newsnextone.com | ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদ বৃদ্ধি কৰাত সহায় কৰি অহাৰ অভিযোগত বিশ্বৰ কেইবাখনো দেশে পাকিস্তানক বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ দাবী উত্থাপন কৰি অহাৰ সময়তে এইবাৰ পাকিস্তানে মাৰ্কিন কূটনৈতিকক দেশ এৰি যাব নোৱাৰকৈ নিষেধাজ্ঞা জাৰি কৰে৷ জানিব পৰা মতে, পাকিস্তান ফেডাৰেল ইনভেষ্টিগেচন চমুকৈ FIA-এ কৰ্ণেল জোচেফ এমানুৱেল হ’লক পাকিস্তান নেৰিবলৈ নিষেধাজ্ঞা জাৰি কৰে৷ 

অভিযোগ মতে বিগত এপ্ৰিল মাহত মাৰ্কিন ডিফেন্স আট্যাশৰ কৰ্নেল জোচেফ এমানুৱেল হ’লে পাকিস্তানত এখন বাইকত অহা দুগৰাকী লোকক খুন্দা মাৰিছিল৷ ফলত এগৰাকী লোকৰ থিতাতে মৃত্যু হয়৷ আন এজনৰো চিকিসালয়ত মৃত্যু হয়৷ হলৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ আদালতত গোচৰ চলি থকাৰ বাবে পাকিস্তান আদালতে হলক দেশ এৰাত নিষেধাজ্ঞা জাৰি কৰে৷  

পাকিস্তান ফেডাৰেল ইনভেষ্টিগেচন চমুকৈ FIA-এ হলৰ নথি-পত্ৰ জব্দ কৰে৷ নাম পৰ্যন্ত ব্লেক লিষ্টত ৰখা হয়৷ আমেৰিকাই কূটনৈতিগৰাকীক পাকিস্তানৰ পৰা নিবলৈ এখন বিমান প্ৰেৰণ কৰিছিল৷ কিন্তু বিমান অহা বাটে উভতি যাব লগা হয়৷ ইছলামাবাদ উচ্চ ন্যায়ালয়ে এটি ৰায় প্ৰদান কৰি কূটনৈতিক ভাবে ৰক্ষা নকৰিবৰ বাবে নিৰ্দেশ দিয়ে চৰকাৰক৷