গুৱাহাটীঃ বিভিন্ন সংস্কৃতি,পৰম্পৰাৰে চহকী অসমভূমি৷ বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি-সংস্কৃতিৰ সমন্বয়ত মহীয়ান হৈছে অসমীয়া সংস্কৃতি৷ অসম মূলূকত বসতি কৰি থকা ভিন ভিন ধৰ্মাৱলম্বী লোকৰ উৎসৱ-পাৰ্ৱন সমূহে বহন কৰি আহিছে অসমীয়া জাতিৰ ঐতিহাসিক পৰিচয়৷ 

অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱত বসবাস কৰি আছে বৌদ্ধ ধৰ্মাৱলম্বীৰ বহুলোক ৷ এই লোকসকলে প্ৰতি বছৰে পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰি আহিছে তেওঁলোকৰ উৎসৱ সমূহ ৷ ‘মাই-কো-ছুম-ফাই বা মাই- মে- ফুং উৎসৱ’ বৌদ্ধ ধৰ্মৰ এটি উল্লেখনীয় উৎসৱ ৷

নাৰায়ণপুৰৰ বৰখামতি গাঁৱৰ বৌদ্ধ মন্দিৰ প্ৰা‌ঙ্গনত মাঘী পূৰ্ণিমা উপলক্ষে উলহ-মালহেৰে উদযাপন কৰা হৈছে "মাই-কো-ছুম-ফাই বা মাই- মে- ফুং উৎসৱ"। উল্লেখ্য যে, বৌদ্ধ ধৰ্মীয় লোকসকলে প্ৰচুৰ শীতৰ বতৰত ভগৱান বৌদ্ধক জুইৰ তাপ দিয়াৰ উদ্দেশ্যেই এই মেজি প্ৰজ্জ্বলনৰ দ্বাৰা অগ্নিদান কৰি ঈশ্বৰৰ চৰণত শৰণ লোৱাৰ পৰম্পৰা তাহানিৰে পৰা চলি আহিছে ।

লখিমপুৰ জিলাৰ একমাত্ৰ পুৰণি বৌদ্ধ টাই খামতি জনগোষ্ঠীৰ গাঁও বৰখামতি গাঁৱৰ ৰাইজ একত্ৰিত হৈ বৰখামতি বৌদ্ধ মন্দিৰৰ ভান্টেক সাক্ষী কৰি চাও ছেৰেৰ সৌজন্যত ভগৱান বৌদ্ধৰ প্ৰতি পূজা-নিবেদন কৰি বৌদ্ধৰ পবিত্ৰ বাণীৰে মুখৰ কৰি তোলে সমগ্ৰ পৰিৱেশ।

ধূপ-দীপ-নৈবেদ্যৰ লগতে ডবা-ঘন্টাৰ শব্দত মুখৰ হৈ পৰে নাৰায়ণপুৰৰ বৰখামতি অঞ্চল। এমাহ যোৰা প্ৰস্তুতিৰ অন্তত বুধবাৰে  নীতি নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰি ভগৱানলৈ মেজি অৰ্পণ কৰি পৰম্পৰাগত "খাওঁ য়া কো " প্ৰসাদ বিতৰণ কৰা হয় ।

একেদৰে এই উৎসৱত গাঁৱৰ সমূহ বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজৰ মাজত পৰম্পৰাগত টাই খামতি জা-জলপান, পিঠা-পনা আদান-প্ৰদানৰ জৰিয়তে  একতা তথা সম্প্ৰীতিৰ এনাজৰীডাল সম্প্ৰীতিৰে অধিক মজবুত কৰি তোলাৰ অৰ্থে এক বিনিময় প্ৰথা পালন কৰা পৰিলক্ষিত হয় ।