গুটেনবাৰ্গ আমাৰ শংকৰদেৱৰ প্ৰায় সমসাময়িক। গুটেনবাৰ্ৰ মৃত্যুৰ সময়ত শংকৰদেৱৰ বয়স হৈছিল ১৯ বছৰ। জাৰ্মানীত গুটেনবাৰ্গে আধুনিক ছপাশাল উদ্ভাৱন কৰি তাৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ সময়ত আমাৰ শংকৰদেৱ ব্যস্ত আছিল অসমলৈ ভক্তিমাৰ্গ আমদানি কৰাত। কেৱল শংকৰদেৱেই নহয়, ষষ্ঠ শতিকাৰ পৰা ভাৰতীয় উপমহাদেশত আৰম্ভ হোৱা ভক্তিমাৰ্গে প্ৰায় ১৭ শতিকালৈকে এই অঞ্চলটোত কেৱল ধৰ্মীয় চিন্তা-ধাৰাক বিকশিত কৰা কিছুমান চিন্তাবিদ আৰু ধৰ্মীয় গুৰুৰ জন্ম দিছিল যেনে, আমি সততে নাম শুনি থকা কবীৰ, চৈতন্য মহাপ্ৰভু, তুলসীদাস, চন্দিদাস আৰু বহুজন সন্তলোক। দাক্ষিণাত্যত আৰম্ভ হৈ পৰৰ্ৱতী কালছোৱাত উত্তৰ ভাৰত লগতে ওড়িশা, বংগ আৰু শেহত অসমলৈ শিপাই যোৱা এই ভক্তিমাৰ্গে ভাৰতীয় উপমহাদেশত ধৰ্মীয় ভিত্তিত সমাজ গঢ়াৰ বাহিৰে আৰু একো নকৰিলে। 

ইয়াৰ বিপৰীতে বিগত এই বাৰটা শতিকাত ইউৰোপত আধুনিক বিজ্ঞানৰ ওপৰত যিমান চৰ্চা আৰু গৱেষণা হ’ল, সেইখিনিয়েই আজিৰ আধুনিক বিজ্ঞানৰ ভেঁটি।  গেলিলিও, ক’পাৰনিকাছ বা নিউটনৰ কথা বাদ দিও আন এটা সাধাৰণ উদাহৰণ দিব পাৰি। আজিৰ অত্যাধুনিক স্বয়ংক্ৰিয় বন্দুকৰ যাত্ৰা ইউৰোপত আৰম্ভ হৈছিল তেৰশ শতিকাত। অৰ্থাৎ ভাৰতবৰ্ষত ভক্তিমাৰ্গ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ইউৰোপত আধুনিক বন্দুকৰ যাত্ৰা আৰু গৱেষণা আৰম্ভ হৈছিল। আন নহ’লেও আধুনিক বন্দুকৰ গৱেষণাখিনিয়েই যদি ভাৰতত তেতিয়া আৰম্ভ হ’ল হয়, তেতিয়াহ'লে ভাৰতবৰ্ষই ইংৰাজৰ দুশবছৰীয়া গোলামি হয়তো সহ্য কৰিবলগীয়া নহলহেঁতেন।  

এবাৰ ভাবকচোন, পলাশীৰ যুদ্ধত বা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ যুদ্ধত ভাৰতীয়সকলৰ হাতত আধুনিক AK-47ৰ দৰে বন্দুক থাকিলহেঁতেন তেনেহ’লে আমাৰ জয় হয়তো নিশ্চিত হলহেঁতেন। হয়তো কোনোবাই এই কথাটো শুনি হাঁহি মাৰি আওকাণ কৰিব। কিন্ত ১২ শতিকাতে বন্দুকৰ ওপৰত গৱেষণা আৰম্ভ কৰাহেঁতেন প্ৰায় ৯০০ বছৰৰ পাছত এটা অতি আধুনিক অস্ত্ৰ আমি লাভ কৰাটো একো ডাঙৰ কথা নাছিল। কেৱল বন্দুকেই নহয়, এই ৯০০ বছৰত আমি বিজ্ঞানৰ আন আন বিষয়বোৰৰ ওপৰতো যদি চৰ্চা অব্যাহত ৰাখিলোহেঁতেন তেনেহ’লে আমি চাগে ইমানদিনে এনেকুৱা এখন মহাকাশযান নিৰ্মাণ কৰিব পাৰিলোহেঁতেন যিখনে মাত্ৰ এদিনৰ ভিতৰতে সৌৰজগতৰ বাহিৰলৈ যাব পাৰিলেহেঁতেন। কিন্ত দুৰ্ভাগ্যক্ৰমে সেইসময়ৰ ভাৰতীয়সকলে এইবোৰ একো নকৰি কেৱল ধৰ্মত ব্যস্ত থাকিল।  

এইক্ষেত্ৰত কেৱল হিন্দুসকলৰ কথা আলোচনা কৰিলেই নহ’ব, যিসকল ভাৰতীয়ই হিন্দু ধৰ্মৰ পৰা আঁতৰি পৰৰ্ৱতী সময়ত ইছলাম বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে সেইসকলো একেই, কেৱল ধৰ্মক লৈ ব্যস্ত আৰু ধৰ্মীয় গোড়ামিক লৈ ব্যস্ত। অৱশ্যে কথাবোৰ সদায় এনেকুৱা নাছিল। এসময়ত এইখন ভাৰতবৰ্ষতে কেৱল বিজ্ঞান, কলা, নৃত্য, সমৰ, জ্যোতিষ, চিকিৎসা আৰু সুস্থ যৌনতা আদি বিষয়ক লৈ চৰ্চা চলিছিল। সেই যুগ আছিল ভাৰতীয় উপমহাদেশৰ বাবে সোণালী যুগ। সেই যুগ আছিল গুপ্ত সাম্ৰাজ্যৰ যুগ। 

দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত ৯ জন পণ্ডিত আছিল। এই ৯জন পণ্ডিতক আজিও "নৱৰত্ন" বুলি কোৱা হয়। সেইসকলৰ কোনো এজন ধৰ্মীয় গুৰু নাছিল। তেওঁলোক আছিল ভিন ভিন বিষয়ৰ একোজন মহাপণ্ডিত। তাৰ ভিতৰত অন্যতম আছিল মহাকবি কালিদাস। যাৰ বিষয়ে ইয়াত কিবা লিখাটো অপ্ৰয়োজনীয়। লগতে আছিল বৰাহমিহিৰ। তেখেতৰ বিষয়েও ইয়াত একো নিলিখো। আন সাতজন ব্যক্তিও আছিল নিজ নিজ বিষয়ত মহাপণ্ডিত, যেনে শংকু আছিল স্থাপত্যবিদ, ধন্বন্তৰি আছিল চিকিৎসক, অমৰসিং আৰু বাৰাৰুচি আছিল সংস্কৃত পণ্ডিত যিয়ে সংস্কৃত অভিধান ৰচনা কৰিছিল। হৰিসেনা আছিল কবি, কহাপানাক আছিল জ্যোতিষ শাস্ত্ৰজ্ঞ আৰু বেটালভট্ট আছিল এজন যাদুকৰ যিয়ে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষা কৰি যাদুৰ ৰূপ দিছিল।  

আমি এতিয়াও আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কোনো ভাৰতীয় পুৰণি আৰু ঐতিসাহিকভাবে প্ৰামণিত সভ্যতাৰ সৃষ্টিক লৈ যদি গৌৰৱ কৰো তেনেহলে সেয়া হৈছে  গুপ্ত সাম্ৰাজ্যৰ সময়ত থকা মহাকবি কালিদাসৰ ৰচনা, আৰ্যভট্টৰ 'শূন্য’ আৰু বাৎসায়নে ৰচনা কৰি থৈ যোৱা সুস্থ যৌনতা বিষয়ক গ্ৰন্থ 'কামসূত্ৰ’। মন কৰিবলগীয়া যে এইসকলৰ কোনো এজন ধৰ্মীয় গুৰু নাছিল বা ধৰ্মৰ লগত বিশেষ সম্পৰ্ক নাছিল। লগতে এইসকলক তথাকথিত বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কোনেও চিঞৰ-বাখৰ কৰা নাছিল, যেনেকৈ আমি অসমীয়াবোৰে আজিও শংকৰদেৱক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে বুলি তাল-ফাল লগাই থাকো। তেওঁলোক নিজৰ নিজৰ কৰ্মৰাজিৰ বাবে আজি হেজাৰ বছৰ পাছতো স্বতঃস্ফূৰ্তভাৱে বিশ্বদৰবাৰত প্ৰতিষ্ঠিত। 

গুপ্ত সাম্ৰাজ্যৰ সেই সোণালী যুগত কোনো বিদেশী শক্তিয়ে ভাৰতবৰ্ষক অধিকাৰ কৰিব পৰা নাছিল, কাৰণ উন্নত যুদ্ধ কৌশলৰ চৰ্চাই গুপ্ত সাম্ৰাজ্যক শক্তিশালী কৰি ৰাখিছিল। দুৰ্ধৰ্ষ  হুন জাতিয়ে বাৰে বাৰে আক্ৰমণ কৰিও পৰাজিত কৰিব পৰা নাছিল। কিন্ত পৰৰ্ৱতী সময়ত সেই হুনজাতি অহাৰ বাটেৰেই মামুদ, মহম্মদ ঘোৰী, বাবৰে সামৰিকভাবে দুৰ্বল আৰু ভক্তিমাৰ্গত ব্যস্ত থকা ভাৰতক পৰাস্ত কৰি পৰৰ্ৱতী চাৰিশ বছৰ শাসন চলাইছিল। অৰ্থাৎ অত্যাধিক ধৰ্মীয় চৰ্চাৰ মূল্য ভাৰতবাসীয়ে বৰ বেয়াকৈ ভৰিবলগীয়া হৈছিল। সেই ভক্তিমাৰ্গ চলি থকা অৱস্থাত এনেকুৱা এজন মানুহৰ নাম আমি ক’ব নোৱাৰো যিয়ে আমাৰ ভাৰতত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ আৰম্ভণি ঘটাইছিল। কেৱল একঘেয়ামি ঈশ্বৰ চিন্তা কৰা একাধিক ব্যক্তিৰ বাহিৰে আন কোনো নাছিল। 

অত্যাধিক ধৰ্মীয় চৰ্চাই এটা জাতিক কেনেকৈ দুৰ্বল কৰে তাৰ উপযুক্ত উদাহৰণ আহোমসকল।  আহোমৰ সেনাপতি কনচেং বৰপাত্ৰগোঁহাইয়ে মহা-পৰাক্ৰমী মুছলিম বীৰ তুৰ্বকৰ ডিঙিটো কাটি নি চৰাইদেউৰ শিঙৰি ঘৰৰ সন্মুখত পুতি থৈছিল। এবাৰ অনুমান কৰক সেইসময়ত আহোমসকল কেনে দুধৰ্ষ, দয়াহীন আৰু পৰাক্ৰমী আছিল। পিছে সেই আহোম জাতিয়ে ৰুদ্ৰসিংহৰ পাছত কেৱল ধৰ্ম-কৰ্মত ব্যস্ত থাকিল আৰু শেষত গৈ মানসেনাৰ হাতত অতি বেয়াকৈ পৰাস্ত হৈ নিজৰ বেলি নিজে ডুবুৱালে। 
 
আমি ভাৰতীয়সকলে আজিও বিজ্ঞানক ধৰ্মতকৈ আগত স্থান দিব পৰা মানসিকতা গঢ়িব নোৱাৰিলো। আমাক আধুনিক বিজ্ঞানৰ অৱদানবোৰ ঠিকেই লাগে, যেনে  দামী মোবাইল, দামী গাড়ী, হাইস্পীড নেটৰ্ৱক, ৱাচিং মেচিন, ভাল ভাল ঘৰ,  কিন্ত আমি মানসিকতাখিনি বিজ্ঞানভিত্তিক কৰিব নোৱাৰিলো। বিজ্ঞানভিত্তিক মানসিকতা গঢ়িবলৈ বিজ্ঞান শাখাত নপঢ়িলেও হ’ব। ব্ৰিটিছ যুগৰ সমাজ-সংস্কাৰক ৰাজা ৰামমোহন ৰায় কোনো বৈজ্ঞানিক নাছিল, কিন্ত তেখেতৰ বৈজ্ঞানিক মানসিকতাৰ বাবে ভাৰতীয় সমাজত যি সংস্কাৰ সাধন হ’ল তাৰ সুফল আমি আজিও ভোগ কৰি আছো। 

এটা কথা সঁচা যে ভাৰতীয়সকলে বিজ্ঞানভিত্তিক চিন্তা-চৰ্চা আৰু গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে কোনেও ৰখাব নোৱাৰে। কাৰণ ব্ৰিটিছৰ যুগত চালুকীয়া অৱস্থাত থকা ভাৰতীয় বৈজ্ঞানিকসকলৰ গৱেষণাবোৰে স্বাধীনতাৰ পৰৰ্ৱতী সময়ত এক নিৰ্দিষ্ট গতি লাভ কৰে। যাৰফলত মাত্ৰ সত্তৰ বছৰৰ ভিতৰতে আজি ভাৰতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। তেনেহ’লে এবাৰ ভাবকচোন, যোৱা প্ৰায় এহেজাৰ বছৰত  ভক্তিমাৰ্গ আৰু একাংশ ভাৰতীয়ই যোৱা প্ৰায় ৫০০ বছৰ ইছলামিক চিন্তা-চৰ্চা কৰাৰ সলনি কেৱল বিজ্ঞান চৰ্চা কৰাহেঁতেন ভাৰতীয় সমাজে বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত ক’ৰ পৰা ক’ত পালেগৈহেঁতেন! ইয়াৰ লগতে  আন এটা দিশৰ কথাও ভাবক যে স্বাধীনতাৰ পাছত সেইসময়ৰ চৰকাৰবোৰে IIT, AIIMS, ISRO, RMRC আদি প্ৰতিষ্ঠা নকৰি মন্দিৰ নিৰ্মাণত ব্যস্ত থকাহেতেন আমাৰ দেশৰ কি অৱস্থা হলহেঁতেন? সেয়ে এবাৰ নিজে চিন্তা কৰক, আমি ভৱিষ্যতৰ প্ৰজন্মক এখন উন্নত, বিজ্ঞানভিত্তিক ভাৰতীয় সমাজ দি থৈ যাম নে কেৱল ধৰ্মত মজি থকা, পৰমুখাপেক্ষী এখন মধ্যযুগীয় মানসিকতাৰে পৰিপূৰ্ণ সমাজ দি থৈ যাম?


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.