বিশেষ প্ৰতিবেদনঃ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ’ল এখন ৰাজ্যৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী! অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুক ৰাজ্যখনৰ দক্ষতা বিকাশ বিভাগত সংঘটিত কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাজ্যখনৰ নন্দিয়াল জিলা ভ্ৰমণৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পাছতে বিশাখাপট্টনমত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাইডু চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গন্তা শ্ৰীনিবাস ৰাওকো। টিডিপিৰ অধ্যক্ষ নাইডুক গ্ৰেপ্তাৰৰ পিছত তেওঁৰ সমৰ্থক আৰু অধিবক্তাই আৰক্ষীৰ সৈতে সামান্য মতযুদ্ধতো লিপ্ত হয়। দলৰ নেতা-সদস্যই এই গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে চি আৰ পি চিৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰৰ বিষয়ে তেওঁলোকৰ অধিবক্তাসকলক অৱগত কৰে। চন্দ্ৰবাবুৰ অধিবক্তাই যেতিয়া আৰক্ষীক মৌলিক প্ৰমাণ অবিহনে গ্ৰেপ্তাৰ কেনেকৈ কৰিব পাৰি বুলি সোধাত আৰক্ষীয়ে উত্তৰ দিয়ে যে আদালতত ৰিমাণ্ড ৰিপৰ্ট জমা দিওঁতে সকলো তথ্য দিয়া হ’ব। চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰিবলৈ অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ ডি আই জি ৰঘুৰামী ৰেড্ডীৰ নেতৃত্বত আহিছিল আৰক্ষীৰ দল।

ভাৰতীয় ফৌজদাৰী বিধি আইনৰ অধীনত গ্ৰেপ্তাৰৰ তথ্য দি নাইডুক জনোৱা হয় যে তেওঁক ২৮/২০২১ নং অপৰাধৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। চন্দ্ৰবাবু নাইডুক প্ৰতাৰণা (আই পি চি ৪২০) আৰু অপৰাধমূলক ষড়যন্ত্ৰ (আই পি চি ১২০বি)ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

কেলেংকাৰীৰ প্ৰমাণ বিচাৰি আৰক্ষীক প্ৰশ্ন চন্দ্ৰবাবু নাইডুৰ

গ্ৰেপ্তাৰৰ সময়ত চন্দ্ৰবাবু নাইডুৱে আৰক্ষীক প্ৰশ্ন কৰে যে দক্ষতা বিকাশৰ কেলেংকাৰীত তেওঁৰ নাম ক’ত আছে। ইয়াৰ উত্তৰত আৰক্ষী বিষয়াসকলে তেওঁক কয়, ‘প্ৰমাণ আমাৰ হাতত আছে, আমি উচ্চ ন্যায়ালয়ত দাখিল কৰিছো। ৰিমাণ্ড ৰিপৰ্টত সকলো অন্তৰ্ভুক্ত কৰা হৈছে।’’

গ্ৰেপ্তাৰৰ সময়ত চন্দ্ৰবাবুৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। আৰক্ষীৰ হৈ ডি আই জি ৰঘুৰামী ৰেড্ডীয়ে চন্দ্ৰবাবুৰ অধিবক্তাক গ্ৰেপ্তাৰৰ সৱিশেষ অৱগত কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ বিজয়াৱাড়ালৈ নিব বিচাৰিছিল। কিন্তু চন্দ্ৰবাবুৱে কয় যে তেওঁ আৰক্ষীৰ নিৰাপত্তাৰক্ষীক বিশ্বাস নকৰে আৰু তেওঁ নিজৰ কনভয়ৰ সৈতে এন এছ জিৰ তত্বাৱধানত যাব বিচাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবী আৰক্ষীয়ে মানি লয়।

কি এই দক্ষতা বিকাশৰ কেলেংকাৰী?

অন্ধ্ৰ প্ৰদেশৰ বিভাজন হোৱাৰ পিছত APSSDC (Andhra Pradesh State Skill Development Corporation) গঠন হৈছিল। এইটো এটা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰু ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যৰ যুৱক-যুৱতীসকলক দক্ষতা আৰু প্ৰশিক্ষণ প্ৰদান কৰা। ইয়াৰ উদ্দেশ্য প্ৰশিক্ষণ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰাও। ইয়াৰ বাবে স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে প্ৰযুক্তি কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হয়। ইয়াৰ ভিতৰত ছিমেন্স আৰু ডিজাইন টেক চিষ্টেমছৰ দৰে কোম্পানীও আছে।

ছিমেন্স ইণ্ডাষ্ট্ৰিয়েল চফটৱেৰ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যালয় নয়ডাত। এই কোম্পানীটোৰ সৈতে হোৱা চুক্তিৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ ৬টা স্থানত দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ কৰি প্ৰশিক্ষণ দিয়া হয়। অন্ধ্ৰ প্ৰদেশ চৰকাৰে কৈছিল যে দহ শতাংশ খৰচ চৰকাৰে বহন কৰিব আৰু বাকী ৯০ শতাংশ ছিমেন্স কোম্পানীয়ে অনুদান হিচাপে আগবঢ়াব।

চৰকাৰ আৰু ছিমেন্সৰ এই চুক্তিৰ পিছত অন্ধ্ৰপ্ৰদেশৰ বহু প্ৰখ্যাত অভিযান্ত্ৰিক মহাবিদ্যালয়ত চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন কৰা হয়। আদিত্য অভিযান্ত্ৰিক মহাবিদ্যালয়ও এইবোৰৰ ভিতৰত অন্তৰ্ভুক্ত আছিল। ২০১৭ চনৰ পৰা ছিমেন্সে স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেশ্যনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে। এই চুক্তিৰ অধীনত ছিমেন্সে কাৰিকৰী সহায় আগবঢ়াব লাগিব। কিন্তু কোম্পানীয়ে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

এই গোচৰৰ তদন্তকাৰী চি আই ডিয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে কোম্পানীটোৱে কাৰিকৰী সহায় আগবঢ়োৱা বুলি নথি-পত্ৰত লিপিবদ্ধ কৰা হৈছে। স্কিল ডেভেলপমেণ্ট এক্সেলেন্স চেণ্টাৰ স্থাপনৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ছিমেন্স আৰু ডিজাইন টেকৰ সৈতে ৩,৩৫৬ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল। চুক্তি অনুসৰি এই প্ৰকল্পত টেক কোম্পানীসমূহে ৯০ শতাংশ অংশীদাৰিত্ব বহন কৰিব লাগিছিল যদিও এই বিষয়টো স্তব্ধ হৈয়ে থাকি যায়।

এই চুক্তিৰ অধীনত দক্ষতা বিকাশৰ বাবে ৬টা ক্লাষ্টাৰ গঠন কৰিব লাগিছিল আৰু প্ৰতিটো ক্লাষ্টাৰত ৫৬০ টকা খৰচ কৰিব লাগিছিল। তেতিয়াৰ চন্দ্ৰবাবু নাইডু চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে নিজৰ অংশৰ দহ শতাংশ অৰ্থাৎ ৩৭১ কোটি টকা প্ৰদান কৰিব।

পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশ চৰকাৰে নিজৰ অংশ প্ৰদান কৰিছিল। কিন্তু অন্ধ্ৰ প্ৰদেশৰ চি আই ডিয়ে প্ৰথমবাৰৰ বাবে ২০২১ চনৰ ডিচেম্বৰ মাহত দক্ষতা বিকাশৰ বাবে মুকলি কৰা ধনৰ অপব্যৱহাৰৰ অভিযোগত গোচৰ ৰুজু কৰে। চিআইডিয়ে অভিযোগ কৰিছিল যে ছিমেন্সে এই প্ৰকল্পৰ ব্যয় কৃত্ৰিমভাৱে ৩৩০০ কোটি টকালৈ বৃদ্ধি কৰিছে। এই অভিযোগত ছিমেন্সৰ সৈতে জড়িত জিভিএছ ভাস্কৰৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হয়।

অন্ধ্ৰ প্ৰদেশ চৰকাৰে ছিমেন্স ইণ্ডাষ্ট্ৰিয়েল চফটৱেৰ প্ৰাইভেট লিমিটেডক ৩৭১ কোটি টকা প্ৰদান কৰিছিল। চি আই ডিৰ অভিযোগ যে এই চফটৱেৰৰ প্ৰকৃত খৰচ মাত্ৰ ৫৮ কোটি টকাহে আছিল। এই চুক্তিত দক্ষতা বিকাশ নিগমৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা গন্তা চুব্বাৰাও আৰু লক্ষ্মীনাৰায়ণকে ধৰি মুঠ ২৬জন লোকৰ বিৰুদ্ধে চি আই ডিয়ে গোচৰ ৰুজু কৰিছিল। পিছত ইয়াৰে দহজনক গ্ৰেপ্তাৰো কৰা হয়। এই গোচৰতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক।

কি কয় মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে?

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে অভিযোগ কৰে যে অন্ধ্ৰ প্ৰদেশৰ নিবনুৱা ছাত্ৰ-ছাত্ৰীৰ নামত এইটোৱেই আটাইতকৈ ডাঙৰ কেলেংকাৰী। চলিত বৰ্ষৰ ২০ মাৰ্চত তেওঁ বিধানসভাত দক্ষতা বিকাশৰ নামত সংঘটিত হোৱা কথিত কেলেংকাৰিৰ কথা পোহৰলৈ আনিছিল।

ৰেড্ডীয়ে অভিযোগ কৰি কয়, “যিটো হ’ল সেয়া বুজাবুজিৰ চুক্তিপত্ৰত কোৱা কথাৰ বিপৰীত আছিল। এই ধন বহিঃৰাজ্যৰ শ্বেল কোম্পানীলৈ প্ৰেৰণ কৰাৰ পিছত হায়দৰাবাদলৈ ঘূৰাই অনা হয়। জি এছ টি, চোৰাংচোৱা, আই টি, ই ডিকে ধৰি সংস্থাসমূহে ইয়াৰ তদন্ত কৰি আছে। চন্দ্ৰবাবু নাইডুৱে এটা গেং গঠন কৰি ৩৭১ কোটি টকা লুটি লৈ যায়।”

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো ব্যক্তিগত কোম্পানীয়ে কাৰোবাক কিয় আৰু কেনেকৈ ৩০০০ কোটি টকা অনুদান দিব সেই কথা নাভাবি তেওঁলোকে নিয়ম উলংঘা কৰিছিল।” জগন মোহন ৰেড্ডীয়ে অভিযোগ কৰে যে ছিমেন্স কোম্পানীৰ এজন উচ্চ পদস্থ বিষয়াক জেলত ভৰাই ইমান ডাঙৰ কেলেংকাৰী সংঘটিত হৈছিল আৰু চৰকাৰী ধন আত্মসাৎ কৰা হৈছিল।

কি কয় তেলেগু দেশম পাৰ্টিয়ে?

টিডিপিৰ জ্যেষ্ঠ বিধায়ক পায়ভুলা কেশৱে কয় যে এই চুক্তিৰ অধীনত কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু লাখ লাখ লোকক প্ৰশিক্ষণ দিয়া হৈছিল। কেশৱে কয় যে ছিমেন্সে গুজৰাট চৰকাৰৰ সৈতে কৰা চুক্তিৰ ভিত্তিত কোম্পানীটোৱে অন্ধ্ৰ প্ৰদেশতো চুক্তি কৰি কাৰ্যকৰী কৰে। উল্লেখ্য যে, ছিমেন্স হৈছে এটা জাৰ্মান কোম্পানী। এই কোম্পানীটোৱে বিশ্বৰ ১৬০খন দেশত বৰ্তমান কাম কৰি আছে।

টিডিপিৰ বিধায়কগৰাকীয়ে অভিযোগ কৰে যে তেতিয়াৰ ছিমেন্সৰ মুৰব্বী সৌময়াদ্ৰী বসুৱে নিজৰ উদ্দেশ্যৰ বাবে কিছুমান ব্যক্তিগত কোম্পানীক অনুকূল কৰি তুলিছিল। তেওঁ কয়, ‘ইডিৰ তদন্তত পোহৰলৈ আহিছে যে ছিমেন্সে জিএছটি দিয়া নাই। ছিমেন্সৰ নামত ৩৭১ কোটি টকা ডাইভাৰ্ট কৰা বুলি কোৱাটো মিছা। ছিমেন্সে নিজৰ অংশীদাৰসকলক নিৰীক্ষণ কৰাৰ দায়িত্ব লয়, ইয়াৰ লগত তেতিয়াৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ কোনো সম্পৰ্ক নাই।”

তেওঁ কয় যে ছিমেন্সৰ ভুলৰ বাবে চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাটো বিড়ম্বনাৰ কথা। এই গোচৰত চন্দ্ৰবাবুৰ বিৰুদ্ধে অন্যায় অভিযোগ উত্থাপন হৈছে। তেওঁ লগতে কয় যে ছিমেন্স বা ডিজাইন টেকে যি কাম কৰিছে তাৰ বাবে চন্দ্ৰবাবু নাইডু দায়বদ্ধ নহয়।

প্ৰণিধানযোগ্য যে, চলিত বৰ্ষৰ ১০ মাৰ্চত বলবৎকাৰী সঞ্চালকালয়ে ভাৰতৰ ছিমেন্স ইণ্ডাষ্ট্ৰী চফটৱেৰ লিমিটেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক সৌম্যাদ্ৰী শেখৰ বসুকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰিও ডিজাইন টেক চিষ্টেমছ (পুনে)ৰ পৰিচালন সঞ্চালক বিকাশ বিনায়ক খানভেলকাৰ, পিভিএছপি আইটি স্কিলছ প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন বিষয়া মুকুল চন্দ্ৰ আগৰৱাল আৰু এছএছআৰএ এণ্ড এছ’চিয়েটছৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট সুৰেশ গোৱালকো ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। চিআইডিৰ এফআইআৰৰ পিছত ইডিয়েও এই গোচৰৰ তদন্ত আৰম্ভ কৰে।

গ্ৰেপ্তাৰৰ পিছত কি ক'লে নাইডুৱে?

গ্ৰেপ্তাৰৰ পিছত নাইডুৱে কয় যে আৰক্ষীয়ে জনসাধাৰণক ভয় খুৱাবলৈ চেষ্টা চলাইছে। তেওঁ কয়, “মই তেওঁলোকক সুধিলোঁ যে আপুনি মোক কিয় গ্ৰেপ্তাৰ কৰিছে, মোৰ বিৰুদ্ধে প্ৰমাণ ক’ত আছে... কিন্তু তেওঁলোকে একো কোৱা নাছিল। তেওঁলোকে মাথোঁ কৈছিল যে আমাৰ গ্ৰেপ্তাৰৰ অধিকাৰ আছে। এইটো বৰ দুখৰ কথা। আজি অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে দিনৰ পোহৰতে গণতন্ত্ৰক হত্যা কৰিলে। সাধাৰণ মানুহৰ মৌলিক অধিকাৰ আছে। মোক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেয়া জনাটো মোৰ অধিকাৰ। মোক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা কোৱাটো আৰক্ষীৰ দায়িত্ব। মই সেইটোৱেই সুধিলোঁ। মোৰ ভুল কি বুলি সুধিলোঁ, কিন্তু তেওঁলোকে কৈয়েই থাকিল যে আমি নকওঁ।”

নাইডুৱে কয় “মাজনিশা মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, মোৰ বহুত কষ্ট হৈছিল। সকলো ৰাইজলৈ আহ্বান জনাইছো, চাৰে চাৰি বছৰ ধৰি ৰাজহুৱা বিষয়ৰ বাবে যুঁজি আহিছো। এইটো বৰ দুখৰ কথা, মই ৰাজহুৱা বিষয়ৰ বাবে যুঁজিছো, মোক গ্ৰেপ্তাৰ কৰি জে’ললৈ লৈ যোৱা হৈছে। মই সমালোচনা কৰো। ন্যায়ৰ প্ৰাধান্য থাকিব। তেওঁলোকে যিয়েই নকৰক, মই ৰাইজৰ বাবে আগবাঢ়ি যাম।”

শলঠেকত বিজেপি

আগন্তুক লোকসভা নিৰ্বাচনত দক্ষিণ ভাৰতত খোপনি সুদৃঢ় কৰিবৰ বাবে মিত্ৰদলৰ সন্ধান অব্যাহত ৰখা বিজেপিয়ে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টী চমুকৈ টিডিপিৰ সৈতে আলোচনা আগবঢ়াইছিল। একেসময়তে ৰাজ্যখনৰ বৰ্তমানৰ শাসনাধিষ্ঠিত ৱাই এছ আৰ কংগ্ৰছকো এনডিএত অন্তৰ্ভুক্ত কৰিব পাৰি নেকি তাক লৈয়ো জল্পনা-কল্পনা অব্যাহত ৰাখিছিল বিজেপিয়ে। আনকি সদ্যসমাপ্ত বৰ্ষাকালীন অধিৱেশনত বিৰোধী মিত্ৰজোঁট I.N.D.I.Aই উত্থাপন কৰা অনাস্থা প্ৰস্তাৱতো তেলেগু দেশমৰ লগতে ৱাইএছআৰ কংগ্ৰেছেও মোদী চৰকাৰকে সমৰ্থন আগবঢ়াইছিল। 

পূৰ্বতে এনডিএৰ সহযোগী দল তেলেগু দেশম পাৰ্টীয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰসংগত ক্ষুন্ন হৈ এনডিএৰ পৰা ওলাই আহিছিল যদিও শেহতীয়াকৈ দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সৰু সৰু স্বাৰ্থবোৰ এৰা-ধৰা কৰিব পাৰি বুলি কৌশলগত মন্তব্য আগবঢ়াইছিল চন্দ্ৰবাবু নাইডুৱে। এনডিএত পুনৰ টিডিপি অন্তৰ্ভুক্ত হ'লে আগন্তুক লোকসভা নিৰ্বাচনত ৱাইএছআৰ কংগ্ৰেছ কিছু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিয়েই জগন মোহন ৰেড্ডী চৰকাৰে চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে কঠোৰ হৈ পৰা বুলিও মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

'চন্দ্ৰবাবু নাইডু গ্ৰেপ্তাৰ হোৱাৰ লগে  লগে বিজেপিয়ে টিডিপিৰ সৈতে মিত্ৰতা কৰিবলৈ আগবাঢ়ি নাহিব। দুৰ্নীতিৰ অভিযোগত অভিযুক্ত দল এটাৰ সৈতে মিত্ৰতা কৰিলে বিজেপিৰ ভাৱমূৰ্তি বিনষ্ট হৈ পৰিব। ইয়াৰ ফলত বিজেপিয়ে ৱাইএছআৰ কংগ্ৰেছৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিব। নাইডুক গ্ৰেপ্তাৰৰ আঁৰত এনেধৰণক ৰাজনৈতিক অংকবোৰো নথকা নহয়।'-এইদৰে মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। 

ৰাজনীতি আৰু কেলেংকাৰী

লংকালৈ গ’লে সকলো ৰাৱণ হয়! সমাজৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজনীতিত প্ৰৱেশ কৰা নেতা-মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে প্ৰায়ে উত্থাপিত হয় নানান কেলেংকাৰীৰ অভিযোগ। কেতিয়াবা যদি কয়লা, বালি চিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ, আন কেতিয়াবা আকৌ বিভাগীয় আঁচনি ৰূপায়ণৰ নামত সংঘটিত কেলেংকাৰীত নাম সাঙোৰ খাই পৰে নেতা-মন্ত্ৰী অথবা বিধায়কৰ।

কিন্তু বহু সময়ত নেতা-মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ কেৱল অভিযোগ হৈয়ে ৰৈ যায়। বিশেষকৈ ক্ষমতাত থকা সময়ত নেতা-মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ কৰাত তদন্তকাৰী সংস্থাৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰে। অৱশ্যে ক্ষমতাচ্যুত হোৱাৰ পিছত বেলেগ কথা।

বৰ্তমান সময়ত দুৰ্নীতিৰ শূন্য সহনশীল বুলি দাবী কৰা বিজেপিয়ে নিজেই দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰা ৰাজনৈতিক দল আৰু নেতাৰ সৈতেই শেষত ক্ষমতা ভগাই লোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। ইয়াৰ শেহতীয়া প্ৰমাণ মহাৰাষ্ট্ৰ চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ অন্য নেতাই দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰা এনচিপিৰ নেতা অনিল পাৱাৰৰ সৈতেই শেহতীয়াকৈ বিজেপিয়ে মিত্ৰতা কৰাক লৈ সৰৱ হৈ পৰে বিৰোধী।

অন্যহাতে বিজেপিয়ে চলে-বলে-কৌশলে বিজেপিৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিয়া দলৰ নেতা-মন্ত্ৰীক কেলেংকাৰীৰ গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰো অভিযোগ বিৰোধীয়ে উত্থাপন কৰি আহিছে। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে দুৰ্নীতিগ্ৰস্ত সজাই কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ অভিযোগ আম আদমী পাৰ্টী আৰু অন্য বিৰোধী দলৰ।

কিন্তু কেৱল মন্ত্ৰী বা বিধায়কেই নহয়, ক্ষমতাচ্যুত হোৱাৰ পিছত ভাৰতৰ কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীকো বিভিন্ন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পিছতে ২০১৯ চনৰ ৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক গ্ৰেপ্তাৰ কৰা হৈছিল। দুবছৰ পৰ্যন্ত বিচাৰ অবিহনে আটক কৰিব পৰা জনসাধাৰণৰ সুৰক্ষা আইন (পিএছএ)ৰ অধীনত তেওঁক আটক কৰি ৰখা হৈছিল। প্ৰায় আঠ মাহৰ জিম্মাত থকাৰ পিছত ২০২০ চনৰ ২৪ মাৰ্চত মুকলি কৰি দিয়া হৈছিল আব্দুল্লাক।

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাক বাংগালুৰুৰ বিশেষ আদালতে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। চাৰি বছৰৰ কাৰাদণ্ডৰ লগতে ১০০ কোটি টকাৰ জৰিমনা বিহা হয় জয়াললিতাক। ২১ দিন কাৰাগাৰত কটাবলগীয়া হোৱাৰ পাছত ২০১৪ চনৰ ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। ২০১৫ চনৰ ১১ মে’ত কৰ্ণাটক উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰিছিল যদিও ২০১৭ চনৰ ১৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে তেওঁক পুনৰ দোষী সাব্যস্ত কৰে। কিন্তু ইয়াৰ পূৰ্বেই ২০১৬ চনৰ ৫ ডিচেম্বৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱকক ৰাঁচীৰ চিবিআইৰ বিশেষ আদালতে পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতে যোৱা বছৰৰ ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক ৫ বছৰৰ কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনা বিহে আদালতে। দুমাহৰো অধিক সময় কাৰাগাৰত কটাবলগীয়া হোৱাৰ পিছত ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। ২০১৭ আৰু ২০১৮ চনত আৰু তিনিটা পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈ শাস্তি প্ৰদান কৰা হৈছিল লালু যাদৱক। অৱশ্যে বৰ্তমান চিকিৎসাজনিত কাৰণত জামিনত মুকলি হৈ আহিছে লালু যাদৱ।