইনী নিহত হোৱাৰ লগতে ১৭০০ৰো অধিক পেলেষ্টাইনী আহত হয়।  

২০২১ চনৰ মে’ত ইজৰাইলাৰ গাজা দখলৰ প্ৰয়াসৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজত সূত্ৰপাত ঘটা ১১ দিনীয়া যুদ্ধৰ পিছত এয়া ইজৰাইলৰ বুকুত হামাজৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি অভিহিত কৰিছে বহুতে। উল্লেখ্যে ২০২১ৰ মে’ত পূব জেৰুজালেমৰ শ্বেইখ জাৰাহৰ চুবুৰীৰ ৬টা পেলেষ্টাইনী পৰিয়ালক উচ্ছেদ কৰাৰ ইজৰাইল উচ্চতম ন্যায়ালয়ৰ প্ৰত্যাশিত সিদ্ধান্ত আৰু ইজৰাইল আৰক্ষীয়ে আল আকছা মছজিদৰ চৌহদত চলোৱা আক্ৰমণৰ পৰিণতিত সূত্ৰপাত ঘটা যুদ্ধত ২৫৬ গৰাকী পেলেষ্টাইনী আৰু ১২ জন ইজৰাইলী নিহত হোৱাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ হাজাৰ হাজাৰ লোক আহত হৈছিল। ২১ মে’ত যুদ্ধবিৰতিৰ জৰিয়তে এই সংঘাতৰ অন্ত পৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত সমস্যাসমূহ এতিয়াও সমাধান হোৱা নাই।

ব্যৰ্থ মোছাদ! বেহু ভেদি আক্ৰমণ হামাছৰ

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ চোৰাংচোৱা সংস্থা হিচাপে খ্যাতি অৰ্জন কৰাৰ পিছতো ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ আগজাননী লাভ আৰু প্ৰতিৰোধ কৰাত ব্যৰ্থ হয় ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদ। ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গাজাৰ পৰা হামাছে হাজাৰ হাজাৰ ৰকেট আৰু ড্ৰোন নিক্ষেপ কৰাৰ পৰিকল্পনাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আছিল মোছাদ। আনকি সীমান্তৰ বেৰৰ তলৰ সুৰংগৰে শ শ সন্ত্ৰাসবাদীক ইজৰাইলত অনুপ্ৰৱেশ ঘটোৱা সন্দৰ্ভতো মোছাদে আগতীয়াকৈ লাভ কৰা নাছিল কোনো খবৰ। 

মোছাদে আক্ৰমণত যোগদান কৰা ইছলামিক জেহাদ আৰু ইজৰাইলী সন্ত্ৰাসবাদী সংগঠনৰ হামাছৰ সৈতে সমন্বয় ধৰা পেলাবলৈও সক্ষম হোৱা নাছিল মোছাদ। এনে কাৰণতে অতি সহজতে হামাছে এই আক্ৰমণ সংঘটিত কৰিবলৈ সক্ষম হ’ল বুলি এতিয়া বহুতে মন্তব্য কৰিছে। একাংশ বিশ্লেষকে মোছাদৰ ব্যৰ্থতাৰ কাৰণ গাজাৰ ভিতৰত চোৰাংচোৱা সংস্থাটোৰ অতি আত্মবিশ্বাস, আত্মতুষ্টি আৰু মানৱ উৎসৰ অভাৱ বুলি কয়। আন একাংশই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু লেবাননত হিজবুল্লাহৰ কাৰ্যকলাপৰ দৰে অন্যান্য ভাবুকিৰ ওপৰত মোছাদৰ মনোনিৱেশৰ বাবে দোষাৰোপ কৰে।

১৯৪৯ চনত ইজৰাইলী প্ৰধানমন্ত্ৰী ডেভিদ বেন-গুৰিয়ানে ৰাষ্ট্ৰখনৰ নিৰাপত্তা সেৱাসমূহৰ মাজত সমম্বয় আৰু সহযোগিতা উন্নত কৰাৰ লক্ষ্যৰে গঠন কৰিছিল মোছাদ নামৰ কেন্দ্ৰীয় সংস্থাটো। হিব্ৰু ভাষাত মোছাদ শব্দৰ অৰ্থ হৈছে "চোৰাংচোৱা আৰু বিশেষ অভিযানৰ প্ৰতিষ্ঠান"।  উল্লেখ্য যে, এই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটো পোনপটীয়াকৈ আৰু কেৱল ইজৰাইলৰ প্ৰধানমন্ত্ৰীকহে ৰিপৰ্ট প্ৰদান কৰিবলৈ দায়বদ্ধ। 


হামাছৰ আক্ৰমণৰ পিছত গাজাত ইজৰাইলৰ প্ৰত্যুত্তৰ, ফটোঃ  Mohammed Saber/EPA

বিভিন্ন কামৰ বাবে মোছাদত আছে কেইবাটাও বিভাগ। এই বিভাগসমূহে ভাগে ভাগে নিজৰ নিজৰ অধীনস্থ কামবোৰৰ পৰ্যালোচনা কৰে। মোছাদৰ সৰ্বোচ্ছ বিভাগটোৱেই হৈছে ট্জোমেট বিভাগ। এই বিভাগটোৱে বহিঃৰাষ্ট্ৰত চোৰাংচোৱাগিৰি চলোৱাৰ লগতে ভিন্ন ৰাষ্ট্ৰত এজেণ্ট নিযুক্তি দিয়ে। কিডন ইউনিট নামৰ আন এটা বিভাগে প্ৰয়োজনত বিশেষ অভিযান চলায়। সেইদৰে গৱেষণা, প্ৰযুক্তি, চাইবাৰ যুদ্ধ, মানসিক যুদ্ধ, বিদেশী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগৰ বাবেও মোছাদৰ বিভাগ আছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা “ফৰেইন এফেয়াৰ্ছ”ৰ  মতে, মোছাদৰ বাৰ্ষিক বাজেট হৈছে প্ৰায় ১০ বিলিয়ন চেকেল (২.৭৩ বিলিয়ন মাৰ্কিন ডলাৰ)। এই চোৰাংচোৱা সংস্থাটোত মুঠ ৭ হাজাৰ লোক বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে। 

সমগ্ৰ বিশ্বজুৰি সাহসী আৰু বিতৰ্কিত অভিযান চলোৱাৰ বাবে পৰিচিত হৈ আহিছে মোছাদ। চোৰাংচোৱা সংস্থাটোৰ কিছু অভিযানক সাহসী বুলি প্ৰশংসা কৰাৰ বিপৰীতে আন কিছু অভিযান অবৈধ আৰু অনৈতিক বুলিও গৰিহণা দিয়া হৈছে।  ১৯৬০ চনত আৰ্জেণ্টিনাত নাজী যুদ্ধাপৰাধী এডলফ আইচমেনক বন্দী কৰি বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছিল মোছাদ। একেদৰে ১৯৭৬ চনত উগাণ্ডাৰ এণ্টেবে বিমানবন্দৰৰ পৰা ইজৰাইলী পণবন্দীক উদ্ধাৰ কৰা, ১৯৭২-১৯৭৯ চনত মিউনিখ হত্যাকাণ্ডৰ লগত জড়িত পেলেষ্টাইনী সন্ত্ৰাসবাদীক হত্যা কৰা, ২০১০-২০১২ চনত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত মোছাদৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা। কিন্তু ২০২০ চনত ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী মহচেন ফাখ্ৰিজাদেহৰ হত্যাকাণ্ডত মোছাদ জড়িত থকাৰো অভিযোগ উত্থাপন হৈছিল। ইয়াৰোপৰি ২০১০ চনত ডুবাই আৰু ২০১৫ চনত ইৰাণ পাৰমাণৱিক চুক্তিৰ আলোচনাৰ সময়ত আমেৰিকাৰ বিষয়াসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰাক লৈও বিতৰ্কিত হৈ পৰিছিল ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদ।

৫০ বছৰ পূৰ্বে অক্টোবৰ মাহতে সংঘটিত হৈছিল আন এক আকস্মিক আক্ৰমণ

বিবিচিৰ আন্তঃৰাষ্ট্ৰীয় সম্পাদক জেৰেমি বৱেনে এক প্ৰতিবেদনত উল্লেখ কৰা মতে, ইজৰাইলৰ বাবে অক্টোবৰ মাহটো ৫০ বছৰ পূৰ্বেও অভিশপ্ত বুলি বিবেচিত হৈছিল। হামাছে ইজৰাইলৰ মাটিত আকস্মিক আক্ৰমণ সংঘটিত কৰা দিনটোৰ এদিন পূৰ্বে অৰ্থাৎ ৬ অক্টোবৰৰ দিনটোতে ৫০ বছৰ পূৰ্বে ইজৰাইলৰ মাটিত সংঘটিত হৈছিল দুই ৰাষ্ট্ৰৰ এক আকস্মিক আক্ৰমণ।

১৯৭৩ চনৰ অক্টোবৰত  ইজিপ্ত আৰু ছিৰিয়াই মিলি আৰৱৰ সহযোগত ইজৰাইলৰ ওপৰত সংঘটিত কৰিছিল এই আক্ৰমণ। ৫০ বছৰ পুৰণি সেই আক্ৰমণ ইহুদীসকলৰ পৱিত্ৰ দিন যোম কিপ্পুৰত সংঘটিত হোৱা বাবেই সেই যুদ্ধখন যোম কিপ্পুৰ যুদ্ধ নামেৰেও জনা যায়। ১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধত ইজৰাইলে ইজিপ্ত আৰু ছিৰিয়াৰ পৰা দখল কৰা ভূখণ্ড যেনে চিনাই উপদ্বীপ আৰু গোলান হাইটছ পুনৰ দখল কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলাইছিল দুয়োখন ৰাষ্ট্ৰই।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আনোৱাৰ সাদাত আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি হাফেজ আল আছাদৰ পৰিকল্পনা আৰু সমন্বয়ত আৰু আৰৱ দেশ আৰু ছোভিয়েট ইউনিয়নৰ সহযোগত এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। ইজিপ্তৰ বাহিনীয়ে ছুৱেজ খাল পাৰ হৈ বাৰ লেভ লাইন নামেৰে জনাজাত ইজৰাইলৰ প্ৰতিৰক্ষা ৰেখা ভংগ কৰাৰ বিপৰীতে ছিৰিয়াৰ বাহিনীয়ে গোলান হাইটছত আগবাঢ়ি গৈ শ’লঠেকত পেলাবলৈ সক্ষম হৈছিল ইজৰাইলক। 

ইজৰাইলে অৱশ্যে ক্ষিপ্ৰতাৰে নিজকে সংগঠিত কৰি আমেৰিকাৰ সামৰিক সাহায্য আৰু চোৰাংচোৱাৰ সহায়ত আৰৱৰ অগ্ৰগতি ৰুদ্ধ কৰিবলৈ সক্ষম হৈছিল। একে সময়তে ইজৰাইলী সেনাই দক্ষিণ দিশতো দ্বিতীয় ফ্ৰণ্ট মুকলি কৰি ছুৱেজ খাল পাৰ হৈ অহা ইজিপ্তৰ সেনাবাহিনীক প্ৰতিৰোধ কৰে। ১৯৭৩ চনৰ ২৫ অক্টোবৰত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ কূটনৈতিক হস্তক্ষেপৰ পিছত যুদ্ধবিৰতিৰে যুদ্ধৰ অন্ত পৰে।

১৯৭৩ৰ সেই যুদ্ধ আজিও উল্লেখযোগ্য ৰাজনৈতিক আৰু সামৰিক পৰিঘটনা ৰূপে চিত্ৰিত হৈ আহিছে। সেই যুদ্ধখনত ইজিপ্ত আৰু ছিৰিয়াই ৰাষ্ট্ৰদুখনৰ হেৰুওৱা ভূখণ্ডৰ কিছু অংশ পুনৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰব বিশ্বত নিজৰ প্ৰতিপত্তি ঘূৰাই আনিবলৈ সক্ষম হৈছিল। ইজৰাইলৰ সৈতে ভৱিষ্যতে শান্তি আলোচনাৰ পথো মুকলি কৰি দিছিল সেই যুদ্ধই। এই যুদ্ধই বিশ্বৰ দৃশ্যপটতো প্ৰভাৱ পেলাইছিল, কিয়নো ইয়াৰ ফলত তেলৰ সংকট আৰু শীতল যুদ্ধৰ সংঘৰ্ষৰ সূচনা হৈছিল। আৰৱ বিশ্বৰ তেল উৎপাদনকাৰী দেশসমূহে ইজৰাইলক সমৰ্থন কৰা দেশসমূহলৈ তেল ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি হোৱাৰ লগতে পশ্চিমীয়া অৰ্থনীতিত মন্দাৱস্থাৰ সৃষ্টি হয়।

ইজৰাইলক ঘৃণা কৰা হামাছৰ ইতিহাস

গাজা ষ্ট্ৰিপ নিয়ন্ত্ৰণ কৰা আৰু ইজৰাইলৰ অস্তিত্বৰ বিৰোধিতা কৰি অহা হামাছ এটা পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন। ১৯৮৭ চনত মুছলিম ব্ৰাদাৰহুডৰ এক শাখা হিচাপে প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৱে তেতিয়াৰ পৰা ইজৰাইলৰ সৈতে কেইবাখনো যুদ্ধ চলাই আহিছে। সামগ্ৰিকভাৱে হামাছ বা কিছুমান ক্ষেত্ৰত ইয়াৰ সামৰিক শাখাটোক ইজৰাইল, আমেৰিকা, ইউৰোপীয় সংঘ, যুক্তৰাজ্য আৰু অন্যান্য দেশসমূহে সন্ত্ৰাসবাদী গোট বুলি অভিহিত কৰিছে। 

হামাছৰ মতাদৰ্শ হৈছে আৰৱ বিশ্বজুৰি ইছলামিক ধৰ্মীয় আদৰ্শ আৰু পেলেষ্টাইনী জাতীয়তাবাদৰ সংশ্লেষণ। পেলেষ্টাইনত ইছলামিক ৰাষ্ট্ৰ স্থাপনৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা হোৱা হামাছৰ সংবিধান বহু পৰিমাণে কোৰআনৰ আয়াত আৰু ইছলামিক মতাদৰ্শৰ ওপৰতে আধাৰিত। মূলতঃ দুটা শাখাত বিভক্ত এই সন্ত্ৰাসবাদী সংগঠনটো। হামাছৰ সাংস্কৃতিক শাখাটোৰ নাম হৈছে ডাৱাহ, আনহাতে সামৰিক শাখাটোৰ নাম হৈছে ইজ্জ আদ-দিন আল-কাছাম ব্ৰিগেড। এই সামৰিক শাখাটোৱেই ১৯৯০ চনৰ পৰা ইজৰাইল আৰু পেলেষ্টাইন উভয় ভূখণ্ডতে ইজৰাইল বিৰোধী বহু আক্ৰমণ চলাই আহিছে। এই আক্ৰমণসমূহৰ ভিতৰত আছে ইজৰাইলী অসামৰিক ক্ষেত্ৰত বৃহৎ পৰিসৰৰ বোমা বিস্ফোৰণ, ক্ষুদ্ৰ অস্ত্ৰ আক্ৰমণ, আইইডি বিস্ফোৰণ, ৰকেট আক্ৰমণ আদি।

১৯৯৬ চনত ইজৰাইলত হামাছে সংঘটিত কৰিছিল চাৰিটা আত্মঘাতী বোমা বিস্ফোৰণ। সেই বিস্ফোৰণত ৫৯ জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল ২০০ৰো অধিক লোক। ২০০২ চনত নেতানিয়াৰ এখন হোটেলত ৩০ জন লোকৰ মৃত্যু আৰু ১৪০ জন আহত হোৱা ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ আঁৰতো আছিল হামাছ। ২০০৬ চনত ইজৰাইলৰ সেনা গিলাদ শ্বালিটক অপহৰণ কৰা আৰু তেওঁক পাঁচ বছৰ ধৰি বন্দী কৰি ৰাখিছিল হামাছে। ২০১৪ চনত ইজৰাইলত হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰি ৫০ দিনীয়া যুদ্ধৰ সূচনা কৰিছিল এই পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠনটোৱে। এই যুদ্ধৰ সময়ত ২০০০ৰো অধিক পেলেষ্টাইনী আৰু ৭৩ জন ইজৰাইলীৰ মৃত্যু ঘটিছিল। হামাছে দাবী কৰে যে তেওঁলোকৰ আক্ৰমণ ইজৰাইলৰ আগ্ৰাসন আৰু দখলৰ প্ৰত্যুত্তৰ। আনহাতে ইজৰাইলে হামাছক নিজৰ নিৰাপত্তা আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰে। 

ইজৰাইলৰ ওপৰত কিয় হামাছৰ এই আক্ৰমণ?

ইজৰাইলত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা মধ্যপ্ৰাচ্যৰ বিশেষজ্ঞ মাৰ্টিন ইণ্ডিকে ইজৰাইলত হামছাৰ আকস্মিক আক্ৰমণ সন্দৰ্ভত কয় যে এই আক্ৰমণ ইজৰাইলৰ চোৰাংচোৱা সংস্থাৰ ব্যৰ্থতাৰ পৰিণতি। ইণ্ডিকে কয় যে হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি ৰাষ্ট্ৰখনৰ সামৰিক আৰু চোৰাংচোৱাৰ শ্ৰেষ্ঠত্বক প্ৰত্যাহ্বান জনাব বিচাৰিছে। ইয়াৰোপৰিও আৰব বিশ্বৰ সৈতে আলোচনাত ব্যাঘাত জন্মাবলৈ, ৰাজনৈতিক আৰু সামাজিক বিভাজনৰ শোষণ কৰিবলৈ, গাজা দখল আৰু অৱৰোধৰ প্ৰতি সঁহাৰি জনাবলৈ আৰু পেলেষ্টাইনৰ কাৰ্য্যৰ ওপৰত নিজৰ নেতৃত্ব দৃঢ় কৰিবলৈ এই আক্ৰমণ হামাছে চলায়। তেওঁ কয়, ''হামাছে কেইবামাহো ধৰি এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই আহিছিল আৰু অন্যান্য পেলেষ্টাইনী দল আৰু ইৰাণৰ সৈতে সমন্বয় কৰি ইজৰাইলত হাজাৰ হাজাৰ ৰকেট, ড্ৰ’ন আৰু উগ্ৰপন্থী নিক্ষেপ কৰিছিল। হামাছৰ এই আকস্মিক আক্ৰমণে ইজৰাইলৰ নিৰাপত্তা আৰু প্ৰতিপত্তিৰ লগতে অঞ্চলটোত শান্তিৰ সম্ভাৱনাৰ ওপৰতো এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে।’’

ইণ্ডিকে লগতে কয় যে ইজৰাইলে কেনেকৈ সঁহাৰি জনাব আৰু ইয়াৰ পিছত কি কৰিব সেই সম্পৰ্কেও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ কয় যে ইজৰাইলে গাজাত বোমা বিস্ফোৰণ কৰি প্ৰত্যুত্তৰ দিব পাৰে, কিন্তু ইয়াৰ ফলত হামাছৰ ক্ষমতাৰ দখল দুৰ্বল নহ’ব বা ভৱিষ্যতেও আক্ৰমণ ৰোধ হোৱাৰ সম্ভাৱনা ক্ষীণ। তেওঁ কয় যে ইজৰাইলে গাজাত স্থলপথ আক্ৰমণো কৰিব পাৰে, কিন্তু সেয়া ব্যয়বহুল আৰু বিপদজনক হ’ব। তেওঁ কয় যে ইজৰাইলে হামাছৰ সৈতে যুদ্ধবিৰতিৰ আলোচনাৰ চেষ্টাও কৰিব পাৰে, কিন্তু তাৰ বাবে ৰেহাই আৰু নিশ্চয়তাৰ প্ৰয়োজন হ’ব। তেওঁ কয় যে ইজৰাইলে সামৰিক সমাধানৰ পৰিৱৰ্তে ৰাজনৈতিক সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজন।

মাৰ্টিন ইণ্ডিকে কয়, ''এই আক্ৰমণে ইজৰাইলৰ দুৰ্বলতা আৰু সীমাবদ্ধতাৰ লগতে হামাছৰ সামৰ্থ্য আৰু উচ্চাকাংক্ষাও উন্মোচিত কৰিছে। ইয়াৰ ফলত ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্ক, আৰৱ বিশ্ব আৰু আন্তঃৰাষ্ট্ৰীয় সমাজৰ সম্পৰ্কতো প্ৰভাৱ পৰিছে। যাৰ বাবে পেলেষ্টাইনৰ কাৰ্য্যৰ ভৱিষ্যত আৰু শান্তি প্ৰক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।’’

ইজৰাইলত হামাছৰ আক্ৰমণ, আন্তৰ্জাতিক প্ৰতিক্ৰিয়া

ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ প্ৰতি আন্তৰ্জাতিক সমাজে স্তম্ভিত আৰু নিন্দা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংকটৰ বিষয়ে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক অনুষ্ঠিত কৰি শীঘ্ৰে যুদ্ধবিৰতিৰ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাত তেওঁ “গভীৰভাৱে আতংকিত” হোৱা বুলি কয় আৰু দুয়োপক্ষকে “এই উন্মাদনা বন্ধ কৰিবলৈ” আহ্বান জনায়। লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও তেওঁ সংহতি প্ৰকাশ কৰে।

আমেৰিকাই হামাছৰ আক্ৰমণক “বিচাৰহীন” আৰু “সন্ত্রাসবাদী” বুলি গৰিহণা দি ইজৰাইলৰ পক্ষত থিয় দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে কথা পাতি ইজৰাইলক প্ৰয়োজনীয় যিকোনো সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ নেতানিয়াহুক সাধাৰণ নাগৰিক হতাহত হোৱাৰ পৰা হাত সাৰিবলৈ আৰু ডি-এস্কেলেচনৰ দিশত কাম কৰিবলৈও আহ্বান জনায়।

আন দেশসমূহেও এই সংঘাত সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। ফ্ৰান্স, জাৰ্মানী, যুক্তৰাজ্য, কানাডা, অষ্ট্ৰেলিয়া, ভাৰত আদি ৰাষ্ট্ৰই হামাছৰ আগ্ৰাসনক গৰিহণা দি ইজৰাইলৰ পক্ষ লয়। আনহাতে ইৰাণ, ছিৰিয়া, তুৰস্ক, কাটাৰ, মালয়েছিয়া আদি ৰাষ্ট্ৰই ইজৰাইলৰ দখলক গৰিহণা দি অৱৰোধ বন্ধ কৰাৰ আহ্বান জনাই পেলেষ্টাইনৰ পক্ষ লোৱাও দেখা যায়। ইজিপ্ত, জৰ্ডান, চৌদি আৰব, ৰাছিয়া আদি ৰাষ্ট্ৰই দুয়োখন ৰাষ্ট্ৰৰ মাজত আলোচনা আয়োজন কৰাৰ প্ৰস্তাৱ দি শান্তি প্ৰক্ৰিয়ালৈ ঘূৰি অহাৰ আহ্বান জনায়।

পৰৱৰ্তী কি?

ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত এতিয়াও শেষ হোৱা নাই। যুদ্ধবিৰতিৰ আহ্বান সত্ত্বেও দুয়োপক্ষই দাবী পূৰণ নোহোৱালৈকে যুদ্ধ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে। হামাছে ইজৰাইলক গাজা দখল আৰু অৱৰোধৰ অন্ত পেলাবলৈ, নিজৰ বন্দীসকলক মুকলি কৰি দিবলৈ আৰু নিজৰ অধিকাৰক সন্মান কৰিবলৈ দাবী জনাইছে। ইজৰাইলে হামাছক ৰকেট আক্ৰমণ বন্ধ কৰি হিংসা ত্যাগ কৰিবলৈ, নিজৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ আৰু নিজৰ চৰ্তসমূহ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। কিন্তু এই পৰ্যন্ত কোনো পক্ষই আপোচ বা আলোচনা কৰিবলৈ ইচ্ছুক যেন অনুভৱ নহয়।

এই সংঘাতৰ প্ৰভাৱ ইজৰাইল বা পেলেষ্টাইনৰ লগতে বিশ্বৰ ওপৰতো পৰিছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, ছিৰিয়াৰ গৃহযুদ্ধ, লেবাননৰ সংকট আৰু য়েমেনৰ সংঘাতক লৈ ইতিমধ্যে উত্তেজনা অধিক হোৱা মধ্যপ্ৰাচ্যত এই সংঘাতৰ ফলত অধিক হিংসাত্মক পৰিস্থিতি আৰু অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে বুলি বহু বিশ্লেষকে আশংকা কৰিছে। বিশ্লেষকৰ মতে, এই সংঘাতে বিশ্বৰ অৰ্থনীতি আৰু নিৰাপত্তাতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত বাণিজ্য, ভ্ৰমণ, শক্তি আৰু কূটনীতিত ব্যাঘাত জন্মিব পাৰে। দশক দশক ধৰি ইয়াৰ সমাধানত ব্যৰ্থ হোৱা আন্তঃৰাষ্ট্ৰীয় সমাজৰ বাবেও এই সংঘাতে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমাজে সংঘাতৰ অন্ত পেলাবলৈ বিভিন্ন পন্থাৰে চেষ্টা কৰিছে। কিন্তু এইবোৰৰ কোনোটোৱেই ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত স্থায়ী শান্তি চুক্তি লাভ কৰাত সফল হোৱা নাই। 

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ সংঘাত ইতিহাসৰ অন্যতম জটিল আৰু দুৰ্গম সংঘাত। ইয়াৰ মূলতে আছে ভূমি, ধৰ্ম, পৰিচয়, ইতিহাস, ন্যায়ৰ বিবাদ। ইয়াক ভয়, ঘৃণা, হিংসা আৰু উগ্ৰবাদে ইন্ধন যোগাই আহিছে দশক দশক ধৰি। যাৰ বাবে অতি সোনকালে এই সংঘাতৰ অন্ত পৰাৰ সম্ভাৱনা নাই বুলিয়েই কূটনীতিবিদসকলে ক’ব খোজে।

মণিপুৰক লৈ মৌন প্ৰধানমন্ত্ৰী মোদী হঠাৎ সৰৱ!

ইজৰাইৰল ওপৰত হামাছে আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰ’ব্লগিং ছাইট 'এক্স’ (পূৰ্বৰ টুইটাৰ)যোগে নিজৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 'এক্স’ৰ পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, 'ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই মৰ্মাহত হৈ পৰিছো। নিৰ্দোষী ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছো। এই কঠিন সময়ত আমি ইজৰাইলৰ সৈতে ঐক্যৱদ্ধভাৱে আছো।’

ইফালে ইজৰাইলৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতে সৰৱ হৈ পৰিছে বিৰোধী। তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেত গোখলেই মোদীৰ এই টুইটৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে ইজৰাইলক লৈ তাৎক্ষণিক টুইট কৰিব পাৰে, কিন্তু নিজ দেশৰ এখন ৰাজ্য মণিপুৰক লৈ একেগৰাকী প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিনীয়া মৌনতা অৱলম্বন কৰিছিল।

'এক্স’ত তেওঁ মোদীক সমালোচনা কৰি লিখিছে, 'মোদীয়ে ইজাৰইলক লৈ লগে লগে টুইট কৰিব পাৰে, কিন্তু নিজ দেশৰে মণিপুৰক লৈ মোদী মৌন। আনকি জি-২০ৰ সময়ত নিকা ভাৱমূৰ্তি অক্ষুন্ন ৰাখিবলৈ মোদী চৰকাৰে মণিপুৰক লৈ মই কৰা টুইটো ব্লক কৰি দিছিল। নিজকে বিশ্বগুৰু বুলি দেখুৱাবলৈ দৈ মোদীয়ে নিজ দেশৰ মণিপুৰত সংঘটিত হত্যা আৰু ধৰ্ষণ কাণ্ডক দেখিও নেদেখাৰ ভাও ধৰিছে।’