ডিজিটেল ডেস্কঃ আমেৰিকাৰ হাৱাই দ্বীপপুঞ্জৰ কিলাউৱা আগ্নেয়গিৰিৰ পৰা বৃহস্পতিবাৰৰে পৰা লাভা উদগীৰণ হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

আবাসিক এলেকাৰ সমপীতে হোৱা উদগীৰণৰ ফলত নাগৰিক ভয়ত বিতত হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধকালীন তৎপৰতাৰে সমগ্ৰ অঞ্চলটোৰ নিবাসীসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে।

১৭০০ বাসিন্দাক সেই এলেকা অনিৰ্দিষ্ট কাললৈ এৰি যাবলৈ কোৱাত তালি-টোপোলা বান্ধি নিৰাপদ স্থান অভিমুখে যাত্ৰা কৰিছে ভালেমান নাগৰিকে। নাগৰিকক আশ্ৰয় প্ৰদান কৰাৰ বাবে ততাতৈয়াকৈ সামুহিক কেন্দ্ৰৰ খোলা হৈছে।

কেবাদিনো ধৰি হোৱা ভূমিকম্পৰ ফলতে কিলিউৱা পৰ্বতত থকা আগ্নেয়গিৰিৰ খাদ এটা ফাঁট মেলি লাভা পৰ্বতৰ পৰা পাদদেশলৈ নামি অহিছে।