প্ৰেমৰ দিন, মাতৃ দিৱস, পিতৃ দিৱস, বন্ধুত্বৰ দিন! ইণ্টাৰনেট সহজলভ্য হৈ পৰাৰ লগে লগে এনে দিৱসবোৰৰ কথা নুশুনা কোনোৱে নাই বুলিব পাৰি। এনে দিৱসবোৰত অধিকাংশ লোকেই ছ’চিয়েল মিডিয়াত কোৱা সাধাৰণ কথাষাৰ হৈছে, 'পিতৃ বা মাতৃৰ বাবে সুকীয়া দিৱসনো কেলেই? প্ৰেম বা বন্ধুত্ব এটা বিশেষ দিনত উদযাপন কৰাৰ দৰকাৰেই বা কি? এইবোৰ বিদেশী সংস্কৃতিৰ অনুকৰণৰ বাদে একো নহয়।’ 

বহুতে এই যুক্তি অতি শক্তিশালী বুলিও ভাবি লয়। পিছে একেই যুক্তি আমি আন দিৱস বা উৎসৱৰ ক্ষেত্ৰতো দিব পাৰো। পোহৰৰ উৎসৱৰ কথাকেই ক’ব পাৰি। আজিকালি সকলোৰে ঘৰবোৰ বিজুলী বাতিৰে পোহৰ হৈয়েই থাকে। নিশাও চহৰ-নগৰ সকলোতে এতিয়া কেৱল পোহৰ আৰু পোহৰ। তেনেক্ষেত্ৰত এটা বা দুটা বিশেষ দিনত পোহৰৰ বাবে সুকীয়াকৈ উৎসৱ পতাৰ দৰকাৰেই বা কি?

উৎসৱৰ ধামখুমীয়াৰ মাজত এনে প্ৰশ্ন নিসন্দেহেই অবান্তৰ। সমাজ পাতি বাস কৰিবলৈ আৰম্ভ কৰাৰ দিন ধৰি উৎসৱ আদি মানুহৰ জীৱনৰ অংশ হৈ আহিছে। গতিকে উৎসৱ পতাৰ দৰকাৰেই কি বুলি প্ৰশ্ন কৰাৰো অৱকাশ নাই। আমি কেৱল কথাৰ সুৰত কথা ক’বলৈ গৈহে এই প্ৰশ্নৰ অৱতাৰণা কৰি চাইছো। যি নহওক, মূল কথালৈ আহিছো। মূল কথা হ’ল পোহৰৰ উৎসৱ দীপাৱলী। মূল কথা হ’ল, পোহৰৰ উৎসৱ দীপাৱলীক লৈ মানুহৰ মনত সৃষ্টি হোৱা ভ্ৰান্ত ধাৰণা। মূল কথা হ’ল পোহৰৰ উৎসৱ দীপাৱলীক লৈ একাংশ অতি ধাৰ্মিক লোকে অনাহক কৰা আশংকা। মূল কথা হ’ল পোহৰৰ উৎসৱ দীপাৱলীক একাংশ লোকে শব্দৰ উৎসৱত পৰিণত কৰিবলৈ চেষ্টাৰ কোনো ক্ৰুটি নকৰাৰ কথা।

পদাৰ্থ বিজ্ঞানৰ ভাষাত মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশকেই পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (ইংৰাজী: Light) বোলা হয়। পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ। এইবোৰ সকলোৱে জনা কথা। তেন্তে নজনা কথা কি? নজনা কথা বুলিবলৈ আছেনো কি? আজিকালি সকলোৱে সকলো কথা অলপ-অচৰপ জানেই। নেটত খুচৰি চালেই কথাবোৰ সহজতে জানিব পৰা যায়। তথাপি মানুহে জানিলেও সেই জনাসকলৰ মাজে মাজে আমিও ইণ্টাৰনেট, কিতাপ আদি চাই মেলি নিচাৰ লগতে পেচাগত কাৰণতে এনেকৈ কিবাকিবি Typing কৰি লিখি পাও।

পোহৰৰ উৎসৱত সেয়ে শব্দৰ কথাকেই Typing কৰি লিখিবলৈ মন গ’ল। এই কথা লিখিবলৈ গ’লেই পদাৰ্থ বিজ্ঞানৰ পোহৰৰ কথা এৰি আমি ধৰ্মীয় কথা-বতৰালৈ যাব লাগিব। আজিকালি হিন্দু ধৰ্মক লৈ একাংশ লোকে নিজকে অধিক সচেতন দেখুৱাবলৈ ভালপোৱা হৈছে। বিশেষকৈ চৰকাৰৰ সৈতে জড়িত ব্যক্তিসকল এইক্ষেত্ৰত এখোপ চৰা। মন্ত্ৰী অশোক সিংঘালে আনকি এনে মন্তব্যও কৰিছে যে হিন্দু ধৰ্মৰ উৎসৱৰ সময়তহে হেনো এচাম লোকে প্ৰদূষণৰ কথা কয় আৰু ঈদৰ সময়ত প্ৰদূষণক লৈ মনে মনে থাকে। 

এনে চিন্তা যে কেৱল মন্ত্ৰীগৰাকীয়ে কৰিছে তেনে নহয়। এনে চিন্তা কৰা লোকেৰেই আজিৰ সমাজখন ভৰি আছে। মন্ত্ৰীগৰাকীয়ে যদিও তেনে কথা কৈছে তথাপি প্ৰকৃত সত্যতো মন্ত্ৰীগৰাকীয়ে নাজানে বুলি আমাৰ মনে নধৰে। আচল কথাষাৰ জানে যদিও সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ তেনে চিন্তাৰ উমান পায়েই হয়তো সেই লোকসকলৰ পৰা অধিক আনুগত্য আদায় কৰিবলৈকে এনেধৰণৰ হাস্যকৰ আৰু অযুক্তিকৰ কথাষাৰ মন্ত্ৰীগৰাকীয়ে ইচ্ছাকৃতভাৱেই এৰি দিছে।

ইতিহাসৰ কথা বাদ দি কেৱল ধৰ্মীয় দৃষ্টিভংগীৰে চাবলৈ গ’লেও সত্য এয়াই যে পোহৰৰ উৎসৱত শব্দৰ সংযোজন হৈছে তেনেই নতুন। পোহৰৰ উৎসৱ দীপাৱলীৰ উল্লেখ পুৰাণ আৰু মহাকাব্য ৰামায়ণত আছে। ৰামায়ণৰ মতে ৰাৱণক পৰাস্ত কৰি ৰাম অযোধ্যালৈ উভতাৰ সময়ত অযোধ্যাবাসীয়ে তেওঁক বন্তি জ্বলাই আদৰণি জনাইছিল আৰু বিজয়োৎসৱ পালন কৰিছিল। একেদৰে ভাগৱত পুৰাণত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ পিছত আনন্দত মতলীয়া হৈ লোকসকলে বন্তি জ্বলাই চৌদিশ উজলাই তুলি আনন্দ উৎসৱ পালন কৰাৰ কথা উল্লেখ আছে। দুয়োখন ধৰ্মগ্ৰন্থতে বন্তি অৰ্থাৎ পোহৰৰ কথাহে আছে, ক’তো কিন্তু শব্দ অৰ্থাৎ ফটকা-আতচবাজী আদি ফুটোৱাৰ কথা উল্লেখ নাই। 

হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থতেই দীপাৱলীত যদি ফটকা-আতচবাজী ফুটোৱাৰ কথা উল্লেখ নাই তেন্তে সেয়া কেনেকৈ এই উৎসৱটোৰ এৰাব নোৱৰা অংশ হৈ পৰিল? কিয় দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰদূষণৰ বাবে মানুহে উশাহ ল’ব নোৱৰা পৰিৱেশ হোৱালৈ চাই সৰ্বোচ্চ আদালতে ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত হিন্দু ধৰ্মৰ স্বয়ম্ভূ ৰক্ষকসকল ক্ষুব্ধ হৈ পৰিছে? কিয় অসমৰ এগৰাকী মন্ত্ৰীয়ে দীপাৱলীক ঈদৰ সৈতে ৰিজাইছে? কিয় ধৰ্মক লৈ সচেতন দেখুৱাবলৈ অহৰহ চেষ্টা অব্যাহত ৰখা লোকসকলে ছ’চিয়েল মিডিয়াত দীপাৱলীত ফটকা ফুটোৱাৰ সপক্ষে দীঘলীয়া পোষ্ট লিখিছে? ইয়াৰ উত্তৰ এটাই আৰু সেয়া হ’ল এইসকল লোকে সহজলভ্য প্ৰকৃত সত্যটো নাজানে আৰু জানিবলৈ চেষ্টাও নকৰে।

ভাৰতত ফটকা-আতচবাজীৰ আৰম্ভণি

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতীয় লোকসকলে দীপাৱলী পালন কৰি আহিছে। কিন্তু এটা সময়লৈকে এই উৎসৱত আজিৰ দৰেকৈ ফটকা-আতচবাজী আদি ফুটোৱাৰ কোনো দস্তুৰেই নাছিল। এবাৰ হঠাৎ অজ্ঞাত কোনো বিশেষ সংযোগ আৰু কাৰণত আজিৰ পৰা কেই শতিকামান আগত এই প্ৰথাৰ আৰম্ভণি ঘটিল। সেই যি আৰম্ভণি ঘটিল, তাৰপিছৰে পৰা পোহৰৰ উৎসৱত নতুনকৈ সংযোজন ঘটিল কাণ তাল মাৰি ধৰা শব্দৰো।

আচৰিত কথা এয়ে যে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাকো অমান্য কৰি এতিয়া 'ফটকা-আতচবাজী নহ’লে কিহৰ দেৱালী’ বুলি কোৱা লোকেৰে ভৰি থকা এই দেশখনত স্বাধীনতাৰ কেবাবছৰ পিছতো ভাৰতৰ অধিকাংশ লোকে ফটকা-আতচবাজীৰ কথা কেৱল শুনিছিলহে, দেখা নাছিল। ভাৰতত ফটকা-আতচবাজীৰ ইতিহাস কি সেয়া জানিবলৈ হ’লে আমি উভতি যাব লাগিব ১৮শ শতিকাৰ শেষলৈকে। কলকাতাত তেতিয়া চীনা প্ৰযুক্তিৰ সহায়ত একাংশ লোকে ব্যৱসায়িকভিত্তিত আতচবাজী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল। কলকাতাৰ পিছতে এই প্ৰযুক্তি আহি পাইছিল অসমৰ বৰপেটা। কিন্তু কলকাতা আৰু অসমৰ বৰপেটাক পিছপেলাই আজিৰ তাৰিখত দেশৰ ফটকা-আতচবাজীৰ বজাৰ দখল কৰিছে দাক্ষিণাত্যৰ শিৱকাশীয়ে। 

স্বাধীনতাৰ কিছু বছৰ পূৰ্বে কলকাতাত (তেতিয়াৰ কলিকতা) দেশৰ প্ৰথমটো দিয়াশলাই প্ৰস্তুত কৰা কাৰখানা স্থাপন কৰিছিল দাশগুপ্তা নামৰ এগৰাকী উদ্যোগীয়ে। জাপানৰ পৰা যন্ত্ৰ আনি তেওঁ দিয়াশলাই প্ৰস্তুত কৰি সেয়া সমগ্ৰ দেশতে বেচিবলৈ লৈছিল। দিয়াশলাই উদ্যোগৰ সফলতাৰ পিছত লাহে লাহে তেওঁ ৰং-বিৰঙৰ দিয়াশলাই, ফুলজাৰি আৰু সৰু-বৰ ফটকা আদিও উৎপাদন কৰিবলৈ লৈছিল। কাকত-আলোচনীযোগে দাশগুপ্তাৰ এই উদ্যোগৰ বিষয়ে দেশৰ আন প্ৰান্তৰ লোকসকলেও জানিব পাৰিছিল। 

দেশে স্বাধীনতা লাভ কৰাৰ পিছতে দক্ষিণ ভাৰতত খৰাঙৰ ফলত দুৰ্ভিক্ষই দেখা দিছিল। সেয়ে কামৰ সন্ধানত শিৱকাশীৰ দুই ভাতৃ ছানমুগা নাদাৰ আৰু পি আয়া নাদাৰে কলকাতাত ভৰি থয়। কলকাতা আহি দিয়াশলাই উদ্যোগত কিছুদিন কাম শিকাৰ অন্তত দুয়ো নিজ ঠাইলৈ গৈ তেনে এটা উদ্যোগ স্থাপনৰ সপোন দেখে। সেই সপোনকেই দুয়ো এদিন বাস্তৱ ৰূপ দিয়াত সফলতা লাভ কৰে। এনেকৈয়ে আজিৰ তাৰিখত শিৱকাশী হৈ পৰিছে ভাৰতৰ ফটকা-আতচবাজী উৎপাদনৰ সম্ৰাটস্বৰূপ।

ভাৰতলৈ কোনে আনিলে ফটকা-আতচবাজী?

ভাৰতত ফটকা-আতচবাজী উদ্যোগৰ কিদৰে আৰম্ভণি হ’ল সেয়া জনাৰ পিছত স্বাভাৱিকতেই আহি পৰিব সেই মূল প্ৰশ্ন। ভাৰতলৈ কোনে আনিলে ফটকা-আতচবাজী? আগতেই উল্লেখ কৰা হৈছে যে ভাৰতৰ কোনো ধৰ্মগ্ৰন্থ বা পৌৰাণিক গ্ৰন্থতেই স্পষ্টৰূপত ফটকা-আতচবাজীৰ উল্লেখ নাই। অৱশ্যে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ খ্যাতনামা অধ্যাপক ৰাজীৱ লোচনৰ মতে তৃতীয় শতিকাত ৰচিত কৌটিল্যৰ অৰ্থশাস্ত্ৰত বৰষুণৰ পিছত শুকাই যোৱা মাটিত সৃষ্টি হোৱা নিমখৰ তৰপৰ পৰা তড়িৎ গতিত জ্বলি উঠা এবিধ চূৰ্ণ বা পাউডাৰৰ কথা উল্লেখ আছে। এই পাউডাৰ বিশেষ চুঙা আদিত হেঁচি ভৰাই দি তাত অগ্নিসংযোগ কৰিলে সেয়া ফটকাৰ দৰে ফুটি যোৱাৰ কথাও কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকাৰ কথা বিভিন্ন গৱেষণা পত্ৰত উল্লেখ কৰিছে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে। 

পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ৰাজীৱ লোচনৰ লগতে মোগল ইতিহাসৰ বিশেষজ্ঞ নজফ হাইদৰৰ মতেও ভাৰতীয় কোনো প্ৰাচীন গ্ৰন্থতে পোহৰৰ উৎসৱ দীপাৱলীত পোহৰক বাদ দি ফটকাৰ কাণ তাল মাৰি ধৰা শব্দৰে ভাৰতীয় লোকসকলে আনন্দ-উল্লাস কৰাৰ কথা নাই। অধ্যাপক ৰাজীৱ লোচনৰ লগতে বিশ্বৰ আগশাৰীৰ ইতিহাসবিদসকলৰ মতেও ফটকাৰ প্ৰচলন আৰম্ভ কৰা জাতিটোৱেই হৈছে চীনা জাতি। অধ্যাপক ৰাজীৱ লোচনে ইতিহাস বিষয়ক এক লেখাত লিখিছে যে ১২শ শতিকাত চীন ভ্ৰমণ কৰি অহা আতিশ দীপাংকৰ নামৰ এগৰাকী বঙালী বৌদ্ধ ধৰ্মগুৰুৱে সম্ভৱতঃ ভাৰতত ফটকাৰ প্ৰচলন আৰম্ভ কৰিছিল।

'ফটকা ফুটাই হৈ-হাল্লা কৰাতো প্ৰাচীন চীনা পৰম্পৰা। চীনা লোকসকলে বিশ্বাস কৰিছিল যে ফটকাৰ শব্দত ভয় খাই বেয়া আত্মাৰ লগতে বেয়া চিন্তা আৰু দুৰ্ভাগ্যই পলাই ফাট মাৰিব আৰু সৌভাগ্য বৃদ্ধি পাব। বৌদ্ধ ধৰ্মগুৰু আতিশ দীপাংকৰে হয়তো চীন, তিব্বত ভ্ৰমণ কৰি সেয়া শিকি আহিছিল।’-ইতিহাসবিদ তথা অধ্যাপক ৰাজীৱ লোচনৰ ধাৰণা।

গুৰুত্বপূৰ্ণ কথা এয়ে যে ভাৰতত ফটকাৰ প্ৰচলন অধিক হৈছিল মোগলসকলৰ আগমনৰ পিছত। মোগলসকলে চীনৰ ফটকা-আতচবাজী প্ৰস্তুত কৰা প্ৰযুক্তি ভালকৈ আয়ত্ব কৰিছিল আৰু ভাৰতত তাৰ বহুল ব্যৱহাৰ কৰিছিল। মোগল ইতিহাসৰ বিশেষজ্ঞ নজফ হায়দৰে এই সন্দৰ্ভত কৈছে, 'মোগলসকলৰ শাসনকালত আতচবাজী আৰু ফটকাৰ প্ৰচলন বাঢ়িছিল। এয়া ঐতিহাসিকভাৱে সত্য। দাৰা শিকোহৰ বিয়াৰ পেইণ্টিঙতো মানুুহে ফটকা ফুটোৱাৰ দৃশ্য অংকিত হৈ আছে। কিন্তু এয়া কোৱাতো ভুল হ’ব যে মোগলসকলেই ভাৰতলৈ প্ৰথম ফটকা-আতচবাজী আনিছিল। মোগল অহাৰ আগতেই ভাৰতত ইয়াৰ অলপ-অচৰপ প্ৰচলন আছিল।’

বিশেষজ্ঞগৰাকীৰ মতে ফিৰোজ শ্বাহৰ সময়তো ভাৰতত আতচবাজীৰ যথেষ্ট প্ৰচলন আছিল। অৱশ্যে এয়া ঠিক যে গান পাউডাৰ ভাৰতত বহু পিছতহে আহিছিল। যেতিয়া ১৫২৬ চনত বাবৰৰ মোগল সেনাই দিল্লীৰ চুলতানৰ ওপৰত আক্ৰমণ কৰিছিল তেতিয়া বাৰুদেৰে ভৰা টোপ চলাইছিল। ইতিহাসবিদসকলৰ মতে টোপৰ সেই শব্দ শুনি ভাৰতীয় সৈনিকসকলৰ ভয়তে থৰকাছুটি হেৰাইছিল। সেয়ে একাংশ ইতিহাসবিদে মত পোষণ কৰে যে যদিহে ভাৰতত তেতিয়া মন্দিৰৰ কোনো ধাৰ্মিক উৎসৱত তথা চহৰবোৰত আয়োজিত বিভিন্ন অনুষ্ঠানত ফটকা ফুটোৱাৰ পৰম্পৰা থাকিলহেতেন তেতিয়া ভাৰতীয় সেনাসকলে টোপৰ শব্দ শুনি ইমান ভয় নাখালেহেতেন।

আন একাংশ ইতিহাসবিদে আকৌ গান পাউডাৰ অবিহনেই প্ৰস্তুত কৰা ফটকাৰে মোগলসকল অহাৰ আগতে টোঘলক বংশৰ চুলতান ফিৰোজ শ্বাহৰ দিনৰে পৰা ভাৰতত হাতী আদি খেদা হৈছিল বুলি ক’ব খোজে। সি যি নহওক এটা কথাত অৱশ্যে প্ৰায় প্ৰতিগৰাকী ইতিহাসবিদেই সহমত পোষণ কৰা দেখা গৈছে। সেয়া হৈছে যে মোগলসকল অহাৰ আগতে ভাৰতত ফটকা-আতচবাজীৰ বিশেষ প্ৰচলন নাছিল। মোগলসকল অহাৰ পিছত বিয়া-সবাহ, ৰাজঅভিষেক আদি অনুষ্ঠানত ফটকা-আতচবাজীৰ ব্যৱহাৰ নিয়মত পৰিণত হৈছিল। শেষত ব্ৰিটিছসকলৰ আগমনৰ পিছত সমগ্ৰ ভাৰতৰ প্ৰায় প্ৰতিখন চহৰতে ফটকা-আতচবাজীৰ ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছিল। এনেকৈয়ে হিন্দু ধৰ্মৰ পৌৰাণিক গ্ৰন্থসমূহত ক’তো দীপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ কথা উল্লেখ নথকাকৈয়ে পোহৰৰ উৎসৱত সংযোজন ঘটিছিল কাণ তাল মাৰি ধৰা শব্দৰ। 

বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণক লৈ মানুহ সজাগ হ’বনে?

হিন্দু ধৰ্মৰ কোনো পৌৰাণিক গ্ৰন্থতেই উল্লেখ নথকা ফটকা-আতচবাজীক হিন্দু ধৰ্মৰ অভিন্ন অংশ বুলি ভবা মানুহেৰেই এতিয়াৰ সমাজ ভৰি পৰিছে। সেয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ লগতে চৰকাৰেও প্ৰদূষণ সৃষ্টিকাৰী ফটকা-আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰা সত্বেও কোনো ফল ধৰা নাই। অৱশ্যে সেউজ দীপাৱলীক লৈ চৰকাৰে বাৰম্বাৰ জনাই অহা আহ্বানৰ পিছত বিগত বৰ্ষৰ লগতে এইবাৰো গুৱাহাটী মহানগৰীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ফটকা ফুটোৱাৰ হাৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। 

ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়। গতিকে আজি কথাবোৰ মুঠেই বুজিবলৈ চেষ্টা নকৰা মক্কেল সদৃশ (!) লোকসকলেও এদিন নহয় এদিন কথাবোৰ উপলব্ধি কৰিব বুলি আমি আশাবাদী। ইয়াৰ মাজতে হয়তো ব্যৱসায়িক কাৰণতে এটা বিশেষ চক্ৰই পৰিৱেশ প্ৰদূষণৰ কথাবোৰো আওকাণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। তাৰ মাজতে ভাললগা কথা এয়ে যে ফটকা অবিহনে দীপাৱলী আধৰুৱা বুলি ভবাসকলৰ বাবে 'গ্ৰীণ বা সেউজ ফটকা’ৰ ব্যৱহাৰ বৃদ্ধিত চৰকাৰেও উঠি-পৰি লাগিছে। 

সেউজ ফটকা জনপ্ৰিয় কৰিবলৈ National Environmental Engineering Research Institute চমুকৈ 'নীৰি’য়েও বিশেষ ব্যৱস্থা হাতত লৈছে। অনাগত দিনত ফটকা আৰু আতচবাজী কোম্পানীসমূহে অধিক প্ৰদূষণ সৃষ্টিকাৰী সাধাৰণ ফটকাৰ উৎপাদন বন্ধ কৰি সেউজ ফটকা উৎপাদন কৰিলে প্ৰদূষণৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলিও 'নীৰি’ৰ মুখ্য বিজ্ঞানীৰ দায়িত্বত থকা ড০ সাধনা ৰায়লুৰ লগতে দেশৰ অধিকাংশ পৰিৱেশবিদে আশা ব্যক্ত কৰা দেখা গৈছে। এই আশাকেই সাৰোগত কৰি আমিও ভাবি লৈছো যে অনাগত দিনত আকৌ সেই অতীজৰ দৰে পোহৰৰ উৎসৱ দেৱালী বা দীপাৱলীৰ পৰা কাণ তাল মাৰি ধৰা ফটকাৰ শব্দ নাইকিয়া হ'ব, দীপাৱলী হৈ পৰিব প্ৰকৃতাৰ্থত পোহৰৰ উৎসৱ। পোহৰৰ এই উৎসৱে তেতিয়া মাজনিশালৈকে ফটকা ফুটাই বিকৃত আনন্দ লাভ কৰা সকলৰো মন-প্ৰাণ পোহৰাই তুলিব আৰু এনেকৈয়ে এদিন বিলুপ্তি ঘটিব তেনে মানসিকতাৰ মানুহবোৰৰ!

(বিশেষ সংযোজনঃ বহুতে প্ৰশ্ন কৰিব পাৰে যে নৱবৰ্ষ আৰু আন কোনো অনুষ্ঠানতো ফটকা ফুটোৱা হয়। গতিকে সেই বিষয়ে আমাৰ মতামত কি? হয়, নৱবৰ্ষ বা আন অনুষ্ঠানটো ফটকা ফুটোৱা হয়। কিন্তু তেনে অনুষ্ঠানত বৃহৎ হাৰত প্ৰদূষণ হ'ব পৰাকৈ একেৰাহে দুদিন ধৰি আবেলিৰ পৰা নিশা এপৰলৈ প্ৰতিটো ঘৰতে ফটকা ফুটোৱা নহয়। নৱবৰ্ষত নিশা ১২বজাৰ আগে-পিছে খুব বেছি ১ বা ২ মিনিট ফটকা ফুটোৱা হয়। বিশ্বৰ বহু উন্নত দেশত আনকি সেয়াও নিষিদ্ধ কৰা হৈছে। একেদৰে আন অনুষ্ঠানবোৰতো এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানতহে ফটকা ফুটোৱা হয়। গতিকে তাৰপৰা বৃহৎ পৰিসৰত শব্দ আৰু বায়ু প্ৰদূষণ হোৱাৰ সম্ভাৱনা তেনেই সামান্য। সেয়ে এইধৰণৰ প্ৰশ্নটোৱেই হাস্যকৰ।)


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.