পাঁচশৰো অধিক বিবিধ ব্যঞ্জন, হাজাৰৰো অধিক দেশী-বিদেশী অতিথি আৰু কেইবা হাজাৰ কোটি টকীয়া বাজেটেৰে অনুষ্ঠিত হ’ল এছিয়াৰ আটাইতকৈ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিৰ পুত্ৰৰ প্ৰাক বিবাহ উদযাপন। গুজৰাটৰ জামনগৰত আয়োজিত আম্বানি পুত্ৰ অনন্ত আম্বানি আৰু তেওঁৰ ভাৱী পত্নী ৰাধিকা মাৰ্চেণ্টৰ এই প্ৰাক বিবাহ উদযাপনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো। 

মাইক্ৰ’ছফ্টৰ প্ৰাক্তন চিইঅ’ বিল গেটছ, ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকাৰ পৰা ফেচবুকৰ জনক মাৰ্ক জুকাৰবাৰ্গলৈকে চেলিব্ৰেটিৰে উথপথপ হৈ পৰে গুজৰাটৰ জামনগৰ। প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰৱেশ কৰে আমেৰিকান পপ ষ্টাৰ ৰিহানাইও। ভাৰতীয় নামী-দামী অভিনেতা আৰু সংগীত শিল্পীৰ উপস্থিতিয়ে তিনিটা দিনৰ বাবে সজীৱ কৰি তোলে জামনগৰক।

আম্বানি পুত্ৰৰ এই প্ৰাক বিবাহ অনুষ্ঠানলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অতিথিসকলৰ বাবে স্থানীয় বিমানবন্দৰটোক সাময়িকভাৱে আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা হৈছিল। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, এই অনুষ্ঠানৰ বাবে প্ৰায় ১৩০খন বিমানে এই কেইদিনত বিমানবন্দৰটোত অৱতৰণ কৰিছিল। 

ইফালে, অনুষ্ঠানস্থলীৰ ওচৰৰ বিলাসী "গ্লেম্পিং" টেণ্টত ৰখা হৈছিল অধিকাংশ অতিথিক। সাধাৰণ মানুহৰ কল্পনাৰো বাহিৰৰ সা-সুবিধাৰে অপ্যায়ন কৰা হৈছিল এই প্ৰাক বিবাহ অনুষ্ঠানলৈ অহা অতিথিসকলক। খবৰ অনুসৰি বিশ্বৰ কেইবা ডজন চেফে প্ৰস্তুত কৰা ৫০০ৰো অধিক সুস্বাদু ব্যঞ্জনেৰে তেওঁলোকক অপ্যায়ন কৰা হৈছিল।

ইয়াৰোপৰি প্ৰতিগৰাকী অতিথিৰ বাবে পৃথকে পৃথকে নিযুক্ত কৰা হৈছিল হেয়াৰ আৰু মেকআপ আৰ্টিষ্ট, লণ্ড্ৰী সেৱা আৰু ষ্টাইলিষ্ট। খবৰ অনুসৰি, অতিথিসকলক চলি থকা থিমযুক্ত সমাৱেশৰ প্ৰস্তুতিৰ বাবে সহায় কৰিব পৰাকৈ এখন ৯ পৃষ্ঠাৰ দীঘলীয়া সূচী প্ৰস্তুত কৰা হৈছিল। অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক বিবাহ অনুষ্ঠানৰ প্ৰতিটো দিনৰ বাবে বেলেগ বেলেগ ড্ৰেছ ক’ড ৰখা হৈছিল।

৫০০ৰো অধিক বিবিধ ব্যঞ্জনেৰে অতিথিক অপ্যায়ন আম্বানি পৰিয়ালৰ

গুজৰাটৰ জামনগৰত আয়োজিত মুকেশ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ উদযাপনলৈ অহা অতিথিসকলৰ অপ্যায়নত কোনো ধৰণৰ ক্ৰুটি ৰখা নাছিল আম্বানি পৰিয়ালে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই অনুষ্ঠানত উপস্থিত অতিথিসকলৰ বাবে বিশেষজ্ঞ চেফৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল ৫০০ বিধৰো অধিক দেশী-বিদেশী সুস্বাদু ব্যঞ্জন। 

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, এই তিনিদিনীয়া অনুষ্ঠানত ব্ৰেকফাষ্টত ৭৫টাতকৈও অধিক বিকল্পৰ লগতে দুপৰীয়াৰ আহাৰত ২২৫টাতকৈ অধিক ধৰণৰ ব্যঞ্জন, ৰাতিৰ আহাৰত ২৭৫ ধৰণৰ ব্যঞ্জন আৰু মাজনিশাৰ আহাৰত ৮৫ ধৰণৰ বিবিধ ব্যঞ্জন অন্তৰ্ভূক্ত কৰা হয়। মাজনিশা ১২ বজাৰ পৰা পুৱা ৪ বজালৈ মাজনিশাৰ আহাৰ প্ৰদান কৰা হয়। অতিথিসকলৰ বাবে নিৰামিষ খাদ্যৰো পৃথকে ব্যৱস্থা কৰা হয়।

বাতৰি অনুসৰি, অনন্ত-ৰাধিকাৰ জীৱনৰ এই বিশেষ মুহূৰ্তত খাদ্য প্ৰস্তুতৰ বাবে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ২৫ গৰাকী অভিজ্ঞ চেফক জামনগৰলৈ অনা হয়। ইয়াৰে ২০ গৰাকী চেফেই মহিলা আছিল বুলিও বাতৰিত প্ৰকাশ পাইছে।  

অভিজ্ঞ চেফৰ দলটোৱে অতিথিসকলৰ খাদ্যৰ পছন্দৰ প্ৰতি বিশেষ যত্ন ৰাখি নিৰামিষ আৰু আমিষ দুয়োটা বিকল্পই আগবঢ়ায়। চেফসকলে তৈয়াৰ কৰা মেনুখনত পাৰ্চী, থাই, মেক্সিকান, জাপানীজ, আৰু প্যান-এছিয়ান সুস্বাদু খাদ্য অন্তৰ্ভূক্ত কৰা হয়। ইয়াৰোপৰী থলুৱা ইন্দোৰী খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আম্বানিৰ এই বিশাল উদযাপনত খাদ্য প্ৰস্তুত কৰা এগৰাকী মহিলা চেফে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়া মতে, অতিথিসকলক নিৰ্ভেজাল ইন্দোৰী ভোজনৰ সোৱাদ দিবলৈ ইন্দোৰৰ পৰা বিশেষ মচলা আমদানি কৰা হৈছিল। ইফালে অনুষ্ঠানত অতিথিসকলক সতেজ পানীয় আৰু পৰম্পৰাগত গুজৰাটী মিঠাই, যেনে মহন্থল, পেড়া, চুৰ্মা লাডু, কেছাৰ পেডা, হালৱাছান, চুৰাতি খাৰী, আৰু পিস্তা মিঠাই আদিৰে আদৰণি জনোৱা হয়।

বিমানবন্দৰৰ পৰা অনুষ্ঠানস্থলীলৈ অতিথিসকলক লৈ যোৱা বাহনসমূহতো জলপানৰ বাকচ আৰু পানীয় ৰখা হয়। জলপানৰ বাকচবোৰত গুজৰাটী চামোছা (চিংৰা), জিলাপী, ঢোকলা, গাঠিয়া নমকিন, লাল চাটনিৰ সৈতে ভেজটেবল চেণ্ডুইচ, আম পান্না ৰস, সতেজ আপেল, আৰু পেক কৰা গ্ৰীক দৈ ৰখা হয়। অতিথিসকলক প্ৰদান কৰা এই আদৰণি বক্স আৰু ট্ৰে’ৰ ওপৰত হিন্দীতে লিখা থাকে অনন্ত আৰু ৰাধিকাৰ আদৰণি বাৰ্তা।

প্ৰাক বিবাহ উদযাপনৰ বাবে কিয় বাছি লোৱা হ’ল জামনগৰক?

সংবাদ সংস্থা চিএনবিচি–টিভি১৮ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনন্ত আম্বানিয়ে জামনগৰক বিয়াৰ স্থান হিচাপে বাছি লোৱাৰ আঁৰৰ কাৰণসমূহৰ বিষয়ে উল্লেখ কৰা দেখা যায়। অনন্ত আম্বানিয়ে কয়- “আমাৰ আইতা জামনগৰৰ আছিল। মোৰ মায়ে এই গোটেই চহৰখন বৰ সযতনে নিৰ্মাণ কৰিছে। আমি যেতিয়া সৰু আছিলো, তেতিয়া ইয়াত বহু সময় পাৰ কৰিছিলো। মুম্বাই মোৰ ঘৰ, কিন্তু মোৰ হৃদয় জামনগৰত থাকে। মা-দেউতা আৰু আইতাইও জামনগৰক অনুষ্ঠান উদযাপনৰ বাবে বাছি ল’বলৈ পৰামৰ্শ দিছিল। ইয়াৰ উপৰিও ই মোক মোৰ সহকৰ্মীসকলৰ সৈতে উদযাপন কৰাৰ সুযোগ দিয়ে, আৰু মই কাম কৰা আন লোকসকলৰ সৈতেও উদযাপন কৰাৰ সুযোগ দিয়ে।"

অনন্তই লগতে কয়, “এই ভূমিৰ পৰাই মোৰ ককা ধীৰুভাই আম্বানি আৰু মোৰ দেউতাই তেওঁলোকৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। সেয়ে এই মাটি মোৰ বাবেও কৰ্মভূমি।” আনহাতে কিছুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিবাহৰ বাবে ভাৰতভূমি বাছনি কৰিবলৈ জনোৱা আহ্বানৰ পৰাও অনুপ্ৰাণিত হোৱা বুলি মন্তব্য কৰে অনন্ত আম্বানিয়ে। উল্লেখ্যে যে, ২০২৩ৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে কৈছিল যে একাংশ ভাৰতীয় দম্পতীয়ে বিবাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় ঠাই বাছনি কৰিবলৈ আৰম্ভ কৰিছে। ‘ৱেড ইন ইণ্ডিয়া’ অৰ্থাত্ ভাৰতৰ মাটিত বিবাহৰ ধাৰণা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে বিয়াৰ বাবে ভাৰতলৈ বাহিৰৰ ঠাই বাছনি কৰা কাৰ্যই তেওঁক মনোকষ্ট দিয়ে।

অনন্ত আম্বানিয়ে কয়, “মই ইয়াতেই ডাঙৰ হৈছো, আৰু ইয়াত উদযাপনৰ পৰিকল্পনা কৰিব পৰাটো মোৰ সৌভাগ্য। এইটো মোৰ আইতাৰ জন্ম ভূমি আৰু মোৰ ককা আৰু দেউতাৰ কৰ্ম ভূমি। আমাৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া ভাৰতত মাটিত বিয়া হ'ব লাগে বুলি কৈছিল, তেতিয়া গৌৰৱ আৰু সুখ অনুভৱ হয়। এইখন মোৰ ঘৰ। মই বিশ্বাস কৰোঁ যে মই জামনগৰৰ, মই ইয়াৰে নাগৰিক।”

আম্বানি পুত্ৰৰ বিয়ালৈ ৰিহানা, ভাৰতত প্ৰথম সংগীতানুষ্ঠান

তিনিবছৰ পূৰ্বে যিসকল ভাৰতীয়ই খালিস্তানীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি ককৰ্থনা কৰিছিল আমেৰিকান পপ ষ্টাৰ ৰিহানাক, আজি সেইসকল ভাৰতীয়ই পুনৰ এবাৰ উচ্চাৰিত কৰিছে ৰিহানাৰ নাম। বৃহস্পতিবাৰে গুজৰাটৰ জামনগৰৰ বিমানবন্দৰত অৱতৰণ কৰি এচিয়াৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পীগৰাকীয়ে। আৰু ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰিহানাৰ সংগীত পৰিৱেশনৰ অলেখ ভিডিঅ’। সমান্তৰালভাৱে এতিয়া তেওঁক ভাৰতলৈ আনিবলৈ মুকেশ আম্বানিয়ে কিমান কোটি টকা ব্যয় কৰিলে তাৰ খবৰ উলিওৱাতো নামি পৰিছে ভাৰতীয় নেটিজেন। 

কিন্তু এইগৰাকী ৰিহানাকে তিনিবছৰ পূৰ্বে গালি পাৰি তত্ পোৱা নাছিল একাংশ ভাৰতীয়ই। দিল্লীত মাহৰ পিছত মাহ ধৰি নিজৰ অধিকাৰৰ দাবীৰে আন্দোলন কৰি থকা কৃষকৰ হৈ এটা টুইট কৰি ভাৰতত বেচ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰকাগৰাকী। আনকি একাংশ ভাৰতীয় সংবাদ মাধ্যম আৰু বিজেপিয়ে আমেৰিকান পপ তাৰকাগৰাকীয়ে কৃষকৰ সপক্ষে এটা টুইট কৰাৰ বাবদ খালিস্তানী গোট সমৰ্থিত এটা জনসম্পৰ্ক সংস্থাৰ পৰা ১৮ কোটি টকা লাভ কৰা বুলিও প্ৰচাৰ চলাইছিল।  

উল্লেখ্য যে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিতৰ্কিত আইনৰ বিৰুদ্ধে এই বৃহৎ আন্দোলনত সহযোগ কৰি দিল্লী সীমান্তত উপস্থিত হয় হাজাৰ হাজাৰ কৃষক। 

ইফালে সমগ্ৰ উত্তৰ ভাৰততে প্ৰতিবাদ বিয়পি পৰাত আন্দোলনকাৰী কৃষকৰ ওপৰত আৰম্ভ হয় আৰক্ষী আৰু প্ৰশাসনৰ অত্যাচাৰ। প্ৰতিবাদী কৃষকৰ ওপৰত প্ৰচণ্ড শীততো পানী ঢালি, কন্দুৱা গেছ নিক্ষেপ কৰি আৰু কৃষকৰ প্ৰতিবাদী পথত কাটাতাঁৰৰ বেৰ লগাই বাধা দিয়াৰ চেষ্টা চলায় আৰক্ষীয়ে। তিনি বছৰ পূৰ্বৰ সেই আন্দোলন আৰু আৰক্ষীৰৰ বৰ্বৰতাই স্থান লাভ কৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো। আৰু তেতিয়াই পপ ষ্টাৰ ৰিহানাই চিএনএন নিউজৰ এটা বাতৰি শ্বেয়াৰ কৰি টুইটাৰত লিখে- ‘আমি এই বিষয়ে কিয় কথা কোৱা নাই?’

ৰিহানাৰ এই পোষ্টটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে শাসকীয় বিজেপিৰ মাজত। এটা টুইটৰ পিছতে কৃষকৰ আন্দোলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাত এইবাৰ ৰিহান লক্ষ্য হৈ পৰে শাসকীয় বিজেপিৰ আৰু তাৰ পিছতে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হয় গ্ৰেমী বঁটা বিজয়ী তাৰকা শিল্পীগৰাকীক। আনকি অভিনেত্ৰী কংগনা ৰানাৱত, গজেন্দ্ৰ চৌহান, ক্ৰিকেটাৰ প্ৰজ্ঞান ওঝাকে ধৰি ভাৰতৰ বিশিষ্ট ব্যক্তিসকলেও এই টুইটৰ বাবে ৰিহানাক গৰিহণা দিয়া পৰিলক্ষিত হয়।

সেই ঘটনাৰ সম্পূৰ্ণ তিনিটা বছৰ পিছত ভাৰতত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে সংগীত পৰিৱেশন কৰে ৰিহানাই। একাংশৰ দাবী অনুসৰি, পুঁজিপতি আম্বানিৰ পুত্ৰৰ বিয়াৰ এই অনুষ্ঠানৰ বাবে ৭৪ কোটি টকা প্ৰদান কৰা হৈছে ৰিহানাক। তেওঁৰ পৰিৱেশনৰ ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহৰ অনুষ্ঠানৰ মঞ্চত ৰিহানাৰ সৈতে দেখা যায় জাহ্নৱী কাপুৰ, দিপীকা পাডুকণ আদিৰ দৰে ভাৰতীয় তাৰকাকো।

মঞ্চত একেলগে তিনি খান, ভাইৰেল শ্বাহৰুখৰ পুৰণি ভিডিঅ’

কিছুবছৰ পূৰ্বে বলিউডৰ কিং খান হিচাপে পৰিচিত তাৰকা অভিনেতা শ্বাহৰুখ খানক এক অনুষ্ঠানত এগৰাকী ব্যক্তিয়ে প্ৰশ্ন কৰিছিল, ‘বলিউডৰ তিনি খান চলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানক কেতিয়াবা একেখন চিনেমাত দেখা পোৱা সম্ভৱ হ’বনে?’ এই প্ৰশ্নৰ উত্তৰ শ্বাহৰুখে ধেমালি সুৰীয়াকৈ দি কৈছিল, ‘যদি আপোনাৰ সামৰ্থ আছে, তেন্তে নিশ্চয়কৈ আমাৰ তিনিওজনকে একেলগে ল’ব পাৰে। আমাৰ একেলগে কাম কৰাত কোনো আপত্তি নাই।’

শ্বাহৰুখক সেই প্ৰশ্ন কৰা ব্যক্তিজনৰ তিনি খানক একত্ৰিত কৰাৰ সামৰ্থ্য নাথাকিলেও পিছে দেশবাসীক এই সামৰ্থ্য দেখুৱাই দিলে দেশৰ ধনাঢ্য পুঁজিপতি মুকেশ আম্বানিয়ে। পুত্ৰ অনন্ত আম্বানিৰ প্ৰাক বিবাহ অনুষ্ঠানৰ মঞ্চত একেলগে দেখা পোৱা গ’ল বলিউডৰ তিনি তাৰকা খান ক্ৰমে শ্বাহৰুখ, চলমান আৰু আমিৰ খানক। একেলগে একেখন মঞ্চ শ্বেয়াৰ কৰি তিনিও তাৰকাই সংগীতৰ তালে তালে নাচি মনোৰঞ্জন প্ৰদান কৰে আম্বানি পৰিয়ালৰ লগতে আন উপস্থিত অতিথিসকলক। 

আনহাতে জামনগৰক মুখৰিত কৰা তিনিদিনীয়া এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰে বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কণ্ঠশিল্পী অৰিজিত সিং, দিলজিত্ জোছন আদিয়েও। শ্বাহৰুখ খানৰ ৰা ওৱান ছবিৰ ‘চম্মক চলো’ গীতেৰে ভাৰতত জনপ্ৰিয় হৈ পৰা আন্তঃৰাষ্ট্ৰীয় তাৰকা একনেও যোগ দিয়ে আম্বানি পৰিয়ালৰ এই বিষেয অনুষ্ঠানত। হিন্দী গীতৰ তালত নাচি আমোদ দিয়ে তাৰকা দম্পতী ৰনবীৰ আৰু দীপিকাইও।

বিজনেছ হাবলৈ পৰিণত আম্বানি পৰিয়ালৰ অনুষ্ঠান

পানীৰ দৰে ধন বোৱাই আয়োজন কৰা অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠানলৈ আগমন ঘটিছিল বিশ্বৰ একাধিক ধনাঢ্য ব্যক্তিৰ। মাইক্ৰ’ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছৰ পৰা মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পলৈকে অলেখ সুপৰিচিত ব্যক্তিত্বই আম্বানি পৰিয়ালৰ এই প্ৰাক-বৈবাহিক অনুষ্ঠানক চৰ্চিত কৰি তোলে।

অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি বিল গেটছৰ শেহতীয়াকৈ বহু ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নাগপুৰ ভ্ৰমণৰ সময়ত পদপথৰ কাষত চাহ বিক্ৰী কৰা ছ’চিয়েল মিডিয়াৰ ভাইৰেল এগৰাকী চাইৱালাৰ পৰা চাহ খোৱা দেখা যায় গেটছক। ডলী চাইৱালা নামেৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এইগৰাকী চাইৱালাৰ কাষত থিয় হৈ থকা বিল গেটছৰ ভিডিঅ’ সামাজিক মাধ্যমত নিজেই শ্বেয়াৰ কৰে গেটছে। 

ইফালে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকো সাক্ষাত্ কৰে বিল গেটছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰ্টিফিচিয়েল ইণ্টালিজেন্স সন্দৰ্ভত আৰু বিশ্বজুৰি মহিলাৰ বিকাশৰ সন্দৰ্ভত তেওঁ কথা পাতে। 

ইয়াৰ পিছতে শুকুৰবাৰে প্ৰেয়সী পলা হাৰ্ডৰ সৈতে জামনগৰত উপস্থিত হৈ অনন্ত আম্বানি আৰু ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে গেটছে। তেওঁ উপস্থিত হোৱা এইখন প্ৰথম ভাৰতীয় বিবাহ বুলি মন্তব্য কৰি এটা সংবাদ সংস্থাৰ সন্মুখত গেটছে কয়, “মই শীৰ্ষৰ পৰা আৰম্ভ কৰিছো। এইখনৰ পিছত আন এখন ভাৰতীয় বিয়ালৈ যোৱাটো কঠিন হ’ব৷ মই পৰিয়ালটোক চিনি পাওঁ আৰু আচলতে তেওঁলোকে ইমান ধুনীয়াকৈ মোৰ ভ্ৰমণৰ আয়োজন কৰাৰ বাবেহে মোৰ বাবে ইয়াত উপস্থিত হোৱাটো সম্ভৱ হ’ল। মই গৈ নিজে কাপোৰ বাছনি কৰিলো। গতিকে সঁচাকৈয়ে এয়া মোৰ বাবে অতি উপভোগ্য হৈ উঠিছে।” 
 
ইফালে আম্বানি পৰিয়ালৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সপত্নীক উপস্থিত হ’ল বিশ্বৰ আন এগৰাকী প্ৰভাৱশালী ব্যক্তি ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গো। পত্নী প্ৰিচিলা চানৰ সৈতে জুকাৰবাৰ্গে জামনগৰত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক বিশেষভাৱে আদৰণি জনোৱা হয়। জুকাৰবাৰ্গৰ পত্নী প্ৰিচিলাই সাধাৰণ নাৰীৰ দৰেই অনন্ত আম্বানিয়ে পিন্ধি থকা দামী ঘড়ীটোৰ প্ৰশংসা কৰাৰ ভিডিঅ’ও সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰে। 

অনুষ্ঠানৰ দ্বিতীয় দিনটোত জুকাৰবাৰ্গে পৰিধান কৰে ভাৰতৰ অৰণ্য প্ৰিণ্ট কৰা এটা বিশেষ কুৰ্তা। বগা পায়জামা আৰু বগা জোতাৰ সৈতে জুকাৰবাৰ্গে পৰিধান কৰা এই বিশেষ কুৰ্তাটোত অংকন কৰা হৈছিল সুন্দৰবনৰ এটি বাঘিনীৰ ছবি। জিকিউ ইণ্ডিয়াৰ মতে ই হৈছে হাতেৰে এম্ব্ৰয়ডাৰী কৰা ‘সুন্দৰবন’ টাইগ্ৰেছ চাৰ্ট। আনহাতে তেওঁৰ পত্নী প্ৰিচিলা চানে বালমেইনৰ পৰা সাপৰ চামৰাৰ পোছাক বাছি লৈছিল, যাৰ মূল্য আছিল ১.৪০ লাখ টকা।

উল্লেখ্য যে, ২০২৩ৰ জানুৱাৰী মাহত বাগদান সম্পন্ন হৈছিল অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ। জামনগৰত তিনিদিনীয়া প্ৰাক বিবাহ উদযাপনৰ পিছত এইবছৰৰে জুলাই মাহত মুম্বাইত বিবাহ পাশত আৱদ্ধ হ’ব দুয়োজন। জানিব পৰা মতে, অনন্ত আৰু ৰাধিকা শৈশৱৰ পৰাই ইজনে আনজনক চিনি পাইছিল যদিও দুয়োৰে মাজৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল যৌৱন কালত।  

আম্বানিৰ চকুত চকুলো

দেশৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিগৰাকাৰীৰ চকুত চকুপানী! ৰাজনীতিকৰ দৰে পিছে এয়া ঘৰিয়ালৰ চকুপানী নহয়, সঁচাকৈয়ে উচুপি উঠা দেখা গ’ল দেশৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিক। শনিবাৰে আছিল প্ৰাক-বিবাহ উদযাপন অনুষ্ঠানৰ দ্বিতীয় দিন। শনিবাৰে এই অনুষ্ঠানত মঞ্চৰ কাৰ্যক্ৰমত মঞ্চত থিয় হৈ থকা দেখা যায় দৰা অনন্ত আম্বানি আৰু কইনা ৰাধিকাক। 

সেই সময়তে অনন্তৰ এষাৰ কথাত উচুপি উঠে দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তিগৰাকী। দৰাচলতে মঞ্চৰ ওপৰত অনন্তই তেওঁৰ হ’বলগীয়া পত্নীক উদ্দ্যেশি কোৱা শুনা যায়, "মোৰ পৰিয়ালৰ লোকে দিনে-নিশাই কষ্ট কৰি এই অনুষ্ঠানটো কেৱল মোৰ আনন্দৰ বাবেই আয়োজন কৰিছে। যোৱা দুই-তিনিমাহ ধৰি কোনোৱেই ৰাতি ২-৩ ঘণ্টাতকৈ বেছি শুব পৰা নাই।'' 

অনন্তই এইদৰে কোৱাৰ সময়ত মঞ্চৰ সন্মুখত বহি আছিল পিতৃ-মাতৃ, ভাতৃ আকাশ, ভগ্নী ঈশা আৰু পৰিয়ালৰ বাকীসকল সদস্য। মঞ্চৰ পৰাই এইবাৰ অনন্তই তেওঁৰ শাৰীৰিক সমস্যাৰ কথাও ক’বলৈ আৰম্ভ কৰে। তেওঁ কয়, 'মোৰ জীৱন কেতিয়াও গোলাপৰ পাপৰিসদৃশ নহয়। মই কাঁইটৰ বেদনাও অনুভৱ কৰিব লগা হৈছে। সৰুৰে পৰাই বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আহিছো। কিন্তু দেউতা আৰু মায়ে মোক সেই দুখ-কষ্ট কেতিয়াও বুজিবলৈ নিদিলে। তেওঁলোকে সদায় মোৰ কাষত থাকি মোক সাহস দি আহিছে।'' পুত্ৰৰ শাৰীৰিক অৱস্থা আৰু জীৱন যাত্ৰাৰ কাহিনী শুনি সেই সময়ত মুখখন বেকা কৰি উচুপি উঠা দেখা গ’ল মুকেশ আম্বানিক।

মুঠ সম্পত্তিৰ মাত্ৰ ১.২৯ শতাংশ খৰছ!

আম্বানিৰ পুত্ৰৰ প্ৰাক-বিবাহক লৈ ছ’চিয়েল মিডিয়াৰ লগতে মূলসুঁতিৰ সংবাদ মাধ্যমতো চৰ্চা অব্যাহত থকাৰ সময়তে ভিন্নজনে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাও দেখা গৈছে। প্ৰকাশিত বাতৰি অনুযায়ী অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্শ্বেণ্টৰ তিনিদিনীয়া প্ৰি-উইডিং অনুষ্ঠানত খৰছ হৈছে অতি কমেও ১২৬০ কোটি টকা। কেটাৰিঙৰ নামতেই খৰছ হৈছে প্ৰায় ২০০ কোটি টকা। 

আনহাতে একমাত্ৰ কন্যা ঈশা আম্বানিৰ বিয়াত মুকেশ আম্বানিয়ে খৰছ কৰিছিল ৭০০ কোটি টকা। জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানিৰ বিয়াত মুঠ কিমান কোটি টকা খৰছ কৰা হৈছিল তাৰ সঠিক তথ্য পাবলৈ নাই যদিও উক্ত বিয়াখনতো আনুমানিক ৫০০ কোটিৰো অধিক টকা খৰছ কৰা হৈছিল। 

সৰু পুত্ৰ অনন্তৰ প্ৰি-উইডিঙত খৰছ কৰা ধন হৈছে আম্বানি পৰিয়ালৰ মুঠ সম্পত্তিৰ মাত্ৰ ১.২৯ শতাংশ। ফৰ্বছ আলোচনীৰ মতে মুকেশ আম্বানিৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১১৭ বিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত সেয়া হ’বগৈ ৯৭,৬৬,৮৯,৮১,৩০,০০০ টকা। নিজৰ মুঠ সম্পত্তিৰ মাত্ৰ ১ শতাংশ ধন খৰছ কৰিলেও সাধাৰণ লোকৰ বাবে এয়া কল্পনাৰো অগোচৰ হোৱাত সকলোৱে অবাক হৈ বিয়াখনক লৈ চৰ্চা কৰিবলৈ বাধ্য হৈ পৰিছে। 

উল্লেখ্য যে বিগত সময়ছোৱাত সমগ্ৰ ভাৰততে দুখীয়া লোকসকল দুখীয়া হৈ গৈ থকাৰ বিপৰীতে অতি ধনীলোকসকলৰ সম্পত্তিৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পাইছে। ধনাঢ্য আম্বানিয়ে পুত্ৰৰ প্ৰাক বিবাহৰ নামত ১২৬০ কোটি টকা খৰছ কৰাৰ সময়তে দেশৰ ৬০.০৭ লাখ শিশুৱে অৰ্ধাহাৰে অথবা অনাহাৰে দিন কটাবলগীয়াত পৰিছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ৰ সমীক্ষাত প্ৰকাশ পাইছে। এনে পৰিপ্ৰেক্ষিততে দেশৰ জ্যেষ্ঠ অধিবক্তা তথা সামাজিক কাৰ্যকৰ্তা প্ৰশান্ত ভূষণে এই বিয়াখনক লৈ ছ’চিয়েল মিডিয়াত তাৎপৰ্যপূৰ্ণ পোষ্ট কৰা দেখা গৈছে। 

পোষ্টটোত ভূষণে লিখিছে, 'আম্বানিৰ প্ৰাক-বিবাহ অনুষ্ঠান হৈছে সম্পত্তি আৰু ক্ষমতাৰ বীভৎস প্ৰদৰ্শন। আমাৰ চেলিব্ৰিটিসকলে নিজকে তলৰ শাৰীলৈ অৱনমিত কৰি অতি আনন্দমনেৰে সেই অনুষ্ঠানত ভাগ ল’বলৈ ল’ৰা-ঢপৰা কৰাতো অতিশয় দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা। একেদৰে মূলসুঁতিৰ সংবাদ মাধ্যমেও গেলা-পচা সামগ্ৰীত মাখিয়ে জঁপিয়াই পৰাৰ দৰে সেই অনুষ্ঠানত জঁপিয়াই পৰাটোৱে সংবাদ মাধ্যমৰ ফোপোলা স্বৰূপটোক অতি দৃষ্টিকটুভাৱে উদঙাই দিছে।’

বিশ্বৰ আটাইতকৈ দামী বিয়াখন...

অনন্ত আম্বানিৰ প্ৰাক-বিবাহ অনুষ্ঠানত ১২০০ কোটিৰো অধিক ধন খৰছ কৰাৰ আগলৈকো বিশ্বৰ আটাইতকৈ অধিক ধন খৰছ কৰা বিয়াৰ অভিলেখ ভাৰতৰ নামতেই আছিল। এই বিয়াখন অনুষ্ঠিত হৈছিল মোগল শাসন কালত। মোগল সম্ৰাট শ্বাহজাহানৰ জ্যেষ্ঠ পুত্ৰ দাৰা শ্বেইখ আছিল অতি ছৌখিন। সম্ৰাট শ্বাহজাহানে বৰপুত্ৰ দাৰা শ্বেইখক নিজৰ উত্তৰাধিকাৰী ঘোষণা কৰিছিল। সম্ৰাট পিতৃৰ পৰা পকেটমানি হিচাপে দাৰাই লাভ কৰিছিল ১০০০ টকাকৈ। 

ইতিহাসবিদসকলৰ মতে সেই সময়ত দাৰা শ্বেইখৰ বিয়া মহাধুমধামেৰে আয়োজন কৰা হৈছিল। বিয়াখনত খৰছ হৈছিল মুঠ ৩২ লাখ টকা। বৰ্তমানৰ হিচাপত সেই ৩২ লাখ টকা ১০০০ কোটি টকাতকৈয়ো অধিক হ’ব বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। সেই দিশৰ পৰা কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতেই আটাইতকৈ অধিক ধন খৰছ কৰা বিয়াসমূহৰ শীৰ্ষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈ আহিছে দাৰা শ্বেইখৰ বিয়াখনে। 

পিতৃৰ লগতে জ্যেষ্ঠ ভগ্নী জাহানাৰাৰো অতি প্ৰিয় আছিল দাৰা। মাতৃ মমতাজ মহলৰ মৃত্যুৰ পিছত জাহানাৰাই মাতৃৰ দৰে মৰম কৰিছিল দাৰাক। পত্নীৰ মৃত্যুৰ পিছত বহুদিনলৈ শোক পালন কৰা শ্বাহজাহানে ধুমধামেৰে আয়োজন কৰা প্ৰথমটো অনুষ্ঠানেই আছিল দাৰাৰ বিবাহ অনুষ্ঠান। একাংশ ইতিহাসবিদে দাবী কৰা মতে দাৰা শ্বেইখৰ বিয়াত অজস্ৰ ফটকা আৰু আতচবাজী ফুটোৱা হৈছিল।

ইতিহাসত উপলব্ধ তথ্য অনুযায়ী দাৰা শ্বেইখৰ বিবাহ সম্পন্ন হৈছিল ১৬৩৩ চনৰ ১ ফেব্ৰুৱাৰীত। কিন্তু বিবাহৰ ভিন্ন অনুষ্ঠান ৮ ফেব্ৰুৱাৰী পৰ্যন্ত চলিছিল। দাৰাৰ পত্নী নাদিৰা বানুৱে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত পৰিধান কৰা লেহেংগাৰ মূল্য সেই সময়তে ৮ লাখ টকা আছিল বুলিও ইতিহাসবিদসকলে ক’ব খোজে।