ক্ৰমাৎ অৱনতি ঘটিছে ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ। প্ৰতিদিনেই বৃদ্ধি পোৱা দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ মাজৰ দূৰত্ব এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চাৰ বিষয় হৈ পৰিছে।  দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা তিক্ততাৰ মাজতে ১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত বিস্ফোৰণৰ ঘটনাইও পুনৰ এবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম।

বিগত সপ্তাহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বিচ্ছিন্নতাবাদী শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে ইয়াৰ পিছতে ভাৰতে নাকচ কৰে কানাডাৰ এই অভিযোগ। কিন্তু ভাৰতে অভিযোগ খণ্ডন কৰাৰ পিছতে প্ৰথমে কানাডাই দেশৰ পৰা ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰে। প্ৰত্যুত্তৰ স্বৰূপে ভাৰতেও কানাডাৰ কূটনীতিবিদজনক দেশৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই ঘটনাৰ পিছত বহুতে ৩৮ বছৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত বিস্ফোৰণৰ কথা উল্লেখ কৰে। ১৯৮৫ চনৰ সেই ভয়াবহ বিমান দুৰ্ঘটনাটোক সেই সময়ত নাম দিয়া হৈছিল ‘কনিষ্ক বিমান দুৰ্ঘটনা’ বুলি। দুৰ্ঘটনা সংঘটিত হোৱা বয়িং ৭৪৭ বিমানখনৰ নাম ‘কুশান বংশৰ ৰজা কনিষ্ক’ৰ নামেৰে ৰখা হোৱাৰ বাবেই দুৰ্ঘটনাক দিয়া হৈছিল সেই নাম। এই বিস্ফোৰণৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কত দূৰত্ব ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰিছিল।

কি হৈছিল ১৯৮৫ চনত?

সেইদিনা তাৰিখ আছিল ১৯৮৫ চনৰ ২৩ জুন। কানাডাৰ পৰা লণ্ডন হৈ ভাৰতলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখনে। কিন্তু বিমান বন্দৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে আইৰিছ আকাশমাৰ্গত বিমানখনত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণ। বিমানৰ ভিতৰত চ্যুটকেছত ৰখা বোমা বিস্ফোৰণ কৰি নিমিষতে প্ৰাণ কাঢ়ি লৈ যায় বিমানখনত থকা ৩২৯ জন যাত্ৰীৰ। অৱশ্যে পিছত অনুসন্ধানত পোহৰলৈ অহা মতে, সেই ভয়াবহ বিস্ফোৰণত মৃত্যু ঘটা নাছিল চ্যুটকেছটোৰ গৰাকীৰ। তেওঁ আচলতে বিমানৰ ভিতৰত নাছিলেই।

এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছিল ২৬৮ জন কানাডাৰ নাগৰিক। বেছিভাগেই আছিল ভাৰতীয় মূলৰ। বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল ২৪ জন ভাৰতীয় নাগৰিকেও। পৰৱৰ্তী সময়ত অভিযান চলাইকেৱল ১৩১ জন যাত্ৰীৰ মৃতদেহহে সাগৰৰ পৰা উদ্ধাৰ কৰা হয়। বাকী যাত্ৰীৰ মৃতদেহৰ সন্ধান আজিও পোৱা নগ’ল।

এই বিমানখন আকাশমাৰ্গত থকাৰ সময়তে প্ৰায় একে সময়তে টকিঅ’ বিমানবন্দৰত সংঘটিত হৈছিল আন এক বিস্ফোৰণ। সেই বিস্ফোৰণত প্ৰাণ হেৰুৱায় দুজন জাপানী বেগ হেণ্ডলাৰে।

আক্ৰমণৰ আঁৰত কোন আছিল?

কানাডাৰ তদন্তকাৰী সংস্থাই অভিযোগ কৰিছিল যে এই বিস্ফোৰণৰ আঁৰত শিখ বিচ্ছিন্নতাবাদী জড়িত আছিল, যিয়ে ১৯৮৪ চনত পঞ্জাৱৰ স্বৰ্ণ মন্দিৰত ইন্দিৰা গান্ধী চৰকাৰৰ সামৰিক কাৰ্য্যৰ প্ৰতিশোধ ল’ব বিচাৰিছিল।

এই আক্ৰমণৰ কেইমাহমানৰ পিছত ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচ অৰ্থাৎ আৰ চি এম পিয়ে টালৱিন্দৰ সিং পৰমাৰক গ্ৰেপ্তাৰ কৰে। পৰমাৰ আছিল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বাব্ৰা খালছাৰ নেতা। এই সংগঠনটোক বৰ্তমান ভাৰত আৰু কানাডা দুয়োখন দেশতে নিষিদ্ধ কৰিছে ৰাষ্ট্ৰ দুখনৰ চৰকাৰে।

বিস্ফোৰণ কাণ্ডৰ তদন্তৰ সময়তে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ যোগান আৰু ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ইন্দৰজিৎ সিং ৰিয়াটক। ইন্দৰজিৎ সিঙে পূৰ্বে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰিছিল যদিও পিছত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ হৈ কাম কৰাৰ তথ্য লাভ কৰিছিল কানাডাৰ আৰক্ষীয়ে। ভাৰতে ১৯৮০ চনত কানাডাৰ পৰা পৰমাৰক প্ৰত্যাৰ্পণ কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও বিফল হয়। পিছত পৰমাৰক মুকলি কৰি দিয়ে কানাডাই।

তদন্তকাৰী সংস্থাসমূহে এতিয়া বিশ্বাস কৰে যে কনিষ্ক বিমান বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল পৰমাৰ। ১৯৯১ চনত ভাৰতত আৰক্ষীৰ এনকাউণ্টাত মৃত্যু ঘটিছিল পৰমাৰৰ। পিছত তদন্তকাৰীয়ে কয় যে এই বোমাটো ব্যৱহাৰ কৰি বেংকক অভিমুখী এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান বিস্ফোৰণৰ পৰিকল্পনা আছিল যদিও সময়ৰ আগতেই বোমাটো বিস্ফোৰণ ঘটিছিল।

পৰৱৰ্তী সময়ত কোন কোন হৈছিল গ্ৰেপ্তাৰ?

২০০০ চনত আৰক্ষীয়ে গণহত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগত কানাডাৰ ধনাঢ্য ব্যৱসায়ী ৰিপুদমন সিং মালিক আৰু ব্ৰিটিছ কলম্বিয়াৰ খাদ্য কৰ্মী অজয়ব সিং বাগৰীক গ্ৰেপ্তাৰ কৰে। দুবছৰীয়া দীঘলীয়া বিচাৰৰ অন্তত ২০০৫ চনত দুয়োজনকে সকলো অভিযোগৰ পৰা মুক্ত কৰা হয়। দুয়োকে মুকলি কৰি দি ন্যায়াধীশে কয় যে অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য দিয়া মূল সাক্ষীসকলৰ বক্তব্যত বাস্তৱিক আৰু বিশ্বাসযোগ্যতাৰ অভাৱ আছিল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বিবিচিয়ে তেতিয়া এই গোচৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল যে এই সিদ্ধান্তত ভুক্তভোগীৰ আত্মীয়ই স্তম্ভিত হৈ পৰিছিল আৰু আদালতৰ ভিতৰতে ভুক্তভোগীৰ আত্মীয়ই কান্দিবলৈ আৰম্ভ কৰিছিল।

বিশ্বৰ আটাইতকৈ ভযংকৰ আকাশী সন্ত্ৰাসবাদী আক্ৰমণত শাস্তি লাভ কৰা একমাত্ৰ ব্যক্তিজনেই আছিল ইন্দৰজিৎ সিং। জাপান বিস্ফোৰণত জড়িত থকাৰ বাবে ১৯৯১ চনত ব্ৰিটেইনত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল ইন্দৰজিৎ সিঙক। ২০০৩ চনত কানাডাৰ আদালতে কনিষ্ক বিমান দুৰ্ঘটনা গোচৰত ইন্দৰজিৎ সিঙক দোষী সাব্যস্ত কৰি অতিৰিক্ত পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পিছত ৰিপুদমন সিং আৰু অজয়ব সিং বাগৰিৰ বিচাৰৰ সময়ত মিছা সাক্ষ্য দিয়াৰ গোচৰত ইন্দৰজিৎ সিঙক অধিক শাস্তি প্ৰদান কৰা হয়।

কিয় সমালোচনাৰ সন্মুখীন হৈছিল এই গোচৰৰ তদন্ত?

৮৫ৰ কনিষ্ক বিমান বিস্ফোৰণৰ পিছত কানাডাই চলোৱা তদন্তক আজিও সমালোচনা কৰি অহা হৈছে। বিস্ফোৰণ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ লগতে তদন্তৰ নামত কানাডাই গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

ৰিপুদমন সিং আৰু অজয়ব সিং বাগৰীক মুকলি কৰি দিয়াৰ পিছতে বিস্ফোৰণত নিহত পৰিয়ালৰ মাজত ক্ষোভৰ সৃষ্টি হয়। এই সন্দৰ্ভত কানাডা চৰকাৰে ২০০৬ চনত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এখন তদন্ত সমিতি গঠন কৰিছিল। এই তদন্তকাৰী সমিতিখনে ২০১০ চনত প্ৰতিবেদন দাখিল কৰি কৈছিল যে এনে বৃহৎ ভুল অবিৰতভাৱে কৰা হৈছিল, যাৰ ফলত কানাডাৰ ইতিহাসত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছিল।

তদন্তত এই কথাও পোহৰলৈ আহে যে আক্ৰমণৰ কেইমাহমান আগতে বিমানখনত বিস্ফোৰণ সংঘটিত কৰাৰ কথা কানাডাৰ আৰক্ষীক সকীয়াই দিছিল এজন অজ্ঞাত লোকে। তদন্তত এই কথাও পোহৰলৈ আহে যে আক্ৰমণৰ কেইসপ্তাহমান আগতে কানাডাৰ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে পৰমাৰ আৰু ইন্দৰজিৎ সিঙৰ পিছে পিছে ভেংকুৱাৰৰ অৰণ্যলৈ গৈছিল, য’ত তেওঁলোকে এটা ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছিল। কিন্তু  চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে সেই বিস্ফোৰণ শব্দক গুৰুত্ব সহকাৰে লোৱা নাছিল।

এই গোচৰত দুজন শিখ সাংবাদিকক সাক্ষী হিচাপে দাখিল কৰা হৈছিল। কিন্তু ৰহস্যজনকভাৱে নব্বৈৰ দশকত লণ্ডন আৰু কানাডাত হত্যাৰ চেষ্টা চলোৱা হয় দুয়োগৰাকী সাংবাদিকক। ইতিমধ্যে এই ঘটনাত এগৰাকী সাংবাদিকে প্ৰাণ হেৰুওৱাৰ লগতে আনগৰাকীয়ে আজিও হুইল চেয়াৰত দুঃসহ জীৱন পাৰ কৰিবলগীয়া হৈছে।

কি কয় কানাডাৰ এজেণ্টসকলে?

২০০০ চনত কানাডাৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন বিষয়াই এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ শিখ সন্দেহযুক্ত লোকৰ ১৫০ ঘণ্টাৰ টেলিফোন ৰেকৰ্ডিং টেপ আৰক্ষীক গতাই দিয়াৰ পৰিৱৰ্তে ধ্বংস কৰিছিল। এই প্ৰাক্তন বিষয়াগৰাকীয়ে কৈছিল যে তথ্যদাতাৰ পৰিচয় প্ৰকাশ পোৱাৰ বিপদ আছে বুলি তেওঁলোকে আশংকাত ভুগিছিল।

২০১০ চনত তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত কানাডাৰ তদানীন্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰে ভুক্তভোগীৰ পৰিয়ালৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। তেওঁ কৈছিল, "যিবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিছিল, ভুক্তভোগীৰ পৰিয়ালক যি সান্ত্বনা দিব লাগিছিল, সেইবোৰক বছৰ বছৰ ধৰি অৱজ্ঞা কৰা হৈছে।"

২০১৬ চনত ইন্দৰজিৎ সিঙে কানাডাৰ জেলৰ পৰা মুক্তি লাভ কৰে। তাৰ পিছৰ বছৰতে ইন্দৰজিৎ সিঙক য’তেই মন যায় তাতেই থাকিবলৈ অনুমতি প্ৰদান কৰে কানাডাৰ আদালতে। আদালতৰ এই সিদ্ধান্তক লৈও সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে যোৱা বছৰ ৰিপুদমন সিঙকো ভাৰতত হত্যা কৰা হয়। এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু এই হত্যাকাণ্ড কিয় সংঘটিত হ’ল সেয়া আজিও স্পষ্ট নহয়।

কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখা গ’ল ভাৰতত?

এতিয়া কনিষ্ক বিমান বিস্ফোৰণে ৩৮ বছৰ অতিক্ৰম কৰিছে। কানাডাৰ এটা সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ১০ জন কানাডাৰ ভিতৰত ৯ জনেই হয় এই আক্ৰমণৰ বিষয়ে একেবাৰেই নাজানে নহয় মাত্ৰ অলপ তথ্যহে আছে। কিন্তু এই বিস্ফোৰণে ভাৰতীয়ৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। যদিও এই বিস্ফোৰণত নিহত হোৱা অধিকাংশ লোক কানাডাৰ নাগৰিক আছিল, কিন্তু প্ৰাণ হেৰুওৱা অধিকাংশই আছিল ভাৰতীয় মূলৰ। বহুতৰে পৰিয়াল আজিও ভাৰতৰে নিৱাসী। এনে পৰিপ্ৰেক্ষিতত ভুক্তভোগীৰ পৰিয়ালে আজিও ন্যায় লাভ নকৰিলে বুলিয়েই ভাৱে ভাৰতে।

২০০৬ চনত কানাডাৰ অধিবক্তা ৰিচাৰ্ড কুইন্সে ভাৰত ভ্ৰমণ কৰি একাংশ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে। তেওঁ সংবাদ সংস্থা বিবিচিৰ আগত কয় যে এই পৰিয়ালসমূহে অনুভৱ কৰে যে তেওঁলোকক ন্যায়িক প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ইয়াৰ উপৰিও এই পৰিয়ালসমূহে গোচৰটোত গ্ৰেপ্তাৰ হোৱা লোকসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন কৰে।

বিস্ফোৰণৰ বলি হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সহ-পাইলটৰ পত্নী অমৰজীত ভিন্দৰে তেতিয়া বিবিচিক জনাইছিল যে বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱা ভাৰতীয়ৰ পৰিয়ালক অৱহেলিত কৰা হৈছে। যাৰ বাবে বছৰ বছৰ ধৰি ক্ষুব্ধ হৈ আছে এইসকল ভুক্তভোগী।

১৯৮৫ৰ এই নৰসংহাৰী বিমান বিস্ফোৰণত মাতৃক হেৰুওৱাৰ সময়ত ভাৰতীয় নাগৰিক সুশীল গুপ্তাৰ বয়স আছিল কেৱল মাত্ৰ ১২ বছৰ। মাতৃৰ মৃত্যুৰ ন্যায়ৰ আশাতে জীৱনৰ আধা বয়স পাৰ কৰা সুশীল গুপ্তাই কয়, "মই এতিয়াও এনে লোকক লগ পাওঁ যিসকল এই বিস্ফোৰণৰ দ্বাৰা কোনো প্ৰকাৰে প্ৰভাৱিত হৈছিল। কিন্তু জানি আচৰিত লাগে যে এই বিস্ফোৰণে কানাডিয়ানসকলক প্ৰভাৱিত কৰা নাছিল!"