ডিজিটেল ডেস্কঃ এক নতুন বিপদে লগ দিছে ম্যানমাৰৰ পৰা ভাগি অহা ৰোহিংগীয়া শৰণাৰ্থীসকলক। এই বিপদ আহিছে প্ৰকৃতিৰ পৰা। মৌচুমী বতাহৰ আগমণৰ লগে লগে আহিছে প্ৰচণ্ড ধুমুহা বতাহ আৰু বৰষুণ। যাৰ ফলত বাংলাদেশত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ অস্থায়ী শিবিৰ কেতিয়া উৰি গৈ তেওঁলোক মুকলি আকাশৰ তললৈ আহিবলগীয়া হয় তাৰ নিশ্চয়তা নাই। এই আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ মাইগ্ৰেছন এজেন্সীয়ে। 

বাংলাদেশৰ সতকাই বানপানী ডুব গৈ থকা আৰু ভূস্খলনৰ প্ৰৱল সম্ভাৱনাপূৰ্ণ দক্ষিণাঞ্চলত সম্প্ৰতি শিবিৰত থকা ৰোহিংগীয়াসকলৰ বাবে বাংলাদেশ চৰকাৰক সেয়ে শীঘ্ৰেই অৰ্থসাহায্যৰ আহ্বান জনাইছে সংস্থাটোৱে। অন্যথা তাতে আশ্ৰয় লৈ থকা ১০ হাজাৰ ৰোহিংগীয়াৰ জীৱন পুনৰ বিপন্ন হৈ পৰিব বুলি সোঁৱৰাই দিছে ৰাষ্ট্ৰসংঘই। 

ৰাষ্ট্ৰসংঘৰ তথ্যমতে প্ৰায় ৭ লাখ ৰোহিঙিয়া মুছলমানে ম্যানমাৰৰ পৰা চৰকাৰী সন্ত্ৰাসৰ ফলত দেশ এৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আশ্ৰয় লৈ আছে। দৰাচলতে ম্যানমাৰ চৰকাৰে ৰোহিঙিয়াক বহিৰাগত বুলি চিনাক্ত কৰাৰ পিছতেই চৰকাৰী বাহিনীৰ পৃষ্ঠপোষকতাত সেনাই ৰোহিংগীয়া অধ্যূষিত ৰাখিনী জিলাত অবৰ্ণনীয় অত্যাচাৰ চলোৱাৰ পিছতে বৃহৎ হাৰত ৰোহিংগীয়াসকলে ম্যানমাৰ এৰি বাংলাদেশলৈ পলায়ন কৰিছিল। 

দুৰ্যোগ পাৰ হোৱাৰ পিছত সাহায্য অহালৈ আমি ৰৈ থাকিব নোৱাৰোঁ। জীৱন বচাবলৈ হ’লে আমি এতিয়াৰ পৰাই কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগিব। তম্বু তৰি থকা ২৫ হাজাৰৰো অধিক ৰোহিংগীয়াক বচাবলৈ হ’লে আমি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সংস্থাটোৰ জ্যেষ্ঠ পৰিচালন সমন্বয়ক জন মেক্কেউৱে কক্স বাজাৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে।