ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰৰ শ্ৰীনগৰত নিৰাপত্তাবাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ এক সংঘৰ্ষত ৩গৰাকী সন্ত্ৰাসবাদী নিহত হয়৷ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলা গুলিয়াগুলীত এগৰাকী সাধাৰণ নাগৰিকৰো মৃত্যু ঘটে৷ আনহাতে সন্ত্ৰাসবাদীৰ গুলিবৰ্ষনত চিআৰপিএফৰ ৩ গৰাকী জোৱানো আহত হয়৷ 

শ্ৰীনগৰৰ তাবেলা চট্টবাল এলেকাৰ এটি ঘৰত কেইবাজনো সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল৷ শনিবাৰে সন্ত্ৰাসবাদী কেইজনৰ আত্মগোপনৰ খবৰ লাভ কৰি জন্মু-কাশ্মীৰৰ আৰক্ষী আৰু চিৰআৰপিএফে মিলি এক অভিযান চলায়৷ 

নিৰপত্তাবাহিনীয়ে সন্ত্ৰাসবাদীৰ ঘাটি ঘেৰি লোৱাৰ উমান পাই সন্ত্ৰাসবাদী কেইজনে গুলিবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে৷ বহু সময় ধৰি চলা নিৰপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত ৩ গৰাকী সন্ত্ৰাসবাদী নিহত হয়৷ অৱশ্যে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই৷

ইফালে নিৰাপত্তাৰক্ষীৰ অতৰ্কিত অভিযানত ক্ষুব্ধ হৈ পৰে স্থানীয় জনতা৷ নিৰাপত্তাৰক্ষীৰ গালৈ শিলগুটি দলিয়াই বিক্ষুব্ধ জনতাই অভিযানৰ বিৰোধীতা কৰে৷ পৰিস্থিতি শাম কটাত মৃত সন্ত্ৰাসবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জন্মু-কাশ্মীৰৰ আৰক্ষী প্ৰধান এছপি বৈদ্যই৷