177
নতুন দিল্লীঃ বাজেট অধিৱেশনৰ পূৰ্বে মঙলবাৰে সংসদ ভৱনত সংঘটিত হয় অগ্নিকাণ্ড। ততালিকে ঘটনাস্থলীত ১২ খনকৈ অগ্নিনিৰ্বাপক বাহন উপস্থিত হৈ ১৫ মিনিটৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
দিল্লী ফায়াৰ ছাৰ্ভিছৰ এগৰাকী শীৰ্ষ বিষয়া অতুল গাৰ্গে জনোৱা মতে এটি কম্পিউটাৰৰ ইউ পি এছৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। প্ৰথম মহলাৰ ছাৰ্ভাৰ ৰুমত আছিল ইউ পি এছটো। উক্ত ছাৰ্ভাৰ ৰুমৰ পৰা চলি আছিল লোকসভা টিভিলৈ সংসদ ভৱনৰ কাম-কাজৰ অগ্ৰগতিৰ বিৱৰণ প্ৰেৰণৰ কাম।