ডিজিটেল ডেস্কঃ ছুইডিছ একাডেমিৰ ৬ গৰাকী সদস্যৰ স্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু শাস্তি প্ৰদানৰ অভিযোগৰ ভিত্তিত পদত্যাগ কৰাৰ ফলত প্ৰায় ৭০ বছৰৰ পিছত একাডেমিয়ে এই বৰ্ষৰ সাহিত্যৰ নবেল বঁটা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ 

একাডেমিয়ে জনোৱা মতে, এই বৰ্ষৰ সাহিত্যৰ নবেল বঁটাটো ২০১৯ চনৰ সাহিত্যৰ নবেল বঁটাৰ সৈতে একেলগে ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে, বিগত বৰ্ষৰ সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল জাপানী বংশোদ্ভূত ব্ৰিটিছ ঔপন্যাসিক কাজৌও ইশাগুৰোৱে লাভ কৰিছিল৷

একাডেমিৰ প্ৰাক্তন সদস্য কাটাৰিণা ফোৰ্ষ্টেনচনৰ স্বামী তথা ফৰাচী ফটোগ্ৰাফাৰ জিন ক্লাউড আৰ্নল্ডৰ বিৰুদ্ধে নৱেম্বৰ মাহত ১৮ গৰাকী নাৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ দুৰ্ভাগ্যবশতঃ ভাৱে এই ঘটনা সংঘটিত হৈছিল একাডেমিৰ ভিতৰত৷ 

আনহাতে, ছুইডিছ বাতৰি কাকত Svenska Dagbladetএ তিনিগৰাকী চাক্ষুস সাক্ষ্যৰ মন্তব্য প্ৰকাশ কৰি অভিযোগ কৰে যে ২০০৬ চনত একাডেমিৰ এক অনুষ্ঠানত আৰ্নল্ডে ৰাণী ভিক্টোৰিয়াক অপদস্থ কৰে৷ 

ইফালে ফটোগ্ৰাফাৰ আৰ্নল্ডে এই অভিযোগ মিছা বুলি খণ্ডন কৰাৰ বিপৰীতে ৰাণী ভিক্টোৰীয়া আৰু ৰাজ পৰিয়ালে এই বিষয়ে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে৷ অৱশ্যে এক বিবৃতিযোগে ৰাজ পৰিয়ালটোৱে বাতৰি কাকতখনক সমৰ্থন কৰি পৰোক্ষভাৱে অভিযোগ সত্য বুলি কব বিচাৰে৷

অইনফালে একাডেমিৰ সদস্য কাটাৰিণা ফোৰ্ষ্টেনচনক তেওঁৰ স্বামীৰ ওপৰত উত্থাপিত হোৱা অভিযোগৰ গইনা লৈ একাডেমিৰ সদস্য পদৰ পৰা অপসৰণ কৰাৰ চেষ্টা চলোৱা হয়৷ যদিও একাডেমিৰ কোনো সদস্যকে অপসৰণ কৰিব পৰা নিয়ম নাই, তথাপি একাডেমিৰ অনুষ্ঠানত সদস্যৰ উপস্থিতি নিষিদ্ধ কৰিব পাৰি৷

একাডেমিৰ ভিতৰ চৰাত সংঘটিত এনেবোৰ ঘটনাৰ বাবেই একাডেমিখনে এই বৰ্ষৰ সাহিত্যৰ নবেল বঁটা প্ৰদানৰ পৰা বিৰত থাকে৷ এই বৰ্ষৰ নবেল বঁটা অহা বছৰৰ নবেল বঁটা সমূহৰ লগত একেলগে প্ৰদান কৰা হ’ব৷ 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ১৯১৫, ১৯১৯, ১৯২৫, ১৯২৬, ১৯২৭, ১৯৩৬ আৰু ১৯৪৯ চনৰ একোটা নবেল বঁটা প্ৰদান স্থগিত ৰখা হৈছিল আৰু পিছৰ বৰ্ষত বঁটাসমূহ প্ৰদান কৰা হৈছিল৷