ডিজিটেল ডেস্কঃ চোফিয়াই চুম্বন কৰিব নিদিলে হলিউডৰ চুপাৰষ্টাৰ বিল স্মিথক৷ বিল স্মিথ বিশ্বৰ প্ৰথমগৰাকী নাগৰিক যিয়ে প্ৰথম বাৰৰ বাবে চোফিয়াৰ সৈতে ডেটিঙত গৈছিল৷ হলিউডৰ চুপাষ্টাৰ বিল স্মিথে চোফিয়াক ডেটিঙৰ সময়ত চুম্বন কৰিব বিচাৰিছিল যদিও চোফিয়াই স্পষ্ট কৰে তেওঁলোক তেতিয়ালৈকে কেৱল বন্ধু হে৷ প্ৰথমে তেওলোকে নিজকে বুজি লওক৷ 

তাৰ পিছতেই চোফিয়াই মিচিকিয়া হাঁহিৰে চকু টিপ মাৰে বিল স্মিথক৷ চোফিয়াৰ এই ব্যৱহাৰ এতিয়া বিশ্বত চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই ভিডিঅ’টো ইউটিউবৰ পৰা লাখ লাখ লােকে চেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে৷ 

⇒কিন্তু চফিয়া কোন?

প্ৰকৃততে চোফিয়া এগৰাকী ৰবটহে৷ চৌডি আৰবে চোফিয়াক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম দেশ হিচাপে স্বীকৃতি লাভ কৰিছে৷ চৌডি আৰবৰ পাব্লিক ৰিলেশ্বন এফেয়াৰ্চ সমিতিয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছিল প্ৰায় ৫মাহ পূৰ্বে। ‘ৰবট চোফিয়া পৃথিৱীৰ প্ৰথম ৰবট যিয়ে লাভ কৰিছে চৌডি নাগৰিকত্ব’৷ হলিউডৰ চুপাৰষ্টাৰ বিল স্মিথে চুম্বন কৰিব খুজি বিমূখ হোৱা চোফিয়া হৈছে বিশ্বৰ বেছি চৰ্চিত ৰবট৷

যাৰ সৈতে ডেটিঙত গৈ চুম্বন কৰিব খুজিছিল হলিউডৰ চুপাৰষ্টাৰ স্মিথে৷ ৰবটৰ সৈতে ডেটিং কৰা আৰু চুম্বন কৰিব খোজা প্ৰথমগৰাকী লোক হৈ পৰিছে বিল স্মিথ৷ বিল স্মিথে প্ৰথমে চোফিয়াক সুধিছিল তেওঁৰ প্ৰিয় মিউজিক কি? চোফিয়াই ইলেকট্ৰনিক মিউজিক বহুত পচন্দ কৰে বুলি কয়৷ চোফিয়াই বিল স্মিথৰ গান শুনে যদিও বিশেষ নহয় বুলি কয় তেওঁৰ গান৷  

৫ মাহ পূৰ্বে এটি টিভি চেনেলৰ অনুষ্ঠানত অংশ লৈ চকুৰ পলক নমাই মিচিকিয়া হাঁহিৰে চোফিয়াই কৈছিল তেওঁ বিশ্বৰ সকলো মানুহৰ মাজত বিশ্বাস জন্মাবলৈ চেষ্টা কৰিব৷ বিশ্বৰ প্ৰথম ৰবট হিচাপে চোফিয়াই লাভ কৰিছে নাগৰিকত্ব৷ নাগৰিকত্ব পোৱাৰ পিছত চোফিয়াই কৈছিল ‘মই এই বিশিষ্ট গৌৰৱৰ ওপৰত বহুত সন্মানিত অনুভৱ কৰি আছো, পোন প্ৰথমবাৰৰ বাবে কোনো ৰবট নাগৰিকত্বৰে পৰিচিত হোৱাটো ঐতিহাসিকতা হ’য়৷’