ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিকী ফটো
ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ অৱশেষত জনতাৰ ওচৰত হাৰ মানিলে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰ্ক জিয়ান-হাইয়ে। ক্ষমতাৰ অপব্যৱহাৰ আৰু দুৰ্নীতিৰ গোচৰত অভিযুক্ত দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক আদালতে শুকুৰবাৰে ২৪ বছৰৰ কাৰাদণ্ড বিহে। 

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা এই শুনানি পাঠ কৰে চিউল কেন্দ্ৰীয় জিলা আদালতৰ ন্যায়াধীশ কিম চে-য়ানে। ২০১৭ বৰ্ষৰ জুন মাহৰপৰা চিউলৰ এটা ডিটেনচন কেম্পত ৰখা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক। শুকুৰবাৰে ভগ্নস্বাস্থ্যৰ আবেদন দাখিল কৰি আদালতত উপস্থিত থকাৰ পৰা বিৰত থাকে জিয়ান-হাই।  

২০১৭ বৰ্ষত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি লক্ষাধিক জনতাই ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পাৰ্কক ৰাষ্ট্ৰপতিৰ পদৰপৰা আঁতৰোৱা হৈছিল। উল্লেখ্য যে এসময়ত 'নিৰ্বাচনৰ ৰাণী’ খ্যাত পাৰ্কৰ ৰাজনৈতিক জীৱনৰ এনে দুৰ্বিপাক ঘটাত একাংশই আশ্চৰ্য প্ৰকাশ কৰাৰ বিপৰীতে একাংশ তীব্ৰ সমৰ্থকে এতিয়াও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মুক্তিৰ বাবে নিতৌ ৰাজপথত ধৰ্ণা অব্যাহত ৰাখিছে।