ডিজিটেল ডেস্কঃ সুন্দৰী যুৱতীয়ে হাতত বন্দুকলৈ নিৰ্বিচাৰ গুলীচালনা কৰে আমেৰিকাৰ চেন বাৰ্ণোৰ YouTubeৰ মুখ্য কাৰ্যালয়ত৷ নিৰ্বিচাৰ গুলীচালনা কৰাৰ অন্তত নিজৰ মূৰত গুলীচলাই আত্মহত্যা কৰে যুৱতীয়ে৷ 

এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে৷ গুলীৰ শব্দ শুনাৰ পিছতেই কাৰ্যালয়ৰ পৰা কৰ্মচাৰীসকলে যিয়ে যেনেকৈ পাৰে পলায়ন কৰিবলৈ চেষ্টা কৰে৷ ঘটনা সংঘটিত কৰা যুৱতীগৰাকী নাছিম আগদান বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ 

আমেৰিকাৰ সংবাদ মাধ্যমৰ মতে নাছিমৰ পিতৃ সংবাদ মাধ্যমত কাম কৰে৷ নাছিমে এটি YouTubeৰ চেনেল চলাই৷ ২০১৭ চনৰ জানুৱাৰী মাহত YouTube কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল৷ তেওঁ অসন্তুষ্ট বুলিকৈ বৈষম্যৰ স্বীকাৰ হৈছিল বুলি কৈছিল৷ 

তেওঁৰ ভিডিঅ’ সমূহ ফিল্টাৰেত কৰা হয়৷  YouTube কৰ্তৃপক্ষক তেওঁৰ ভিউৱাৰ কমাৰ কথাও কৈছিল৷ YouTube-এ দিয়া ভিডিঅ’ৰ বিনিময়ত লাভ কৰা টকা দিয়াৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল নাছিমৰ৷ কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত এই কথা খিনি উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰিছিল নাছিমে৷ 

প্ৰত্যক্ষদৰ্শীৰ মতে, একেৰাহে বহু গুলী শব্দ শুনা যায়৷ তাৰ লগে লগে ফায়াৰ এলাৰ্ম বাজি উঠে৷ যিয়ে যেনেকৈ পাৰে পলাবলৈ ধৰে৷ এগৰাকী কৰ্মীয়ে টুইট কৰি কয় ‘‘বহু গুলীৰ শব্দ শুনা যায়৷ কি হৈছে গম পোৱা নাছিলো৷ দেখিলো সকলোৱে দৌৰিবলৈ আৰম্ভ কৰিছে৷ ময়ো পলম কৰা নাই৷’’

ঘটনাত আহত ৪ গৰাকী লোকক ফ্ৰান্সিসকোৰ হস্পিতালত ভৰ্তি কৰা হৈছে৷ এই ঘটনাৰ খবৰ লাভ কৰে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কাৰ্যালয়ে৷ ইউটিউবৰ কাৰ্যালয়ত অভিযান অব্যাহত আছে৷