ডিজিটেল ডেস্কঃ ভেনুজুৱেলাৰ কয়দীৰ সংঘৰ্ষৰ ঘটনাৰ মৃতকৰ সংখ্যা বৃদ্ধি হৈ ৬৮ গৰাকী হয়৷ বৰ্মানেও সংঘৰ্ষ পিড়ীত এলেকাত উদ্ধাৰ অভিযৈন চলাই আছে প্ৰশানে৷ বুধবাৰে নিশা ভেনুজুৱেলাৰ ভেলাঞ্চিয়াত এই ঘটনা সংঘটিত হৈছিল৷  

জানিব পৰা মতে, জেলৰ কয়দীৰ মাজত প্ৰথমে সংঘৰ্ষৰ সুত্ৰপাত হয় আৰু আৰক্ষী থানা আৰু জেলত অগ্নি সংযোগ কৰে কয়দীয়ে৷ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে আৰক্ষীয়ে জুই নুমুৱাবলৈ আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ চেষ্টা কৰে যদিও ৬৮ গৰাকী লোকৰ মৃত্যু হয়৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ আশংকা কৰা হৈছে৷  

এই ঘটনাৰ পিছতেই মৃত্যু হোৱা লোকৰ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীক বিফল আখ্যা দিয়ে৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু ৰাবাৰ বুলেট ব্যৱহাৰ কৰে৷ 

তথ্য মতে, ভেনুজুৱেলাৰ জেলসমূহত অত্যাধিক কয়দী আছে৷ বেছিভাগ জেলৰে অস্বাস্থ্যকৰ পৰিৱেশ হোৱাৰ লগতে ড্ৰাগছ ব্যৱহাৰ কৰে কয়দীয়ে৷ তাৰ মাজতে ভেনুজুৱেলাৰ ভেলাঞ্চিয়াৰ জেলত বুধবাৰে কয়দীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ যাৰ ফলত গুলীচালনা কৰিব লগা হয় আৰু ৬৮ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷

ভেনুজুৱেলাৰ জেলসমূহত আইন-শৃংখলা নথকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ লগতে আৰক্ষীয়ে কয়দীক ভয় কৰে বুলি কোৱা হয়৷ এগৰাকী আৰক্ষীৰ লোকৰ দেহটো গুলী লাগে৷ আনহাতে দেশৰ অৰ্থনৈতিক সংকটৰ মাজতে উদ্যোগিক এলেকাটোত অৰ্থনৈতিক সংকট দেখা দিয়াৰ ফলতো এনে পৰিৱেশৰ সৃষ্টি হয় বুলি কয়৷