অসমীয়াই পূৰ্বপুৰুষৰ পৰা লাভ কৰা মাটিখিনিকেই ৰক্ষা কৰিব নোৱাৰিলে৷ এফালে নদীৰ বুকুত জাহ গ’ল৷ আনফালে প্ৰতিখন চৰকাৰে থলুৱাৰ মাটি বণিয়াক গতাই আহিছে৷ শিলসাঁকো, লাইকা-দধিয়া, মিকিৰ বামুণীগ্ৰাণ্টৰ জনজাতীয় লোকসকলৰ বেদনা-যন্ত্ৰণা আজিও অব্যাহত আছে৷ আজি আমি জাতীয় শ্বহীদ দিৱস পালন কৰিছো৷ জাতীয় শ্বহীদক স্মৰণ কৰিছো৷ কিছুদিন পাছত আমি মাঘ বিহু পালন কৰিম৷ স্ফূৰ্তি কৰিম৷ দুদিন পাছত ‘কা’ আন্দোলনৰ শ্বহীদক স্মৰণ কৰিম৷ কিন্তু প্ৰশ্ন হয়, জাতীয় শ্বহীদক আমি প্ৰকৃত মৰ্যদা দিব পাৰিছোনে৷ যদি এজন অভিমানী অসমীয়াক সোধা হয়, শ্বহীদক স্মৰণ কৰি আপোনাৰ আত্মাই শান্তি পায়নে? উত্তৰ কি বুলি দিব অসমীয়াই মানুহজনে? মূলসূঁতিৰ অসমীয়াই শিলসাঁকো, লাইকা-দধিয়া, মিকিৰ বামুণীগ্ৰাণ্টৰ জনজাতীয় লোকসকলৰ বাবে চকুলো টুকিব নোৱাৰিলে? ঘৰ-বৰ, ভূমি হেৰুৱাই জনজাতীয় লোকসকলে নিজৰ বাবে নিজেই প্ৰতিবাদ কৰিব লগা হৈছে৷ মূলসূঁতিৰ অসমীয়াৰ কানসাৰ নাই৷ লাইকা-দধিয়া, মিকিৰ বামুণীগ্ৰাণ্টৰ লোকৰ ওচৰত থিয় দিয়াৰ সাহস নাই অসমৰ জাতীয় দল-সংগঠনৰ৷ 

লাইকা-দধিয়া, মিকিৰ বামুণী গ্ৰাণ্টৰ মানুহখিনি জনজাতীয় লোক৷ শিলসাঁকোৰ মানুহখিনিও থলুৱা৷ তেওঁলোকে নিজৰ যুঁজখন নিজেই যুঁজি আছে৷ অন্যথাই কৰিব কি? লাইকা-দধিয়াবাসীয়ে ভোঁকে-পিয়াহে মুকলি আকাশৰ তলত প্ৰতিবাদ কৰাৰ কথা আমি পাহৰা নাই৷ লাইকা-দধিয়াৰ দুগৰাকী জনজাতীয় মহিলা শ্বহীদ হৈছিল৷ গৰ্ভৱতী কুস্মিতা মৰাণ, ৰেৱতী পাৱৰৰ মৃত্যু হৈছিল প্ৰতিবাদস্থলীতে৷ দুগৰাকী জনজাতীয় মহিলাই নিজ অধিকাৰৰ বাবে আন্দোলন কৰিবলৈ আহি পেটত সন্তান লৈ পৃথিৱীৰ পৰা মেলানি মাগিছিল৷ কিন্তু জনজাতীয় লোকসকলৰ বাবে অসমীয়াৰ মুখৰ মাত নোলাল৷ মিচিং পৰিয়ালসমূহ আজি কি অৱস্থাত আছে৷ কোনোবাই খবৰ লৈছে নে?

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ভিতৰ ভাগৰ লাইকা-দধিয়াবাসীয়ে ৭০-৮০ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ সুঁতিত বসবাস কৰি আহিছে৷ ব্ৰহ্মপুত্ৰ নদী আৰু আন নৈৰ বান-খহনীয়াৰ বাবে খেতিৰ মাটি, ঘৰ-দুৱাৰ সকলো উটুৱাই নিয়ে৷ মিচিং পৰিয়ালক অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷ কোনো এখন চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে৷ যাৰ ফলত বছৰ বছৰ ধৰি তম্বুৰ তলত থাকিবলগীয়া হৈছিল পৰিয়ালসমূহ৷ মহিলা-শিশুই বছৰৰ পিছত বছৰ ধৰি তম্বুৰ তলত আছে৷ এই যন্ত্ৰণা মূলসূঁতিৰ অসমীয়াই বুজাৰ চেষ্টা নকৰে নতুবা বুজাৰ চেষ্টা কৰা নাই৷ লাইকা-দধিয়াবাসীয়ে বছৰৰ ৬ মাহ পানীত ডুব গৈ থাকে৷ তম্বুৰ তলত থাকে৷ ঘৰ-দুৱাৰ সকলো ব্ৰহ্মপুত্ৰ নৈত জাহ যায়৷ পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবীত তিনিটা দশক ধৰি প্ৰতিবাদ কৰাৰ পিছতো কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। 

আনহাতে মিকিৰ বামুণী গ্ৰাণ্টৰ কেইবা শ বিঘা কৃষি ভূমি বণিয়াক গতাই দিছে চৰকাৰে৷ নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষকসকল জনজাতীয়-থলুৱা লোক। পূৰ্বপুৰুষৰ পৰা লাভ কৰা ভূমিৰ কেৱল পট্টা নাছিল। স্থানীয় ৰাইজ, জাতীয় সংগঠন তথা মানৱ অধিকাৰ সংগঠনে বিৰোধ কৰি থকাৰ পিছতো গ্ৰাণ্টৰ ভূমি কোম্পানীক দিয়া হ’ল। দীৰ্ঘ প্ৰতিবাদ সাব্যস্ত কৰা হ’ল। মিকিৰ বামুণী গ্ৰাণ্টত বহিৰাগত কোম্পানী 'আজুৰে' চহা কৃষকৰ খেতিপথাৰত ফেন্সিং দি যি বৰ্বৰ অত্যাচাৰ কৰিলে সেয়া বৰ্ণতাতীত। 

মিকিৰ বামুণী গ্ৰাণ্টৰ প্ৰতিবাদ কৰিব যোৱা মহিলাক পেটত গোৰ দিয়াত গৰ্ভপাত হোৱাৰ লগতে জনজাতীয় মহিলাই মৃত্যুক আকোৱালি লৈছিল৷ নিৰাপত্তাৰক্ষী লগাই গৰ্ভৱতী মহিলাৰ পেটত গোৰ মাৰি সন্তানসহ হত্যা কৰা হয়৷ কিন্তু অসমৰ জাতীয় দল-সংগঠন নিমাতে আছিল৷ নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ থলুৱা কৃষকৰ জোৰ-জুলুম কৰা হৈছিল৷ প্ৰতিবাদ কৰিবলৈ অহা থলুৱা কৃষকক আৰক্ষী-অৰ্ধসামৰিক বাহিনী লগাই নিৰ্যাতন চলােৱা হৈছিল৷ মিকিৰ বামুণীগ্ৰাণ্টৰ কৃষকসকলে ভূমি লাভ কৰিছিল পূৰ্বপুৰুষৰ পৰা৷ সেই ভূমি আজুৰক গতাই দিলে চৰকাৰে৷ কোম্পানীক পাৱাৰ প্ৰকল্প স্থাপনৰ বাবে মাটি দিয়াৰ সময়ত থলুৱা লোকসকলৰ পৰা কোনো ধৰণৰ আলোচনাত মিলিত নহ’ল৷  

জনজাতীয় মহিলাৰ কৰঙণ ৰঙা পৰা কৈ কোব দিয়া হৈছিল৷ আৰক্ষী, চিআৰপিএফে মহিলাক নিৰ্বিচাৰ অত্যাচাৰ চলাইছিল। গোৰ, লাঠিৰ কোবত মহিলা আজি পৰ্যন্ত আঘাতপ্ৰাপ্ত হৈ আছে৷ অসমীয়াই ভোগালীৰ ভোগ খোৱাত ব্যস্ত হ’ব কিন্তু শিলসাঁকো, মিকিৰ বামুণীগ্ৰাণ্টবাসী আৰু লাইকা-দধিয়াবাসীৰ মৰ্মবেদনাৰ বুজি নাপাব৷ 
 
ৰাজনৈতিক দলবোৰে বান-খহনীয়া ৰোধৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ খহনীয়া ৰোধ কৰি থলুৱা অসমীয়াৰ জীৱন সম্পত্তি ৰক্ষা কৰিম বুলি কয়৷ চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ হস্তান্তৰ কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা, বিদেশীক চিনাক্ত কৰি ততাতৈয়াকৈ বহিষ্কাৰ কৰা, অসমীয়া ভাষাৰ মৰ্যাদা উদ্ধাৰ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা, অবৈধ নাগৰিকক সংস্থাপনৰ বিৰুদ্ধে অসমীয়া মানুহে কৰা প্ৰতিবাদক সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ অসমৰ সম্পদৰ ওপৰত অসমীয়াই সম্পূৰ্ণ অধিকাৰ লাভ কৰা, অসমৰ বীৰ শ্বহীদসকলৰ পৰিয়ালক মৰ্যদা প্ৰদান কৰা, ভেন্সাৰ স্কুল প্ৰাদেশীকৰণ কৰা, নগাঁও-কাছাৰ কাগজ কলৰ পুনৰ কাৰ্যক্ষম কৰা, ৰঙিয়া এপ’লমিল পুনৰ কাৰ্যক্ষম কৰা, গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণ কৰা, আশাকৰ্মী, অংগনাবাড়ী কৰ্মী-সহায়িকা, স্কুলৰ ৰান্ধনিৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

এতিয়া কথা হ’ল প্ৰতিবাদ নকৰিলে অসমীয়াই পায় কি? দিল্লীয়ে আমাৰ কেঁচা সোণ চাহপাত নিছে, প্ৰাকৃতিক গেছ-তেল, ক’লা হীৰা কয়লা আদি মূল্যৱান প্ৰাকৃতিক সম্পদ অসমীয়াক বুৰ্বক সজাই নি আছে যদিও দিল্লীয়ে আমাক দিছে কি? দেশৰ ভিতৰত সৰ্বাধিক চাহপাত আমাৰ ৰাজ্য অসমত উৎপাদন হয়। কিন্তু তাৰ নিলাম কেন্দ্ৰ আছে পশ্চিমবংগত। যাৰ দ্বাৰা অসমৰ পৰিৱৰ্তে লাভ হয় পশ্চিমবংগৰ। খাৰুৱা তেল আমাৰ পৰা নিয়াত দিল্লীয়ে যিমান গুৰুত্ব দিয়ে কিন্তু ৰয়েল্টী দিয়াত সিমান গুৰুত্ব দিয়ে জানো? অসমত খাৰুৱা তেল কম দামত দিয়া নহয়৷ ৰাষ্ট্ৰীয় দলবোৰে অসমৰ সম্পদক দেশৰ সম্পদ বুলি কোৱাত যিমান গুৰুত্ব দিয়ে তাৰ বিপৰীতে কিন্তু অসমৰ সমস্যাক দেশৰ সমস্যা বুলি নাভাবে। 

বছৰেকৰ ছমাহ বান পানীত ককবকাই মাটি-ভেটি হেৰুৱাই অসমীয়া ভিক্ষাৰী হয়। অবৈধ নাগৰিক মাটি-ভেটি, ভাষাৰ প্ৰতি ভাবুকি হৈ পৰিছে। কৰ্মসংস্থাপন নাপাই বহিঃৰাজ্যৰ কোম্পানীত অসমীয়া যুৱকে দিন-হাজিৰা কৰিছে। এই সমস্যাবোৰক দেশৰ সমস্যা বুলি ৰাষ্ট্ৰই কেতিয়াও নাভাৱে। স্বাধীন ভাৰতত অসমৰ অসমীয়াই চকুলো টুকি সময় পাৰ কৰিছে বুলি কলে বঢ়াই কোৱা নহ’ব৷ দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে আৰু নিজৰ প্ৰাপ্যৰ বাবে অসমীয়াই ৰাজপথতে আন্দোলন কৰি সময় অতিবাহিত কৰিব লগা হৈছে৷ এতিয়া প্ৰশ্ন হৈছে অসমত থলুৱাৰ চকুলো সদায় বৈ থাকিব নে কি? সেমেকা চকুৰে নিগৰি অহা চকুলো আৰু অসমীয়াৰ হৃদয়ৰ কঁপনিৰ অনুভৱ কোনে কৰিব? অসমীয়া জাতি আৱেগিক জাতি৷ সময়ে সময়ে অধিক আৱেগিক হৈ জাতিটোৱে আস্ফালন কৰে যদিও আমাৰ শাসকসকলে মুঠেও ভ্ৰুক্ষেপ নকৰে৷ 

জাতীয় সংগঠনসমূহৰ সংগ্ৰাম অব্যাহত আছে৷ ইপিনে ৪১ বছৰ আলফাৰ সংগ্ৰামখনো অব্যাহত আছে৷ যিখন সংগ্ৰামক আউটডেটেট বুলি কোৱা হয়৷ আলফা তিষ্ঠি থাকিব নে নাই তাক লৈ সন্দেহ ব্যক্ত কৰা হয়৷ তেনে সময়তে নতুন নতুন যুৱক আলফালৈ যোৱাৰ খবৰ প্ৰকাশ হয়৷ শেহতীয়াকৈ উজনিৰ এজন সাংবাদিক আলফালৈ গৈছে৷ একৈশ শতিকাৰ বিজ্ঞানৰ অগ্ৰগতিৰ যুগ, তথ্য আৰু প্ৰযুক্তিৰ যুগত আলফাৰ সংগ্ৰামৰ প্ৰতি অসমৰ যুৱ প্ৰজন্ম আকৃষ্ট হোৱাৰ প্ৰয়োজন আছে জানো? ফহিয়াই চালে আলফাৰ জন্ম কালৰ দাবীসমূহৰ প্ৰতি সমৰ্থন থকাৰ ফলতেই নতুন প্ৰজন্ম পুনঃ আলফাৰ প্ৰতি আকৃষ্ট হৈছে নেকি বুলি একেষাৰে কব নোৱাৰি৷ শেহতীয়া পৰিস্থিতি অধ্যয়ন কৰিলে আলফাৰ স্বাধীন অসমৰ সমৰ্থনত নতুন প্ৰজন্ম আকৃষ্ট হোৱা যেন নালাগে৷ অনুমান কৰিব পাৰো যে অসম অন্দোলনৰ পিছতেই বিগত ২০১৮ আৰু ২০১৯ চনত অভিলেখ সংখ্যাক প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া জনগণে৷ দিল্লীৰ চৰকাৰে অসমীয়া জাতিয়ে নিবিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত অসমীয়া জাতিয়ে শংকাত দিন পাৰ কৰিছিল৷ আপোন জাতিটো সময়ৰ সোঁতত বিলীন হৈ যাব বুলি ভয়ত দিন-ৰাতি কটাই অসমীয়াই৷ শৰণাৰ্থী অসমত সংস্থাপন কৰিব খোজা কাণ্ডক কেতিয়াও অসমীয়াই সহজে লোৱা নাই৷ জাতিটোৱে মৰি মৰি জীয়াই থকাৰ সময়তে শৰণাৰ্থী অসমত সংস্থাপন কৰি জাতিটোক সমূলি ধ্বংস কৰিব বিচৰাৰ ফলতেই অসমীয়া জাতি আকৌ এবাৰ ৰাজপথলৈ ওলাইছিল৷

১৯৭১ চনৰ পিছৰ কালৰ কোনো বিদেশী অসমে গ্ৰহণ নকৰে৷ তাৰ পিছতো ভাৰত চৰকাৰ আকোৰগোজ হোৱাৰ ফলতেই নতুন প্ৰজন্ম উত্তেজিত হৈ পৰিছে৷ চৰকাৰে ৰাজপথৰ সংগ্ৰামক সন্মান নজনোৱাৰ ফলতেই একাংশ যুৱক সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৃষ্ট হ’ব পাৰে বুলি ভবাৰ থল আছে৷ আলফালৈ নতুন প্ৰজন্মই আকৃষ্ট হোৱাটো কথাটোক সহজতেই আৰু এদিনতে এনে আৱেগ সৃষ্টি হোৱা নাই এই কথা বুজিব লাগিব৷ অসমৰ মানুহেও নিজ জাতিটোৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কৰা অহা সংগ্ৰামখনক নতুন প্ৰজন্মই দেখি আৰু শুনি শংকিত হোৱাটোও ডাঙৰ কথা নহয় বুলি ভাবিব পাৰো৷ যুৱ প্ৰজন্মই জানে অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ বাবে কমকৈ সংগ্ৰাম কৰিব লগা হোৱা নাই৷ চুবুৰীয়া দেশৰ পৰা হোৱা প্ৰব্ৰজন, দেশৰ ভিতৰৰ পৰা হোৱা প্ৰব্ৰজনে অসমীয়া জাতিক বাৰে বাৰে জ্বলা-কলা খুৱাইছে৷ 

অসমখনৰ গাতে লাগি থকা পশ্চিমবংগ, ত্ৰিপুৰা, বিহাৰ, ঝাৰখাণ্ড আদি ৰাজ্যৰ ভাৰতীয় আৰু বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনে অসমীয়া জাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ ব্ৰিটিছে বনুৱা হিচাপে অসমলৈ অনা লোকসকল অসমত থাকিয়েই গ’ল৷ দেশ স্বাধীন হোৱাৰ পিছতো বিদেশৰ পৰা অহা লোকে অসমত থাকিবলৈ সুবিধা লাভ কৰিলে৷ ইমানে নহয় দিল্লীৰ চৰকাৰে আমাৰ তেল, চূণ, কয়লা, চাহপাত হোৰাহোৰে নিবলৈ আৰম্ভ কৰিলে৷ সেউজীয়া পাহাৰ কেইখন, উৰ্বৰা ভূমি, নদীৰ পানী, কয়লা, চূণ, চাহপাত ৰক্ষা কৰিব নোৱাৰি গোপনে আজিও অসমীয়া জাতিয়ে চকুলো টোকে৷ ৰেল গাড়ীৰে আমাৰ অসমৰ সম্পদ কঢ়িয়াই নিয়া প্ৰত্যক্ষ কৰিলে প্ৰতিগৰাকী অসমীয়াৰে বুকু কপি উঠে৷ অসমৰ বুকুৰ পৰা খনিজ সম্পদ উলিয়াই নিয়াৰ প্ৰক্ৰিয়া দেশ স্বাধীন হোৱাৰ পৰা চলিয়েই আছে৷

অসমীয়াই ভাবিছিল সংগ্ৰাম কৰিলে সম্পদৰ ওপৰত আমাৰ সম্পূৰ্ণ অধিকাৰ থাকিব৷ চাহপাতৰ নিলাম কেন্দ্ৰ আমাৰ হাতত থাকিব৷ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি অসমীয়া জাতিক সংখ্যাগুৰু হৈ থাকিব দিব৷ কিন্তু কদাপিও সেয়া সম্ভৱ নহ’ল৷ সমানে অসমীয়া ভাষাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ বিশ্বৰ মানচিত্ৰত এটুকুৰা সৰু ভূমি অসমখনত থকা ক্ষুদ্ৰ অসমীয়া জাতিটোৱে অসমীয়া হৈ জীয়াই থাকিবলৈ কিমান সংগ্ৰাম কৰিলে তাৰ হিচাপ কৰি উলিয়াব পৰা নাযাব৷ মৰি মৰি জীয়াই থাকিব নোৱাৰে মহা পৰাক্ৰমী জাতিটোৱে বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে৷ বাৰে বাৰে অস্তিত্বৰ প্ৰতি ভাবুকি পাই আহিছে৷ ভিন্ন কাৰকে জাতিটোক থৰক-বৰক কৰি সেউজীয়া ভূমি, সাৰুৱা সম্পদ দখল কৰিব খুজিছে৷ কিন্তু বীৰৰ বংশধৰ অসমীয়াই কাৰোৰে ওচৰত মূৰ দোৱাই জীয়াই থকা নাই৷ বীৰৰ দৰে যুঁজিছে আৰু নিজৰ মান অভিমান জীয়াই ৰাখিছে৷ ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন আদিত অসমীয়া ডেকাই প্ৰাণ দিব লগা হৈছে৷ অসমীয়া জাতি যুঁজ দি জীয়াই থকা এটা জাতি৷ ইতিহাস ফঁহিয়াই চালে দেখা যায় যে মানৰ আক্ৰমণৰ পৰা যেনেকৈ নহওক সেই সময়ৰ অসমীয়াই অসমক ৰক্ষা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল৷ মধ্যযুগৰ ‘অসম ৰাজ্য’ বুলি পৰিচিত আৰু ১২২৮-১৮২৬ৰ আহোম ৰাজ্যখন অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰে এখন মধ্যযুগীয় ৰাজ্য। প্ৰায় ৬০০ বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰখা আৰু উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰত বাধা দিয়া প্ৰবল সাহসী জাতিটোৱে হৈছে অসমীয়া জাতি। 

মং-মাও-বংশৰ টাই ৰাজকোঁৱৰ চ্যুকাফাই উত্তৰে চুতীয়া ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্যৰ মাজত আহোম তথা অসম ৰাজ্য স্থাপন কৰিছিল। অসম ৰাজ্য কালক্ৰমত চৌদিশে বিস্তাৰ হয় আৰু বিশেষকৈ ১৬শ শতিকাৰ চু-হুং-মুং দিহীঙিয়া ৰজাৰ শাসনকালত এক ৰাজনৈতিক শক্তিত পৰিণত হয় বৃহৎ অসমীয়া জাতি। চুচেংফা প্ৰতাপ সিংহৰ দিনত ৰাজ্যৰ প্ৰশাসনক নতুন ৰূপ দিয়া হয় আৰু মোগলৰ লগত প্ৰথমবাৰৰ বাবে কূটনৈতিক যোগাযোগ স্থাপন কৰা হৈছিল। সেই সময়ৰ পৰাই কিছু বদনৰ জন্ম হৈছিল অসম নামৰ আমাৰ মাতৃভূমিত৷ কিন্তু মহা পৰাক্ৰমী অসমীয়া গদাধৰ সিংহৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা মোগল প্ৰভাৱ নিশ্চিহ্ন কৰা হয়। গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰ সিংহৰ দিনত অসম ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ পৰা আসম ৰাজ্যৰ শক্তি কমিবলৈ ধৰে আৰু মানৰ আক্ৰমণত ৰাজ্যখনৰ সীমাকে ধৰি বিভিন্ন দিশ তচনচ হৈ পৰিছিল। ব্ৰিটিছৰ হাতত মানৰ পৰাজয়ৰ পিছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসমৰ শাসন ব্ৰিটিছ মালিকানাধীন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। তাৰ পিছতো অসমীয়াই অসমৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ চাল চাতুৰিৰে কাম কৰি গৈছিল৷ মানৰ আক্ৰমণ অসমীয়া বুৰঞ্জীৰ আটাইতকৈ ক’লা অধ্যায়। তথাপিও মহা পৰাক্ৰমী মানক অসমৰ পৰা খেদি পঠাবলৈ সক্ষম হৈছিল অসমীয়াই৷ মানক খেদি অসমৰ অস্তিত্ব ৰক্ষা কৰা অসমীয়াই পিছৰ সময়ত ইংৰাজক খেদি অসম ৰক্ষা কৰিছিল৷ ভাৰত স্বাধীন হোৱাৰ পিছতে ৰাষ্ট্ৰযন্ত্ৰই বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰি বৰ অসম খনক ভাগ ভাগ কৰিলে৷ তাহানিৰ সাত ৰাজ মাৰি এক ৰাজ গঢ়া কথাষাৰক ধ্বংস কৰি বৰ অসমক ধ্বংস কৰি অসমীয়াৰ কঁকাল ভাঙিলে৷ ৰাজ্যত ভাগ ভাগ কৰি অসমীয়া জাতিক দুৰ্বল কৰাৰ প্ৰথম পৰিকল্পনা সফল হৈছিল৷ তাৰ পিছতে অসমীয়া ভাষাটোৰ ওপৰত চলিছিল অত্যাচাৰ৷ ভাষাটো জীয়াই ৰাখিবলৈ দুবাৰকৈ আন্দোলন কৰিলে অসমীয়াই৷ মাধ্যম আৰু ভাষা আন্দোলনত বহু কেইজন তেজাল যুৱকে প্ৰাণ হেৰুৱালে৷

সীমাৰ বাবে যুঁজ দিব লগা হ’ল অসমীয়াই৷ অসমৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ভাৰত চৰকাৰে নললে আজিলৈ কোনো পদক্ষেপ৷ সমানে চুবুৰীয়া দেশৰ প্ৰব্ৰজনকাৰীয়ে অসমীয়া জাতিটোক কোঙা কৰাই নহয় ৰাজহাড় ভাঙি পেলালে৷ তাৰ লগে লগে অসমত এখন নতুন সংগ্ৰামৰ পাতনি মেলিলে অসমৰ যুৱকে৷ সেয়া আছিল নতুন বিদ্ৰোহৰ পাতনি৷ অসমীয়া যুৱকে ভাৰত চৰকাৰৰ নীতি আৰু দমন মূলক পন্থাৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল৷ সম্পদৰ অধিকাৰ বিচাৰিছিল৷ হাতত অস্ত্ৰ তুলি লৈ স্বজাতিৰ হকে প্ৰাণ দিছিল অসমীয়া ডেকা৷ সঁচাই তাহানিৰ অসম খন থাকিলে আমি সম্পদৰে চহকী হৈ থাকিলোহেতেন নেকি৷ সেউজীয়া পাহাৰ কেইখন, উৰ্বৰা ভূমি, নদীৰ পানী, কয়লা, চূণ, চাহপাত হাতত থাকিলে আমি বিশ্বত এখন চহকী হৈ থাকিব পাৰিলোহেঁতেন নেকি বুলি অসমৰ একাংশ ডেকাই চিন্তা কৰিছিল৷ এনেবোৰ কাৰণতে আবেগিক অসমীয়া ডেকাই অসমক ৰক্ষা কৰাৰ নামত হাতত অস্ত্ৰ তুলি লবলৈ সংকল্প লৈছিল৷ ঔপনিৱেশিক চৰিত্ৰটোৱে যি ৰাজনৈতিক, অৰ্থনৈতিক, সমাজিক আৰু সাংস্কৃতিক পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই পৰিস্থিতিয়ে অসমৰ জনগণক সংগ্ৰামত জপিয়াই পৰিবলৈ বাধ্য কৰিছিল৷ যাৰ বাবে অসমৰ জনসাধৰণে অবৰ্ণনীয় নিৰ্যাতন, বলিদান, ক্ষয়-ক্ষতিৰ সন্মিুখীন হ’ল৷ সেই পৰিৱেশ আজিও আছে৷ জাতীয় দায়বদ্ধতাৰ খাতিৰত অসমীয়া খিলঞ্জীয়া জনসমাজৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু জাতীয় অধিকাৰে নিজৰ অসমত মৰ্যাদা সহকাৰে জীয়াই থকাৰ নিশ্চয়তা প্ৰদানৰ স্বাৰ্থত আলফাৰ সংগ্ৰামত প্ৰায় ১৯ হাজাৰ যুৱকে প্ৰাণ দিছে৷ 

চিলাপথাৰৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ, বাৰে বাৰে অসমতে অসমীয়াক আক্ৰমণ, সন্দেহজনক নেতাই অসমীয়া জাতিকলৈ কৰি অহা অশালীন মন্তব্য, বাংলাদেশী অসমত সংস্থাপন, নাগৰিকত্ব সংশোধনী আইন আদিৰ দোহাই অসমীয়া মানুহ বিদ্ৰোহী হ’ব পাৰে৷ এনে আবেগক আলফাই ঢাল হিচাপে ল’বলৈ গ’লে আলফাৰ সংগ্ৰামৰ বৈধতাক লৈ প্ৰশ্ন উঠিব পাৰে৷ অসমৰ ইতিহাসত অসমীয়া জাতিয়ে কমকৈ হাৰাশাস্তিৰ সন্মুখীন হোৱ নাই৷ অইন কথা নকও বিদ্ৰোহী সংগঠন আলফাৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ জকাইচুকৰ আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰ অসমত অলেখ উদাহৰণ আছে৷ অসমৰ জীয়ৰীক আলফা বিচৰাৰ নামত ধৰ্ষণ কৰাৰো উদাহৰণ অসমত আছে৷ বহু মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে, বহু অসমীয়া নাৰীয়ে কপালৰ ফোঁট মচিবলগীয়া হৈছে৷ অসমৰ বহু পৰিয়ালক সেনা-আৰক্ষীয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ উদাহৰণ আছে যদিও প্ৰাণৰ সংশয়ত যেন সকলো সহি যায় সহজ-সৰল অসমীয়াই৷ পৰিয়ালবোৰৰ বৃদ্ধ মাতৃ-পিতৃ-ভগ্নী-ভাতৃ কোনেও যেন সাৰি নাযায় এই নিৰ্যাতনৰ পৰা৷

সন্দেহজনক লোকৰ দ্বাৰা জগতগুৰু শংকৰদেৱক অপমান, বিদেশীক অসমত সংস্থাপিত কৰাৰ সিদ্ধান্ত, বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন, বৃহৎ নদীবান্ধক চৰকাৰৰ সমৰ্থন, অসমীয়াৰ ভূমি বহিৰাগতক গটোৱা, লেখক-সাহিত্যক-বুদ্ধিজীৱীক চৰকাৰী পক্ষৰ দ্বাৰা অপমান, ছয় জনগোষ্ঠীৰ জনজাতীকৰণ, ইনাৰ-লাইট-পাৰ্মিটৰ ব্যৱস্থা, তেলৰ ৰয়েল্টি, চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ হস্তান্তৰ আদি বিষয় সন্দৰ্ভত দিল্লীয়ে নীতি স্পষ্ট কৰিব লাগিব৷ সমানে অসমীয়া ৰাজপথ কঁপাই কৰি অহা সংগ্ৰামকো গুৰুত্ব প্ৰদান কৰিব লাগিব৷ অন্যথাই অসমৰ তেজাল যুৱক-যুৱতী আকৌ বিদ্ৰোহী হৈ পৰিব পাৰে বুলি ভবাৰো থল নথকা নহয়।


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.