এলন মাস্ক নামৰ ব্যক্তিজনে ৩ লাখ ৩৭ হাজাৰ কোটি ধনৰ বিনিময়ত টুইটাৰ ক্ৰয় কৰা খবৰটোত যিমান চমক সৃষ্টি হৈছে সিমানেই চাঞ্চল্যৰ সৃষ্টি কৰিছে তেওঁৰ নিজাকৈ বাসস্থান নথকা কথাটোৱে৷ নিজৰ প্ৰাইভেট জেট বিমানখনত সকলো অত্যাধুনিক সা-সুবিধা ৰাখিছে যদিও মাস্কৰ নিজাকৈ থাকিবলৈ ঘৰ নথকাত প্ৰয়োজন অনুসৰি তেওঁ বন্ধুবোৰৰ ঘৰেত কটায়৷ সাধাৰণ মানুহতকৈ পৃথককৈ নিজৰ জীৱনৰ সুখ-সাফল্য নিৰ্ধাৰণ কৰা বাবে তেওঁ ইতিমধ্যে ব্যতিক্ৰম হৈ পৰিল৷ তেওঁৰ বাবে সুখৰ হিচাপো হয়তো ব্যতিক্ৰম৷ 

সুখক জুখিব পাৰি। জোখাটো ইতিমধ্যেই হিচাপত পৰিণত হৈছে৷ তালিকা এখনৰ কোনোবা এটা ঘৰত সুখৰ সূচাংক লিখাৰ নিয়ম আছে৷ হেজাৰ বছৰ হেজাৰ উপায়েৰে সুখৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ চেষ্টা চলাই থকা হৈছে আৰু তাৰ বিপৰীতে সুখৰ নতুন নতুন সূত্ৰৰ উদ্ভাৱন হৈ আহিছে৷ আদিম মানুহৰ বাবে যদি এটুকুৰা পোৰা মাংস, গছৰ ছাল এটুকুৰাই সুখৰ আকৰ আছিল, আজিৰ তাৰিখত আধুনিক মানুহৰ বাবে সুখৰ সূত্ৰটো লুকাই থাকে আকাশৰো ওপৰত কিবা যদি আছে তাক পোৱাৰ সীমাহীন আকাংক্ষাৰ মাজত৷ হৰমননিৰ্ভৰ ৰসায়নেৰে স্থিৰ কৰা চিকিৎসা বিজ্ঞানৰ সুখৰ সংজ্ঞা কোনোবা চিকিৎসকেও হয়তো কেতিয়াবা নিজৰ লগতে খাপ খুৱাবলৈ অপাৰগ হয়৷ সুখৰ ব্যাখ্যা দিবলৈ গৈ আজীৱন বিষন্ন হৈ ৰয় দাশৰ্নিক৷ 

চৰম সুখ-শান্তিৰ সন্ধান অথবা মোক্ষ প্ৰাপ্তিক লৈ বৈদিক সাহিত্য, ভাৰতীয় দৰ্শনৰ বহমাত্ৰিক মত৷ পৰমাত্মা (Ultimate soul) আত্মাৰ (Soul)ৰ নিৰ্মল একাত্মবোধ চৰম প্ৰাপ্তি তথা সুখৰ আধাৰ হোৱাতো যেনেকৈ অদ্বৈত বেদান্তকে আদি কৰি আস্তিক দৰ্শনৰ তত্ব, তাৰ বিপৰীতে নাস্তিক চাৰ্বাক দৰ্শনৰ 'আজিৰ দিনটো জীয়াই থকা’ নীতিৰ খণ্ডনো সহজ নহয়৷ অথবা সুখৰ অনুভৱ মনোজগতৰ কেৱল কোনোবা এটা পৰ্যায় নেকি৷ নে মগজুৰ সিদ্ধান্ত৷ সুখৰ সূত্ৰ অৱশ্যে যিয়েই নহওক এটা কথা সত্য যে পুজিবাদী সমাজ ব্যৱস্থাত যেতিয়া একেখন সমাজৰ দুটা শ্ৰেণীৰ জীৱনযাত্ৰাৰ মাজৰ পাৰ্থক্য পাহাৰৰ সমান হয়গৈ, মধ্যবিত্তীয়ৰ জীয়াই থকাই কঠিন হৈ পৰে, সেইখন সমাজৰ পৰা আচলতে সাৰ্বজনীন সুখ অন্তৰ্ধান হয়৷ 

আয়তনত বিশাল ন’হলেও, জনবলেৰে বলবান ন’হলেও পিছে সমাজ এখন সুখী হ’ব পাৰে৷ তাৰ উদাহৰণ দেখুৱাইছে ফিনলেণ্ডে৷ মাত্ৰ প্ৰায় ৫৫ লাখ জনসংখ্যাৰ দেশখন ক্ৰমে পঞ্চমবাৰৰ বাবে বিশ্বৰ সুখী দেশ হিচাপে পৰিগণিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ পৰা পোৱা ধাৰাবাহিক স্বীকৃতিৰ বাবে সৰু দেশখনে বিশ্বৰ দৃষ্টি কাঢ়িব পাৰিছে৷ উত্তৰ গোলাৰ্ধত বছৰি প্ৰায় ২০০ দিন শীতত কঁপি থকা, -৫০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত শীতলতাত জীয়াই থকা ফিনলেণ্ডৰ বাসিন্দা সুখী হোৱাৰ ৰহস্য উদ্ঘাটনৰ চেষ্টা চলোৱা হৈছে৷ বিশ্বৰ সবাতোকৈ সুখী দেশ হ’লেও দিনৰ পাছত দিন সূৰ্যৰ পোহৰ নপৰা দেশখন কিন্তু ১৯৯০ চনৰ পৰিসংখ্যা অনুযায়ী বিশ্বৰ সৰ্বোচ্চ আত্মহত্যাপ্ৰৱণ দেশ হিচাপেও পৰিগণিত হৈছিল৷ 

প্ৰসংগতঃ শীত আৰু অন্ধকাৰাচ্ছন্নতাৰ সৈতে বিষন্নতা আৰু আত্মহত্যাৰ প্ৰৱণতাৰ গভীৰ যোগসূত্ৰ আছে৷ কিন্তু বৰ্তমান এই প্ৰৱণতা তাত আশ্চৰ্যকৰভাৱে হ্ৰাস পালে৷ দেশখনত জন্মহাৰো কম৷ এগৰাকী নাৰীয়ে গড়ে জন্ম দিয়ে ১.৬ টি শিশু৷ সকলো মিলি ফিনলেণ্ডৰ এই পৰিসংখ্যা মূলতঃ আশাব্যঞ্জক নহয়৷ তথাপি ফিনলেণ্ড  বিশ্বৰ সৱাতোকৈ সুখী দেশ৷ ফিনলেণ্ডবাসী নিশ্চয় জন্মগতভাবে সুখী নহয়, অৰ্থাৎ তেওঁলোকৰ জিনত সুখৰ প্ৰৱণতা অধিক বুলি বিবেচনা কৰিব নোৱাৰি৷ জিনগত কোনো ব্যাপাৰ নহয়, জীৱনযাত্ৰাৰ সহজ আৰু সুন্দৰ ধৰণৰ বাবেহে ফিনলেণ্ড সুখী দেশ হৈ উঠিব পাৰিছে৷ উল্লেখযোগ্য যে জীৱনযাত্ৰাৰ বিশেষ কেতবোৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি কোনো দেশৰ সুখৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়৷ উপাৰ্জন, স্বাধীনতা, বিশ্বাস, গড় আয়ুস, সামাজিক সমৰ্থন আৰু মহানুভৱতা আদি এনেধৰণৰ কাৰক৷ 

ইয়াৰ উপৰি ফিনলেণ্ডৰ মানুহৰ সুখৰ প্ৰধান উৎস সামাজিক নিৰাপত্তা, ৭ বছৰত আৰম্ভ হোৱা, ১৬ বছৰৰ পূৰ্বলৈ আনুষ্ঠানিক পৰীক্ষাবিহীন, চাপবিহীন শিক্ষাব্যৱস্থা৷ ভান্তাৰ দৰে চহৰত পুথিভঁৰাললৈ যোৱা মানুহৰ সংখ্যা ১৪ শতাংশ বাঢ়িছে৷ যুৱপ্ৰজন্মক আগ্ৰহী কৰাৰ বাবে পুথিভঁৰালত কম খৰচত বিভিন্ন সা-সুবিধা দিয়াও হৈছে৷ ফিনলেণ্ডৰ বাসিন্দাৰ  ধনী হোৱাৰ প্ৰতিযোগিতাত নিগনি দৌৰতকৈ সুখী, সুন্দৰ আৰু সাধাৰণ জীৱন অধিক পছন্দ৷ অৱশ্যে জীয়াই থকাৰ প্ৰয়োজনবোৰ যেনে অসুস্থ হ’লেই স্বাস্থ্যসেৱা লাভ, সন্তানৰ বাবে লেখা-পঢ়াৰ উচিত সুযোগ, মনৰ পূৰ্ণতা আনিব পৰা এটা চাকৰি,ব্যস্ততাৰ মাজতো প্ৰিয়জনৰ সৈতে সময় কটাব পৰা সুবিধাকে আদি কৰি পাৰ্থিব-অপাৰ্থিৱ প্ৰয়োজনবোৰ পূৰাব পৰাকৈ ফিনলেণ্ডবাসী সক্ষম৷ সামাজিক বিনয়ী গুণটোৰ গৰাকী মানুহবোৰে যেন নিজৰ সুখৰ উৎস আৰু সীমা দুয়োটাই উপলব্ধি কৰিব জানে৷

নিজৰ বাবে সুখ বিচাৰি ল’ব জনা মানুহৰ কথা সুকীয়া৷ তেওঁলোকৰ পথ নিজা৷ বিচাৰি বিচাৰি গৈ ক’ত জিৰাব লাগিব খন্তেক,ক’ত ৰৈ দিব লাগিব  তাকো জানে বাবেই তেওঁলোক সুখী৷ ক্ৰয় কৰা সুখৰ প্ৰতিযোগিতাৰ পৰা তেওঁলোক দূৰত৷ ইতিমধ্যে তথাকথিত সুখৰ পৰিধিৰ বাহিৰলৈ গৈ কোনটো বিন্দুত কেনেকৈ ৰৈ গ’লে সুখৰ নতুন সংজ্ঞা এটা নিৰ্ধাৰণ কৰিব পাৰি তাক আয়ত্ব কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী টেনিছ তাৰকাই৷

কিছুদিন পূৰ্বে ক্ৰীড়াজগতক অবাক কৰি  বিশ্বৰ এক নম্বৰ মহিলা টেনিছ খেলুৱৈ এছলেই বাৰ্টীয়ে মাত্ৰ ২৫ বছৰ বয়সত টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিলে৷ তিনিবাৰৰ গ্ৰেণ্ডস্লাম বিজয়ী বাৰ্টিৰ সিদ্ধান্তই আচলতে সূচায়? কেৰিয়াৰৰ সৰ্বোচ্চ স্থানত উপনিত হোৱা তাৰকাগৰাকীৰ সমুখত অধিক চমকৰ বাবে আছিল দশকতকৈয়ো অধিক সময়৷ তেনেস্থলত তেওঁৰ বাবে আচম্বিতে বিদায় কেনেদৰে সুখকৰ হ’ল৷ নিজৰ বিদায়বাৰ্তা দিবলৈ গৈ বাৰ্টিয়ে উচ্চাৰণ কৰা শব্দকেইটাই জীৱনৰ বহু কথাই ইংগিত কৰে৷ তাৰকাগৰাকীৰ বাবে সুখৰ পৰিধি, সন্তোষৰ বৃত্ত পৃথক৷ তেওঁক পূৰ্ণতা দিয়া, গৰ্বিত কৰা টেনিছক আদবাটতে বিদায় দি উঠাৰ প্ৰৱণতা তেওঁৰ ব্যতিক্ৰম জীৱন দৰ্শনৰ পৰিচায়ক৷ 

ইচ্ছা কৰা হ’লে তেওঁ টেনিছৰ আৰু অনেক অভিলেখৰ গৰাকী হ’ব পাৰিলেহেঁতঁন৷ টেনিছেৰেই তেওঁৰ ঐশ্বৰ্যৰ পথ আছিল মসৃণ৷ কিন্তু গ্লেমাৰৰ চিকমিকনি আৰু মাত্ৰাধিক পাৰ্থিৱ স্বাচ্ছন্দ্যৰ সীমাহীন আকাংক্ষা অতিক্ৰমি মূলতঃ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ অত্যুগ্ৰ হেঁপাহৰ বাবেই তেওঁ টেনিছৰপৰা আঁতৰাৰ খবৰ আহিছে৷ নিজে নিজৰ বাবে বিপৰীতমুখী পথ এটাও বাচি ল’বলৈ  এই তৰুণী  নাৰাজ৷ এয়াও হয়তো অন্য একধৰণৰ সুখৰ সন্ধান৷ মানুহে যেতিয়াই নিজৰ ক্ষেত্ৰত প্ৰযোজ্য সুখৰ সংজ্ঞা অনুধাৱন কৰিব পাৰে, তাতেই প্ৰাপ্তিৰ সুখ৷

খ্যাতিৰ পাৰ ভগা সমুদ্ৰৰ মাজতো বিশৃংখল উন্নাসিক, অস্থিৰ জীৱন এটা বাচি লোৱা  আমেৰিকান লেখক হেনৰী মিলাৰ৷ নিজকে একেসময়তে নিস্বঃ আৰু পৃথিৱীৰ সৱাতোকৈ সুখী মানুহ বুলিয়েতো গণ্য কৰিছিল--'I have no money, no resources, no hopes. I am the happiest man alive. সুখৰ কি মৰাত্মক দ্বন্দ! কি দৰ্শন! মিলাৰক অস্বীকাৰ কৰিব নোৱাৰি৷  ভাৰতীয় মানুহো সুখী নোহোৱাৰ প্ৰধান কাৰণ মানসিক দ্বন্দৰ ওপৰত উল্লেখ কৰা সুখৰ তালিকাত ভাৰত ১৩৬নং স্থানত৷ ৰাগ-অভিমান দুখৰ পৰিমাণ ভাৰতীয়ৰ মাজত বেছি৷ কিয়? ইয়াৰ উত্তৰটোৰ বাবে অলপ আগলৈ যাব লাগিব৷ প্ৰায় সত্তৰৰ দশকৰ পৰাই ভাৰতৰ অৰ্থনীতিৰ দুৰ্বল৷ যুৱসমাজৰ মাজত হতাশা, ক্ষোভ হতাশাৰ ভয়ানক পৰিস্থিতি৷ সকলো অমিতাভ বচ্চন অথবা তেণ্ডুলকাৰৰ দৰে মিৰাকল হ’ব নোৱাৰে৷ সেয়ে য’ত জীৱনৰ নিৰাপত্তাৰে অভাৱ৷ অৰ্থনৈতিক গাঁথনি ভয়াৱহ, তাত সুখৰ চিকমিকনি অবাস্তৱ।


Disclaimer: The opinions expressed within this article are the personal opinions of the writer. The facts and opinions appearing in the article do not reflect the views of News Next One and News Next One does not assume any responsibility or liability for the same.