কাটাৰঃ মৰুৰ দেশ কাটাৰ অসমৰ পৰা বহু যোজন দূৰৈত৷ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা কাটাৰ দেশৰ ৰাজধানী ডোহালৈ বায়ুমাৰ্গেৰে দূৰত্ব হ'ল চাৰিহাজাৰ কিলোমিটাৰো অধিক৷ ইয়াত বসবাস কৰা এমুঠি প্ৰবাসী অসমীয়াই নিজৰ সংস্কৃতিক বৰ্তাই ৰখাৰ সাধ্যনুসাৰে প্ৰয়াস কৰি আহিছে৷ ব্যক্তিগত সমীক্ষাৰ পৰা কব পাৰি যে বৰ্তমান ৩০০টা মান অসমীয়া পৰিয়াল আৰু অনুমানিক ১০০০ জন অসমীয়া লোক কাটাৰ দেশত বিভিন্ন ঠাইত ভিন-ভিন কামত জডিত হৈ বসবাস কৰি আছে৷ 

ইয়াত আছে ভাৰত চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰৰ মান্যতাপ্ৰাপ্ত এক সামাজিক অনুষ্ঠান যাৰ নাম হ'ল 'কাটাৰ অসম সমাজ'৷ কাটাৰ অসম সমাজে বিগত প্ৰায় দশককাল জুৰি ৰঙালী বিহু, ব'হাগী উৎসৱ, দীপাৱলী, ঈদ, ভোগালি বিহু আদিৰ আয়োজন কৰি আহিছে৷ 'নেদেখা সোণালী সূতাৰে বন্ধা' নামক দ্বিভাষিক ৰঙীন স্মৰণিকাও প্ৰকাশ কৰি আহিছে৷ এইদৰে পালিত হোৱা অনুষ্ঠানসমূহলৈ ভাৰতৰ আন আন প্ৰদেশৰ লোক, ভাৰতীয়  দূতাবাসৰ কৰ্মৰত বিষয়া আৰু বিশিষ্ট কাটাৰী লোককো আমন্ত্ৰণ জনোৱা হয়৷ 

অধিকাংশ লোকৰ সুবিধাৰ্থে সাপ্তাহিক বন্ধৰ দিন শুকুৰবাৰ একোটাক উৎসৱ যাপনৰ বাবে বাচি লোৱা হয় আৰু এক-দেড়মাহ আগৰ পৰা ইয়াক সফলতাৰে পালন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হয়৷ স্থানীয় শিল্পীসকলৰ উপৰিও বিগত কেইবা বছৰ ধৰি অসমৰ একোজন শিল্পীক মাতি আনি তেওঁৰ গীত-মাত পৰিৱেশন কৰোৱাৰ এটি সুস্থ পৰম্পৰা আৰম্ভ হৈছে৷ কাটাৰ অসম সমাজে এনেদৰেএতিয়ালৈ আদৰি আনি সন্মান জনোৱা শিল্পীসকল হ'ল-প্ৰিয়ংকা ভৰালী, পদ্মনাভ আৰু দীক্ষু৷ 

এইবাৰৰ আমন্ত্ৰিত অতিথি হ'ল সুকন্ঠি গায়িকা অভিশ্ৰুতি বেজবৰুৱা৷ কাটাৰত এইবাৰৰ ৰঙালী বিহুৰ অনুষ্ঠান ডোহাৰ পৰা ৮৫কিলোমিটাৰ দূৰৈৰ তৈল নগৰী ডোহ্কানৰ কাটাৰ পেট্ৰলিয়ামৰ আটকধুনীয়া আৰু ভব্য প্ৰেক্ষাগৃহত ৬এপ্ৰিল শুকুৰবাৰে আয়োজন কৰা হয়৷ উল্লেখযোগ্য এই ডোহ্কানতেই ১৯৩৫চনত দেশখনৰ প্ৰথম খাৰুৱা তেলৰ পুং আবিষ্কৃত হৈছিল৷ 

অতি উৎসাহ উদ্দীপনাৰ মাজেৰে পালিত এই অনুষ্ঠান সন্ধিয়া ৫বজাৰ পৰা নিশা ১০বজালৈ চলে৷ অনুষ্ঠানৰ আৰম্ভণিতে কাটাৰ অসম সমাজৰ মহিলা সদস্য সকলে নিজ  হাতেৰে বিহু উপলক্ষে ঘৰত বনাই অনা নানাবিধ পিঠাপনা, লাড়ু আৰু সুস্বাদু জলপানৰ স্বাদ সকলো অতিথিৰ আগত পৰিৱেশন কৰা হয়৷ উল্লেখ্য যে, প্ৰায়সকল প্ৰবাসী অসমীয়াই বিহু উপলক্ষে অসমীয়া সাজ-পোছাক, গামোছা পৰিধান কৰি আহি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাটোও এক পৰম্পৰা৷ 

এইবাৰো তাৰ ব্যতিক্ৰম দেখা নগ'ল৷ অনুষ্ঠানৰ শেষত সকলোৱে মিলাপ্ৰীতিৰে ভোজভাত খাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঘৰমুৱা হয়৷ কাটাৰ অসম সমাজৰ সভাপতি কৌস্তভ শইকীয়াই আদৰণি জনোৱাৰ পিছত ভক্তিগীত গুৰু-বন্দনা আৰু সমবেত সংগীত 'অসম আমাৰ ৰূপহী গুণৰো নাই শেষ' গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ 

ইয়াৰ পিছত শিশু নৃত্য নাটিকা 'অ' ফুল,অ' ফুল নুফুল কিয়' (?) আৰু চেমনীয়া শিল্পী কৃষ্টি গগৈৰ বিহু নৃত্য, সত্ৰীয়া নৃত্যত পটু ডেইজি দ'লেৰ নৃত্য, শুভলক্ষ্মী নাথৰ বিহু, প্ৰিয়ংকা মহন্ত, দেৱানন্দ নৰহ, ৰাজু উপ্ৰেতি, নৱজ্যোতি 'নিকু', পল্লৱী ডেকাৰ আধুনিক গীত, শিশু শিল্পী আদৃতা আৰু টিয়াৰ গীত-আবৃতি, মহিলাসকলৰ লোকনৃত্য, বিহু হুচৰি আৰু থলুৱা শিল্পীৰ দ্বাৰা অন্যান্য বাৰেৰহনীয়া অনুষ্ঠান পৰিবেশিত হয়৷ 

ঢোল-বাদন, তাল-বাদন, বাঁহী-বাদন আৰু মহৰ শিঙৰ পেঁপাৰে সামগ্ৰীক পৰিবেশ বিহুতলী সদৃশ্য কৰি তোলে কৃষ্ণ গগৈ, প্ৰাঞ্জল দেউৰী, নৱজ্যোতি দাস আদিয়ে৷ গিটাৰ বাদনেৰে সংগীতানুষ্ঠানত সংগত কৰিছিল চৌকত হুছেইন আৰু দেৱানন্দ নৰহে৷ ইয়াৰ পিছত দুঘন্টাৰো অধিক সময় অতিথি শিল্পী অভিশ্ৰুতি বেজবৰুৱাই বিহুসুৰীয়া গীত, ভক্তি গীত, লোক গীত, আধুনিক গীত আৰু নানান ভিন্নসুৰী মনোমোহা গীতেৰ দৰ্শকক আপ্লুত আৰু মোহাচ্ছন্ন কৰি ৰাখে৷ 

অনুষ্ঠানতেই 'কৰ্দৈ চকলা' নামৰ নিজৰ শেহতীয়া ভিডিঅ' এলবাম মুকলি কৰে৷ শিল্পীগৰাকীক কাটাৰ অসম সমাজৰ স্মাৰক, দুখনি স্মৰণিকা, 'কাটাৰৰ ডায়েৰী' কিতাপ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় অসম সমাজৰ প্ৰতিষ্ঠাপক সভাপতি ডা০ ভূপেন শইকীয়াই৷ 

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অসম সমাজৰ জেষ্ঠ সদস্য ৰজত গগৈয়ে৷ মোখনিত ডা০ ভূপেন শইকীয়াই কাটাৰ অসম সমাজৰ বিগত সময় ছোৱাৰ এক সংক্ষিপ্ত বিশ্লেষণাত্মক বিৱৰণি দাঙি ধৰে আৰু আগন্তুক অসমীয়া নৱবৰ্ষৰ ওলগ দেশ-বিদেশৰ সকলো অসমীয়াকে জনাই সামৰণি ভাষণ প্ৰদান কৰে আৰু এক মধুৰ স্মৃতি কঢ়িয়াইলৈ প্ৰবাসী অসমীয়াসকল গৃহ অভিমুখে যায়। অনুষ্ঠান পৰিচালনা কৰে যোৰহাটৰ জীয়ৰী বৰ্তমান কাটাৰত কৰ্মৰত শিক্ষয়ত্ৰী জাফৰিন হাচানে ৷