internet

newsmextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে শ্ৰীনগৰৰ নাৰবালত নিৰাপত্তাৰক্ষী আৰু বিক্ষোভকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত বিক্ষোভকাৰীয়ে দলিওৱা শিল মুৰত লাগি নিহত হৈছিল চেন্নাইৰ ২২ বৰ্ষীয় পৰ্যটক থিৰুমণি চেলভানেৰ৷ উল্লেখ্য যে, সোমবাৰে থিৰমণিয়ে পিতৃ-মাতৃৰ সৈতে কাশ্মীৰ ভ্ৰমণৰ বাবে গৈছিল৷

টাইমচ অৱ ইণ্ডিয়াক থিৰুমণিৰ পিতৃ ৰাজাভেলে কয়, ‘‘হঠাৎ পৰিস্থিতি ভয়াবহ হৈ পৰিছিল৷ যি চাৰিখন বাছে পৰ্যটকসকলৰ লৈ গৈ আছিল তালৈ লক্ষ্য কৰি উদণ্ড প্ৰতিবাদকাৰীসকলে শিলগুটি দলিয়াবলৈ আৰম্ভ কৰে৷’’ 

থিৰুমণিৰ পিতৃয়ে পুনৰ কয়, ‘‘পৰিস্থিতি অশান্ত দেখি মই চিঞৰি চিঞৰি চিটৰ তলত মুৰ ঢাকিবলৈ কৈছিলো যদিও মোৰ সন্তানৰ কানত একো নোসোমাল৷ কাৰণ সি কানত হেডফোন লৈ সংগীত শুনাত ব্যস্ত আছিল৷ মই তাক বাৰে বাৰে কোৱাৰ পিছতো কোনো লাভ নহ’ল৷ আমি আমাৰ সন্তান হেৰুৱালোঁ৷’’

পৰ্যটক কঢ়িওৱা ট্ৰেভেৰা বাহন খনৰ খিৰিকি মুখত বহিছিল থিৰুমণি৷ তাৰ মুৰৰ বাওঁফালে প্ৰচণ্ড জোৰে শিলে আঘাত কৰে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত থিৰুমণিক ততাতৈয়াকৈ কাশ্মীৰ ইনষ্টিটিউত অৱ মেডিকেল চায়েন্সত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু ঘটে চেন্নাইৰ যুৱ পৰ্যটকগৰাকীৰ৷

মঙলবাৰে ইণ্ডিগো’ যাত্ৰীবাহী বিমানেৰে দিল্লীৰ পৰা থিৰুমণিৰ নশ্বৰ দেহ চেন্নাইলৈ লৈ যোৱা হয়৷