ডিজিটেল ডেস্কঃ পবিত্ৰ বৰদিনৰ উপহাৰস্বৰূপে অৱশেষত পাকিস্তানত কাৰাবন্দী ভাৰতীয় কুলভূষণ যাদৱক সাক্ষাতৰ সুযোগ দিলে পত্নী আৰু মাতৃক৷

দীৰ্ঘদিন ধৰি চলা অনিশ্চয়তাৰ অন্তত পাকিস্তান চৰকাৰে কাৰাবন্দী কুলভূষণৰ সৈতে পত্নী আৰু মাতৃক সাক্ষাতৰ সুযোগ দিলেও সেই সাক্ষাৎ আছিল গ্লাছস্কীনেৰে আৱৰা৷

কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত সোমবাৰে দেশখনৰ ইছলামাবাদস্থিত বৈদেশিক কৰ্যালয়ত কাৰাবন্দী কুলভূষণৰ সৈতে যাদৱৰ পত্নী চেতনকুল আৰু মাতৃ অৱন্তীয়ে ভাৰতীয় উপ-উচ্চায়ুক্ত জে পি সিঙৰ উপস্থিতিত ‘গ্লাছস্কীন’ৰ ভিতৰত থকি বাৰ্তালাপৰ সুযোগ লাভ কৰে৷

ক্ৰমাগতভাবে প্ৰচণ্ড আন্তৰ্জাতিক চাপৰ বাবেই কাৰাবন্দী যাদৱৰ পৰিয়ালক সাক্ষাতৰ অনুমতি দিয়ে পাকিস্তানে৷