ডিজিটেল ডেস্কঃ চীন আৰু ভাৰতৰ মাজৰ বিবাদমান পৰিস্থিতিৰ সমাধান বিচাৰি শুকুৰবাৰে চীনত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে চীনৰ ঐতিগাসিক বুহান চহৰত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত চীন ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ’ব। 

চীন ভাৰতৰ মাজৰ সীমা বিবাদ তথা দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণৰ স্বাৰ্থতেই দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীগৰাকী চীনত উপস্থিত হৈছে। জানিব পৰা মতে, বুহান চহৰত নৰেন্দ্ৰ মোডী আৰু শ্বি জিনপিঙৰ বৈঠকখন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু চীনৰ সমসাময়িক নেতা তংগ শ্বোপিংগৰ মাজত চীন-ভাৰতৰ সম্পৰ্ক শুধৰণিমূলক ১৯৮৮ চনৰ শিখৰ বৈঠকৰ ভিত্তিত আয়োজন কৰা হ’ব৷ উল্লেখ্য যে ১৯৬২ চনত স্থগিত হৈ পৰি ৰোৱা ভাৰত-চীনৰ মাজৰ পাৰস্পৰিক সম্পৰ্কটো ৰাজীৱ গান্ধী-শ্বোপিংগে নতুনকৈ আৰম্ভ কৰিছিল৷     

চীনৰ বুহান চহৰত আয়োজন হ’বলগীয়া বৈঠকখনে আগন্তক ১৫ বছৰলৈ দুয়োখন দেশৰ মাজৰ শান্তি বৰ্তাই ৰখাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে৷ তদুপৰি দুয়োখন দেশৰ প্ৰধান দুগৰাকীৰ বৈঠকৰ জৰিয়তে দুয়োখন দেশৰ মাজত পূৰ্বৰে পৰা চলি অহা সীমা বিবাদৰ নিচিনা এটা জটিল বিষয়ৰো সমাধান সম্ভৱ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷