কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত বুধবাৰৰপৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে ন-ভুঁই ৰোৱা উৎসৱ৷ কৃষক নেতা অখিল গগৈয়ে স্থানীয় গাঁওবাসীৰ সহযোগত বন্তি প্ৰজ্বলন আৰু সামুহিক প্ৰাৰ্থনাৰে পুৱা ন-ভুই ৰোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বন্তি প্ৰজ্বলনৰ লগতে ৰোপন কৰা শস্যৰ গুটি অধিক লাগিবৰ বাবে হেলচ গছ আৰু গছৰ গুৰি সবল হ'বৰ বাবে কলিয়া কচুৰ গছ ৰোপন কৰি ন-ভুঁই ৰোৱা আৰম্ভ কৰে৷ 

১২০ বিঘা মাটিত ২৫৫ বিধ থলুৱা ধানৰ শস্য ৰোপনে ন-ভুঁইৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়৷ প্ৰথম দিনা ন-ভুঁই উৎসৱত কলা জহাৰ পাঁচটা প্ৰজাতিৰ বীজ ৰোপন কৰা হয়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় আৰু জিলাৰ বিষয়ববীয়াৰ লগতে স্থানীয় কৃষক ৰাইজে সহযোগ কৰা ন-ভুঁই ৰোপন কাৰ্যসূচীত কৃষক নেতা অখিল গগৈয়ে সকলোৰে লগত একেলগে হাল বোৱাৰ লগতে ৰোৱনীৰ সৈতে একেলগে ন-ভুঁইৰ কঠিয়া ৰোপন কৰে৷ 

দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰা ন-ভুঁই উৎসৱত অৰ্কিড উদ্যানৰ মহিলা আৰু পুৰুষ কৰ্মচাৰীৰ লগতে স্থানীয় পুৰুষ-মহিলা, কিশোৰ-কিশোৰীয়েও অংশ গ্ৰহণ কৰে৷ ৰাজ্যৰ প্ৰলয়ংকাৰী বানৰ সময়ত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰে বান সাহাৰ্য্যৰ বাবে ৰাইজৰ ওচৰত সাহাৰ্য্য বিচৰাতো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰাৰ লগতে বান সাহাৰ্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক এছ ডি আৰ এফৰ ধন অতি সোনকালে মুকলি কৰি দিয়াৰ আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে৷ 

আনহাতে, কালি স্থানীয় যুৱতীসকলে ন-ভুঁই ৰোৱা উৎসৱত অংশ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে৷ বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত যান্ত্ৰিক জীৱন পৰিহাৰ কৰি বোকাপানীৰ লগত জড়িত হৈ পৰাতো সঁচাকৈয়ে শুভলক্ষণ বুলি মন্তব্য কৰে কৰে কৃষক নেতা অখিল গগৈয়ে৷ ইফালে, কৃষক নেতা ধৈৰ্য কোঁৱৰে কয় চৰকাৰে সদায় অসমক মাহী আইৰ চকুৰে চাই আহিছে৷ 

ৰাজ্য চৰকাৰেও কৃষক ৰাইজৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষি বিপ্লৱৰ সূচনাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰিছে৷  বৰ্তমান ৰাজ্য চৰকাৰে কৃষক ৰাইজৰ বাবে একো নকৰাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ই এক প্ৰশংসনীয় পদক্ষেপ বুলি উক্ত ন-ভুঁই ৰোৱা উৎসৱত অংশগ্ৰহণ কৰা কেইবাজনো লোকে মত ব্যক্ত কৰে। 

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকে ইতিমধ্যে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র্য উদ্যান দৰ্শন কৰি উৎফুল্লিত হৈ পৰাৰ তথ্য পোৱা গৈছে। উক্ত উদ্যানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা বহু লোক এই উৎসৱত অংশগ্ৰহণ কৰি উৎফল্লিত হৈ পৰিছে বুলিও মত প্ৰকাশ কৰিছে।