ফেক্ট চেকিংঃ মণিপুৰত যোৱা ৪ মে’ত দুগৰাকী কুকি মহিলাৰ ওপৰত চলা বৰ্বৰ নিৰ্যাতনৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে বিভিন্ন খবৰ। ইয়াৰ মাজতে, দেশৰ একাধিক ফেচবুক-টুইটাৰ ইউজাৰৰ লগতে অসমৰো ভিন্নজনে এখন বিশেষ ছবি শ্বেয়াৰ কৰা দেখা গৈছে। ভাইৰেল হৈ পৰা ফটোখনত আছে আৰএছএছৰ পৰিচিত পোছাক পৰিহিত দুজন লোক। ইয়াৰে এজন প্ৰাপ্তবয়স্ক আৰু আনগৰাকী কৈশোৰ অৱস্থাৰ। এই লোক দুজনক ৪ মে’ৰ ঘৃণনীয় অপৰাধৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে।

সাধাৰণ ইউজাৰ বাদেই, চিপিআই(এম)ৰ পলিটব্যুৰ’ মেম্বাৰ তথা প্ৰাক্তন সাংসদ সুভাষিনী আলীয়েও ফটোখন টুইট কৰি লিখিছে, 'এই দুজনেই হৈছে মণিপুৰ কাণ্ডৰ অভিযুক্ত। কাপোৰ চায়েই তেঁওলোকক চিনাক্ত কৰক।’ উক্ত ফটোখনৰ সৈতে ঘটনাটোৰ সম্পৰ্ক বুজাবলৈ ভাইৰেল ভিডিঅ’টোৰ দুখন স্ক্ৰীণশ্বটো সংলগ্ন কৰা দেখা গৈছে।

Theni Siraj নামৰ এজন টুইটাৰ ইউজাৰে আৰএছএছৰ পোছাক পৰিহিত লোক দুজনৰ ফটো আৰু ভাইৰেল ভিডিঅ’ক এটি স্ক্ৰীণশ্বটৰ লগতে ঘটনাটোৰ অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পোৱা বিবিচি তেলেগুৰ বাতৰিটোৰ স্ক্ৰীণশ্বট সংলগ্ন কৰি এটি টুইট কৰিছে। কেপশ্যনটোত ইউজাৰজনে আৰএছএছক নিষিদ্ধ কৰাৰো দাবী তুলিছে।

অসমৰ কেবাগৰাকী ফেচবুক ইউজাৰেও ফটোখন শ্বেয়াৰ কৰি লিখিছে, 'সংস্কাৰী সংগঠন, সংস্কাৰী দলৰ নমুনা। মনিপুৰৰ এই নৰপিশাচকেইটাৰ মৃত্যুদণ্ডৰ দাবী জনালো।’ অসমৰ আন এজন ইউজাৰে লিখিছে, 'ফকিৰে মৌনব্ৰত পালন কৰাৰ আঁৰৰ ৰহস্য। এজনে যে কৈছিল ধৰ্ষণ নহয় ক’ত? তাৰো উত্তৰ এইটো। মণিপুৰ কাণ্ডৰ আচল ছবিখন। সবেই গম পাইছে বিজেপিৰ খেল বুলি।’

Arun Prakash Mishra নামৰ ভেৰিফাইড টুইটাৰ ইউজাৰ এগৰাকীয়েও একেই দাবী কৰি টুইট কৰিছে। টুইটটোত তেওঁ আৰএছএছৰ পোছাক পিন্ধি থকা দুজন লোকৰ ফটোখনৰ লগতে অভিযুক্ত হুইৰেমক গ্ৰেপ্তাৰ কৰা বাতৰিটোৰ স্ক্ৰীণশ্বট সংলগ্ন কৰিছে।

চিপিআইএমৰ তেলেংগানা কমিটিৰ অফিচিয়েল ফেচবুক পেজটো উক্ত ফটোখন শ্বেয়াৰ কৰি আৰএছএছৰ পোছাক পিন্ধা লোক দুজনক অভিযুক্ত বুলি দাবী কৰা দেখা গৈছে। তেলেগু ভাষাৰ পোষ্টটোত লিখা হৈছে, 'এই দুজন হৈছে সংস্কৃতিৱান লোক যিয়ে নেকি মণিপুৰত মহিলাক উলংগ কৰিছে। এয়াই আৰএছএছে কৈ অহা সংস্কাৰ।’ মালায়লম ভাষাতো একেই দাবীৰে কেৰালাৰ বহু ফেচবুক ইউজাৰে উক্ত ফটোখন পোষ্ট কৰিছে।

ফটোখনৰ আঁৰৰ প্ৰকৃত কাহিনী কি?

বহুতেই দাবী কৰাৰ দৰে প্ৰকৃততে আৰএছএছৰ পোছাক পিন্ধা ফটোখনত থকা এই লোক দুজন মণিপুৰৰ ঘৃণনীয় কাণ্ডৰ সৈতে সঁচাকৈয়ে জড়িত নেকি? নে এয়া ভুৱা প্ৰচাৰহে?

ভাইৰেল হৈ পৰা ফটোখনত থকা আৰএছএছৰ পোছাক পৰিহিত লোক দুজনৰ মণিপুৰ কাণ্ডৰ সৈতে দূৰ-দূৰণিলৈ কোনো সম্পৰ্ক নাই। ফটোখনত দেখা প্ৰাপ্তয়স্ক সোঁফালে থকা লোকজন হৈছে মণিপুৰৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি চিদানন্দ সিং। ফটোখনৰ বাঁওফালে থকা কিশোৰগৰাকী হৈছে চিদানন্দ সিঙৰ পুত্ৰৰ। এই ফটোখন ২০২২ চনৰ অক্টোবৰত ফেচবুকত পোষ্ট কৰিছিল নেতাগৰাকীয়ে। বিগত বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ ইম্ফল জিলা সমিতিয়ে আয়োজন কৰা 'পথ সঞ্চালন’ অনুষ্ঠানত পুত্ৰৰ সৈতে ভাগ লৈছিল চিদানন্দ সিঙে।

আনহাতে, ফটোখনৰ সৈতে সংলগ্ন কৰা ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীণশ্বটত দেখা পোৱা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছিল থৌবাল জিলাৰ পৰা। ধৃত এই যুৱকজনক হুইৰেম হিৰোদাস (৩২) বুলি চিনাক্ত কৰা হৈছে। ভাইৰেল ভিডিঅ’টোত এটা সেউজীয়া ৰঙৰ টি-চাৰ্ট পিন্ধি থকা দেখা গৈছিল এই অভিযুক্তজনক।

ফটোখন ভাইৰেল হৈ পৰাৰ পিছতে মণিপুৰৰ বিজেপি নেতা চিদানন্দ সিঙে তেওঁৰ লগতে তেওঁৰ পুত্ৰৰ ফটোখনক লৈ ভুৱা প্ৰচাৰ চলিছে বুলি উল্লেখ এটি টুইট কৰে। ভাইৰেল হৈ পৰা টুইট এটিৰ স্ক্ৰীণশ্বট সংলগ্ন কৰি তেওঁ টুইটটোত লিখিছে, 'আচৰিত! কি লজ্জাজনক কাণ্ড! মই চিদানন্দ সিং, মোৰ আৰু মোৰ পুত্ৰৰ ফটো এনেকৈ ব্যৱহাৰ কৰি আৰএছএছৰ লগতে মোৰ পৰিয়ালক বদনাম কৰাৰ অধিকাৰ আপোনালোকৰ নাই। মই আৰু পৰিয়ালৰ কোনো সদস্যই এই ঘৃণনীয় কাণ্ডত জড়িত নহয়। কি যে তাজ্জৱ কাৰবাৰ মূৰ্খ মানুহবোৰৰ।’

বিজেপি নেতা চিদানন্দ সিঙে এই সন্দৰ্ভত মণিপুৰ আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁৰ ফটো ব্যৱহাৰ কৰি ফেচবুক আৰু টুইটাৰত একাংশ লোকে অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি শীঘ্ৰে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তেওঁ পত্ৰখনত কেবাটাও টুইটাৰ আৰু ফেচবুক একাউণ্টৰ কথা উল্লেখ কৰি দিছে। তেওঁ লিখিছে, 'এয়া দেখিবলৈ পাইছো যে ভাইৰেল ভিডিঅ’ৰ পৰা লোৱা এখন ফটোৰ সৈতে মই চিদান্দ সিং আৰু মোৰ পুত্ৰ শশীনন্দ সিঙে আৰএছএছৰ গণৱেশ (ইউনিফৰ্ম)ত থকা ফটোখন এডিট কৰি আমি ঘৃণনীয় ঘটনাটোৰ সৈতে জড়িত বুলি দাবী কৰিছে। এয়া উল্লেখনীয় যে মোৰ আৰু মোৰ পুত্ৰৰ ফটোখন মোৰ ফেচবুক পেজৰ পৰা ডাউনলোড কৰি লৈ এনেদৰে অপ-ব্যৱহাৰ কৰিছে।’ 

এই ঘটনা সন্দৰ্ভত বিজেপি নেতাজনে স্থানীয় আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে। দেশৰ আগশাৰীৰ ফেক্ট চেকিং সংবাদ প্ৰতিষ্ঠান 'অল্ট নিউজ’ত মণিপুৰ আৰক্ষীৰ উধৃতিৰে প্ৰকাশিত বাতৰিমতে চিদানন্দ সিঙৰ এজাহাৰৰ ভিত্তিত ইম্ফলস্থিত চাইবাৰ ক্ৰাইম পুলিচ ষ্টেশ্যনত এটি গোচৰো ৰুজু কৰা হৈছে।

ইফালে, সত্যটো পোহৰলৈ অহাৰ পিছতে চিপিআই নেতা সুভাষিনী আলীয়ে ভুলৰ বাবে ক্ষমা খুজি আন এটি টুইট কৰিছে। টুইটটোত তেওঁ লিখিছে, 'মণিপুৰত সংঘটিত নাৰকীয় ঘটনাৰ সৈতে জড়িত বুলি মই দুজন লোকৰ এটি মিছা টুইট ৰিটুইট কৰি পাইছিলো। মই নজনাকৈ অনিচ্ছাকৃতভাৱে কৰা এই ভুলৰ বাবে নিচৰ্ত ক্ষমা বিচাৰিছো।’

অসমত এতিয়াও বহুতেই পোষ্ট কৰি আছে ফটোখন

অল্ট নিউজকে ধৰি কেবাটাও ফেক্ট চেকিং ৱেবছাইটে আৰএছএছৰ পোছাক পৰিহিত লোক দুজনৰ ফটোখনৰ যে মণিপুৰৰ নাৰকীয় কাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই সেয়া প্ৰকাশ কৰাৰ পিছতো বহুতেই বৰ্তমানো সেয়া ভুল দাবীৰে শ্বেয়াৰ কৰি থকা দেখা গৈছে। একাংশ লোকে ফটোখনৰ সহায়ত সমগ্ৰ ঘটনাটোক অন্যধৰণে প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।

সত্যানুসন্ধানৰ ফলাফল

সত্যানুসন্ধানত এয়া স্পষ্ট হৈ পৰিছে যে মণিপুৰৰ নাৰকীয় কাণ্ডৰ সৈতে জড়িত বুলি দাবী কৰি ভাইৰেল কৰা হোৱা ফটোখনত দেখা পোৱা আৰএছএছৰ ইউনিফৰ্ম পৰিহিত লোক দুজন প্ৰকৃততে ঘটনাটোৰ সৈতে কোনোপধ্যেই জড়িত নহয়। ফটোখনত থকা বাওঁফালৰ লোকজন হৈছে মণিপুৰৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি চিদানন্দ সিং আৰু সোঁফালে আছে তেওঁৰ পুত্ৰ শশীনন্দ সিং। চিদানন্দ সিঙৰ ফেচবুক পেজৰ পৰা ফটোখন ডাউনলোড কৰি কোনো দুষ্ট চক্ৰই অভিযুক্ত ধৃত হুইৰেম হিৰোদাসৰ সৈতে তেওঁৰ পুত্ৰ শশীনন্দৰ মুখৰ অৱয়বৰ কিছু সাদৃশ্য থকা যেন দেখুৱাই মণিপুৰৰ নাৰকীয় কাণ্ডৰ সৈতে জড়িত বুলি দাবী কৰি সেয়া প্ৰচাৰ চলাইছে।  

ফেক নিউজৰ বিৰুদ্ধে  News Next Oneৰ যুদ্ধ
 
ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটায়ো ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ 

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধান
 
এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।